এইমখাৰ পৰা আৰু শান্তি নাই৷ঠাণ্ডা দিনটো ক’ৰবাত লুকাই থাকে,খোলাৰ শামুকটোৰ দৰেই,ইহঁত পিছে খোলাধাৰী নহয়!হয়তো ৰান্ধনিঘৰৰ কোনো এলান্ধুকলীয়া চুকত,শীতনিদ্ৰা!খাদ্যৰ প্ৰয়োজন নহয়৷কিন্তু জীয়াই থাকে৷আপোনাৰ আৰু মোৰ দৰেই, হয়তো দীঘল-দীঘলকৈ উশাহত নিজৰেই অজানিতে টানি লয় অম্লজান,নিশাহত এৰি দিয়ে৷উশাহ লৈ থকাইটো জীৱন!চিন্তাৰ প্ৰয়োজনেই বা কি আৰু সৃজশীলতাৰ!মাৰ্ক্সৰ মৃত্যুত এংগলছে কৈছিল আজিৰ পৰা আৰু এই মানুহজনে চিন্তা নকৰে!কিন্তু আজিকালি মোৰ চহৰৰ বেছিভাগ মানুহেই চিন্তা নকৰে৷মাত্ৰ উশাহত অম্লজান নিশাহত কাৰ্বনডাইঅক্সাইড৷দুটকীয়া চাউল,এটকীয়া আটা,শৌচ কৰিবলৈ এটা পকী শৌচাগাৰ আৰুনো দুদিনীয়া জীৱনত কি লাগে!ধনী মানুহবোৰে ওখ অট্ৰালিকাত সংসাৰ পাতে,শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰই ঘৰ্মাক্ত শৰীৰৰ অৱসাদ গুচাই,ভগা-ছিগা ৰাস্তাৰে দুচকীয়া-চাৰিচুকীয়া মটৰ দৌৰে,কল কাৰখানাই ক’লা ধোৱা উৰুৱাই,বেংকৰ কেৰাণী বাবুৱে নোট গণে৷এংগলছে নিচিন্ত চহৰখনক বাৰু কি বুলি ক’লেহেঁতেন মৃতদেহৰ চহৰ নে লুচিফাৰৰ নৰকৰ অগ্ন শিখা!কি যে অনৰ্গল গাই আছো ক’ত মাৰ্ক্স,ক’ত এংগেলছ মইতো সিহঁতৰ কথা কৈ আছিলো৷জহকালি মাজৰাতি হঠাৎ ৰান্ধনী ঘৰলৈ সোমাই আহি লাইটটো জ্বলাবলৈকে নাপাওঁ৷এটা ভাতৰ টেবুলত,দুটামান ষ্টোভত আৰু এজাকমানে সভা পাতি থাকে মজিয়াত৷কোনোবাটো গালৈকে উৰি আহে৷উচপ খাই যাওঁ৷আজি যদি লক্ষ্মণৰেখা,কাইলৈ হিট স্প্ৰে৷পুৱাই দুটামানৰ নিথৰ দেহ,ৰাতিলৈ আকৌ এটা নতুন আড্ডা৷কাচাব,মেমোন,গুৰু,লাডেন,এব্ৰেটাবাদ৷চত্তীশগড়ত নিৰ্বাচনৰ পূৰ্বে আকৌ এটা আক্ৰমণ!শ্বহীদ জোৱানৰ ফটো ওলমি ৰয় ৰাজনৈতিক দলৰ নিৰ্বাচনী বেনাৰত!দিল্লী কাণ্ডৰ চাৰিটাক ফাঁচী দিলে৷না, ধৰ্ষণ শেষ হোৱা নাই৷সদায় এটা ব্ৰেকিং নিউজ৷নাৰীবাদীয়ে চিঞৰে লাইটৰ পোষ্টত যৌনাংগ কাটি ওলোমাই দিয়ক!পিছদিনা আকৌ সামাজিক মাধ্যমত যুক্তি দিব আমি গণপ্ৰহাৰৰ বিৰোধী!মই নিৰ্লপ্তভাবে ছিগাৰেটৰ ছাইখিনি পেলাই হুমুনিয়াহ কাঢ়ো,”ন্যায়িক হত্যা”ৰ অৱসান ঘটক৷সিপাৰৰ পৰা টকিঅ’ ট্ৰায়েলৰ ন্যায়ধীশ পাউলে যুক্তি দিয়ে,”Justice can’t be obtained at the end of a rope.”