খুব খৰকৈ উপন্যাসখনৰ পাত লুটিয়াইছো,”Probability of the enhancing rate of entropy beneath the shrine by a sudden wind from Arabian Sea to near Myanmar border through the heart of the green potato and paddy growing fields just before the upcoming new year’s eve. They’re not going to repeat the old school syllabus this time. Convergent benifits from the six corners of the octopus. Think it’s not illegal yet. Convergent benifits!” উপন্যাসখন সামৰি থ’লো৷লাইটটো বন্ধ কৰাৰ প্ৰায় লগেলগেই সৰু কোঠাটো অন্ধকাৰত বুৰ গ’ল৷ঘেৰঘেৰ শব্দ কৰি মুৰৰ ওপৰত ফেনখন ঘুৰি আছে৷টোপনিয়ে দুচকুত আমনি কৰোতেই বিছনাখন সাংঘাতিকভাবে জোকাৰণি খাই উঠিল৷ভূমিকম্প নহয় ফোন!কোনবা টপকি যোৱা নাইতো,ৰাতি সাধাৰণতে এনেকুৱা ফোনবোৰেই আহে৷ফোনটো চপাই আনিলো৷জিনিচটোৱে ফোন কৰিছে৷মুখত সামান্য হাঁহিৰ ৰেখা বিয়পি পৰিল৷বন্ধুৱে ক’লে,”খবৰ ক৷” ” আৰে ভাই!খবৰ সুধিছ৷খবৰ ৰবৰ৷ net entropy of the Universe is Zero.” ” মই পাহৰিলো?কি আছিল৷এটা Entropy আনটো কিবা Ent…..,কি আছিল?” “Entropy সৰ্বমুঠ যাদৃচ্ছিকতা,randomness আৰু ইটো,ইটো enthalpy,দুৰ্ঘটনা বুলি একোৱেই নাই,নাই কোনো কাকতলীয় সংযোগ,অসীম সীমাহীন সম্ভাৱনা,everything is connected and system is preprogrammed এইযে আমি ৰাতি ডেৰ বজাত কথা পাতিছো হঠাৎ এই সকলো৷” “হুমমম ঠিকেই কৈছ বেলেগ ক,বজাৰৰ খবৰ কি! “বজাৰ আৰু কি চলি আছে৷কাইলৈ হাতী চলিব৷আজি খবৰটো ৰাতি দেৰিকৈ আহিল৷ওঠৰটামান পাহাৰ খহি মৰিল৷কংক্ৰিটৰ পৃথিৱীৰ অধিবাসীবোৰ নমান বজাত উঠিব৷ব্ৰাছত অকণ কলগেট৷দাঁত ঘহিব৷হেছটেগ elephant,গছৰ পূলিটোতো চাগৈ পানী দি নাপায়৷তাৰ পিছত এগালমান ফচহু ৰচনা৷দেৱাল গেলিব৷দেৱাল নহয় ডিজিটেল ডাষ্টবিন আৰু মই উদাশহীন৷পৰিসংখ্যাবোৰে স্পৰ্শ কৰিব নোৱাৰা এটা প্ৰস্থৰ মূৰ্তি৷ভীষণ উদাসহীন৷সেয়ে হয়তো জীয়াই আছো,হাঁহিছো,কথাপাতিছো উত্তৰসত্যৰ আৱৰণৰ মাজত৷শ্লট এটা পোৱা নাই৷চাল্লা এসপ্তাহ হৈ গ’ল৷পুৱাই টোপনি খতি কৰি বোন্দা পৰ দিওঁ৷ক’ত পাম৷১৩০ কোটিৰ দেশ,সাহিত্যিকে লিখে শৰীৰ নহয় হৃদয়ৰ স্পৰ্শ,প্লেটোনিক-প্লেটোনিক,বেচেৰা প্লেটো!