বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ পুৰণি চৌহদটোৰ কাষেৰে পাৰ হৈ গ’লে সেই বীভৎস নিশাটোৰ কথা মনত পৰি মোৰ গাটো আজিও শিয়ৰি উঠে৷নব্বৈৰ দশকৰে কথা৷তেতিয়া মই ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ মহলৰ ছাত্ৰ৷বন্ধু বিভূতিৰ সৈতে বিশ্ববিদ্যালয়ৰে নাতিদুৰৈৰ ভাড়াঘৰ এটাত মেছ কৰি থাকো৷আজি মই ক’বলৈ ওলোৱা সেই ঘটনাটো দেৱালীৰ সময়ৰ৷শুক্ৰবাৰে দেৱালী,শণিবাৰে স্থানীয় বন্ধ,পিছদিনা দেওঁবাৰ৷একেলেথাৰিয়ে তিনিদিনৰ ছুটি৷পিছে বিভূতিৰে মোৰে গৱেষণাৰ ভালেমান কাম বাকী আছিল৷সেয়ে আমি বুধবাৰে গোটেই নিশাটো গৱেষণাগাৰত কাম কৰি বৃহস্পতিবাৰে পুৱাই বাছেৰে ঘৰলৈ যোৱাটোকে ঠিৰাং কৰিলো৷মুৰব্বী অধ্যাপক হাজৰিকা ছাৰেও আমাৰ প্ৰস্তাৱটোত কোনোধৰণৰ আপত্তি নকৰাকৈয়েই মানি লৈ চকীদাৰ ভোগী দাক ঘৰলৈ উভতি যাওঁতে আমাৰ ভাড়াঘৰত চাবিটো দি যাবলৈ ক’লে৷ছাৰৰ কথাত ভোগী দাই প্ৰথমে অলপ থেৰোগেৰো কৰিছিল৷ছাৰে ভোগী কিবা অসুবিধা হ’ব নেকি বুলি সোধাত পিছে তেওঁ তেনেকৈ একো নকলে৷গধূলি ভোগী দাই আমাৰ ভাড়াঘৰত চাবিটো গতাই দি তোমালোকে কামখিনি অলপ সাৱধানে কৰিবা আৰু কিবা অসুবিধা হ’লে ওচৰৰে কোৱাৰ্টাৰৰ দাস কেৰাণীক ক’বা বুলি আমাৰ পৰা বিদায় ল’লে৷গধূলি আঠমান বজাত ভাতকেইটা খাই বিভূতি আৰু মই ৰসায়ন বিজ্ঞান বিভাগলৈ ওলালো৷বাহিৰত তেতিয়া কিনকিনকৈ এজাক ছাগলী খেদা বৰষুণ দি আছিল৷মই দৰ্জাখন মাৰি বিভূতিক ৰিঙিয়ালো,”ঐ দোস্ত ছাটিটো লৈ ল’বি”৷
       নৱেম্বৰ মাহ৷পাতল বৰষুণজাকে ঠাণ্ডাটো অলপ বঢ়াইছেও৷মই মাৰফলাৰখন কাণে-মূৰে মাৰি ল’লো৷ঠাণ্ডা সোমাই পানী লগা জ্বৰ হ’লে ঘৰলৈ যোৱা মুদা মৰিব৷ষ্ট্ৰীট লাইটৰ পোহৰেৰে উদ্ভাষিত বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক আৰু আবাসিক এলেকা পাৰ হৈ আমি আমাৰ বিভাগটোত উপস্থিত হ’লোহি৷আমাৰ বিভাগটো কিছু আওঁহতীয়া,বিশ্ববিদ্যালয়ৰ একেবাৰে আনটো মুৰত,আবাসিক এলেকাৰ পাৰ হৈ, কোনোধৰণৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নাই৷প্ৰচণ্ড আন্ধাৰত অকলশৰীয়াকৈ ঠিয় হৈ থকা দুমহলীয়া পুৰণি ৰসায়ন বিজ্ঞানৰ বিভাগটো সেইদিনা মোৰ কিছু আচহুৱা যেন লাগিছিল৷আমাৰ গৱেষণাগাৰটো দুমহলাৰ ওপৰত৷তিনিবেটেৰীয়া টৰ্চলাইটো জ্বলাই মই বিভূতিক বিভাগৰ গেটখন খুলিবলৈ ক’লো৷হঠাৎ মোৰ এনে লাগিল যেন মোক ওপৰৰ গৱেষণাগাৰৰ খিৰিকীখনৰে কোনোবাই চাই আছে,এক অজান আশংকাত মোৰ গাটো শিয়ৰি উঠিল৷মনৰ ভ্ৰম বুলি নিজকে বুজাই বিভূতিৰ সৈতে চিৰি বগাই গৱেষণাগাৰৰ ভিতৰত সোমালো৷কোঠাৰ লাইট কেইটা জ্বলাই মই মোৰ গৱেষণাৰ সৈতে জড়িত ব্যৱহাৰিক কামখিনি কৰিবলৈ আৰম্ভ কৰিলো৷প্ৰায় আধাঘন্টামান পাৰ হৈ গ’ল শ্বেলফৰ বাৰ্ণাৰ কেইটাত বিভূতিয়েও কিবা কিবি চেম্পল গৰম কৰি আছে৷হঠাৎ ভমকৈ হোৱা শব্দ এটা আৰু বিভূতিৰ চিঞৰত মই উচপ খাই পিছলৈ ঘুৰি চালো৷বিভূতিৰ হাতৰ টেষ্ট টিউৱটোত জুই লাগিছিল৷সি উচপ খাই টেষ্ট টিউৱটো মজিয়ালৈ দলিয়াই দিলে৷খটংকৈ শব্দ এটা হৈ টেষ্টটিউৱৰ চেম্পলখিনি মাটিত বাগৰি পৰিল৷গোটেই কোঠাটোৰ বতাহত পোৰাপোৰা গোন্ধ৷মই দৌৰি গৈ বিভূতিৰ ওচৰ পালো,”ঐ বিভূতি,টেষ্ট টিউবত কেনেকৈ জুই লাগিল৷” “জানো পাই মইচোন প্ৰট’কল মতেই কৰিছিলো৷চেম্পলত ছ’ডিয়াম এছিটেট আৰু পটেছিয়াম হাইড্ৰক্সাইড দি হে গৰম কৰিছিলো৷কেনেকৈ বা জুই লাগিল৷একো উৱাদিহেই নাপালো৷” অলপ নাৰ্ভাছ যেন হৈ বিভূতিয়ে ক’লে৷ “তই চাগৈ ছ’ডিয়াম হাইড্ৰক্সাইড বুলি ইথানল দি গৰম কৰি দিলি৷ন’হলে কেনেকৈ নো জুই লাগিব৷হ’ব দে অলপ সাৱধানে কৰ৷গোটেই ৰাতিটো পৰি আছে৷বৰ লৰালৰি নকৰিবি৷” “জানো পাই মোৰ ছেলফট চোন ইথানল নায়েই৷হ’ব দে টেষ্টটো আকৌ ৰিপিট কৰো৷” বিভূতিৰ কাষৰ পৰা আতৰি আহি মই ছাক্সলেট এপাৰেটাছটো চলাই দিলো৷প্ৰায় পোন্ধৰমিনিটমান পাৰ হৈছিল৷হঠাৎ কোঠাৰ লাইট কেইটা বাৰে-বাৰে ধিপধিপাবলৈ আৰম্ভ কৰিলে৷সিফালৰ পৰা বিভূতিয়ে চিঞৰিলে,” ঐ দোস্ত লাইট কেইটাৰ আকৌ কি হ’ল৷” “ভল্টেজৰ প্ৰৱলেম হ’বলা৷সোনকালে কাম শেষ কৰিম বুলি আহিছিলো৷এতিয়া আকৌ কাৰেন্ট ন’গলেই