পেহাদেউৰ যোৱাথোৱা নৰীয়া৷যোৱা এপষেকমান ধৰি গুৱাহাটীৰে এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে৷বাৰ্দ্ধক্যজানিত সমস্যা৷চিকিৎসকেও হাত দাঙি দিছে৷আজি আবেলি বাপুকণে ফোন কৰিছিল৷পেহীদেউে কন্দাকটাখন কৰি মাতি পঠিয়ালে৷গধূলি সাতমান বজাত যোৰহাটৰ পৰা অকলেই ওলালো৷৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পূৰ্ণ বেগত গাড়ী দৌৰাইছো৷কিন্তু কাজিৰঙা সোমাৱতেই লাগিল নহয় লেঠাটো-দবাপিতা বৰষুণ!গাড়ীৰ ৱাইপাৰেও ভালকৈ কাম কৰা নাই৷গাড়ীৰ গতিবেগ ঘন্টাত প্ৰায় ১০-১৫ কিঃমিঃ মানলৈ হ্ৰাস পালে আৰু তাৰ পিছৰ পৰাই গৰু গাড়ীৰ দৰে আগবাঢ়ি এতিয়া প্ৰায় চাৰি ঘন্টাৰ অন্তত জখলাবন্ধাত৷সময় প্ৰায় নিশা ১:৩০ বাজিছে৷সন্ধিয়াতে লৰালৰিকৈ ভাত কেইটামান গিলি অহা৷যঠেষ্ট ভোকো লাগিছে৷সম্ভৱত বৰষুণৰ বাবেই আজি ৰাস্তাৰ কাষৰ বেছিভাগ ধাবাই বন্ধ হৈ গ’ল৷ছেহ! কি হ’ব এতিয়া,এনেকৈ হ’লে চোন গুৱাহাটী পাওঁ মানে ভোকতে আধামৰা হ’ব লাগিব৷সচাৰচৰ মই দুৰণিবটীয়া ঠাইলৈ গ’লে লগত বিস্কুট বা কেকৰ পেকেট এটা লৈ যাও আজি লৰালৰিতে সেয়াও অনা ন’হল৷দুৰৈত দোকান এখনৰ পৰা ৰিণিকিৰিণিকি লাইটৰ পোহৰ এটা দেখিছো৷হয়তো কোনো ধাবাও হ’ব পাৰে৷মনত আশাৰ কিৰণ জাগি উঠিল৷


      নামফলকখন পঢ়ি চালো৷“মদন নিৰামিষ ভোজনালয়৷“এখন আওপুৰণি এই অমুকাৰ দোৱানত ক’বলৈ গ’লে ঘেগেলা ভোজনালয়৷ কাঠবোৰ হয়তো কাহানিবাতেই উৱলি গৈছে৷বেৰকেইখনৰো ঠায়ে-ঠায়ে ৰং গৈছেগৈ৷দোকানৰ গাদীত এজন আদহীয়া শেতা বৰণৰ থুলন্তৰ চেহেৰাৰ ব্যক্তি বহি আছে,সম্ভৱত তেওঁ ভোজনালয়খনৰ মালিকেই হ’ব৷ব্যক্তিজনে এটা সেমেকা হাঁহি মাৰি মোক অভিবাদন জনালে৷ভোজনালয়খনত গ্ৰাহক বুলিবলৈ কোনো নাই৷ময়েই হয়তো এই অন্তিম প্ৰহৰৰ একমাত্ৰ অতিথি৷জপৰা চুলিৰ চেঙেলীয়া ল’ৰা এটাই পানী এগিলাচ টেবুলত থৈ অৰ্ডাৰটো লৈ গ’ল৷ৰুটী তাৰকা৷পানীৰ গিলাচটো হাতত ল’লো৷চিহহহহহহ……এইবোৰ কি,এয়াচোন পানী নহয়,কেঁচা তেজ!