যুদ্ধৰ আৰম্ভণি বিন্দু১১ মে ১৯৯৮ ডি আৰ ডি অ ৰ সমসাময়িক মুৰব্বী ড° এ পি জে আব্দুল কালাম(ক’ড নেম মেজৰ পৃথ্বীৰাজ),পৰমাণু বিজ্ঞানী আৰ ছিদাম্বৰামৰ(ক’ড নেম নটৰাজ)নেতৃত্বত আৰু প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বাধীন ভাৰত চৰকাৰৰ সদিচ্ছাত পোখৰণত ভাৰতবৰ্ষই প্ৰথমটো পৰমাণু বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ সফলতাৰে সম্পন্ন কৰি সমগ্ৰ বিশ্বৰ আগত নিজকে পাৰমাণৱিক শক্তিৰে সম্পন্ন দেশ বুলি ঘোষণা কৰে৷১৩ মেত পোখৰণত আৰু দুটা পাৰমাণৱিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ সফলতাৰে সম্পন্ন হ’য়৷প্ৰধানমন্ত্ৰী বাজপেয়ীয়ে সাংসদত “ন’ ফাষ্ট ইউজ পলিছিৰ“ ঘোষণা কৰে আৰু কয় যে পাৰমাণৱিক শক্তিবিহীন দেশৰ সৈতে হোৱা যুদ্ধত ভাৰতবৰ্ষ পাৰমাণৱিক বোমাৰ ব্যৱহাৰৰ পৰা বিৰত থাকিব৷ভাৰতৰ এই সফলতাই ইতিমধ্যেই মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু চীনৰ নিদ্ৰা হৰণ কৰিছিল আৰু এইদুইখন দেশে সেই বছৰেই ৰাষ্ট্ৰসংঘত ভাৰতৰ বিৰূদ্ধে এলানি সিদ্ধান্ত লয় তাৰ ভিতৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছিল যে কাশ্মীৰৰ সমস্যাক আৰ্ন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত সমাধান কৰা উচিত৷এই ঘটনাক্ৰমৰ মাজতে সৰ্বমুঠ ছটা পাৰমাণৱিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণেৰে পাকিস্তানেও নিজকে পাৰমাণৱিক শক্তিসম্পন্ন দেশ ৰূপে ঘোষণা কৰে আৰু এক বিবৃতিত পাকিস্তানৰ তদানীন্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে কয় যে ভাৰতৰ পৰমাণু পৰীক্ষণে পাকিস্তানক দেশৰ সুৰক্ষাৰ স্বাৰ্থত পৰমাণু বোমা নিৰ্মাণ কৰিবলৈ প্ৰকাৰন্তৰে প্ৰৰোচিত কৰিলে৷এইখিনিতে প্ৰশ্নৰ উত্থাপন হয় যে যদি পাকিস্তানে পূৰ্বৰ পৰাই পৰমাণু বোমাৰ নিৰ্মাণৰ বাবে কোনো পৰিকল্পনা কৰা নাছিল আৰু শ্বৰীফে কোৱাৰ দৰে পাকিস্তানক ভাৰতেহে বোমা নিৰ্মাণ কৰিবলৈ প্ৰৰোচিত কৰিছিল তেনেহ’লে ভাৰতৰ পৰমাণু পৰীক্ষণৰ মাত্ৰ ১৫ দিনৰ ভিতৰতে পাকিস্তানে সৰ্বমুঠ ছটা পৰমাণু বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ কিদৰে সফলতাৰে সম্পন্ন কৰিলে?ভাৰত আৰু পাকিস্তানৰ পৰমাণু পৰীক্ষণৰ প্ৰতি লক্ষ্য ৰাখি সমসাময়িক ইউৰোপীয় আৰু মাৰ্কিন সামৰিক বিশেষজ্ঞ সকলে আচিৰেই কাশ্মীৰ নিউক্লিয়েৰ ফ্লাছপইন্টত পৰিণত হ’ব বুলি ভবিষ্যৎবাণী কৰিছিল৷


