Schrodinger’s ৰ এটা মেকুৰী আছিল,মেকুৰীটোৰ এটা বাকচ আছিল আৰু বাকচটোৰ এটা গাণিতিক সমীকৰণ আছিল৷সমীকৰণ সম্ভাৱনাৰ৷হয়তো Schrodinger’s ৰ কোনো মেকুৰীয়েই নাছিল৷হয়তো Schrodinger’s মেকুৰী দেখিলেই সাত জাপ মৰা বীৰপুৰুষো হ’ব পাৰে৷বাকচ-সমীকৰণ-সম্ভাৱনা এইবোৰ বৌদ্ধিক ভণ্ডামি, বাজে কথা৷হয়তো মেকুৰীটো আখলৰ পৰা ভজা মাছ চুৰি কৰি পিঠিত ফলা খৰিৰ কোব খোৱা এটা নিঃকিন মেকুৰীও হ’ব পাৰে৷মুঠতে হ’ব পাৰে!হয়তো হ’ব পাৰে!যিকোনো কথা-কৰ্ম-কাণ্ডই হয়তো হৈ যাব পাৰে৷সেইটোৱেই হ’ল সম্ভাৱনা- “Probability”,সত্য নিৰুদ্দেশ হয়,বাস্তৱবোৰ সন্ধানহীন হয়,আমি সম্ভাৱনাৰ সাগৰ এখনত সত্যৰ মৰীচিকা খেদি ককবকাই থাকো৷প্ৰতিটো সম্ভাৱনাৰে সম্ভাৱনা সমান৷ Probability always lies between 0 and 1,তাৰে মাজৰ ভাল লগা সম্ভাৱনা এটাত নিমখ-তেল-জলকীয়া গুৰি সানি আমি সত্যৰ তেলত বাস্তৱৰ dry fry ভাজি খাওঁ৷মুঠতে আমাৰ সত্যটো আমাৰ বাস্তৱটো আমাৰ পছন্দৰ হ’ব লাগে আৰু যদি আমাৰ সত্যৰূপী সম্ভাৱনাৰ কোনোৱে বিৰোধ কৰে আমি জ্বলি-পকি উঠি বিদগ্ধ পণ্ডিত এজনকো পাগল সাজিবলৈ পৰোৱাই নকৰো৷আমাৰ পছন্দৰ বাস্তৱৰ অগ্নিত জীৱন্তে প্ৰতিনিয়ত জাহ যায় একোজন জিঅ’নাৰ্ডো ব্ৰুণো৷সকলো বস্তুৰে এটা সম্ভাৱনা থাকে৷সম্ভাৱনা থাকে মাৰ্ক্স বুৰ্জোৱা হোৱাৰ,হিটলাৰ মানৱতাবাদী হোৱাৰ,গান্ধী উগ্ৰবাদী হোৱাৰ,নাথুৰাম গৌতম বুদ্ধ হোৱাৰ,মই পাগল হোৱাৰ আৰু আপুনি ইমান কষ্ট কৰি অথনিৰ পৰা পাগল এটাৰ বেবেৰিবাং কথাবোৰ পঢ়ি থকাৰ৷এই যে বাস্তৱ নাই৷এইটো এটা ভাল লগা কথা৷কিন্তু সমান্তৰালকৈ দুখো লাগে,সত্যৰ মৰীচিকা খেদি দৌৰি ফুৰা মানুহবোৰক দেখিলে,পুতৌ উপজে,চিগাৰেটৰ কুণ্ডলী পকোৱা ধোৱাখিনি এৰি দি স্বগতোক্তি কৰো,” কভী-কভী লগতা হ্যে কী আপুন হী ভগৱান হ্যে৷“ধৰি লওঁক আপোনাৰ দৃষ্টিত বাস্তৱ এটা ভাল ল’ৰা৷শান্ত-শিষ্ট,নম্ৰভদ্ৰ,পঢ়াত মন থকা,এটা মৰমলগা ল’ৰা৷ৰাস্তাই-ঘাটে আপোনাক লগ পালে ধুনীয়াকৈ হাঁহি মাৰি মুৰ জোকাৰে৷কিন্তু আপুনিটো বাস্তৱৰ মনৰ ভিতৰখন জুপি চোৱা নাই৷তাৰ মনৰ কোনোবা এটা চুকত বিক্ষিপ্ত,sadistic,তালিবানী মানসিকতাও সোমাই থাকিব পাৰে৷তাৰো এটা সম্ভাৱনা আছে৷এই গোলাপফুলৰ থোপা এটা লৈ আপোনাক আলিংগন কৰা প্ৰেমিকজনেও হয়তো আপোনাৰ পিঠিত মূহূৰ্ততে চুৰি মাৰি হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিব পাৰে৷মুঠতে Face within a face,probability within probability,অসীমত সীমা হেৰাই উথপথপ লগাও কাণত বাজি উঠে চেক্সপীয়েৰৰ নাটকৰ এক ঐতিহাস্যিক সংলাপ,“Hell is empty and all the devils are here.”

Leave a comment