হ’ল৷” মই ভোৰভোৰালো৷মোৰ কথা প্ৰায় শেষ ন’হলেই খিটিককৈ শব্দ কৰি লাইটকেইটা নুমাই থাকিল৷”ধেৎ চাল্লা,এইটোহে হ’বলৈ বাকী আছিল৷তয়ো মানে মানুহটো মানে একদম কুফা৷কাৰেন্ট যোৱাৰ কথা কৈছিলি হে৷সঁচাসঁচিকৈয়ে গ’ল বাপ্পেকে৷”বিভূতিৰ কথাত মোৰ পেটেপেটে হাঁহি উঠিল,”হ’ব দে,এতিয়া আৰু কি কৰিবি অলপ সময় ৰৈ দিও৷বেছি দেৰি হ’লে ৰূমলৈ গুচি যাম৷”টৰ্চটো জ্বলাই হাতঘড়ীটো চালো৷নিশা প্ৰায় দহ বাজিছে৷এইবাৰ কাৰেন্টৰ অপেক্ষাত টুল এখনতে বহি মই পৰ দিবলৈ ধৰিলো৷কিমান সময় জানো পাৰ হৈ গ’ল৷হঠাৎ ম’হৰ কামোৰণিত খকমককৈ সাৰ পাই গ’লো৷হয়তো বহি থাকোতেই চকু লাগিছিল৷মোৰ কাষৰে টুল এখনত বহি বিভূতিয়ে নাক বজাই আছিল৷”এই বিভূতি,বিভূতি” মই বিভূতিক হেচুকি জগাই দিলো৷”চাল্লা বহি বহিয়েই টোপনি গুচি গ’লো৷” দীঘলকৈ এঙামুৰি এটা দি বিভূতিয়ে ক’লে৷তেতিয়ালৈকে কাৰেণ্ট অহাই নাছিল৷টৰ্ছ লাইটটো জ্বলাই আকৌ হাতঘড়ীটো চালো৷১ বাজি ৪৫ মিনিট৷বাহিৰত তেতিয়া মূষূলধাৰে বৰষুণ দি আছিল৷মাজে-মাজে প্ৰচণ্ড ধেৰেকণি আৰু চকু চাত মাৰি যোৱা বিজুলী৷”দোস্ত এতিয়া আৰু ৰূম যোৱা ন’হব৷এইজাক বৰষুণৰ পৰা ছাতিটোৱে বচাব নোৱাৰে৷ৰাতিটো এনেকৈয়ে কটাব লাগিব৷একো কামো ন’হল৷আজি নহা হ’লেই ভাল আছিল” “হুমম ঠিকেই কৈছ৷এনেই মিছা-মিছিকৈ কষ্টখন কৰিলো৷বিভূতিয়ে ক’লে৷তেনেতে দুৰৈৰ পৰা কুকুৰৰ কান্দোন ভাহি আহিল৷মাতটো কিবা আচহুৱা যেন কিবা দেখি ভয়হে খাইছে৷দিনটো মানুহেৰে গিজগিজাই থকা আমাৰ বিভাগটোৰ ৰাতিৰ এই নিজান পৰিবেশটো মোৰ প্ৰথমৰ পৰাই কিবা হজম হোৱা নাছিল৷তাতে এই মাজনিশাখন কুকুৰৰ কান্দোন শুনি মোৰ সামান্য ভয়ো লাগিল৷”ঐ বিভূতি প্ৰফেচৰ কলনিৰ ফালে কুকুৰকেইটাই ইমান বেয়াকৈ কান্দিছে৷মোৰ কিবা ভয়হে লাগিছে৷কিবা বেয়া বস্তু দেখা নাইতো৷”হেই এইটো৷এই ৰাতিখন কিনো অমংগলীয়া কথাবোৰ কৈ থাক৷”বিভূতিয়ে ভেকাহি মাৰি ক’লে৷বিভূতিৰ ভয়টো মোতকৈও বেছি৷সি ভয় খাব বুলি মই বিশেষ একো নকলো৷বিভূতিয়ে বতৰটোৰ আলেখলেখ চাই খিৰিকীৰ কাষত