বিৰিঞ্চি সম্পূৰ্ণ নাম বিৰিঞ্চিকুমাৰ আগৰৱালা৷ল’ৰাটো অলপ জিনিচ প্ৰকৃতিৰ৷জিনিচ মানে ধৰক ভূত-প্ৰেত,আত্মা-প্ৰেতাত্মা আদিৰ দৰে অলৌকিক ৰহস্যৰ পম খেদি ফুৰি ভাল পায়৷একেখন মফচলীয়া চহৰৰে বাসিন্দা হোৱাৰ সুবাদতে যোৱা দুবছৰ ধৰি আমি একেটা ভাড়াঘৰতে মেছ কৰি আছো৷এনেই বিৰিঞ্চি ল’ৰাটো বেযা নহয়৷নম্ৰ অথচ ৰসিক৷কিন্তু তাৰ এই অতিপ্ৰাকৃতিক বিষয়বোৰৰ প্ৰতি থকা ধাউতিয়েহে মোক মাজে-সময়ে বিবুধিত পেলায়৷আমাৰ শোৱনীকোঠাৰ খিৰিকীখন খুলি দিলেই নাতিদুৰৈত এখন জৰাজীৰ্ণ শ্মশান৷ভূত-প্ৰেতৰ সন্ধানত কেতিয়াবা এই জিনিচ প্ৰাণীটোৱে চিগাৰেট হুপি-হুপি মাজনিশা খিৰিকীখন খুলি সেইফালেই চাই থাকে৷এবাৰ বপুৰাই আমাৰ ৰূমতে আত্মা মতাৰো পৰিকল্পনা কৰিছিল কিন্তু মোৰ গুৱালগালিৰ কোবত সেইবাৰলৈ বিৰিঞ্চিৰ সোণালী সপোনৰ সিমানতে যতি পৰিল৷
“নতুন টেকনিক এটা শিকিছো৷ইছকো লগা দালা তো লাইফ জিংগালালা“ স্বভাৱসুলভ ৰসিকতাৰে বিৰিঞ্চিয়ে ক’লে৷“আকৌ ক’ত কি শিকি আহিলি!“ “চাচপেঞ্চ“ বুলি কৈ বিৰিঞ্চিয়ে মিচিকিয়াই হাঁহি দিলে৷বিৰিঞ্চিৰ মুখেৰে কথা উলিয়োৱা ঢেৰুৱাৰ ঠাৰি সিজোৱা সদৃশ,সেয়ে ময়ো আৰু বিশেষ কথা নবঢ়াই কাণত হেডফোন ডাল লগাই বিছনাত পৰিলো৷

ৰাতিপুৱা পলমকৈ উঠাটো মোৰ পুৰণি স্বভাৱ৷আজি সাৰ পাওতেও প্ৰায় দহ মানেই বাজিল৷পুৱাই-পুৱাই বিৰিঞ্চিৰ কাৰবাৰ দেখি মোৰ চকু কপালত উঠিল৷টেবুলত এটা RS ৰ ফুল,অলপমান মিছল আৰু এটা গিলাচ৷বটলটো দেখিয়েই অনুমান কৰিব পাৰি যে ইতিমধ্যেই বেটাই হাফ এটা ছিঙিছে৷বিস্ময়ভূত হৈ মোৰ মুখেৰে ওলাই আহিল,“ আৰে তই আকৌ কেতিয়াৰ পৰা মদ খাবলৈ ল’লি?তাকো পুৱাই-পুৱাই হাফ এটা!“ বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি বিৰিঞ্চিয়ে ক’লে,“তাই এৰি যোৱাৰ পৰা৷“ “আৰে তইচোন যোৱাকালিলৈকে ছিংগল আছিলি? “সেইবোৰ বহুত পুৰণি কথা৷বাদ দে!“ বিৰিঞ্চিৰ বেবেৰিবাং কথাবোৰ শুনি মোৰ পেটে-পেটে হাঁহিও উঠল৷বপুৰাৰ বোধকৰো ভালকৈয়েই নিচা ধৰিছে৷মই আৰু কথা বঢ়াই নাথাকি খৰধৰকৈ ডাড়ি খুৰোৱাত লাগিলো৷“আস….”খৰখেদাকৈ ডাড়ি খুৰাওঁতে ভালকৈয়ে এবখলা গ’ল৷সৰু আইনাখনত চাই দেখো বিৰিঞ্চিয়ে এক লুভীয়া দৃষ্টিৰে মোৰ ডিঙিৰে বৈ অহা কেঁচা তেজখিনিলৈ চাই আছে৷কিয় নাজানো সেই দৃষ্টিটোৱে মোৰ সৰ্বশৰীৰ কপাই তুলিল৷মই খৰধৰকৈ মুখখন ধুই চোলাটো সলাই কলেজলৈ বুলি ওলাই গ’লো৷

