প্ৰচণ্ড অসুস্থতাৰ মাজেৰেই আজিৰ আগবেলাটো কটাই দিলো৷এতিয়া সামান্য সুস্থ অনুভৱ কৰিছো৷কথাখিনি হয়তো নিলিখিলোহেঁতেন৷মই আধুনিক ৰাষ্ট্ৰযন্ত্ৰ(বুৰ্জোৱা ব্যৱস্থা) এটাক যেতিয়াৰ পৰাই বুজিছো তেতিয়াৰ পৰাই এই সত্যৰ প্ৰতিদিন সন্মুখীন হওঁ৷আজি ভাইটি Anjuman Bharadwaj য়ে কোৱাৰ বাবে লিখাৰ প্ৰয়োজনবোধ কৰিলো৷ৰাষ্ট্ৰযন্ত্ৰই তোমাক তেতিয়ালৈকেহে জীয়াই থকাৰ অধিকাৰ দিব যেতিয়ালৈকে তুমি ৰাষ্ট্ৰযন্ত্ৰৰ প্ৰয়োজনীয় হৈ ৰ’বা,ৰাষ্ট্ৰযন্ত্ৰৰ বিৰোধী মানেই মৃত্যু৷তোমাৰ মৃত্যুৰ পিছতো ৰাষ্ট্ৰযন্ত্ৰই তোমাৰ চিন্তাধাৰা বা আদৰ্শৰ এখন বিকৃত পৰ্ট্ৰেইট আঁকিব আৰু তোমাক পুনৰ হত্যা কৰা হ’ব কাললৈকে৷বিষ্ণু ৰাভাৰ পিছতে অসমৰ ইতিহাসৰ দ্বিতীয় এটা এনে ট্ৰেজিক চৰিত্ৰ পৰাগ কুমাৰ দাস৷ভাইটিজনে শুধিছিল আজি ৰাষ্ট্ৰীয়তাবাদৰ আদৰ্শত বিশ্বাসী সকলেও কিয় পৰাগ কুমাৰ দাসক পূজিছে?মোৰ বোধেৰে আজি অসমীয়াই পূজা পৰাগ কুমাৰ দাসজন টিছাৰ্টত ওলমি থকা শ্বে গুৱেভেৰাৰ দৰেই৷পৰাগ দাৰ ব্যক্তি পূজন হৈ আছে প্ৰতিবছৰে,প্ৰথমেই ব্যক্তি পূজন গ্ৰহণযোগ্য নহয়৷দ্বিতীয়তেই আমি পূজা কৰা পৰাগ দাৰ সত্বাও বিকৃত৷আজি পৰাগ দা মানে জনমানসত এজন ৰোমান্তিক বিপ্লৱী,যি স্বাধীন অসমৰ সপোন দেখিছিল,আলফাৰ কট্ৰৰ সমৰ্থক আছিল৷ওহো ভুল!ভুল!কৈছো নহয় পৰাগ দা টিছাৰ্টৰ গুৱেভেৰা নহয়৷তেওঁৰ চিন্তাত ৰোমান্তিকতাৰ পৰিবৰ্তে ভবিষ্যৎৰ অৰ্থনৈতিক বুনিয়াদৰ বাস্তৱসন্মত পৰিকল্পনা আছিল,অতিকেন্দ্ৰীভূত শাসনৰ পৰিবৰ্তে সম্পূৰ্ণ যুক্তৰাষ্ট্ৰীয় গণতন্ত্ৰ ন’হলেও তেনেকুৱা কিবা এক সুপ্ত বিচাৰধাৰাই আছিল,আবেগসৰ্বোচ্চ বিচ্ছিন্নতাবাদৰ বিপৰীতে আৰু শোষণৰ বিৰূদ্ধে মুক্তিৰ দাবীত এক প্ৰচণ্ড যুক্তিবাদী কন্ঠ ফুটি উঠিছিল৷পৰাগ দা মুক্তিবাহিনীৰ কট্ৰৰ সমৰ্থক নাছিল,বন্দুকৰ প্ৰাথমিকতাৰ কথাও কোৱা নাছিল ন’হলে ছাংলট ফেনলাত তেওঁ দিগন্তৰ মুখেৰে কিয় কোৱাইছিল হিৰোহোণ্ডা আৰু বন্দুকৰ মোহত সংগঠনলৈ অহা ডেকাই এদিন সংগঠনৰ সৰ্বনাশ কৰিব বুলি৷মোৰ দৃষ্টিত পৰাগ দাৰ সৈতে পেলেষ্টাইনৰ বিপ্লৱী কবি মোহমোদ্দ ডাৰউইছৰ চিন্তাৰো কিছু সাদৃশ্য আছে৷ডাৰউইছক আজি মই চিনি পাওঁ,পৰাগ দাক পেলেস্তাইনী বাদেই দিয়া অসমীয়ায়ো সঠিককৈ চিনি নাপায়৷কৈছোৱেই নহয় টি ছাৰ্টৰ গুৱেভেৰা বুলি ভাবে৷কাৰণ মৃত্যুৰ পিছতো পৰাগ দাসৰ মূৰ্তিপূজন আৰু আদালতত জানিশুনিয়েই এঘড়ী বিফল যুঁজ দিয়াৰ বাদে একো ন’হল৷না গৱেষণা হ’ল,না অনুবাদ হ’ল,ছাংলট ফেনলাক ডিজিটেল ৰূপত পঢ়িবলৈ পাইছিলো আৰু নাজানো৷ছাংলট ফেনলাৰ বাদে বাকীবোৰ হয়তো হেৰাই যাব৷অসমীয়াই কয় কলাগুৰু৷কাইলৈ ক’ব বিপ্লৱৰ উপন্যাস লিখা পৰাগ দা৷আজিৰ দিনটোত যে ভাইটিয়ে কোৱাৰ দৰে কট্ৰৰ ৰাষ্ট্ৰীয়তাবাদীয়েও পূজিছে সেইবোৰ hypocrisy চলি থাকে,চলিয়েই থাকিব,ঔপন্যাসিক বনাই দিব পাৰিলে hypocrisy কৰাৰো কাৰণ নাই৷এইসকলোবোৰতো ৰাষ্ট্ৰযন্ত্ৰৰেই সফলতা৷ৰাষ্ট্ৰযন্ত্ৰ পূৰ্বতকৈ শক্তিশালী হৈছে,প্ৰযুক্তি আৰু অভিজ্ঞতাই অধিক শক্তিশালী কৰিছে,তাৰ মাজতো আমি পৰাগ দাৰ আদৰ্শক সঁচাৰ্থত বুজি উঠ প্ৰবাহিত কৰিব লাগিব গোলকীয় পৃথিৱীৰ প্ৰতিটো শোষিত জাতিসত্ত্বালৈ,প্ৰতিজন ব্যক্তিলৈ৷আমি ৰাষ্ট্ৰযন্ত্ৰৰ বন্দুকৰ নলীৰ সন্মুখত ঠিয় দি বুকু ফিন্দাই ক’ব পাৰিব লাগিব মানুহ হিছাপে জীয়াই থকাৰ অধিকাৰ দিয়া৷

