শৈশোৰ আৰু কৈশোৰ কালৰ সন্ধিক্ষণত আমি যেতিয়া বিদ্যালয়ৰ ছাত্ৰ আছিলো সমাজবিজ্ঞানৰ পাঠ্যপুথিৰ অৰ্ন্তগত ইতিহাস আমাৰ এক অন্যতম প্ৰিয় বিষয়বস্তু আছিল৷সেইসময়ত আমি পঢ়া ভাৰতবৰ্ষৰ ইতিহাস মূখ্যত তুৰ্কী-আফগান,মোগল,ব্ৰিটিছ,স্বাধীনতা সংগ্ৰামত গান্ধী আৰু কংগ্ৰেছৰ ভূমিকাৰ মাজতেই সীমিত আছিল৷ইতিহাস সাক্ষী আছে স্বাধীনতাৰ পূৰ্বৰ অখণ্ড ভাৰতবৰ্ষ(আৰ্য্যব্ৰতৰ) বিভিন্ন অংশত ১৪০০ খ্ৰীষ্টপূৰ্বৰ পৰা সৰ্বমুঠ ১৪২ টা সনাতন(হিন্দু) ধৰ্মৰ অনুগামী ৰাজবংশই সময়ে সময়ে এইদেশখনক শাসন কৰিছিল৷কিন্তু colonial hangover ৰ পৰা আজিপৰ্য্যন্ত পৰিত্ৰাণ পাবলৈ অক্ষম ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ইতিহাসত গুপ্ত,মৌৰ্য্য,কুষাণ আদিৰ দৰে এমুঠিমান ৰাজবংশৰ সীমিত বৰ্ণণাৰ বিনে আনসমূহ ৰাজবংশৰ বিষয়ে তথ্য-পাতি ঔষধত দিবলৈও নাই৷বিদেশী আক্ৰমণকাৰী শক্তিসমূহৰ বন্দনাৰে পূৰ্ণ আমাৰ ইতিহাস আজিৰ ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক দুৰ্দশাৰ এক মুখ্যতম কাৰণ৷ভাৰতীয়সকলক নিজৰ গৌৰৱময় ইতিহাস,সভ্যতা আৰু সংস্কৃতিৰ জ্ঞানৰ পৰা বঞ্চিত কৰি বিবেকহীন গোলামত পৰিণত কৰাটো ব্ৰিটিছৰ দ্বাৰা প্ৰবৰ্তিত শিক্ষা নীতিৰ এক প্ৰধানতম উদ্দেশ্য আছিল৷কিন্তু গভীৰ পৰিতাপৰ বিষয় স্বাধীনতাৰ হীৰক জয়ন্তীৰ প্ৰাকক্ষণতো স্বাধীন ভাৰতৰ ইতিহাসবিদসকলৰ কৃপাত আজিও আমি নিৰপেক্ষ ইতিহাসৰ জ্ঞানৰ পৰা বঞ্চিত হৈ ৰ’লো৷স্বাধীনতা সংগ্ৰামত গান্ধী আৰু কংগ্ৰেছৰ ভূমিকাক নস্যাৎ কৰাৰ স্পৰ্ধা মোৰ নাই৷কিন্তু গান্ধী আৰু কংগ্ৰেছৰ সমান্তৰালভাৱে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আজাদ হিন্দ ফৌজ,দ্যা হিন্দুস্থান ৰিপাব্লিকান এছোছিয়েশ্যন,হিন্দু মহাসভা,সমসাময়িক কালৰ বাওদলসমূহক লৈ ভাৰতৰ ইতিহাস আজিপৰ্য্যন্ত নিমাত৷অতীতৰ গৌৰৱময় সিন্ধু সভ্যতা,মহেঞ্জোদাৰো আৰু হৰপ্পাৰ অত্যাধুনিক প্ৰযুক্তি,প্ৰাগজ্যোতিষপুৰৰ ইতিহাস সম্পৰ্কেও আমাৰ পাঠ্যপুথিসমূহত অত্যন্ত সীমিত তথ্যহে উপলব্দ্ধ৷ভাৰতীয় ইতিহাসত