ধুমুহাৰ পূৰ্বৰ নিৰবতা- ১৯৯৮ চনৰ ছেপ্তেম্বৰ মাহত ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰথমবাৰৰ বাবে মিত্ৰতাৰ চানেকি স্বৰূপে এক বাছসেৱাৰ আৰম্ভণি হ’য় আৰু মিত্ৰতাৰ সেই বাহনত আৰোহণ কৰি ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী পাকিস্তানৰ লাহোৰ চহৰত উপস্থিত হয়৷সেই সময়ৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে বাজপেয়ীক লাহোৰত উষ্ম আদৰণী জনাই৷ভ্ৰমণকালত লাহোৰৰ এখন জনসভাত পাকিস্তানৰ জনসাধাৰণক সম্বোধন কৰি দিয়া এক ভাষণত বাজপেয়ীজীয়ে কৈছিল,“আহক আমি দুয়োখন দেশে অতীতৰ তিক্ততাপূৰ্ণ স্মৃতিক পাহৰি পাতনি মেলো এক নতুন সম্ভাৱনাপূৰ্ণ ভবিষ্যৎৰ৷“কিন্তু শান্তিৰ দূত বাজপেয়ীজীৰ অলক্ষিতেই সেইখন পাকিস্তানৰে চাৰিজন সেনাঅধিকাৰীয়ে সেই একেই সময়তেই ইছলামবাদত বহি ভাৰতৰ বিৰূদ্ধে ৰচনা কৰিছিল এক ভয়ংকৰ ষড়যন্ত্ৰৰ৷

মিত্ৰতাৰ বাছসেৱা

সেনা নে সন্ত্ৰাসবাদী- ১৯৯৯ চনৰ এপ্ৰিল মাহত কাৰ্গিলৰ এজন স্থানীয় ভেড়াৰখীয়াই ভাৰতীয় সেনাৰ পৰিত্যক্ত চাউনিত সন্দেহজনক অনুপ্ৰৱেশকাৰীৰ উপস্থিতিৰ উমান পায় সেই কথা কৰ্তব্যৰত ভাৰতীয় জোৱানক অৱগত কৰে৷প্ৰথম অৱস্থাত ভাৰতীয় সেনাই সেয়া অনুপ্ৰৱেশকাৰী পাকিস্তানী উগ্ৰপন্থী বুলিয়েই ভাবিছিল আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ আছিল সেইসময়ৰ তদানীন্তন প্ৰতিৰক্ষামন্ত্ৰী জৰ্জ ফাৰ্ণাণ্ডেজে ১৯ মেত দিয়া এক বিবৃত্তি সেই বিবৃত্তিত ফাৰ্ণাণ্ডেজে কৈছিল,“আমি মাত্ৰ দুদিনৰ ভিতৰত পাকিস্তানী মুজাদহীনৰ অনুপ্ৰৱেশকাৰীসকলৰ পৰা আমাৰ পৰিত্যক্ত চাউনি সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম৷“কিন্তু সেই বিবৃত্তিৰ ৯ দিনৰ পিছত ২৮ মেত অনুষ্ঠিত ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ এক গুৰুত্বপূৰ্ণ বৈঠকত ভাৰতীয় স্থলসেনাৰ মুৰব্বী ভি.পি মাল্লিক প্ৰধানমন্ত্ৰীক অৱগত কৰে যে প্ৰকৃততে অনুপ্ৰৱেশকাৰীসকল মুজাদহীন নহয় তেওঁলোক মেছিন গান আৰু এয়াৰ ডিফেন্স ছিষ্টেমেৰে সম্পন্ন পাকিস্তানী সেনা

