“আমি মিছিল কৰি সমাবেশলৈ যাওঁ
অধ্যাপকসকলে কয় আমি যুদ্ধ নহয় শান্তি বিছাৰো৷
তাৰ পিছত তেওঁলোক পত্নীসকলৰ সৈতে স্কুটাৰত গুচি যায়৷
আমি ফেষ্টুন হাতত লৈ সমাবেশলৈ যাওঁ
নেতাসকলে কয় আমি যুদ্ধ নহয় শান্তি বিছাৰো৷
তাৰ পিছত তেওঁলোকে তেওঁলোকৰ কন্ঠস্বৰ দেহৰক্ষীৰ হাতত তুলি দিয়ে৷
আমি শ্ল’গান চিঞৰি সমাবেশলৈ যাওঁ
সকলোৱেই কওঁ যুদ্ধ নহয় আমি শান্তি বিছাৰো৷
তাৰ পিছত পুলিচৰ “escort” লৈ আমি ঘৰলৈ গুচি আহো,
প্ৰতিদিন এনেকৈ যুদ্ধৰ বিপক্ষে শান্তিৰ সপক্ষে৷
আমি সব জানো অথচ একোৱেই শিকা নাই!
আমি জানো যুদ্ধ হ’লে মানুহৰ মৃত্যু হ’য়,
যুদ্ধ হ’লে বোমা-বাৰুদৰ কাষত নতজানু হয় সময়,
আমি জানো যুদ্ধ হ’লে দেশ এৰি গুচি যায় আইনষ্টাইন,
যুদ্ধ হ’লে ৰুচিয়াৰ প্ৰত্যেক ঘৰৰ পৰা দিব লাগে বলিদান,
যুদ্ধ হ’লে দুফাল হ’য় কোৰিয়া,দুফাল হ’য় জাৰ্মানীৰ সেউজ বাগিছা
আমি জানো যুদ্ধ হ’লে গঠন হ’য় ৰাষ্ট্ৰসংঘ,
মানুহৰ ভবিষ্যত সম্পৰ্কে আলোচনা হ’য় আটলাণ্টিকত,
যুদ্ধ হ’লে ৰেডক্ৰছ,যুদ্ধ হ’লে সৈনিকৰ ক্লান্ত শৰীৰ,
আমি জানো,সৱ জানো অথচ একোৱেই শিকা নাই৷”(উপৰোক্ত কবিতাৰ শাৰীকেইটা বিপুল জ্যোতি শইকীয়াৰ মহাযুদ্ধৰ মহাকাব্য নামৰ কবিতাটোৰ অংশবিশেষ)
যোৱাটো শতিকাত হোৱা দুখনকৈ বিশ্বযুদ্ধ,পথভ্ৰষ্ট নায়ক এডল্ফ হিটলাৰৰ চমকপ্ৰদ উত্থান আৰু আকস্মিক ছন্দপতন;যিজন হিটলাৰে এদিন সপোন দেখিছিল সমগ্ৰ বিশ্বৰ একছত্ৰী সম্ৰাট হোৱাৰ অন্তত সেইজন হিটলাৰৰেই অৰ্দ্ধদগ্ধ নিথৰ মৃতদেহটো পৰি ৰৈছিল নাজী বাহিনীৰ এক পৰিত্যক্ত বাংকাৰত,ইটালীৰ মিউনিখ চহৰৰ লাইটৰ খুটাত ওলমি ৰৈছিল ফেচিষ্ট মুছলিনীৰ গুলীবিদ্ধ শৰীৰ,টকিঅ’ৰ কাৰাগাৰত ছাইনাইডৰ কেপছুলত কামোৰ মাৰি আত্মহত্যাৰ বিফল প্ৰয়াস চলাইছিল একালৰ মহাপ্ৰতাপী জাপানৰ প্ৰধানমন্ত্ৰী হিডেকী টুজোৱে ,বোমাবিধ্বস্ত লণ্ডন চহৰৰ,পাৰ্লহাৰ্বাৰৰ ট্ৰেজেডী,স্তালিনগ্ৰেডৰ শুকুলা বৰফক ৰক্তাক্ত কৰা জাৰ্মান আৰু ৰাছিয়ান সৈনিকৰ লানি নিছিগা মৃতদেহৰ শাৰী,এজন একনায়কত্ববাদী