নাথুৰামৰ দ্বাৰা গান্ধীৰ হত্যাৰ বিস্তৃত বিবৰণ পোৱা যায় কিন্তু কোনোকালেই সশস্ত্ৰ সংগ্ৰামত অংশ নোলোৱা বৰঞ্চ বাতৰি কাকতৰ সম্পাদনাৰে জীৱিকা অৰ্জন কৰা এজন সামান্য যুৱকে কি পৰিস্থিতিৰ বাবে জাতিৰ পিতাক গুলীয়াই হত্যা কৰিলে আৰু পলাই যোৱাৰ পৰিবৰ্তে আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰি আদালতৰ পৰা ক্ষমাৰ কোনো প্ৰত্যাশা নাৰাখি মাত্ৰ ন্যায়লয়ৰ জৰিয়তে ভাৰতবাসীৰ প্ৰতি এক বাৰ্তা প্ৰেৰণ কৰাকে শ্ৰেষ্ঠতম বিকল্প ৰূপে বাচি ল’লে তাৰ নিৰপেক্ষ বিশ্লেষণ কৰিবলৈ স্বাধীন ভাৰতৰ কোনো এজন স্বনামধন্য ইতিহাসবিদৰে আজিপৰ্য্যন্তহসাহস ন’হল৷জীৱনৰ বিয়লি বেলাত নিজৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাসনাৰ পূৰ্তিৰ বাবে অখণ্ড ভাৰতৰ ভূমিতেই নিজৰ শৈশৱ,কৈশোৰ আৰু যৌৱন অতিবাহিত কৰা দুজন পৌঢ়বয়সৰ ব্যক্তিয়ে সেই অসম্ভৱকো সম্ভৱ কৰি তুলিলে যি কাৰ্য্য আলেকজেণ্ডাৰ,ছেংগীজ খান,নাদীৰ শ্বাহৰ দৰে শক্তিশালী বিদেশী আক্ৰমণকাৰীয়েও কৰিবলৈও সক্ষম হোৱা নাছিল-অখণ্ড ভাৰতৰ বিভাজন৷নালন্দা আৰু তক্ষশীলাৰ দৰে বিশ্বমানৰ বিশ্ববিদ্যালয়ক কিয় বিদেশী আক্ৰমণকাৰীৰ দ্বাৰা প্ৰজ্বলিত অগ্নিশিখাই গ্ৰাস কৰিছিল?বৈদিক সভ্যতাৰ ইতিহাস,দৰ্শন আৰু গীতাৰ জ্ঞানৰ পৰা ভাৰতীয়সকলক নিলগাই ৰখাত কাৰ সৰ্বোচ্চ লাভ নিহিত হৈ আছে?বিশ্বৰ ভিতৰতে সৰ্বাধিক সমাদৃত কাউন্টাৰ ইন্টেলিজেঞ্জ ৰিপোৰ্ট মিত্ৰখিন আৰ্কাইভৰ প্ৰতি কিয় তদানীন্তন ভাৰতবৰ্ষৰ চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে?লাল বাহাদুৰ শাস্ত্ৰীৰ নীলা পৰি যোৱা মৃতদেহটোৰ ৰক্তক্ষৰণ কৰাৰ পিছতো কিয় সেইসম্পৰ্কে কোনো উচ্চপৰ্য্যায়ৰ তদন্ত ন’হল?শাস্ত্ৰীৰ মৃত্যুৰ মাত্ৰ এটা বছৰ পিছতেই ভাৰত পুনৰ পাশ্চাত্যৰ নব্য উপনিৱেশত পৰিণত হৈছিল আৰু দেশত আভ্যন্তৰীণ জৰুৰী কালীন অৱস্থাৰ ঘোষণা কৰাৰ পিছতেই দেশৰ প্ৰবীণ সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ নেতাসকলক কাৰাগাৰলৈ নিক্ষেপ কৰি কিয় ভাৰতৰ সংবিধানৰ আত্মাস্বৰূপ প্ৰস্তাৱনাত দুটা নতুন শব্দ(ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী ৰাষ্ট্ৰ)ৰ অৰ্ন্তভুক্তি কৰা হৈছিল(উল্লেখ্য যে সংবিধানৰ প্ৰস্তাৱনাৰ সংশোধনক সংবিধানৰ প্ৰণেতা ভীমৰাও ৰামজী আম্বেদকাৰে সংবিধানৰ হত্যাৰ সৈতে ৰিজাইছিল)৷