ৰৈ আছিল৷হঠাৎ সি মোক চিঞৰিলে,”ঐ এইফালে চাচোন৷গেটৰ বাহিৰত কোনোবা এটা ৰৈ আছে৷চোৰ তোৰ নহয়তো৷মই টৰ্চটো মাৰি বাহিৰলৈ জুমি চালো,” ক’তা একোৱেই নাইচোন৷তোৰ কিবা ভ্ৰম হ’ল চাগৈ৷” হঠাৎ তলৰ চিৰিটোৰ পৰা কাৰোবাৰ খোজৰ শব্দ ভাহি আহিল৷মই কিবা কোৱাৰ আগেয়ে বিভূতিয়ে মোক মনেমনে থাকিবলৈ ইংগিত দিলে৷আমাৰ কোঠাৰ ওচৰ পায়  শব্দটো পুনৰ নাইকিয়া হৈ গ’ল৷অন্ধকাৰ চৌহদটো এইবাৰ পুনৰ নিৰবতাত বুৰ গ’ল৷”ঐ সেইটো কি আছিল৷বিভূতিয়ে চেপা মাতেৰে শুধিলে৷”মোৰো ইতিমধ্যেই ভয় লাগিবলৈ আৰম্ভ কৰিছিল৷মই মাত্ৰ লাহেকৈ মুৰটো জোকাৰি সেপধুকিলো৷কিবা পোৰা-পোৰা গোন্ধ এটাৰে ৰূমটো ভৰি পৰিল৷বিভূতিয়েও নাকত ৰূমাল ল’লে৷”ঐ সেইফালে সেইটো কি?”বিভূতিয়ে আতংক মিহলি কন্ঠেৰে শুধিলে৷বিভূতিয়ে আঙুলিৱো দিশত মই টৰ্চটো মাৰি দিলো৷টৰ্চৰ পোহৰত মই যিটোহে বীভৎস দৃশ্য দেখিলো সেয়া মই হয়তো জীৱনৰ শেষ মূহূৰ্তলৈকে নাপাহৰো৷খিৰিকীৰ কাষৰ বাৰ্ণাৰটোৰ কাষত ঠিয় হৈ ৰৈ আছিল এজন অগ্নিদগ্ধ যুৱক৷যুৱকৰ গোটেই শৰীৰত জুয়ে পোৰা দাগ আৰু মুখমণ্ডলত অৰ্দ্ধগলিত মঙহ৷যুৱকে আমাৰ ফালে চাই এটা কুটিল হাঁহি মাৰিলে৷প্ৰায় আধামিনিটমানৰ বাবে মই কিংকৰ্তব্যবিমূঢ় হৈ পৰিলো৷” “ঐ এইটো কোনো মানুহ নহয়,পলা৷” বিভূতিৰ আৰ্তনাদ শুনি মই যেন জ্ঞান হে ঘুৰাই পালো৷আগপিছ নুগুনি ময়ো বিভূতিৰ পিছে-পিছে দৌৰিবলৈ ধৰিলো৷গৱেষণাগাৰৰ দুৱাৰখনলৈ এশ মিটাৰ মান থাকোতেই হঠাৎ মই আন্ধাৰে-মুন্ধাৰে কিহবাত উজুটি মাৰি হামখুৰি খাই পৰিলো৷উঠিবলৈ লৈয়ো প্ৰচণ্ড বিষত কেকাই উঠিলো৷হয়তো ভৰিখন ভাগিল৷ইতিমধ্যেই বিভূতি দৌৰি চিৰিৰ ওচৰ পাইছিল৷মোৰ কেকনি শুনি সি পুনৰ আমাৰ গৱেষণাগাৰৰ ফালে দৌৰ দিলে৷হঠাৎ প্ৰচণ্ড শব্দ কৰি গৱেষণাগাৰৰ দৰ্জাখন বন্ধ হৈ গ’ল৷বিভূতিয়ে বাহিৰৰ পৰাই চিঞৰি-চিঞৰি দৰ্জাখনত ধকিয়াবলৈ ধৰিলে৷মই চুচৰি-চুচৰি দৰ্জাখনৰ দিশত আগবাঢ়িলো৷পৰি থকাৰ পৰাই এবাৰ পিছলৈ ঘুৰি চালো অগ্নিদগ্ধ যুৱকজন মোৰ ফালেই আগবাঢ়ি আহিছে৷মুখত সেই কুটিল হাঁহিটো