তেজ-তেজ!মই আৰ্তনাদ কৰি উঠিলো৷“আৰে বাবু ক’ত তেজ দেখিলে!“গিলাচত-গিলাচত৷“ মই কম্পিত কন্ঠেৰে ক’লো৷“আৰে বাবু গিলাচটো পানী আছে৷“ এটা বেকা হাঁহি মাৰি জপৰা চুলিৰ ল’ৰাটোৱে ক’লে৷আৰে হয়তো গিলাচত এয়াচোন পানী!মোৰ পেটেপেটে ভীষণ লাজো লাগিল৷ভোকেভাগৰে নিশ্চয় মোৰ মতিভ্ৰমেই হ’ল৷“এই ৰামু বাবুৰ বাবে একদম গৰম-গৰম ৰুটী আৰু তাৰকা লগা৷ইমানদিনৰ মুৰত আজি ভোজনালয়লৈ অতিথি আহিছে জল্দাজল্দি কৰ৷“জী মালিক৷“ মালিকজনৰ মাখনসনা কথাকেইটা শুনি মোৰ পেটে-পেটে হাঁহিও উঠিল৷কিছুবেলিৰ পৰা প্ৰস্ৰাব কৰিবও লাগি আছিল ৰামুক প্ৰস্ৰাৱাগাৰৰ ৰাস্তাটো দেখুৱাই দিবলৈ ক’লো৷ভোজনালয়ৰ ৰান্ধনীঘৰৰ পিছফালে নাতিদুৰৈত প্ৰস্ৰাৱাগাৰটো৷ৰাস্তাটো অন্ধকাৰ৷বৰষুণৰ বাবে চোতালখনো জেকা হৈ আছে৷খুপি-খুপি আগবাঢ়িলো৷এচলীয়া টিংৰ এটা সন্মিলিত শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ৷বেৰত শুং জোকাৰি-জোকাৰি পইতাঁচোৰা কেইটামান দৌৰি ফুৰিছে৷ভিতৰত ঢিমিকঢামাককৈ ৬০ ৱাটৰ বাল্ব এটা জ্বলি আছে৷দৰ্জাখন জপাই ল’লো৷উস!কি উৎকট গোন্ধ৷ইয়াতে কিমান দিন পানী ধলা নাই সেয়া হ’য়তো ভগৱানেহে জানে৷কেইবাবাৰো ঢিমিকঢামাক কৰি খিটিককৈ লাইটটো নুমাই গ’ল৷বন্ধ প্ৰস্ৰাৱাগাৰটোৰ ভিতৰতে এচাটি হিমচেঁচা বতাহে মোক হাড়লৈকে কপাই গ’ল৷মোৰ কাণৰ কাষত কোনোবাই ফুচফুচাই ক’লে,“ সকলো মৰিল৷তয়ো মৰিবি৷সকলো মৰিল৷তয়ো মৰিবি৷“মোৰ আশেপাশেটো কোনো নাই৷এয়াও মোৰ মনৰ ভ্ৰমেই ন’হয়টো৷লৰালৰিকৈ দৰ্জাখনৰ ফালে আগবাঢ়িলো৷আৰে!এয়া কি দৰ্জাখন আকৌ বাহিৰৰ পৰা কোনে বন্ধ কৰি দিলে৷বাৰে-বাৰে চেষ্টা কৰিও মই দৰ্জাখন খুলিব পৰা নাই৷“ সকলো মৰিল৷তয়ো মৰিবি৷সকলো মৰিল তয়ো মৰিবি৷সকলো মৰিল তয়ো মৰিবি………..”