পাকিস্তানৰ পৰিকল্পনা- যিসময়ত বাজপেয়ীজীয়ে লাহোৰত শান্তিৰ বাণী বিলাইছিল সেইসময়ত পাকিস্তানৰ চাৰিজন সেনা অধিকাৰী জেনেৰেল মুশ্বাৰফ,লেফটেনেন্ট মোহম্মদ আজীজ,লেফটেনেণ্ট মেহমুদ আৰু ব্ৰীগেডিয়াৰ জাৱেদে ইছলামবাদত ৰচনা  কৰিছিল এক ভয়ংকৰ ভাৰত বিৰোধী ষড়যন্ত্ৰৰ৷পাকিস্তানী মুজাদহীনৰ ভেশত পাকিস্তানী সেনাই অস্ত্ৰশস্ত্ৰৰে সুসজ্জিত হৈ ভাৰতীয় সেনাৰ শীতকালত পৰিত্যক্ত ১৪০ টা সেনাচাউনি অতি সংগোপনে দখল কৰিব আৰু সুযোগ বাজি ভাৰতৰ শ্ৰীনগৰ হাইৱেত আক্ৰমণ কৰিব আৰু যদি তেতিয়া ভাৰতীয় সেনাই বাধ্যত পৰি পাকিস্তানৰ বিৰূদ্ধে এটা নতুন ফ্ৰন্ট লাইন খোলে পাকিস্তানে যুদ্ধৰ সকলো দোষ ভাৰতৰ ওপৰত জাপি দি ভাৰতক পৰমাণু বোমাৰে আক্ৰমণ কৰিব৷

ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ সিদ্ধান্ত-২৮ মেৰ সেই বৈঠকত  ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদে সিদ্ধান্ত লয় যে পাকিস্তানী সেনাই শ্ৰীনগৰত অনুপ্ৰৱেশ কৰাৰ আগেয়ে পাক সেনা অধিকৃত চাউনি সমূহ ভাৰতীয় সেনাই পুনৰ উদ্ধাৰ কৰিব৷এই অভিযানত স্থল সেনাক বায়ু সেনাই আকাশ মাৰ্গৰ পৰা সহায় কৰিব আৰু কোনো পৰিস্থিতিতে ভাৰতীয় সেনাই লাহোৰ চুক্তিক অৱমাননা কৰি LOC পাৰ নকৰে আৰু সেই বৈঠকতে এই সমগ্ৰ অভিযানটোক অপাৰেশ্যন বিজয় নামেৰে নামাকৰণ কৰা হ’য়৷যিহেতু দেশত নিৰ্বাচন কাষ চাপিছিল কিন্তু তাৰপিছতো ৰাজনৈতিক লাভৰ অংকক বলিদান দি ভাৰতৰ প্ৰধানমন্ত্ৰী বাজপেয়ীজীয়ে গ্ৰহণ কৰা এই সাহসী পদক্ষেপে তেওঁক কাললৈকে অমৰ কৰিব৷

বায়ু সেনাৰ ভূমিকা-ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদে যুদ্ধত বায়ুসেনাক নিয়োজিত কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছিল সেয়া পৰবৰ্তী সময়ত এক শ্ৰেষ্ঠ সিদ্ধান্তৰ আখ্যা পাইছিল৷১১০০০-১৮০০০ ফুট উচ্চতাৰ পৰা ভাৰতীয় বায়ুসেনাই বাচি-বাচি পাকিস্তানী সেনাৰ ওপৰত বোমা বৰ্ষণ কৰি প্ৰলয়ৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ সৰ্বোকৃষ্ট প্ৰমাণ আছিল পাকিস্তানী সেনাৰেই এক ৰেডিঅ’ বাৰ্তা৷বাৰ্তাটো আছিল এনেধৰণৰ,“হিন্দুস্তানী হাৱাই জাহাজ নে নাক কে নীছে দম কৰকে ৰখা হ্যে৷এক হাৱাই জাহাজ জাতা হ্যে দুচৰী আতী হে৷অৱ আগে জানা টু দুৰ পীছে মুৰনা ভী নামুনকীন হ্যে৷“

বোফৰ্চৰ ভূমিকা- ৰাজীৱ গান্ধীৰ চৰকাৰৰ দিনত যি বোফোৰ্চ টোপৰ কেলেংকাৰীয়ে সমগ্ৰ ভাৰতীয় সংবাদ মাধ্যমত তোলপাৰ লগাইছিল কাৰ্গিলৰ যুদ্ধত স্থলসেনাই সেই বোফোৰ্চ টোপৰে ব্যৱহাৰ কৰিছিল আৰু স্থল সেনাৰ এজন মুৰব্বীয়ে স্বীকাৰ কৰিছিল যে সঁচাকৈয়ে বোফোৰ্চৰ লক্ষ্য অব্যৰ্থ আছিল৷

