(“Kashmir Files” ৰ মুক্তিৰ অন্তত একাংশই কৈছে আমাক “Assam File” লাগে৷তেন্তে শুনক “Assam File” ৰ কাহিনী৷)
অসম অসম হোৱাৰ সহস্ৰ বছৰৰ পূৰ্বে প্ৰাগজ্যোতিষপুৰ আছিল যি সমসাময়িক বিশ্বৰ জ্যোতিষবিজ্ঞানৰ প্ৰাণকেন্দ্ৰ আছিল ৷হয়তো প্ৰাগজ্যোতিষপুৰৰ জ্যোৰ্তিবিজ্ঞানী সকলৰ হাতত আজিৰ দৰে উন্নত প্ৰযুক্তিসম্পন্ন যন্ত্ৰ নাছিল কিন্তু তেওঁলোকৰ উৰ্বৰ মস্তিস্কই দৰ্শনৰ ৰূপত তত্ত্বৰ উদ্ভাৱন কৰিছিল৷কালক্ৰমে প্ৰাগজ্যোতিষপুৰ কামৰূপ হ’ল যাৰ শাসক আছিল শৈৱপন্থী পৰাক্ৰমী সম্ৰাট আৰু কেৱল শৈৱপন্থী হোৱাৰ বাবেই উত্তৰভাৰতৰ বৈষ্ণৱে তেওঁক প্ৰচণ্ড ঘৃণাৰে নৰকাসুৰ(নৰকৰ অসুৰ) বুলি অভিহিত কৰিছিল৷নৰকাসুৰৰ সময়ৰ সমৃদ্ধিশালী স্থাপত্যপ্ৰযুক্তিৰ নিদৰ্শনেই হ’ল আজিৰ কামাখ্যাপীঠৰ মেখেলা উজোৱা বাট৷নৰকাসুৰৰ উত্তৰাধিকাৰী হস্তৰোহী ভগদত্তই আৰ্য্যব্ৰতৰ ধৰ্মযুদ্ধত জোৱাই দুৰ্য্যোধন(সূৰ্য্যোধন)ৰ পক্ষ লৈ যুঁজিছিল৷ধৰ্মযুদ্ধত আৰ্য্যব্ৰতৰ সকলো ৰাজ্যই অংশ লৈছিল অৰ্থাৎ অসমৰ পূৰ্বৰ পৰাই চিকেন নেকৰ সিপাৰৰ মূলভাৰতৰ সৈতে সম্পৰ্ক আছিল আৰু অসম আছিল আৰ্য্যব্ৰত বা মহাভাৰতৰ অংশ৷

নালন্দা আৰু তক্ষশীলা অগ্নিৰ দাৱানলত জাহ গ’ল দিল্লীৰ সিংহাসন দখল কৰিলে বিদেশী শক্তিয়ে কিন্তু দিল্লী দখলকাৰী বিদেশী শক্তি চুকাফাৰ মানসপুত্ৰ বৰঅসমৰ হাতত এবাৰ-দুবাৰ নহয় সোতৰবাৰ পৰাজিত হৈ উভতি গ’ল৷যি অসম বিদেশী শক্তিয়ে সোতৰ বাৰ প্ৰচেষ্টা কৰিও দখল কৰিব পৰা নাছিল ধৰ্মৰ আফিঙে সেইখন অসমতে মোৱামৰীয়া বিদ্ৰোহৰ ৰূপত নৈৰাজ্যৰ জন্ম দিলে আৰু ক্ষমতালোভী বদনে নিজৰ মাতৃভূমিক মানৰ হাতত তুলি দিলে৷মানক খেদিবলৈ বগা চাহাব আহিল আৰু আমি গোলাম হ’লো৷পাত গাভৰু কনকলতাই বুকুৰ তেজেৰে গোলামীৰ শিকলি খুলিল আৰু আমি পুনৰ স্বাধীন ভাৰতৰ মূলসুঁতিলৈ উভতি আহিল৷

বঙালী বাবুৱে ব্ৰিটিছৰ দিনতে ৰচা ষড়যন্ত্ৰক প্ৰতিহত কৰাৰ বিনিময়ত মোজম্মিল হক শ্বহীদ হ’ল আৰু আমি পুনৰ আমাৰ মাতৃভাষাৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলো৷এজন বিবেকহীন অসমীয়াই গোলামীৰ ৰাগ টানি গালে ইন্দিয়া ইজ ইন্দিৰা আৰু তাৰেই প্ৰতিফলস্বৰূপে তেওঁৰ ইন্দিৰাই আমাক অবৈধ অনুপ্ৰৱেশকাৰী উপহাৰ ৰূপে দিলে৷ৰাভাৰ অনুগামী সাম্যবাদীয়ে ইয়াৰ বিