কিবা এশাৰী লিখিম বুলিও থমকি ৰ’লো৷এনেকুৱাতে কেতিয়াবা হাতখন জঠৰ হৈ পৰে৷উফঃ মানুহ কেনেকৈ ইমান নিষ্ঠুৰ হ’ব পাৰে!কেনেকৈ?এটা শেতা পৰা শীৰ্ণকায় শৰীৰ৷বয়স প্ৰায় ষাঠীৰ আশপাশ৷পিন্ধনত এটা পুৰণি মলিয়ন বনিয়ন৷দুই এঠাইত ফিচিকিও আছে আৰু এখন উৱলি যোৱা নীলা লুঙী৷গুলী খায় ওপৰলৈ মুৰ কৰি পৰি আছে৷চাৰি-পাঁচটা তপত বুলেট ইতিমধ্যেই শীৰ্ণকায় শৰীৰটো ফালি-চিৰি পাৰ হৈ গ’ল৷বগা বনিয়নৰ ওপৰত ৰঙা তেজৰ চেকুৰা৷আৰক্ষীৰ দুই-এজন জোৱান কিন্তু এতিয়াও সন্তুষ্ট হোৱা নাই৷মাটিত পৰি ৰোৱা মৃতদেহটোলৈকে লক্ষ্য কৰি গুলীয়াই আছে৷মাজে-মাজে দুই এটা অস্ফুট অশ্ৰাব্য গালিৰ টুকুৰা ভাহি আহিছে৷“চাল্লা ইমান সাহস,আমাক খেদি আহে!“এজনে মৃতদেহটোক লাঠী এডালেৰে কোবাইছে৷কেমেৰামেন এজনে দুৰৰ পৰা দৌৰি আহি মৃতদেহটোক গুৰীয়াই,জপিয়াই,আঘাত কৰি আসুৰিক আনন্দ কৰিছে৷উফঃ ইমানো ঘৃণা থাকিব পাৰে নে মানুহৰ মনত?আন এজন মানুহৰ প্ৰতি?কাৰণ,কাৰণ কি হ’ব পাৰে?তেওঁৰ ধৰ্ম,তেওঁৰ নাম,তেওঁৰ উপাধি!হুম!ধৰ্ম কিন্তু হ’ব পাৰে৷ধৰ্ম-জনগণৰ আফিং৷আস কি সাংঘাতিক আসক্তি!কি কৰিব নোৱাৰে ধৰ্মই৷স্বাধীনতাৰ সুবাসে কঢ়িয়াই আনিছিল নোৱাখলিৰ অৰ্দ্ধদগ্ধ মৃতদেহবোৰৰ দুৰ্গন্ধ৷পেলেস্তাইনৰ শিশুবোৰৰ পৰা কাঢ়ি লোৱা হৈছিল সিহঁতৰ শৈশৱ, আফগানিস্থানৰ মহিলাসকলৰ পৰা তেওঁলোকৰ স্বাধীনতা আৰু মধ্যপ্ৰাচ্যৰ সাধাৰণ নাগৰিকসকলৰৰ পৰা তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰক আৰু কি হ’ব পাৰে এই পাশৱিক হৃদয়হীনতাৰ আৰৰ কাৰণ৷তেওঁৰ আইৰ মুখৰ ভাষা৷ভাষা বাৰু মিলনৰ সেতু নে বিচ্ছেদৰ বীজ!যদি ভাষা বিচ্ছেদৰ বীজ আৰু ঘৃণাৰ পাশা নহয়েই তেনেহ’লে কিয় পৃথককৈ গঠন হ’ল বাংলাদেশৰ৷কিয় বঙহৰ তেজেৰে ৰাঙলী হ’ল নেলী,চাউলখোৱা?জাতীয়তাবাদো হয়তো এই ঘৃণাৰেই আন এটা৷সেই যে ছয় মিলিয়ন ইহুদীক কৰা হৈছিল খুন জাতিয়তাবাদক দোহাই দি,সকলো জাতিয়তাবাদী অপৰাগ হৈছিল কিন্তু প্ৰতিবাদ কৰিবলৈ জাতীয় প্ৰেমৰ ৰাগীত আৰু যেতিয়া সাৰ পাইছিল নিজকে আৱিস্কাৰ কৰিছিল নাৰেমবাৰ্গৰ এটা পুতিগন্ধময় কোঠাত৷এনেকৈ সৃষ্টি হ’য় ঘৃণাবোৰৰ৷আপোনাৰ বা মোৰ নামৰ পৰা,উপাধিৰ পৰাআৰু মুখৰ ভাষাটোৰ পৰা তাৰপিছত এইসকলোবোৰ কুটিল ৰাজনীতিৰ পিতনিত লালিত-পালিত হৈ চয়তান হৈ ক্ৰিয়া কৰে মানুহৰ মস্তিস্কত৷তাৰতো জাতি বেলেগ,ভাষা বেলেগ,ধৰ্ম বেলেগ৷বিদেশীয়েই চাগৈ!তাক আমি মৰিয়াম,লঠীয়াম,গুৰিয়াম,মৃতদেহৰ ওপৰত তাণ্ডৱ কৰিম৷কোনে কি কৰিব!তাৰটো সকলো পৰিচয়েই আমাতকৈ বেলেগ সিটো আমাৰ বাবে মানুহেই নহয়৷সি কোন মোক চোচা মাৰিবলৈ৷মাৰ তাক আৰু মাৰ৷মৰাশটোকো মাৰ,মাৰ আৰু এনেকৈয়ে গেছ ছেম্বাৰ বোৰ খোল খায়,যীশু পুনৰ ক্ৰছত ওলমি ৰয় আৰু আমি যাত্ৰাৰ আৰম্ভ কৰো এখন ঘৃণাৰ নৰকলৈ৷গেছ চেম্বাৰবোৰে হাত বাউল দিয়ে,ক্ৰুছবিদ্ধ যীশুলৈ পুতৌ ওপজে আৰু নৰকখনত আমি হেৰাই যাওঁ৷নিজৰ মৃতদেহৰ ওপৰতেই আমি জিঘাংসাৰ নৃত্য কৰো,মানৱতাক