সংবাদ মাধ্যমৰ ভূমিকা- কাৰ্গিল আছিল ভাৰতৰ টেলিভিছন যুগৰ প্ৰথমখন যুদ্ধ৷ভাৰত চৰকাৰে সংবাদ মাধ্যমক টেলিভিছনত যুদ্ধৰ দৃশ্যাংশৰ পোনপটীয়া সম্প্ৰচাৰ কৰিবলৈ অনুমতি দিছিল৷টেলিভিছনৰ জৰিয়তে কাৰ্গিলৰ আৱেগ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে বিয়পি পৰিছিল আৰু যুদ্ধৰ অন্তত প্ৰতিজন শ্বহীদ সেনাজোৱানৰ মৃতদেহ তুষাৰবৃত্ত কাৰ্গিলৰ পৰা নিজৰ জন্মস্থানলৈ উৰাজাহাজেৰে লৈ গৈ সম্পূৰ্ণ সামৰিক মৰ্য্যদাৰে প্ৰতিজন শ্বহীদৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল৷সমগ্ৰ দেশে মাতৃভূমিৰ বাবে জীৱন বলিদান দিয়া এই বীৰযোদ্ধা সকলক শ্ৰদ্ধাৰে সুঁৱৰিছিল কিন্তু ইয়াৰ বিপৰীতে পাকিস্তান চৰকাৰে যুদ্ধত নিহত পাক সেনাক সন্ত্ৰাসবাদী আখ্যা দি তেওঁলোকৰ মৃতদেহ গ্ৰহণ কৰিবলৈও অস্বীকাৰ কৰি মানৱতাক লজ্জানত কৰিছিল৷যুদ্ধৰ প্ৰায় ১২ বছৰ পিছত প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে অৱশেষত স্বীকাৰ কৰিছিল যে কাৰ্গিলৰ যুদ্ধত ৪৫০০ জন পাক সেনাই মৃত্যুক সাৱতি লৈছিল আৰু তেওঁলোকৰ মৃতদেহ আজিও তুষাৰবৃত্ত কাৰ্গিলৰ হয়তো বৰফ খান্দিলে পোৱা যাব

আমাৰ বীৰযোদ্ধাসকল-কাৰ্গিলৰ যুদ্ধত ৫২৭ জন ভাৰতীয় সেনা শ্বহীদ হৈছিল৷ইয়াৰে ভিতৰত পৰমবীৰ চক্ৰৰে বিভূষিত কেপ্তেইন বিক্ৰম বট্ৰা,কেপ্তেইন মনোজ পাণ্ডে,অসমৰ গোলাঘাট জিলাৰ কেপ্তেইন জিন্টু গগৈ অন্যতম আছিল৷কেপ্তেইন বিক্ৰম বট্ৰাৰ চাউনিত যেতিয়া পাকিস্তানী সেনাই আতৰ্কিতে আক্ৰমণ কৰিছিল তেওঁ নিজৰ সহযোগী চিপাহী জনক ঠেলা মাৰি কৈছিল,“তুমি সংসাৰী মানুহ৷তুমি আতৰি যোৱা৷মই ইহঁতৰ সৈতে অকলে যুঁজিম৷“ কেপ্তেইন মনোজ পাণ্ডেৰ এজন সহযোগীয়ে কৈছিল,“আগলৈ কাল্পনিক চুপাৰ হিৰৰ সলনি মই মোৰ সন্তানক কেপ্তেইন মনোজ পাণ্ডেৰ বীৰত্বৰ কাহিনী ক’ম৷“যেতিয়া শ্বহীদ মনোজ পাণ্ডেৰ জন্মভূমি গাঁৱখনত তেওঁৰ মৃতদেহৰ শেষ সৎকাৰ কৰা হৈছিল সমগ্ৰ গাঁৱবাসীয়ে জয়ধ্বনি দিছিল,“জৱ তক সূৰজ-চান্দ ৰহেগা মনোজ পাণ্ডে তেৰা নাম ৰহ্যেগা৷“কাৰ্গিলৰ এই বীৰযোদ্ধাসকলে নিজৰ দেশপ্ৰেম আৰু ত্যাগেৰে এইদৰেই তেওঁলোকৰ নাম ইতিহাসত সোণালী আখৰেৰে লিখি থৈ গ’ল৷