সন্ধিয়া ৰূমত সোমায়েই মই পুনৰ হতবাক হৈ পৰিলো৷বিৰিঞ্চিয়ে চিকেন লেগ পিছ এটা হাতত লৈ চোবাই আছে৷চোবাইছে মানে একেবাৰে হাড়লৈকে চোবাইছে৷প্লেটখনত পৰি থকা হাড় কেইডালৰ পৰাই অনুমান কৰিব পাৰি যে ইতিমধ্যেই সি পাঁচ-ছটামান লেগপিছ চাফা দিলে৷“আৰে ভাই তইটো ভেজ আছিলি৷“ বিৰিঞ্চিয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি মাত্ৰ হাড় চোবাইছে৷মই বিৰিঞ্চিয়ে পেকিং কৰি অনা লেগপিছ এটাত হাত দিয়াত সি গৰ্জি উঠিল তাৰ চকুত এক অনামী আক্ৰোশ৷

যোৱা দুদিনমানৰ পৰা আমাৰ ৰূমটোত অনবৰতে কিবা এটা পঁচা-পঁচা গোন্ধাই থাকে৷যেন ক’ৰবাত কিবা এটা মৰিছেহে৷ৰূমত বনচাই কৰি ৰখা গছকেইজোপাও আচম্বিতে শুকাই গ’ল৷বিৰিঞ্চিও সেই আগৰ বিৰিঞ্চি হৈ থকা নাই৷অনবৰতে মাংস আৰু মদিৰাত ডুবি থাকে৷মাজে-মাজে কোনোবা অচিনাকি ছোৱালী এজনীৰ নাম লৈ উচুপে৷সৰু-সৰু কথাতে আজিকালি বিৰিঞ্চিৰ খং উঠে৷খোৱা বস্তু সন্মুখত পালেই কিবা বহুদিন খাবলৈ নোপোৱা মানুহৰ দৰে গো গ্ৰাসে গিলে৷সকলোতকৈ ডাঙৰ কথা এইহেন গেলা গৰমতো সি ফুল চাৰ্ট আৰু লং পেন্ট পিন্ধি থাকে৷দুদিনমানৰ পৰা তাৰ মুখমণ্ডলটো কিবা এটুকুৰা ঘা লাগিছে৷ঠিক ঘা নহয় যেন সেই বিশেষ অংশটো গেলিবলৈহে আৰম্ভ কৰিছে৷যোৱাকালি শেষনিশা মই এটা বৰ অদ্ভুত সপোন দেখিলো৷সপোনত বিৰিঞ্চিয়ে মোক কান্দি-কান্দি কৈছিল,“ বন্ধু মোক মুক্তি দে৷সি মোৰ শৰীৰটোক বৰ অত্যাচাৰ কৰিছে৷“সপোনটো দেখাৰ পৰা কিয় নাজানো মোৰ মনটো চেবাই আছে৷

আজি কলেজৰ পৰা সোনকালেই আহিলো৷বিৰিঞ্চি ৰূমত নাছিল৷নিশ্চয় মদ খাবলৈ ওলাই গৈছে৷হঠাৎ বিৰিঞ্চিৰ টেবুলত পৰি থকা তাৰ পাৰ্চনেল ডায়েৰীখনত মোৰ চকু পৰিল৷বেলেগৰ পাৰ্চনেল ডায়েৰী পঢ়াটো বেয়া কথা কিন্তু ডায়েৰীখনত হয়তো বিৰিঞ্চিৰ পৰিবৰ্তিত স্বভাৱৰ কাৰণ বিছাৰি পোৱা যাব৷ডায়েৰীখনৰ শেষৰ তাৰিখটো ২৯ জুলাইৰ আজিৰ পৰা ঠিক পাঁচ দিন আগৰ৷মানে বিৰিঞ্চিৰ স্বভাৱৰ পৰিবৰ্তন হোৱাৰ ঠিক এদিন আগৰ৷ডায়েৰীত বিৰিঞ্চিয়ে লিখা কথাখিনি পঢ়ি মোৰ বুকু কঠি উঠিল৷তাত বিৰিঞ্চিয়ে লিখিছে অৱশেষত মই বহু বিচাৰ-খোচাৰ কৰাৰ অন্তত astral projection ৰ এটা নিৰ্ভৰযোগ্য পদ্ধতি বিছাৰি পালো৷আজি ৰাতি যদি এই পদ্ধতিত মই সফল হওঁ মই মোৰ শৰীৰৰ পৰা আত্মাটোক বিচ্ছিন্ন কৰি সূক্ষ্ম শৰীৰেৰে বিশ্বব্ৰহ্মাণ্ড ভ্ৰমণ কৰি পুনৰ এই পাৰ্থিৱ শৰীৰত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ম৷ইমানতে বিৰিঞ্চিৰ ডায়েৰীখন শেষ হৈছে৷বিৰিঞ্চি অহাৰ আগেয়ে মই লৰালৰিকৈ কম্পিত স্বৰৰে বিৰিঞ্চিৰ দেউতাকলৈ ফোন লগালো৷