বতিয়াই দিব৷” সিফালৰ পৰা সি ক’লে,” একবিংশ শতিকা ইমান সহজ নহয় হে বন্ধু৷তুমিয়েইতো কোৱা উত্তৰসত্য৷” “উত্তৰ সত্যতোৰো চাগৈ উত্তৰ সত্য আছে৷” মই ক’লো৷”মানে” মানে আৰু কি একবিংশ শতিকাত উত্তৰ সত্যটো মাটি ফুটি ওলোৱা নাই আগৰেপৰাই আছে৷গোৱেলছৰ দিনত শিশু আছিল৷প্ৰযুক্তিয়ে সাৰ-পানী দিলে৷আজি ভৰ যৌৱনপ্ৰাপ্ত৷হয়তো আৰু বিকাশিত হ’ব৷নতুন-নতুন ভাইৰাছ আহে যায়,চেপেটা পৃথিৱীৰ সাধুকথা,কাইলৈ নতুন এটা ধৰ্ম হ’ব আৰু এখন নতুন আশ্ৰম৷চেপেটা পৃথিৱীয়ে মানুহৰ হৃদয়ত ঠাই পাব নে কি? “উমম৷কথাটো সঁচা চাগৈ৷তই ইমান পকপকাই থাক৷গ্ৰাউণ্ডলৈ নাযাওঁ কিয়?বিপ্লৱ এনেকৈ নাহে?” হুমুনিয়াহ পেলালো,”গৈ কি কৰিবি,৬০ ত চীনৰ চেয়াৰমেন আমাৰ শ্বেয়াৰমেন,নক্সালবাৰী,এতিয়া হেছটেগৰ এক্টিভিষ্ট৷ LGBTG,ধৰ্ম,জাতি,ইজৰাইল,পেলেষ্টাইন!শ্ৰেণী সংগ্ৰাম ক’ত!Where the hell is the bloody modified postulates implemented by Lenin,তই ক শ্ৰেণীহীন?Are you think I’m a fool,মাৰ্ক্সটো দাৰ্শনিক আছিল৷কেনেকৈ সুস্থিৰ কৈ চলিব and what’s about the power vacuum my dear friend,স্তালিন,নিকিতা ক্ৰুছেভ,গৰ্ভছেভ, আৰে মাৰ্ক্সটো দাৰ্শনিক আছিল প্লেটোওঁ৷দৰ্শন বাস্তৱৰ পৰা পৃথক ৰে৷System ত planning,execution,monitoring এই তিনিটা থাকিব লাগিব৷তই যদি লেটিন আমেৰিকাৰত মটৰচাইকেল দৌৰোৱা চিকিৎসকজন হওঁ মই সূত্ৰবোৰক নতুনত্ব দিব লাগিব৷এংগোলছৰ দৰে,এংগোলছৰ অবিহনে মাৰ্ক্স is meaningless…….” হে হে তই এলেহুৱাও হয়৷সেইটোও আন এটা সমান্তৰাল সত্য৷গান এটা দিছো শুন৷” সি গান এটা দিলে৷ৰাতি দুটা বাজিছিল,না মেলডী নহয় JMMS,জাক্কাছ হয়,ৰাতি মেলডী ভাল লাগে এই ধৰক आप की नज़रो ने समजा…….. हर तरफ बजने लगे सौ कोरोर सेहनाईया.. ” ধেৎ এইটো ৰাতিপুৱা ট্ৰেফিক জামত ফচি থাকোতে শুনিম যা৷এতিয়া ভাল নালাগে৷এতিয়া মেলডী শুন,মেলডী,ক’লা-বগা চিনেমা কিশোৰ কুমাৰ৷ সি ক’লে,”Goodnight”ফিল্টাৰত আকৌ এটা টান মাৰি ধেৎ চাল্লা ধিক্কাৰ এই জীৱন বুলি ফোনটো চাৰ্জত লগাই শুই থাকিলো৷

Leave a comment