বিশ্বৰ দৰবাৰত নগ্ন হ’ল পাকিস্তান- যিসময়ত পাকিস্তানে কাৰ্গিলৰ যুদ্ধত পাক সেনাৰ ভূমিকাক বাৰে-বাৰে অস্বীকাৰ কৰিছিল সেইসময়ত ভাৰতৰ বিদেশ মন্ত্ৰী য়শৱন্ত সিঙে এখন সংবাদমেলযোগে পাকিস্তানী সেনাৰ জেনেৰেল মুশ্বাৰফ আৰু লেফটেনেণ্ট আজীজৰ মাজত হোৱা এক টেলিফোনিক বাৰ্তালাপৰ ফোনটেপ(এই ফোনটেপ ৰ’ য়ে বিশেষ প্ৰযুক্তিৰ দ্বাৰা দি ক’ড কৰিছিল) মুকলি কৰি দিয়ে লগতে যুদ্ধত নিহত পাকিস্তানী সেনাৰ মৃতদেহৰ সৈতে উদ্ধাৰ কৰা পাক সেনাৰ আইকাৰ্ডৰ চানেকিও তুলি ধৰে আৰু ইয়াৰ লগেলগেই বিশ্বৰ দৰবাৰত মূহূৰ্ততে উলংগ হৈ পৰে যুদ্ধউন্মাদ ৰাষ্ট্ৰ পাকিস্তান৷

কুটনৈতিক যুঁজ- ইতিমধ্যেই জুন মাহত ভাৰতীয় সেনাই পাকিস্তানী সেনাৰ পৰা টাইগাৰ হিলৰ অন্তিমটো চাউনিও উদ্ধাৰ কৰে৷পৰাজয়ৰ কলংকৰ পৰা বাচিবলৈ পাক প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে ভাৰত চৰকাৰক শান্তি আলোচনাৰ প্ৰস্তাৱ দিয়ে কিন্তু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বাজপেয়ীজীয়ে স্পষ্ট কৰি দিয়ে যে পাকিস্তানী সেনা এল অ চি অতিক্ৰম কৰি উভতি নোযোৱা পৰ্য্যন্ত এনে প্ৰসহনমূলক আলোচনা সম্ভৱপৰ নহয়৷শান্তি আলোচনাৰ প্ৰস্তাৱ ভাৰতে অস্বীকাৰ কৰাৰ পিছত নৱাজ শ্বৰীফে সহায় বিচাৰি পোনেই চীনলৈ উৰা মাৰে যদিও বিফল হ’য়৷ইয়াৰ পিছত তেওঁ মাৰ্কিন ৰাষ্ট্ৰপতি বিল ক্লিটনৰ হস্তক্ষেপ বিছাৰি ফোন কৰে যদিও ক্লিটনে যেতিয়ালৈকে পাক সেনাই ভাৰত এৰি নাযায় তেতিয়ালৈকে যুক্তৰাষ্ট্ৰ পাকিস্তানক সহায় কৰিবলৈ অপৰাগ বুলি স্পষ্টকৈ জনাই দিয়ে৷শ্বৰীফে পুনৰ পিছদনা হোৱাইট হাউচলৈ ফোন কৰি বিল ক্লিটনক অকলে লগ কৰাৰ অনুমতি বিচাৰে কিন্তু ক্লিটনে তেওঁক লগ কৰিবলৈ অমান্তি হ’য়৷ইমানখিনিৰ পিছতো সকলো লাজ-মান কাটি কৰি পাক প্ৰধানমন্ত্ৰী শ্বৰীফে অতি সংগোপনে এখন ব্যক্তিগত বিমানেৰে যুক্তৰাষ্ট্ৰলৈ উৰা মাৰে৷বিনা নিমন্ত্ৰণৰে এইদৰে নৱাজ শ্বৰীফ ৱাশ্বিংটনত উপস্থিত হোৱাত অৱশেষত বিবুধিত পৰি ক্লিটনে তেওঁক লগ কৰে আৰু সেই বৈঠকত ক্লিটনে নৱাজ শ্বৰীফক আমেৰিকাৰ গুপ্তচৰ সংস্থাই তেওঁক দিয়া প্ৰতিবেদনৰ ভিত্তিত ফটোসম্বলিত প্ৰমাণেৰে নৱাজ শ্বৰীফক জনাই যে “যুদ্ধ উন্মাদ মুশ্বাৰফ আৰু পাক সেনাই শ্বৰীফৰ চৰকাৰৰ আগোচৰেই পৰমাণু বোমাক গোপন সুৰক্ষিত স্থানৰ পৰা স্থানান্তৰিত কৰি ভাৰতত পৰমাণু আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে৷“বৈঠকৰ মাজতেই ক্লিটনে নৱাজ শ্বৰীফৰ উপস্থিতিতে বাজপেয়ীজীলৈ ফোন কৰি যুদ্ধ বিৰতি ঘোষণা কৰিবলৈ অনুৰোধ জনাই৷কিন্তু ক্লিটনৰ অনুৰোধক উপেক্ষা কৰি বাজপেয়ীজীয়ে অত্যন্ত সাহসিকতাৰে স্পষ্ট কৰি দিয়ে যে “ যেতিয়ালৈকে পাকিস্তানৰ অন্তিমজন অনুপ্ৰৱেশকাৰী সেনাই বিনাচৰ্তে আমাৰ সীমা পৰিত্যাগ নকৰে আমাৰ পক্ষে তেতিয়ালৈকে যুদ্ধ বিৰতি ঘোষণা কৰা সম্ভৱ নহয়৷“

