
সন্ধিয়া প্ৰায় চাৰে ছয় বাজিছিল৷পুহৰ শেষ জাৰৰ ঠেহ৷বিহুলৈ আৰু বেছিদিন নাই৷দুদিনমানৰ পৰা বেছিকৈয়েই জাৰ পৰিছে৷থেছিছ দিবলৈ আৰু বেছি দিন নাই৷গৱেষণাৰ হেঁচাত এইকেইদিন ৰুমলৈ ঘুৰি আহোতে প্ৰায়েই সন্ধিয়া লাগিছে৷মেগী এপেকেট গেছত উঠাই দি লাল চাহ কাপত চুমুক দিলো৷ট্ৰেক পেন্টৰ সোঁপকেটত এক মৃদু ভাইব্ৰেচন কৰি ফোনটো বাজি উঠিল৷কলিতাই ফোন কৰিছে৷ফোনটো কাটি দিলো৷কলিতাই এতিয়া ফোন কৰিলে এঘন্টামান চোবাব৷বিহুৰ পিঠাপনাৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীলৈকে কাকো নেৰে৷এইবাৰ পুনৰ টেবুলখনৰ পৰা ভাইব্ৰেচনৰ কপনি ভাহি আহিল৷মই ফোনটো ৰিশ্বিভ কৰি হেল্লো বুলি ক’বলৈকে নাপালো৷কলিতাই ৰাজধানী এক্সপ্ৰেছৰ কায়দাত আৰম্ভ কৰি দিলে,“ ঐ ঘটনাটো গম পালি নে নাই৷পৰশে মলোষ্টেছন কৰিছে৷ছোৱালীজনী সিহঁতৰ ফ্ৰেণ্ড জ’নৰে৷সিহঁত উইন্টাৰ ভেক্যেশনত ছিকিম ফুৰিবলৈ গৈছিল৷প্ৰায় ৰাতি আঠমান বজাৰ কথা হ’ব৷কেম্প ফায়াৰ হৈ আছিল৷ছোৱালীজনীৰ মুৰ বিষ হোৱাৰ বাবে তাই নিজৰ ৰূমলৈ সোনকালে গুচি গৈছিল৷পৰশে ৰূমৰ পৰা ছিগাৰেটৰ পেকেট এটা আনো বুলি উঠি আহিছিল৷অলপ সময়ৰ পিছত ছোৱালীজনীৰ ৰূমৰ পৰা চিঞৰি-চিঞৰি কাৰোবাক গালি পৰাৰ শব্দ ভাহি আহিল৷পৰশ লৰালৰিকৈ তাইৰ ৰূমৰ পৰা ওলাই আহিল আৰু সেইদিনা ৰাতিয়েই সি কাকো একো নোকোৱাকৈয়ে বেলেগ ল’জলৈ গুচি গ’ল৷তায়ো সেইদিনা একো নকলে মানে ৰূমৰ পৰায়েই ওলায়েই নাহিল৷পিছদিনা নিৰ্মালী-সাগৰিকাহঁতে পেৰি-পেৰি সোধাত তাই উচুপি-উচুপি ক’লে, “He molested me.” কলিতা মানুহটোৰ স্বভাৱটো এনেকুৱাই৷এবাৰ মুখ মেলিলে থমকি নৰয় আৰু আনক কথা কোৱাৰ সুযোগো নিদিয়ে৷“ কথাটো সঁচানে? পৰশ মানে আমাৰ পৰশ?মলোষ্টেছন? কলিতা Is it really possible?অথনিৰে পৰা নিজৰ উৎসুকতাক কিবাকৈ দবাই ৰখা মই এইবাৰ আশ্বৰ্য্যত ফাটি পৰিলো৷“আৰে ভাই প্ৰথমেটো মোৰো হজম হোৱা নাছিল৷পৰশ,আমাৰ পৰশ৷কিন্তু এতিয়া সি নিজেও মানি লৈছে৷সি কৈছে সেইদিনা পাৰ্টীত সি অলপ বেছিকৈয়ে ড্ৰিংকছ কৰিছিল৷ছিগাৰেটৰ পেকেটটো আনিব যাওঁতেই তাইৰ ৰূমটো ওচৰতে বাবে এনেই সোমাই কথা পাতিছিল and thus he lose control over his feelings” ” হুমম হয় বাৰু কিন্তু পৰশ!কলিতা মোৰ কিন্তু এতিয়াও কথাটো হজম হোৱা নাই৷পৰশ আৰু মই ইউনিভাৰ্চিটিত একেলগে আছিলো৷ He is my comrade and even parash was the first person to teach me about consent আৰু তাৰ এই ফ্ৰেণ্ড জ’নটোক মই যিমানদুৰ জানো সিহঁত “highly matured”,সিহঁতে পুৰুষতান্ত্ৰিকতাৰ বিৰোধিতা কৰে,নাৰীৰ মুক্তিৰ সপোন ৰছে,নাৰীৰ অধিকাৰ কথা কয়,সংগ্ৰামৰ কথা কয়৷ইয়াৰ পিছতো পৰশ!” মই এটা দীঘল হুমুনিয়াহ কাঢ়িলো৷ “হৈ যায় বন্ধু,হৈ যায়!