কেঁচামাটিৰ সুগন্ধি কঢ়িয়াই অনা বাৰিষাৰ প্ৰথমজাক বৰষুণৰ বাবে অপেক্ষা কৰি ৰওঁ,
পথাৰখনত চিৰালফটা দিয়ে,
দুচকুত আধৰুৱা স্বপ্ন,পেটত বুভুক্ষাৰ দাৱানল,পুষ্টিহীনতাই কোঙা মোৰ কৰা শৈশৱ,
পিতাইৰ নিঠৰ শৰীৰটোক আৱিষ্কাৰ কৰো পুৱতি নিশা,
পথাৰৰ সিপাৰৰ বাঁহনিখনত এটা পেণ্ডুলামৰ ৰূপত ।
পিতাই গুচি গ’ল,আমাৰ মাটিদৰাত চন পৰিল,জীৱনৰ ধুমুহাই মোক উৰাই নি পেলালে
ফুটপাথৰ চাহদোকানখনত আৰু
এতিয়া মই ফুটপাথৰ স্বপ্নভংগ পোৱালী
আৰু এনেকৈয়েই আমি সকলোবোৰ হেৰুৱাই পেলাওঁ
শৰৎৰ তলফৰা শেৱালীৰ সুবাস
নিয়ৰসিক্ত দুবৰি দলিচা
কুৱলীয়ে ধকা শীতৰ স্নিগ্ধ ৰূপালী জোনাক
আৰু মোৰ প্ৰেয়সীৰ খোপাৰ হেপাঁহৰ বসন্তৰ কপৌফুলপাহি
আৰু এনেকৈয়েই হৈ ৰওঁ মই
ফুটপাথৰ স্বপ্নভংগ পোৱালী আৰু আপুনি শৰৎবিহীন চহৰৰ বসন্তৰ প্ৰেয়সী
পঢ়াশালিৰ পৰা ল’ৰাহঁতে আওৰাই
গোলকীয় উষ্ণতা বৃদ্ধি…..
আৰু এনেকৈয়েই আমি সকলোবোৰ হেৰুৱাই পেলাওঁ৷