কাৰ্গিল বিজয় দিৱস-ক্লিটনৰ সৈতে বৈঠকৰ অন্তত নৱাজ শ্বৰীফ দেশলৈ উভতি আহে৷ইতিমধ্যেই ভাৰতীয়ে বৈদেশিক মন্ত্ৰীৰ সংবাদ মেলে পাকিস্তানক বিশ্বৰ দৰবাৰত নাঙঠ কৰিছিল শেহতীয়াকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰয়ো পাক সেনাৰ পাৰমাণৱিক আক্ৰমণৰ ষড়যন্ত্ৰক প্ৰমাণসহ শ্বৰীফৰ আগত দাঙি ধৰি তেওঁক সকীয়নি দিয়ে৷সেয়ে এতিয়া আৰু পাকিস্তানৰ হাতত কোনো বিকল্প নাছিল অৱশেষত যুদ্ধউন্মাদ পাক সেনাই ২৮ জুলাইত বিনাচৰ্তে এল অ চি অতিক্ৰম কৰি পৰাজয়ৰ কলংক মুৰত লৈ দেশলৈ প্ৰত্যাৱৰ্তন কৰে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অপাৰেচন বিজয় সফলতাৰে সম্পন্ন হোৱাৰ কথা দেশবাসীৰ আগত সদৰি কৰে৷ভাৰত চৰকাৰে সিদ্ধান্ত লয় যে কাৰ্গিলৰ শ্বহীদ সকলৰ বীৰত্ব আৰু ত্যাগক সুঁৱৰি আজিৰ,২৮ জুলাইৰ এই দিনটোক সমগ্ৰ দেশতে কাৰ্গিল বিজয় দিৱস ৰূপে পালন কৰা হ’ব৷প্ৰতিজন পাঠকলৈ কাৰ্গিল বিজয় দিৱসৰ শুভেচ্ছা জনালো আৰু অন্ততঃ আহক এবাৰ শ্ৰদ্ধাৰে সোঁৱৰো সেইসকল বীৰজোৱানক যি আমাৰ ভবিষ্যতটোক সুৰক্ষিত কৰিবলৈ তুষাৰবৃত্ত কাৰ্গিলত নিজৰ বৰ্তমানটোক বিসৰ্জন দিলে আৰু তেজৰ আহুতিৰে টাইগাৰ হিলত পুনৰ উত্তোলন কৰিলে আমাৰ মৰমৰ ত্ৰিৰংগা পাতাকাখন৷জয় হিন্দ৷

Leave a comment