খুব খৰকৈ দৌৰিছো আমি
খুব খৰকৈ!
সেউজীয়াৰ আবৰণখনক কংক্ৰীটৰ অট্টালিকাবোৰে গিলি পেলোৱা এই আবেলিটোত;
আকাশৰ নীলাখিনিকক কাৰখানাৰ ধোৱাবোৰে ক্ৰমশ ঢাকি পেলাইছে,
শুকাই যোৱা নদীখনৰ মাছবোৰৰ ছটফটনিত
প্ৰভাতী পক্ষীৰ অপহৃত গুঞ্জৰিত কাকলিবোৰ
মানৱীয় সম্পৰ্কৰ মৰিশালিত ফুলি উঠিছে এক বিষাক্ত বেংছটাৰ ৰূপত৷
আমিবোৰে মাথো দৌৰিছো,
কুণ্ডলী পকোৱা কাৰখানাৰ ধোৱাবোৰৰ সৈতে,
শৰৎৰ তলসৰা শেৱালী,জোনাকৰ বৰষুণ,বসন্তৰ সুবাস, কেঁচা মাটিৰ গোন্ধ,শিশুৰ নিস্পাপ হাঁহি আৰু যৌৱনৰ তেজৰঙা গোলাপৰ বাগিছাখনক এৰি
বহু দুৰলৈ৷
কাহানিও ঘুৰি নহাৰ বাটেৰে আৰু খুব খৰকৈ৷

Leave a comment