শাসকে নিজৰ দেশৰেই জনতাক ভুৱা জ্যাতিভিমান আৰু ৰাষ্ট্ৰীয়তাবাদৰ আফিং খুৱাই ছয় মিলিয়ন ইহুদীক বিনা প্ৰতিৰোধে হত্যা কৰাৰ এক অভিশপ্ত ইতিহাস সেই সকল ইহুদীৰ কেৱল মাত্ৰ এয়াই অপৰাধ আছিল যে তেওঁলোক জন্মগতভাৱে ইহুদী আছিল,আগ্ৰাসী জাপানী সৈন্যই তেওঁলোকৰ দ্বাৰা অধিগ্ৰহিত চহৰৰ গৰ্ভৱতী নাৰীসকলক ধৰ্ষণ কৰি জন্মৰ পূৰ্বেই তেওঁলোকৰ গৰ্ভাস্থিত শিশুবোৰক হত্যা কৰাৰ এক বীভৎস বুৰঞ্জী,হিৰোছিমা আৰু নাগাচাকি,লিটল বয় আৰু ফেটমেন,চকুৰ পচাৰতে যুদ্ধ উন্মাদনাৰ লেলিহান শিখাই পুৰি ছাৰখাৰ কৰি পেলোৱা দুখন চহৰ আৰু সহস্ৰ-লক্ষজন নিৰীহ জাপানী নাগৰিকৰ সপোন,পাৰমানৱিক বোমাৰ অভিশাপৰ পৰা আজিও মুক্ত হোৱা নাই জাপান,আজিও হিৰোছিমা আৰু নাগাচাকিত প্ৰতিবছৰেই জন্ম হ’য় সহস্ৰাধিক বিকলাংগ শিশুৰ,ৰূপালী পৰ্দাত হিৰোছিমা আৰু নাগাছাকিৰ দৃশ্য দেখি আইনষ্টাইনে নিজকে অশ্ৰুসিক্ত নয়নেৰে অভিসম্পাত দিছিল,সমাজবাদৰ ফ্ৰেংকষ্টাইন স্তালিন নামৰ পশুটোৰ অহংকাৰ আৰু মিখাইল গৰ্ভছেভৰ বিবেকহীন মস্তিস্কই শীতল যুদ্ধৰ অন্তত ধ্বংস কৰিছিল মানৱতাৰ ধ্বজাৱাহী লেনিনৰ সপোনৰ স্বৰ্গৰ,মাত্ৰ এখন পাউৰুটিৰ বাবে সহস্ৰাধিক ছোভিয়েট নাৰীয়ে নিজৰ শৰীৰটো সপি দিবলৈ বাধ্য হৈছিল একো একোটা কামাতুৰ পশুৰ হাতত,যুদ্ধদানৱ নেপোলিয়নে যুদ্ধৰ অন্তত কি পালে?নিৰ্বাসন,নিসংগতা আৰু কৰুণ মৃত্যু,জীৱনৰ অন্তিম মূহূৰ্তত কিয় বিশ্ববিজয়ী আলেকজেণ্ডাৰে তেওঁৰ উদং হাতদুখন কফিনৰ পৰা বাহিৰলৈ উলিয়াই ৰখাৰ অনুৰোধ কৰিছিল,কাৰ্গিলৰ টাইগাৰ হিলত ত্ৰিৰংগা উৰোৱাৰ বিনিময়ত ভাৰতেই বা কি পালে আৰু কি হেৰুৱালে?এবাৰ মাত্ৰ নিজকে প্ৰশ্ন কৰক?মানৱ লিখিত বুৰঞ্জীৰ সিপাৰে আমাৰ কল্পনা আৰু আস্থাৰ পৃথিৱীৰ দ্বাপৰ যুগত ধৰ্মযুদ্ধখ্যাত কুৰুক্ষেত্ৰ ৰণত পঞ্চপাণ্ডৱক বিজয়ৰ আৰ্শীবাদ দিয়াৰ বিনিময়ত ভগৱান শ্ৰীকৃষ্ণয়েই বা কুৰুমাতা গান্ধীৰৰ অভিশাপৰ বিনে আৰু কি পালে?শ্ৰীকৃষ্ণটো ভগৱান আছিল আমিটো নিঃসহায় আৰু নিঃকিন মানুহ মাত্ৰ!