আৰু জ্বলন্ত চকুকেইটাত এক অনামী প্ৰতিশোধৰ চাৱনি৷যুৱকজন মোৰ যিমানেই ওচৰ চাপি আহিছে সিমানেই মোৰ চাৰিওকাষৰ উষ্ণতা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিলে৷এইযেন কোনোবাই মোক একুৰা জুইৰ মাজলৈহে ঠেলি দিলে৷লাহে-লাহে কোঠাটোৰ বায়ুখিনিও গধুৰ হৈ আহিল৷মঙহ পোৰাৰ দুৰ্গন্ধ,গধুৰ আৰু গৰম বতাহ মোৰ উশাহটো ক্ৰমাৎ চুটি হৈ আহিল৷মই অনুভৱ কৰিলো এখন কঠোৰ হাতে প্ৰচণ্ড জোৰেৰে মোৰ ডিঙিটো চেপা মাৰি ধৰিছে৷অক্সিজেনৰ অভাৱত যেন মোৰ হাওঁফাওঁখন ফাটি ওলাই হে আহিব৷মই বুজি উঠিলো,মোৰ শেষ সময় সমাগত৷চকুলৈ অন্ধকাৰ নামি আহিল৷এই যেন মই শৰীৰৰ বন্ধনৰ পৰা মুক্ত হৈ মৃত্যুৰ কোলাত ধলি পৰিম৷তেনেতে নাতিদূৰৈৰ মছজিদৰ পৰা ফজৰৰ আজানৰ সুৰ ভাহি আহিল৷লাহে-লাহে মোৰ ডিঙিৰ ওপৰত চেপা দি থকা গধুৰ হাতখন আতৰি গ’ল,প্ৰায় একেসময়তেই বিভূতিয়ে বাহিৰৰ পৰা মৰা থেলাত গৱেষণাগাৰৰ দুৱাৰখনো খোল খাই গ’ল৷এজাক শীতল আৰু সতেজ বতাহ কোঠাটোলৈ সোমাই আহিল৷বিভূতিয়ে প্ৰায় দৌৰি আহি মোক সাবতি ধৰিলে৷মই দীঘল-দীঘলকৈ উশাহ লৈ বিভূতিৰ কোলাত ধলি পৰিলো৷
                   মই যেতিয়া চকু মেলো তেতিয়া মই বিশ্ববিদ্যালয়ৰ মেডিকেল ইউনিটৰ বিছনাত৷কাষত বিভূতি,কেৰাণী দাস দা আৰু হাজৰিকা ছাৰ৷প্ৰচণ্ড বৰষুণজাকত তিতি-তিতিয়েই সেইদিনা মোক বিভূতিয়ে দাস দাৰ ঘৰলৈ দাংকোলা কৰি লৈ গৈলিল৷কিছুসময়ৰ পিছত মেডিকেল ইউনিটৰ কোঠাটোলৈ উচুপি-উচুপি চকীদাৰ ভোগী দা সোমাই আহিল,”বাপু মোক মাফ কৰি দিয়া৷মোৰ বাবেই তোমাৰ এনেখন অৱস্থা!আচলতে মই কালিয়েই তোমাক কথাটো খুলি ক’ব লাগিছিল৷” “তই এইবোৰ কি কৈছ ভোগী৷”হাজৰিকা ছাৰে প্ৰায় আচৰিত হৈ সুধিলে,”ছাৰ আপোনালোক পঢ়া-শুনা মানুহ৷হয়তো মোৰ কথাবোৰ বিশ্বাস কৰিবলৈ টান পাব৷সেয়ে মই কথাবোৰ ইমানদিনে কাকো কোৱা নাছিলো৷আজিৰ পৰা প্ৰায় বিশ বছৰ মানৰ আগৰ কথা৷তেতিয়া মই নতুন-নতুনকৈ চাকৰিত যোগদান কৰিছো৷আমাৰ বিভাগতে ৰজনী বৰা বুলি এটা ল’ৰা আছিল৷ল’ৰাটো কিবা খেয়ালী ধৰণৰ৷কাৰো