অসমৰ ৰাজ্য চৰকাৰে যোগীৰ নীতিক অনুসৰণ কৰি শেহতীয়া ভাবে অসমৰ কোনো-কোনো স্থানৰ নাম পৰিবৰ্তনৰ বাবে জনসাধাৰণৰ ৰায় বিচাৰি যি পদক্ষেপ গ্ৰহণ কৰিছে তাক কেন্দ্ৰ কৰি ভুৱা প্ৰগতিশীলতাৰ কচৰৎ কৰা একাংশই যি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ আৰম্ভ কৰিছে সেয়া সঁচাকৈয়ে লজ্জাজনক৷অৱশ্যে সহস্ৰবছৰ পুৰণি মহান ভাৰতবৰ্ষৰ সভ্যতা,সংস্কৃতি আৰু ইতিহাসৰ জ্ঞানৰ পৰা পদ্ধতিগতভাৱে বঞ্চিত এইসকল দুৰ্ভগীয়া প্ৰগতিশীল(?) ৰ পৰা ইয়াতকৈ বেছি আৰু কি আশা কৰিব পাৰি৷কাৰণ প্ৰায় উনবিংশ শতিকাৰ মধ্যভাগৰ পৰাই আৰম্ভ হোৱা এক ভাৰতবিৰোধী চক্ৰ অপপ্ৰচাৰত অন্ধ এইসকল লোকে ভাৰতৰ ইতিহাস বুলি ক’লে কেৱল তুৰ্কী-আফগান,মোগল,ব্ৰিটিছ আৰু গান্ধী নেহেৰু পৰিয়ালকেই বুজে৷নামসলনিৰ প্ৰসংগত আলোচনা কৰোতে বাল কেশৱ থাকৰেয়ে ৰামমন্দিৰ আৰু বাবৰি মছজিদৰ বিবাদমান ভূমিক লৈ আদালতত গোচৰীয় পক্ষৰ অধিবক্তাই কৰা এক প্ৰশ্নৰ যি প্ৰত্যুত্তৰ আগবঢ়াইছিল সেয়া এক আলোচনাযোগ্য বিষয়৷বালাচাহাবে কৈছিল,“ভাৰতবাসীৰ সামগ্ৰিক আস্থাই এই কথা দৃঢ়তাৰে বিশ্বাস কৰে যে অযোধ্যা প্ৰভু শ্ৰী ৰাম চন্দ্ৰৰ পবিত্ৰ জন্মভূমি কিন্তু সেইসময়ত যিহেতু জন্মৰ প্ৰমাণ পত্ৰৰ কোনো ধাৰণা নাছিল সেয়ে ৰামৰ জন্মভূমিৰ প্ৰমাণপত্ৰ মাননীয় আদালতৰ সন্মুখত প্ৰস্তুত কৰাৰ চিন্তা অপ্ৰাসংগিক৷অধিবক্তা মহোদয় আপুনি আজি ৰামৰ জন্মভুমিক লৈ প্ৰশ্ন তুলিছে কিন্তু আপুনি জানেনে যি বাবৰৰ নামত বাবৰি মছজিদৰ নিৰ্মাণ কৰা হৈছিল তেওঁৰ জন্ম ক’ত হৈছিল?