জীৱনটো ইমান সৰল নহয় আৰু মানুহক চিনাটো হয়তো তাতকৈও কঠিন৷পৰশ মোৰো কমৰেদ আছিল৷আমি একেলগে সংগঠন কৰিছিলো,আড্ডা মাৰিছিলো,তোৰ দৰে আমাৰ বহুতকে পৰশে consent ৰ কথা শিকাইছিল৷কিন্তু তোতকৈ বা মোতকৈ consent,desire,rights এই সকলোবোৰ কথা জনাৰ পাছতো হয়তো কোনোবাখিনিত পৰশে এই সকলোখিনি কথা হৃদয়ংগম কৰিব পৰা নাছিল৷আমাক বিপ্লব লাগে৷কিন্তু বিপ্লৱৰ বহু পূৰ্বেই আমাক আৰ্ন্তবিপ্লৱ লাগে৷Just foget about Parash. In every field you’ll field an another Parash.সভাই-সমিতিয়ে শিশুৰ অধিকাৰৰ কথা কোৱাজনেও জখলাবন্ধাৰ হোটেলত নামি মলিয়ন গামোচা লোৱা শিশুজনক চাহ বিচাৰি ঐ পোৱালী বুলি চিঞৰ মাৰে,ৰেডিকেল ফেমিনিষ্ট গৰাকীয়েই আকৌ জীৱনসংগী হিছাপে চৰকাৰী চাকৰিয়ালৰ সন্ধান কৰে,সৰ্বহাৰাৰ একনায়কত্ববাদৰ সপোন দেখা কোনোজনে আকৌ কামলৈ অহা পলম হোৱাৰ বাবেই পাৰ্ট টাইম কৰা বাইজনীৰ পইচা কাটে৷”মুঠতে this society is full of hypocrate.”বাৰু মই ৰাখো দে জীনাই ফোন কৰি আছে৷তিনিটামান মিছ কল হ’ল আৰু দেৰি হ’লে আজি মোক জৰাটো খাটাং “মই কিবা কোৱাৰোআগেয়ে কলিতাই ফোনটো কাটি দিলে৷মই কলিতাৰ কথাখিনি ক্ষন্তেক পাগুলিয়াই চেচা হোৱা চাহকাপ পুনৰ কেটলীটোত তুলি দিলো৷the great dictator ৰ সেই কালজয়ী বক্তৃতাত চেপলিনে তাহানিখনতে কৈছিল “we think too much but feel too little,গান্ধীয়েও আৰ্ন্তবিপ্লৱৰ কথা কৈছিল৷দৰাচলতে আৰ্ন্তবিপ্লৱ বিপ্লৱৰ প্ৰাথমিক চৰ্ত৷আমি কোনো তত্ত্বক পঢ়িলে,জানিলে বা ব্যৱস্থাই আমাৰ ওপৰত কোনো ধাৰণা জোৰকৈ জাপি দিলেই সমাজৰ পৰিবৰ্তন নহয়,সমাজলৈ বিপ্লৱ নাহে অন্যথা স্তালিনৰ দিনত সংগ্ৰাহলয়ৰ স্থান পোৱা গীৰ্জাঘৰবোৰ স্তালিনোত্তৰ ছোভিয়েট ইউনিয়ত কিয় ধৰ্মবিশ্বাসী জনতাৰ বাবে পুনৰ মুকলি কৰি দিয়া হ’ল বা মাৰ্ক্সবাদত বিশ্বাসীজনেই কিয় মেনিফেষ্টো পঢ়াৰ পিছতো গোঁহাই ছাৰৰ ব্যক্তিপূজন কৰে অথবা পৰশৰ দৰে আনক consent ৰ পাঠ পঢ়াই ফুৰা এজন বিপ্লৱী(?)ৰ বিৰূদ্ধেই বা কিয় নিজৰ বান্ধৱীয়ে যৌন নিৰ্য্যাতনৰ অভিযোগ তুলিলে৷নতুনকৈ গৰম কৰি অনা চাহ কাপত পুনৰ চুমুক মাৰি মই স্বগতোক্তি কৰিলো,“আমাক বিপ্লৱৰ প্ৰয়োজন আছে আৰু বিপ্লৱক আমাৰ কিন্তু তাৰ বহু আগেয়ে আমাক আৰ্ন্তবিপ্লৱৰ প্ৰয়োজন আছে৷“