এই ধৰক দুকাপ চাউল,তিনিকাপ পানী,প্ৰেচাৰটোৰ ধাকনিখন নিকপকপীয়াকৈ মাৰি গেছত উঠাই দিলে৷দুটা চিটি৷দহমিনিট পিছত নুমাই দিলে এসাঁজ ভোকৰ ভাত৷পাচ মিনিটত আধাসিজা ভাত,আধাঘন্টাত চাউলখিনি দেই যাব৷আপুনি ফলাফলকেইটা জানে৷চাউল,পানী,সময় কোনোটোৱেই ধ্ৰুৱক নহয়৷মই বাকীবোৰ স্থিৰ কৰি সময়ৰ তাৰাতম্য ঘটাই উদাহৰণটো দিলো৷এই যে কাৰকবোৰ সালসলনি কৰি বিভিন্ন ফলাফল এক পুৰ্বনুমান কি বুলি ক’ম৷এলগৰিথিম নে আন কিবা৷নাম গৌণ চিন্তাটোহে মূল৷ “A rose by any other name would smell as sweet”, এই ধৰক ধৰি ৰলো গোটেই কাৰবাৰটো এটা এলগৰিথিম৷ধৰিহে লৈছো গোটেই কাৰবাৰটোৱেই ধৰি লোৱা৷সম্ভাৱনা,probability lies between zero and one যদি এক তেন্তে বাস্তৱ,সীমাহীন সমান্তৰাল বাস্তৱৰ মাজত ভাসমান আন এটা বাস্তৱ আৰু যদি শূণ্য হ’য় অবাস্তৱ৷দুৰ্ঘটনা বুলিটো একোৱেই নাথাকে৷মাত্ৰ সম্ভাৱনা৷বাস্তৱক একক বুলি ভবাবোৰ অবোধ,তাৰ পিছত কিছু বিবৰ্তন মাজেৰে দ্বৈত বাস্তৱৰ কথা কোৱা কিছুমান শিশু আৰু আমি কওঁ পুৱা,দুপৰীয়া,আবেলি,সন্ধ্যা,দোভাগ ৰাতি,পুৱতি নিশা৷সীমাহীন বাস্তৱ,অসীমত সীমা হেৰুৱাই পেলায় বাস্তৱে৷আমিবোৰ জ্ঞানী নহয়৷আমাৰ জ্ঞান সিন্ধুও নহয়,কিন্তু বিন্দুও নহয়,হয়তো এটা মাইলৰ খুটি৷আমি অন্তত এইটো বুজি উঠিছো জ্ঞান সমুদ্ৰত আমাৰ চিন্তাৰ পৰিধি এটা টোপাল মাত্ৰ৷এটা টোপাল আমাৰ দৰে মানুহবোৰৰ নামতো যি এলগৰিথিমবোৰক বুজি পাই৷ওহো সুস্বাদু ৰ’গেন জুছৰ ৰেছিপিখনৰ নহয়,ভবিষ্যৎৰ সময়ৰ৷আমি কম্পিউটাৰ কডবোৰৰ কথা বিশেষ নাজানো,কিন্তু সমাজৰ পৰিবৰ্তনশীল ক’ডবোৰৰ সূক্ষ্ম পৰ্য্যবেক্ষণৰে নিৰন্তৰ মস্তিস্কত প্ৰছেছিঙ কৰো৷বহু কিবাকিবিবোৰ মিলিও যায়,সকলোবোৰ নহলেও,যদি মিলি যায় এটা শুদ্ধ এলগৰিথিম আৰু যদি ভুল তেন্তে ইমানপৰে মই উত্তৰ সত্যৰ মৰীচিকা খেদিছিলো৷মোৰ নিজস্ব ভাষাত এটা অবাস্তৱ সাধুকথাৰ শূণ্য সম্ভাৱনাৰ মুৰখোৱা এলগৰিথিম৷এই দবাখেলখন সন্মুখত বহা মাত্ৰ দুজন খেলুৱৈয়ে নেখেলে,অসংখ্য মাটি ফুটি ওলোৱা খেলুৱৈ,অসংখ্য সমীকৰণ,সম্ভাৱনাৰ এখন মকৰাজাল- lots of smoke cover,মই এজন পক্কা খেলুৱৈ৷আমি বুজো আপোনালোকৰ fairy tell ৰ বাস্তৱবোৰ সঁচা নহয়৷এয়া আন এখন নৰকৰ উপন্যাস৷সম্ভাৱনাবোৰ লাগিলে যিয়েই নহক,যিটো এলগৰিথিমেই শুদ্ধ প্ৰমাণিত নহওঁক কিয় অন্তিম ফলাফল নৰকৰ জুয়ে দিয়া এচমকা ক্ষণিক পোহৰ মাত্ৰ৷চকুজুৰি মুদি দিলেই অসংখ্য ভবিষ্যৎৰ ছবিয়ে অগাদেওা কৰে যুদ্ধ,মৃত্যু বিভীষিকা,পুষ্টিহীনতা,বিলুপ্তপ্ৰায় মানৱতা,অশান্ত প্ৰকৃতি আৰু এমুঠিমান কংক্ৰিটৰ অট্ৰালিকাৰ হিৰন্ময় কোঠাত বন্দীত হাঁহিবলৈ পাহৰি যোৱা প্ৰস্থৰ মূৰ্তি৷কিন্তু আপুনি দবা খেলাখন এৰি পলাই আহিব নোৱাৰে৷এৰি দিব নোৱাৰে সমীকৰণৰ চৰ্চা৷কাৰণ আপুনি লোভী,স্বাৰ্থপৰ আৰু ভীষণ সংবেদনশীল৷যদি কাইলৈ আপুনি ল’কাৰটো খালি কৰাৰ আগেয়ে বেংকবোৰ বন্ধ হৈ যায়,যদি আপুনি গৰমৰ ছুটীত ফুৰিবলৈ যোৱা দেশখনত হঠাৎ বোমা ফুটে,আপুনি যদি সন্ত্ৰাসৰ জুইত হেৰুৱাই পেলায় আপোন মানুহবোৰক৷অভিশাপ,অভিশাপ সকলোবোৰ৷বুজিপালে একাকীত্বৰ আতৰি আহিলে সংশয়ৰ ভয় গণণাবোৰ চলি থাকে নৰকৰ শিখাৰ উত্তাপত সুন্দৰ দেৱদূতৰ মুখা পিন্ধা চয়তানৰ দলক চিনাক্ত কৰাৰ অন্তত অকলশৰেই প্ৰতিটো নিসংগ ৰজনী এটা অন্ধকাৰত বুৰ যোৱা কোঠাত৷ৰাতিপুৱাৰ বাতৰিবোৰৰ বাবে আপোনাৰ তিলমাত্ৰও উৎসাহ নাথাকে,পৰিসংখ্যাৰ তালিকাই স্পৰ্শ কৰিব নোৱাৰাকৈ আপুনি-মই কঠোৰ হৈ পৰো৷আবেগবোৰ অতীতৰ গহীন ৰাতিবোৰতেই উকা হৈ যায়,গণণাৰ সমান্তৰালকৈ৷কাৰণ আমি আগেভাগেই ভবিষ্যৎক দৰ্শন কৰা হতভগীয়া মানুহ,এইছ জি ৱেলচৰ সময়যাত্ৰীৰ দৰেই৷প্ৰথমে গায়টোন্দেৰ মাফিক সংলাপ গাইছিলো,”কভী কভী লগতা হ্যে চাল্লা আপুন হী ভগৱান হে৷” আজিকালি অনুভৱ হয়,”পৃথিৱীৰ আওভাও নোপোৱা এগালমান অবোধ শিশুৰ মাজত মই এজন নিসংগ বৃদ্ধ মানুহ৷” মাজে-মাজে নোৱা হোৱাৰ চেষ্টা কৰো৷নৰকৰ পৰা সৰগ বিচাৰি৷কিন্তু লাহেলাহে বুজি উঠিছো জ্ঞানবৃক্ষৰ ফলে সৰগৰ অৱসান ঘটালে৷মই হয়তো নোৱা হ’ব নোৱাৰিম,কেতিয়াও৷এলগৰিথিমৰ সাগৰত পুনৰ বুৰ মাৰো আৰু বুৰবুৰাও,”The beginning is the end,the end is the beginning,neither Adam nor nowah can lead you to paradise.”ক্ৰুছত যীশু ওলমি ৰ’ব সময়ৰ শেষলৈকে৷

The paradise lost
Hell is empty all the devil’s are here
Paradise জ্ঞানহীন শৈশৱ

Leave a comment