
(Dark Suspense Thriller)
এখন বেড,বগা কাপোৰেৰে ঢাকি ৰখা এজনী ষোড়শী গাভৰুৰ মৃতদেহ আৰু মৰ্গৰ ফৰ্মেলডিহায়ডৰ সেই চিনাকি গোন্ধ৷“This is the third case following the same pattern within a month, anything unique with this victim, Doctor?”জ্যেষ্ঠ তদন্তকাৰী বিষয়া প্ৰশান্ত বেজবৰুৱাই তেওঁৰ উৎকন্ঠাখিনি চেপি ৰাখিব নোৱাৰি ডা° পৰিণীতি বৰুৱাক সুধিয়েই পেলালে৷“Nothing unique Mr. Bezbaruah,পূৰ্বৰ দুয়োবাৰৰ দৰেই এইবাৰো victim ক cardiac glycoside poisoning ৰ দ্বাৰা হত্যা কৰা হৈছে আৰু যুৱতীগৰাকীৰ গুপ্তাংগত বীৰ্য্যৰ অৱশেষ পোৱা গৈছে৷ধৰ্ষণ কৰাৰ কোনো চিহ্ন শৰীৰত নাই৷”How strange?”প্ৰশান্ত বেজবৰুৱাৰ মুখত আৰ্শ্বয্য আৰু ব্যৰ্থতাৰ ৰেশ পৰিস্ফুট হৈ পৰিল৷“By the way Mr.Bexbaruah,মোৰ ডাঙৰ ল’ৰাটোৰ গাটো বৰ ভাল নহয়৷মই আজি সোনকালেই ঘৰলৈ যাব লাগিব৷পোষ্টমৰ্টেমৰ অফিছিয়েল ৰিপোৰ্টটো মই কাইলৈহে আপোনাৰ থানালৈ পঠিয়াই দিম৷“ “Okay Doctor” এটা চিন্তিত মনেৰে বেজবৰুৱা মৰ্গৰ পৰা ওলাই গ’ল৷
“শ্যামলী,আজি পলমেই হৈ গ’ল৷বাবুৰো গাটো বৰ ভাল নহয়৷মই ঘৰলৈ যাওঁ৷তুমিওঁ মোৰ লগতে চোন ওলাব পাৰা৷তোমাক মই শান্তিপুৰৰ ৰাস্তাটোতে ড্ৰপ কৰি দিম৷“পৰিণীতিয়ে হাতখন ধুই থকাৰ পৰাই চিষ্টাৰ শ্যামলী উদ্দেশ্যি ক’লে৷“ “Thank you mam,আপুনি মোক শান্তিপুৰত ড্ৰপ কৰি দিলেই হ’ব৷তাৰ পৰা মোৰ ৰূমলৈ আৰু দুখোজমানৰহে বাট৷“
নিশাৰ অন্ধকাৰক ফালি ডা° পৰিণীতিৰ গাড়ীখন তীব্ৰ বেগেৰে আগবাঢ়িছে৷“Thank God mam,আপুনি যে আজি মোক এনেকৈ lift দিলে ন’হলে চহৰত যি গতিত হত্যা-ধৰ্ষণ এইবোৰ বাঢ়িবলৈ লৈছে৷সন্ধিয়া হ’লে অকলে অচিনাকি টেম্পোত উঠিবলৈ ভয়েই লাগে!মেম কথা এটো সোধো বেয়া নাপাব বাবুৰ যে মানে মাজে-মাজে গা বেয়া হৈ থাকে,তাৰ অসুখটো নো কি?“ পৰিণিতীয়ে আগবঢ়াই দিয়া coke ৰ কেনটোত এধোক মাৰি শ্যামলীয়ে সুধিলে৷“হুমম,He is necrophiliac!”পৰিণীতিয়ে এটা দীঘল হুমুনিয়াহ কাঢ়ি ক’লে “মানে মই বুজা নাই মেম…” এনেতে পৰিণীতিৰ মোবাইলটো বাজি উঠিল,“ অ’ বাবু৷মই তোমাক বাবে আজি আকৌ এটা নতুন গিফ্ট লৈ আহিছো…….. Babu,you are good boy naah! Be patient,তুমি আকৌ খেলিমেলি নকৰিবা৷মই পালোগেই আৰু,বচ দহ মিনিট৷“ “তুমি কিবা এটা সুধিছিলা শ্যামলী“ ফোনটো কাটি পৰিণিতীয়ে সুধিলে৷“ মানে মেম আপুনি যে কৈছিল বাবুৰ বেমাৰটো কিবা Necro….!” “Umm.Babu is necrophiliac,মানে সি মৃতদেহৰ সৈতে সহবাস কৰি ভাল পায়৷Sorry শ্যামলী,I was helpless……..”পৰিণীতিৰ কথাখিনি শেষ হোৱাৰ পূৰ্বেই শ্যামলীৰ নাকেৰে এসোঁতা কেঁচা তেজ বৈ আহিল৷