ৰূমটোত এক আতংকময় পৰিস্থিতিৰ উদ্ভৱ হৈছে৷বিৰিঞ্চিৰ তাৰ দুটাকৈ পাহোৱাল ককায়েকেও ধৰি ৰাখিব পৰা নাই৷টনাটনিত বিৰিঞ্চিৰ চোলাটো ফাটিল৷বিৰিঞ্চিৰ গোটেই গাটো গেলি গৈছে৷যেন এটা গেলি যোৱা মৃতদেহহে৷ৰূমটো পচা-পচা গোন্ধেৰে ভৰি পৰিল৷সি এবাৰ কান্দিছে-এবাৰ হাঁহিছে৷তান্ত্ৰিকজনে মন্ত্ৰোচ্চাৰণ কৰি এচাটি পানী ছটিয়াই দি বিৰিঞ্চিক প্ৰশ্ন কৰিলে,“তই কোন?আৰু এই শৰীৰটো কিয় অধিকাৰ কৰিছ৷“ তাৰ পিছত বিৰিঞ্চিয়ে যিখিনি কথা ক’লে শুনি আমাৰ ভৰিৰ তলৰ মাটি কপি উঠিল৷“মোৰ নাম নয়ন৷আজিৰ পৰা দহ বছৰ মানৰ পূৰ্বে এই ঘৰটোৰ পিছফালৰ বাঁহনীখনতে মই প্ৰেয়সীয়ে প্ৰতাৰণা বলি হৈ চিপ লৈ মৰিছিলো৷তেতিয়াৰ পৰাই মোৰ অতৃপ্ত আত্মাটো এইখিনিতে ঘুৰি-পকি থাকে৷২৯ জুলাইৰ নিশা এক প্ৰাচীন বিধিৰে(astral projection) বিৰিঞ্চিৰ আত্মাটোৱে তাৰ পাৰ্থিৱ শৰীৰটো এৰি বিশ্বব্ৰহ্মাণ্ড ভ্ৰমিৱলৈ ওলাই গ’ল৷মই মনে-মনে এই সকলোবোৰ লক্ষ্য কৰি আছিলো আৰু সুযোগ বুজি সি ঘুৰি অহাৰ পূৰ্বেই মই তাৰ শৰীৰটো দখল কৰিলো৷মোৰ বহু আধাৰুৱা আশা আছে৷এই শৰীৰটোৰে মই সেই আশাবোৰ পূৰণ কৰিম৷“ “তই এই শৰীৰটো এৰি দে৷ইতিমধ্যেই এই শৰীৰটোৰ প্ৰকৃত আত্মাৰ অনুপস্থিতিত মৃত্যু হৈ বেতাললৈ পৰ্য্যবসিত হৈছে৷“ “নাই নেৰো৷“ “তেন্তে এয়া ল’ “ তান্ত্ৰিকজনে বিৰিঞ্চিৰ শৰীৰলৈ পুনৰ এছাটি পানী মাৰি পঠিয়ালে৷বিৰিঞ্চিৰূপী বেতালে আৰ্তনাদ কৰি উঠিল,“যাম,যাম গৈছো৷“ “চিন এটা দি যা৷“ “আমৰ ডালটো ভাঙি যাম৷“ হুৰুককৈ আমৰ ডাল এটা ভঙাৰ লগে-লগে বিৰিঞ্চিৰ নিস্প্ৰাণ অৰ্দ্ধগলিত মৃতদেহটো মজিয়াত সৰি পৰিল৷

সেই নিশা বিৰিঞ্চি পুনৰ মোৰ সপোনত আহিছিল৷মিছিকিয়া হাঁহিৰে মোক ধন্যবাদ জনাইছিল আৰু সেইদিনা সপোনতে মই উচুপি উঠিছিলো৷ইয়াৰ পিছদিনাই মই সেই ৰূমটো এৰি হোষ্টেললৈ গুচি গৈছিলো

Leave a comment