আদাম আৰু ইভ নন্দনকাননত উমলি আছিল৷নগ্ন শৰীৰ,প্ৰশান্ত মন,কপালত চিন্তাৰ লেশমাত্ৰ চিনো নাই৷জোপোহাৰ আৰৰ পৰা নৰকৰ সম্ৰাটৰ আজ্ঞাবাহী দূতে কুটুৰি আছে৷বাৰে-বাৰে প্ৰলোভন দিছে৷খাই চোৱা৷কি যে সোৱাদ৷আদামে নাজানে সোৱাদৰ সংজ্ঞা কি?এপাকত চিঙি আনিলে সোণালী আপেলটো৷এচকল কামুৰি ইভলৈ আগবঢ়াই দিলে৷সোৱাদটো জানো কেনে আছিল!সোৱাদটো গম পোৱাৰ পূৰ্বে আদাম আৰু ইভ খহি পৰিল এখন আদিম অৰণ্যত,”the paradise lost”৷পুবে ফেহুজালি দিলে,সোণালী কিৰণ চকুত পৰাত আদামে ইভৰ উলংগ শৰীৰটোলৈ অপলক ভংগীৰে চাই ৰ’ল৷এক অজান শিহৰণ ইভৰ বুকুৰেও একে সময়তে ঢৌ খেলাই গ’ল৷আদিম সংগীতৰ সুৰ বিচাৰি আদামে ইভৰ বুকুখন খেপিয়াই চালে আৰু এদাল সাপৰ দৰে মেৰিয়াই ধৰিলে ইভৰ শৰীৰ নিম্নাংশ৷ইভে চকুহাল মুদি দীঘলকৈ উশাহ ললে৷বতাহত আদামৰ ঘাম মিশ্ৰিত বনফুলৰ সুবাস৷ইভে বতাহজাক উজাই ল’লে৷তাইৰ চকুৰে এটোপাল তপ্ত অশ্ৰু সৰি পৰিল আদামৰ হাতত৷আদাম যেন ক্ষণিক বিচলিত হ’ল৷দুবাহুৰ বলীষ্ঠ মাংস পেশীত ইভক আলফুলে সাবটি ওঠদুখন গুজি দিলে৷ইভে এটা মৃদু গেঙেৰি মাৰিল৷আদাম যেন পূৰ্বতকৈ কিছু চঞ্চল হৈ পৰিল৷এজন পৈণত চিত্ৰশিল্পীৰ দৰে ইভৰ বোৱতী নদী হেন গাভৰু শৰীৰৰ প্ৰতিটো ভাজত খৰকৈ বোলাই গৈছে হাত,নিজৰেই অজানিত,এক সম্পূৰ্ণ উকা মন লৈ৷খালী মন,চিন্তাৰিক্ত অৱস্থা,যেন আদামৰ নন্দনকাননৰেই আন এটা আবেলি৷ইভে মাত্ৰ চকু মুদি অনুভৱ কৰাৰ চেষ্টা কৰিছে বুজ লবলৈ এক নতুন সোৱাদৰ,আপেলটোৰ দৰে৷এবুকু মিঠা বিষ উজাই আহিল,ইভে এটা আস্ফুট গেঙনি মাৰি পুনৰ চকুকেইটা জপাই দিলে৷ইভৰ দুভৰিৰ মাজেৰে এসোঁতা কেঁচা তেজ বৈ আহিল৷আদামে ফোপাই-ফোপাই যেন মৰুতৃষ্ণা খেদিছে৷ইভে মাজে-মাজে কাতৰ গেঙনি মাৰে৷আদামে মৰুদ্যানত পানী খালে,মৰুতৃষ্ণা পলাল৷ইভে অন্তৰৰ সমস্ত আকুলতাৰে আদামক সাৱতি ধৰিলে৷কিয় নাজানো আদামৰ আবেগভৰা কন্ঠই হঠাৎ কৈ উঠিল,”ইভ তুমি মোৰ,চিৰদিনৰ বাবে৷মোক নন্দনকাননৰ প্ৰয়োজন নাই৷তাত শৈশৱ আছিল কিন্তু সেই শৈশৱত পূৰ্ণতা নাছিল৷” কপাকপা ওঠেৰে এটা চুমা গুজি দি ইভে মৃদুকৈ ক’লে,”আমাক নন্দন কানন নালাগে আদাম৷মই তোমাৰ সদায়ৰ বাবে৷স্বৰ্গৰ পৰা ভগৱানে মিচিকিয়াই ক’লে,”সিহঁতে নন্দনকানন ঘুৰাই পালে,”the paradise regained.”নৰকৰ অগ্নিশিখাত বহি লুছিফাৰে আওৰাইছিল,”দৰ্শন এটা মিথ!প্লেটোৱে মোক ভালকৈয়ে ঠগিলে৷প্লেটোনিকৰ নৰকৰ পৰা সিহঁত মুক্ত৷কাৰণ শৰীৰক লৈ সিহঁত অসংবেদনশীল বেয়াকৈয়ে৷সিহঁতে নন্দনকানন ওভোটাই পালে৷Love is the divine and orgasm is the paradise,Heaven is empty all the beautiful angels are in the Adam’s world.”

Leave a comment