“বালা চাহেবৰ প্ৰশ্নবাণত অধিবক্তাজন অপ্ৰস্তুত হৈ পৰিল আৰু তেতিয়া বালা চাহেবে ক’লে,“বাবৰৰ জন্ম উজবেকিস্তানৰ মৰুপ্ৰান্তত হৈছিল অযোধ্যাত নহয়৷“ বালা চাহেবৰ এই যুক্তিক যিসকল ব্যক্তিয়ে হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে মই আশাবাদী তেওঁলোকে ঐতিহাস্যিক ভুলৰ অৱসান ঘটাই অসমৰ কোনো-কোনো স্থানৰ সৈতে জড়িত আপত্তিজনক নামৰ বিৰূদ্ধে সম্পূৰ্ণ নিৰ্ভীকতাৰে নিজৰ জনাদেশ জাৰি কৰিব আৰু বিদেশী আক্ৰমণকাৰীৰ দ্বাৰা অধিকৃত কাশী-মথুৰাৰ পূণ্যভূমিত প্ৰতিষ্ঠিত স্থাপত্যৰ ওপৰতো ন্যায়িক প্ৰক্ৰিয়াৰ মাধ্যমেৰে নিজৰ হৃত অধিকাৰ ঘুৰাই অনাৰ বাবে আমৃত্যু যুঁজ দিব৷সহস্ৰবছৰ প্ৰাচীন অখণ্ড ভাৰতৰ ইতিহাসত অগণণ বৰেণ্য ব্যক্তিৰ বিশ্বমানৰ অৱদানেৰে সমৃদ্ধ কিন্তু ইয়াৰ পিছতো যদি আমি ইচ্ছাকৃতভাৱেই তেওঁলোকৰ মহৎ কৰ্ম আৰু ত্যাগৰ ইতিহাসক পাহৰণিৰ গৰ্ভলৈ ঠেলি দি ব্ৰিটেইনৰ ৰাজপৰিয়াল,বিদেশী আক্ৰমণকাৰী অথবা অখণ্ড ভাৰতক দ্বিখণ্ডিত কৰা চৰিত্ৰসকলৰ মাজতেই নিজৰ সভ্যতাক বিচাৰি পাওঁ তেনেহ’লে আমাৰ এই গোলামী মানসিকতাক ইতিহাসেও ক্ষমা নকৰিব৷”वशुदेव कुटुंबकम” অৰ্থাৎ সমগ্ৰ বিশ্বখনেই এটা পৰিয়াল আৰু এয়াই মহাভাৰতীয় সভ্যতাৰ এক মহানতম সংস্কাৰ৷প্ৰতিজন বিশ্ববাসীয়েই মোৰ পৰিয়ালৰ সদস্যস্বৰূপ আৰু সকলোকে সংৰক্ষণ আৰু আশ্ৰয় প্ৰদান কৰাতেই মোৰ আনন্দ নিহিত হৈ আছে কিন্তু ইয়াৰ অৰ্থ এনে ন’হয় যে কোনোবাই মোৰ ব্যক্তিস্বাধীনতা,মোৰ পৰিয়াল বা মোৰ মাতৃভুমিক আৰু মোৰ স্বধৰ্মক আক্ৰমণ কৰিলে মই তেওঁক ৰঙা দলিচা পাৰি আদৰণি জনাম৷কাৰণ সমগ্ৰ বিশ্বকেই মাত্ৰ এটা পৰিয়াল ৰূপে স্বীকৃতি দিয়া,অহিংসাই পৰম ধৰ্ম(গান্ধীয়ে যি দৰ্শনৰ বিকৃত বাখ্যা কৰিছিল) বুলি স্বীকৃতি প্ৰদান কৰা সেই একেই ভাৰতীয় দৰ্শনেই কিন্তু শান্তিৰ সকলো মাৰ্গ সমাপ্ত হোৱাৰ অন্তত আপোনাৰ ব্যক্তিস্বতন্ত্ৰতা(ধৰ্মৰ পৰিসৰৰ অৰ্ন্তগত),পৰিয়াল,ৰাষ্ট্ৰ আৰু ধৰ্ম(প্ৰতিষ্ঠিত ধৰ্মৰ পৰিবৰ্তে ইয়াত ধৰ্ম শব্দটোৱে সমাজৰ বাবে এক শুদ্ধ মাৰ্গক সুচাইছে)ক প্ৰত্যাহ্বান জনোৱা শত্ৰুৰ বিৰূদ্ধে শ্যাম-দাম-দণ্ড-ভেদৰ নীতিৰে যুঁজ দি নিজস্ব অধিকাৰক আজুৰি অনাৰ দৃষ্টান্তও প্ৰদান কৰিছে৷

Leave a comment