বেৰৰ পইতাঁচোৰাকেইটায়ো মোৰ মুৰৰ ওপৰত চক্ৰকাৰে উৰিবলৈ ধৰিলে৷“ৰামু,ৰামু…….” মই দৰ্জাখনত প্ৰচণ্ড জোৰেৰে গুৰিয়াবলৈ ধৰিলো৷এপাকত দৰ্জাখন কোনোবাই বাহিৰৰ পৰা খুলি দিলে৷“পুৰণি দৰ্জা বাবু মাজে-মাজে এনেকৈয়ে ফঁচি যায়৷“ৰামুৱে এক শীতল কন্ঠেৰে ক’লে৷উফফ!মদন নিৰামিষ ভোজনালয়ৰ এয়া প্ৰস্ৰাৱাগাৰৰ নে জীৱন্ত নৰক দৰ্শন!ভোজনালয়ৰ ভিতৰলৈ সোমায়েই মনটো ভাল লাগি গ’ল৷মোৰ টেবুলত খোৱা বস্তুখিনি ধুনীয়াকৈ সজাই ঢাকি ৰখা হৈছে৷পেটটোও কলমলাই উঠিল৷হাতখন তিয়াই খোৱামেজত বঢ়িলো৷ঢাকনিখন গুচাই দিয়েই মোৰ ভৰিৰ তলৰ মাটিখিনি কপি উঠিল৷মোৰ শৰীৰৰ মাজেৰে যেন এক শক্তিশালী বিজুলী প্ৰৱাহ হে পাৰ হৈ গ’ল৷প্লেটখনত ৰুটীৰ আৰু তাৰকাৰ সলনি সজাই থোৱা আছিল এখন অগ্নিদগ্ধ কটা হাত৷মোৰ মুখেৰে এটা অস্ফুট আৰ্তনাদ ওলাই আহিল৷থুলন্তৰ চেহেৰাৰ মালিকজন আৰু জপৰা চুলিৰ ৰামু মোৰ কাষলৈ দৌৰি আহিল৷“বাবু,কি হ’ল?“ মই ভয়ে-ভয়ে প্লেটখনলৈ আঙুলিয়াই দিলো৷মই যেন কিবা এটা গাজাখুৰি গল্পহে ক’লো৷ৰামু আৰু মালিক হাঁহিত ফাটি পৰিল৷মালিকজনে এইবাৰ এটা বেকাঁ হাঁহি মাৰি মোক চোলাৰ হাতখন কোচাই তেওঁৰ হাতৰ কটা অংশটো দেখুৱাই ক’লে,“আৰে বাবু এইখনটো মোৰেই হাত৷এবাৰ খাই চাওকনা৷জুইত সেকা নৰমাংস খাবলৈ কি যে সোৱাদ৷“চকুৰ পচাৰতে ৰামু আৰু থুলন্তৰ চেহেৰাৰ মালিকজন দুটা জুয়ে পোৰা অৰ্দ্ধগলিত শৰীৰত পৰিণত হ’ল আৰু অট্টহাস্য কৰিবলৈ আৰম্ভ কৰিলে৷“সকলো মৰিল তয়ো মৰিবি৷সকলো মৰিল তয়ো মৰিবি৷সকলো মৰিল……………..৷”এক অশৰীৰ কন্ঠই মোক পুনৰ কাণৰ কাষত ফুচফুচাই ক’লে৷মই মোৰ গাড়ীখনৰ অভিমুখে দৌৰিবলৈ আৰম্ভ কৰিলো৷মোৰ পিছে-পিছে ৰামু আৰু মালিকৰ অগ্নিদগ্ধ শৰীৰকেইটায়ো দৌৰি-দৌৰিয়েই চিঞৰিবলৈ ধৰিলে,“ৰ’ব বাবু৷ৰ’ব৷এবাৰ মোৰ হাতখন খাই চাওঁক না৷জুয়ে পোৰা নৰমাংস৷আস!কি যে সোৱাদ!“ অশৰীৰ কন্ঠয়ো পুনৰ ফুচফুচবালৈ ধৰিলে“সকলো মৰিল তয়ো মৰিবি৷সকলো মৰিল তয়ো মৰিবি……৷“মই চকুৰে এতিয়া কেৱল অন্ধকাৰ দেখিছো৷কেৱল আৰু কেৱল মাত্ৰ অন্ধকাৰ৷“

