“আপোনাৰ ভৌতিক গল্পবিলাক পঢ়ি মই প্ৰায়েই শিহৰিত হওঁ৷কিয় জানো!ভৌতিক সাহিত্যৰ প্ৰতি মোৰ এনে তীব্ৰ আকৰ্ষণ৷ভাল লাগে কিন্তু ভয়ো লাগে৷দিনৰ পোহৰত তেনে কোনো সমস্যা নাই৷কিন্তু ৰাতি!তথাপিও পঢ়ো৷মুঠতে এক এৰাব নোৱাৰা নিচা৷লিখি যাওঁক৷আপোনাৰ পৰৱৰ্তী গল্পটোৰ বাবে অপেক্ষা কৰিম“ আস! আজি অন্ততঃ তাই নিজেই যোগাযোগ কৰিলে৷মই তাইক ব্যক্তিগতভাৱে চিনি নাপাওঁ আৰু তাই মোৰ বন্ধুৰ তালিকাটো নাই কিন্তু ফেচবুকৰ সেই ভৌতিক সাহিত্যৰ বিশেষ গ্ৰুপটোত প্ৰকাশিত মোৰ প্ৰতিটো গল্পতেই তাই প্ৰতিক্ৰিয়াৰ ৰূপত এখন তেজৰঙা হৃদয় আঁকি দিয়ে৷মাজেসময়ে কমেণ্টো কৰে৷প্ৰায় এবছৰমানেই হ’ল৷তাইৰ প্ৰফাইল পিকছাৰখন কিন্তু একেই আছে৷হৰিণী নয়ন,ককাললৈকে বৈ পৰা মেঘালী চুলিটাৰি আৰু মিচিকিয়াই হাঁহি দিলেই জিলিকি উঠা এটা বেৰিয়া গজা দাঁত৷মই নাজানো তাইৰ সেই হৰিণী নয়নত এনে কি সুতীব্ৰ আকৰ্ষণ নিহিত হৈ আছে যাৰবাবে মই তাইৰ প্ৰফাইল পিকখন দেখাৰ মূহূৰ্ততেই তাইৰ প্ৰেমত পৰিছিলো৷এবছৰেই হ’ল কথাবোৰ বুকুৰ মাজত সাঁচি থৈছো৷প্ৰেম নিবেদনটো বহু দুৰৈৰে কথা আজিলৈকে বন্ধুত্বৰ প্ৰস্তাৱ পঠিয়াৰো সাহস ন’হল৷হয়তো এয়া মোৰ অৰ্ন্তমুখী স্বভাৱেই এক পুতৌলগা পৰিণতি৷অন্ধকাৰ অথবা পোহৰ কোনোটোৱেই স্থায়ী নহয়৷নিশাৰ অন্তকাৰৰ অন্তত ৰাঙলী সুৰুযে পূব আকাশত হেঙুলী আভা সিচি দিয়ে৷হয়তো এয়া পুবেৰুণৰেই আৰম্ভণী৷এইবাৰ অন্ততঃ ফাগুনক অথলে যাবলৈ দিব নোৱাৰি৷
“আপোনালৈ বন্ধুত্বৰ প্ৰস্তাৱ পঠিয়াইছো৷অৱশ্যে আপোনাৰ প্ৰফাইলটো লক হৈ আছে৷বন্ধুত্বৰ প্ৰস্তাৱক স্বীকৃতি দিলে সুখী হ’ম৷“পুনৰ তাইৰেই মেছেজ৷“ওপৰৱালা জৱ ভী দেতা,দেতা চপ্পৰ ফাৰকে“ হয়তো কোনোবা এখন পুৰণি হিন্দী বোলছবিৰ সংলাপ৷মইতো সপোন দেখি থকা নাইতো?এটা সন্তুষ্টিৰ হাঁহি মাৰি এক্সেপ্ত বুটামটো তিপি দিলো৷
তাইৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিল৷সেইদিনা নিশা ঘৰলৈ আহি থাকোতে এজন সুৰাসক্ত ট্ৰাকচালকে মোক মহতিয়াই নিলে৷মোৰ মস্তিস্কটো ছেদেলি-ভেদেলি হৈ হাইৱেত পৰি ৰৈছিল কিন্তু মোৰ স্মৃতিত তাইৰ সেই মোহনীয় ছবিখন তেতিয়াও সজীৱ হৈ আছিল৷হিন্দী চলচিত্ৰৰ নায়কৰ দৰে তাইলৈ বুকুৰ তপত তেজেৰে কোনোবাদিনা চিঠি লিখাৰ এটা সপোন আছিল৷কিন্তু ইতিমধ্যেই মোৰ শৰীৰৰ সমগ্ৰ তেজ শীতল হৈ ৰাজপথত ডোঙা বান্ধিছিল৷ হৃদস্পন্দন সদায়ৰ বাবে বন্ধ হৈ গৈছিল অথচ হৃদয়ে তাইক পাহৰিব পৰা নাছিল৷আজি মোৰ তিলনী৷প্ৰফাইত বহুজনে মোৰ আত্মাৰ সদগতি কামনা কৰি পৰমেশ্বৰক প্ৰাৰ্থনা জনাইছে৷কিন্তু প্ৰেমৰ মায়াপাশত আবদ্ধ মোৰ দৰে অতৃপ্ত আত্মাৰ মুক্তি জানো সম্ভৱ!কিবা বুজি পোৱাৰ পূৰ্বেই তাইৰ কৰ্ণকুহকত মোৰ অশৰীৰ শীতল কন্ঠই খুন্দা মাৰিলে ৰাণা দাৰ সেই বিখ্যাত গীতটিৰ এটা কলিৰ ৰূপত,”মৃত্যু সাৱতি সমাধি তলিত অকলে আছোহি শুই,এতিয়া পুনৰ আহিছা কিয় জ্বলাৱ কলিজাৰ জুই৷“ অন্ধকাৰ নিশাৰ নিস্তব্দতা ভাঙি এটা আৰ্তনাদ৷তাই মজিয়াত ধলি পৰিল৷তাইৰ হৃদস্পন্দন ধীৰে-ধীৰে মন্থৰ হ’বলৈ আৰম্ভ কৰিছে আৰু মাত্ৰ কেইটামান মূহূৰ্ত তাৰ পিছত তাইৰ নিস্প্ৰাণ শৰীৰটো চেঁচা পৰি যাৱ৷সোণ তুমি ক্ষমা কৰি দিয়া এই নিষ্ঠুৰ পৃথিৱীখনত মই তোমাক অকলশৰীয়া কৰি বাৰু কেনেকৈ এৰি যাওঁ৷মই প্ৰেমিক চৰাই মেলি দিছো মোৰ দুহাত৷আহা দুয়ো আৰম্ভ কৰো এক নতুন যাত্ৰাৰ মৃত্যুৰ সিপাৰৰ পৃথিৱী অভিমুখী য’ত তুমি হ’ব মোৰ চিৰকালৰ প্ৰিয়তম সহযাত্ৰী৷