মুঠতে শান্তি নাই৷পাকঘৰ চাফা কৰো,নতুন-নতুন পদ্ধতি,নতুন-নতুন কীটনাশক,ভাড়াঘৰো সলালো,একেবাৰে ছয়মহলাত ওহো শান্তি নাই৷মুঠতে এই অত্যাচাৰৰ পৰা ন্যায় লাগে,স্বাধীনতা লাগে,সাৰ্বভৌমত্বৰ দাবীত মই অটল৷যোৱাকালি দেখিলো এটাই লুকাই-লুকাই মজিয়াত বিস্কুটৰ গুৰিবোৰ চেলেকি আছিল৷যি নহওঁক লুকাই খোৱাই শ্ৰেয়৷সাবধানীৰ মৰণ নাই৷বিস্কুটেই হওঁক কিম্বা চৰকাৰী টেবুলৰ তলৰ ধন৷ন’হলে পৰিণতি একেই আমাৰ বাবে আইনী মেৰপেছ সিহঁতৰ বাবে এপাত ছেন্দেল৷পিঠিখন তেলেতীয়া ৰঙা দেখিলেই কিবা লেতেৰা-লেতেৰা লাগে৷পেটেকি দিলে হালধীয়া-হালধীয়া এগালমান পিটিকা কিম্বা ছাটনি৷অৱশ্যে ৰাজনীতিতকৈ লেতেৰা নহয়, সেয়া মই নিশ্চিতৰূপত ক’ব পাৰিম৷৮৫৫ জন শ্বহীদ,নেলী-চাউলখোৱা,অসম্পূৰ্ণ এন আৰ চি,ৰাম মন্দিৰ,বাবৰি মছজিদ,মোহম্মদ আখলাখ,ফ্ৰীজৰ ছাগলী মঙহ,গোষ্ঠী সংঘৰ্ষ,এসোপা মৃতদেহ,নিৰ্মীয়মাণ সাংসদভৱন৷ওকালি আহি যায়৷ইহঁতৰ চৰ্দাৰ এটাক কোনোবা জনতাই পেটেকি দিলে বাৰু কি হ’ব!আকৌ প্ৰাণ পাই উঠিব নেকি ফৰাচী বিপ্লৱৰ মামৰ লগা গিলোটিন বিলাকে!এটাই লগৰ এটাৰে নিথৰ দেহাটো কুটি আছে৷অলপ পিছতে পৰুৱা লাগিব৷কৰবাত পঢ়িবলৈ পাইছিলো তুষাৰবৃত্ত পৰ্বত শৃংগ এটাত খুন্দা খাই পতিত বিমান এখনৰ বাচি যোৱা যাত্ৰী সকলে মৃত সহযাত্ৰীবোৰৰে পঁচা মঙহ খাইছিল৷দুমাহমান পিছত চৰকাৰে উদ্ধাৰ কৰিছিল৷সেইকেইদিন সহযাত্ৰীৰ কেঁচা হাড়বোৰো চোবালে৷এইটো সাধাৰণ কথা৷মানুহেটো মানুহৰ মঙহ খায়েই জীয়াই থাকে৷সেয়ে কাৰখানাৰ মালিকৰ পেটতো তিলতিলকৈ বাঢ়ি যায় আৰু শ্ৰমিকবোৰৰ কামিহাড়বোৰ গণিব পৰাকৈ ওলাই পৰে আৰু শেষত বুভুক্ষাত শ্ৰমিকৰ কৰুণ মৃত্যু৷Law of Surplus!ক’ৰবাত পঢ়িছিলো এইসোপাৰ মুৰটো কাটি দিলেও বোলে ছয় সপ্তাহ জীয়াই থাকে শেষত খাদ্যৰ অভাৱতহে মৃত্যুক সাবতে৷স্নায়ুতন্ত্ৰটো আমাৰটোৰ দৰে অৰ্গেনাইজদ নহয়৷আমাৰ ব্যৱস্থাটোও অৰ্গেনাইজাদ নহয় চাগৈ৷সেয়ে ইমান সত্যাগ্ৰহ,বিপ্লৱ,আন্দোলনৰ পিছতো নিহিলে৷মুঠতে ইহঁতৰ পৰা শান্তি নাই৷বাথৰূমৰ লাইটো জ্বলাই দিলো৷এটাই দেৱালত শুং জোকাৰি হয়তো মোলৈকে চাই আছে৷প্ৰস্ৰাৱ কৰি-কৰি মই ভোৰভোৰালো,” চাল্লা নোৱাৰ নাওত কোনো বেলেগ প্ৰাণী নাছিল৷এটা আছিল বুৰ্বক নোৱা আৰু এটা মহা সিয়ানা পইতাঁচোৰা৷নোৱা কাহানিবাতেই ধুকাল৷এই বজ্জাতটো থাকি গ’ল৷এতিয়াও বেৰত শুং জোকাৰি মই প্ৰস্ৰাৱ কৰাই চাই আছে৷”