লগতে বৰকৈ কথা নাপাতে৷ৰাতি প্ৰায়ে দেৰিলৈকে গৱেষণাৰ কাম কৰে৷এদিন ৰাতি গৱেষণাগাৰত জুই লাগিল৷পিছদিনা পুৱা মই আহি দেখো গৱেষণাগাৰৰ পৰা ধোৱা ওলাই আছে৷ইতিমধ্যেই গৱেষণাগাৰৰ এটা অংশ বেয়াকৈ জ্বলি গৈছিল আৰু ৰজনীৰ অৰ্দ্ধগলিত মৃতদেহটো দৰ্জাৰ ওচৰত পৰি আছিল৷হয়তো সি শেষমূহূৰ্তত দৌৰি পলাবৰ চেষ্টা কৰিছিল৷কিন্তু নাবাচিলে৷তেতিয়া গুজৱ ওলাইছিল যে ৰজনীৰ কোঠাত এখন চুইচাইড নোট উদ্ধাৰ হৈছৈ৷চুইচাইড নোটত লিখা মতে ৰজনীয়ে একেলেথাৰিয়ে কেইবাটাও চাকৰিৰ বাবে সাক্ষাৎকাৰত বহিও চাকৰি নাপায় ডিপ্ৰেছনত ভুগিছিল৷চাকৰি নোপোৱাৰ অজুহাতত তাৰ প্ৰেয়সীয়ে হেনো তাক এৰি এমাহমানৰ আগেয়ে চিকিৎসক এজনৰ সৈতে বিয়াত বহিছিল৷এনেবোৰ কাৰণতেই সেইদিনা ৰজনীয়ে শেষ ৰাতিলৈ গৱেষণাগাৰৰ ভিতৰতে নিজকে জ্বলাই দিছিল৷পিছে বিশ্ববিদ্যালয়ৰ কতৃপক্ষই ঘটনাটো দুৰ্ঘটনা বুলিয়েই গাপ দিছিল৷তাৰ পিছত মাজতে এই গৱেষণাগাৰটোতে নাইট ক্লাছো হৈছিল৷কিন্তু এনে কিছুমান ঘটনাৰ বাবেই কতৃপক্ষই দুমাহমানৰ ভিতৰতে নাইট ক্লাছো বন্ধ কৰি দিলে৷” কথাখিনি কৈ ভোগী কায়ে এটা দীঘল হুমুনিয়াহ কাঢ়িলে৷হাজৰিকা ছাৰে সেইবিষয়ে বিশেষ মতামত নিদদলম৷বিভূতিক মোৰ লগতে থাকিবলৈ কৈ আবেলি পুনৰ আহিম বুলি ছাৰ আৰু দাস দা ওলাই গ’ল৷আবেলিলৈ বিভূতি আৰু মই মোৰ ম্পৰ্কীয় মামা এজনৰ গাড়ীৰে যোৰহাটৰ আমাৰ ঘৰলৈ ঘুৰি আহিলো৷মোৰ ভৰিটো ভগা নাছিল কিন্তু বৰ বেয়াকৈয়ে মোছোকা খাইছিল৷সকলো শাৰীৰিক আৰু মানসিক অৱসাদৰ পৰা মুক্ত হওঁতে মোক প্ৰায় পোন্ধৰ দিন মান লাগিছিল আৰু সেই কেইদিন মই ছুটী লৈ ঘৰতেই আছিলো৷সেই অভিশপ্ত গৱেষণাগাৰটো এতিয়াও একেদৰেই আছে৷দিনৰ বেলা তাত প্ৰেক্টিকেলৰ ক্লাছো হ’য়৷কিন্তু মোৰ ঘটনাটোৰ পিছত হয়তো হাজৰিকা ছাৰৰ অনুৰোধত বিভাগীয় কতৃপক্ষই এক প্ৰশাসনিক নিৰ্দেশ যোগে সন্ধিয়া সাত বজাৰ পৰা পুৱা সাত বজালৈ গৱেষণাগাৰটোত যিকোনো ব্যক্তিৰেই প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছিল৷

Leave a comment