     শীতল পানী এছাটি মুখত পৰাত মই সাৰ পালো৷মই মোৰ গাড়ীখনৰ কাষতেই হয়তো ইমানপৰে সংজ্ঞাহীন হৈ পৰি আছিলো৷পূৱ আকাশত তেতিয়া সূৰুযৰ হেঙুল আভা৷মোৰ সন্মুখত এজন কঠোৰ অভিব্যক্তিৰ দাৰোগা আৰু কেইজনমান কনিষ্টবল৷হয়তো পেট্ৰলিং পাৰ্টী হ’ব৷মই খোনাইখোনাই তেওঁলোকক থুলমুলকৈ ঘটনাটোৰ বৰ্ণণা কৰিলো৷“ What rubish!ভূত!মদন নিৰামিষ ভোজনালয়!কি বকিছে আপুনি৷সস্তীয়া নিচা কৰি আছে নেকি৷আপুনি মুকলি পথাৰৰ মাজত পৰি আছে৷ক’ত আপোনাৰ সেই ভৌতিক মদন নিৰামিষ ভোজনালয়৷“দাৰোগাজন গৰ্জি উঠিল৷আঙুলিয়াই দেখুৱাবলৈ লৈয়ো মই থমকি ৰ’লো৷আৰে এয়া চোন দুৰদুৰণিলৈকে মাথো মুকলি পথাৰ৷এনেতে বৃদ্ধ কনিষ্ঠৱল এজনে সেপ ঢুকি আৰম্ভ কৰিলে,“ ছাৰ,সৰু মানুহ,বৰ-বৰ কথা৷বেয়া নাপাব৷আজিৰ পৰা প্ৰায় বিশ বছৰ মানৰ আগেয়ে এইখিনিতে এখেতে কোৱা সেই মদন নিৰামিষ ভোজনালয়খন আছিল৷সেইটো সময়ৰ নাম কৰা হোটেল৷আমিও মাজে-মাজে বৰ চাহাবৰ সৈতে নাইট পেট্ৰোলিংত আহোতে তাতে কেতিয়াবা নিশাৰ সাজটো খাইছিলো৷মদন আৰু কাৰিকৰ ল’ৰা ৰামু ৰাতিও তাতেই থাকে৷এদিন নিশা কিবাকৈ দুৰ্ঘটনাবশতঃ গেছ ছিলিণ্ডাৰ ব্লাষ্ট হৈ গোটেই ভোজনালয়তে জুই লাগিল৷মদন আৰু ৰামুও শোৱাপাটীতে জুই লাগি মৰিল৷তেতিয়াৰ পৰা এই ঠাইখনত মাজে-সময়ে এনেকুৱা দুৰ্ঘটনা হৈয়েই থাকে৷যোৱাবছৰ এইখিনিতে দুটা মৃতদেহো উদ্ধাৰ হৈছিল৷কেচটোৰ এতিয়ালৈকে কোনো সমাধান ন’হল৷এখেতৰ আজি গুৰুজনা ভাল আছিল বাবেহে কিবাকৈ যমপুৰীৰ দুৱাৰদলিৰ পৰা ঘুৰি আহিল৷“কনিষ্টৱলজনৰ কথা শুনি দাৰোগাজনৰো মুখখন শুকাই গ’ল৷মোৰ অৱস্থাও তথৈবচ আছিল৷পেট্ৰোলিং পাৰ্টীটোৱে মোৰ ঘৰৰ মানুহক খবৰ দি মোক স্থানীয় চৰকাৰী হস্পাতালখনতে ভৰ্তি কৰি দিলে৷আবেলিলৈ বাপুকণৰ ফোন আহিল৷পেহাদেউে দুপৰীয়াৰ পৰা গাটো কিছু টঙাইছে৷অলপ খোৱাবোৱাও কৰিছে৷মই মনে-মনে নেদেখাজনক ধন্যবাদ জনাই পুনৰ চকুহাল মুদি দিলো৷

Leave a comment