আমি সকলো জানো কিন্তু তাৰ পিছতো আমি একোৱেই নিশিকিলো৷আমি জানো যুদ্ধত সচাৰ্থত কোনোটো পক্ষৰেই বিজয় নহয় মাত্ৰ বিজয় হয় মানুহৰ অন্তৰত সুপ্ত ঘৃণা আৰু পশুত্বৰ কিন্তু তাৰ পিছতো আমি যুদ্ধ কৰো৷কোনোবাখন যদি মনৰ সীমনাত আৰু কোনোবাখন দেশৰ তুষাৰবৃত্ত সীমান্তত৷যেতিয়ালৈকে মানুহৰ অন্তৰত ঘৃণা,প্ৰতিস্পৰ্ধা আৰু পশুত্বৰ ভাৱৰ বিলুপ্তি নঘটে তেতিয়ালৈকে পৃথিৱীৰ প্ৰান্তই-প্ৰান্তই অবিৰতভাৱে চলি থাকিব এখনৰ পিছত আন এখন ৰক্তক্ষয়ী যুদ্ধ৷আমি বাৰে-বাৰে শান্তিৰ শ্লোগান দিয়াৰ পিছতো পৃথিৱীত অব্যাহত থাকিব যুদ্ধৰ ৰক্তাক্ত আৰু অভিশপ্ত ইতিহাস৷পুজিবাদৰ স্বাৰ্থত,সাম্ৰাজ্যবাদৰ স্বাৰ্থত,নৈৰাজ্যবাদৰ স্বাৰ্থত,সমাজবাদৰ স্বাৰ্থত,সাম্যবাদৰ স্বাৰ্থত,অস্ত্ৰ উৎপাদনকাৰী কাৰখানাবোৰৰ মালিকৰ মুনাফাৰ স্বাৰ্থত,ধৰ্ম ৰক্ষাৰ স্বাৰ্থত,মাতৃভাষাৰ প্ৰভুত্বৰ স্বাৰ্থত,জাতীয়তাবাদৰ স্বাৰ্থত,ৰাষ্ট্ৰীয়তাবাদৰ স্বাৰ্থত,সন্ত্ৰাসবাদৰ স্বাৰ্থত আৰু সন্ত্ৰাসবাদৰ বিলুপ্তিৰ স্বাৰ্থত৷ সেয়ে আমি সকলো বুজিও একো নুবুজো,সেয়ে আমি বাৰে-বাৰে শান্তিৰ শ্লোগান দিয়াৰ পিছতো যুদ্ধ কৰো আৰু সেয়ে আমি প্ৰতিবাৰেই বিফল হওঁ এখন যুদ্ধবিহীন পৃথিৱীৰ সপোনক সাকাৰ ৰূপ দিয়াত৷প্ৰকৃততে আমি ভীষণ অসহায় আমাৰ অন্তৰৰ ঘৃণা,প্ৰতিস্পৰ্ধা আৰু পশুত্বই জন্ম দিয়া ৰক্তক্ষয়ী যুদ্ধৰ সন্মুখত৷সেয়ে শান্তি আমাৰ প্ৰিয় বিকল্প হোৱাৰ পিছতো যুদ্ধ সদায়েই প্ৰাসংগিক৷সেয়ে মই যুদ্ধৰ পক্ষত কিন্তু অন্তৰৰ নিভৃত কোণৰ পৰা মই শান্তিৰেই কামনা কৰো৷মই আৱেগিক নহয় হয়তো জীৱনৰ পৰিস্থিতিয়ে মোৰ অন্তৰত সুপ্ত প্ৰেম আৰু আবেগক কাহানিবাই সমাধিস্থ কৰিলে৷কিন্তু ইয়াৰ পিছতো এই বিশেষ লিখনিতো লিখি থাকোতে মই বাৰে-বাৰে হুমুনিয়াহ কাঢ়িছো আৰু নিজকে বাৰে-বাৰে অভিসম্পাত দিছো মোৰ এই যুদ্ধ প্ৰীতিৰ বাবে৷ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষৰ প্ৰথম দিনাৰে পৰাই মই ৰাছিয়াৰ পক্ষত অৱস্থান কৰিছো কাৰণ মই বিশ্বাস কৰো নিৰপেক্ষ নামৰ কোনো পক্ষ নাই এই শ্ৰেণীবিভক্ত দুনীয়াত৷মই জানো মই মানৱতাৰ শত্ৰু কিন্তু কি কৰিব মই যে নিৰূপায় কাৰণ যুদ্ধ প্ৰাসংগিক বুলি বুজি উঠাৰ অন্ততো মই শান্তিৰ শ্ল’গান দিয়াৰ নাটক ৰচিবলৈ অপৰাগ৷ "যুদ্ধৰ সংজ্ঞা কি অৰ্থ কি আমি জানো,অথচ সন্দেহ হ’য় আমি একোৱেই নাজানো!
এইযে প্ৰতিদিন নিশব্দ সময়ৰ বুকুৰে অহাযোৱা এয়া কি যুদ্ধ নহয়?
এয়া কি যুদ্ধ নহয় এইযে মানুহৰ ওপৰেৰে মাটিৰ ওপৰেৰে ইতিহাসৰ ওপৰেৰে মানুহৰ ক্ষমাহীন পদ চাৰণা?
এয়া কি যুদ্ধ নহয় এই যে ঠিয় হৈ থকা নিজৰ ভিতৰত?
এই যে একাকীত্ব আৰু নিসংগতা প্ৰতিজন মানুহৰ এয়া কি যুদ্ধ ন’হয়?
প্ৰতিজন মানুহৰ এই যে বিচ্ছিন্নতা আৰু অপ্ৰেম এয়া কি যুদ্ধ নহয়.
যুদ্ধৰ সংজ্ঞা কি অৰ্থ কি মাৰ্ক্স লেনিনে কি কৈছিল
আজি যদি থাকিলহেঁতেন মাৰ্ক্স,তেওঁ নিশ্চয় ক’লেহেতেন:
কিমান যুদ্ধ চলি আছে আৰু তোমালোকে নাম ৰাখিছা প্ৰথম দ্বিতীয়৷”(বিপুল জ্যোতি শইকীয়াৰ মহাযুদ্ধৰ মহাকাব্যৰ প্ৰথমটো অংশ)
(Feel free to share)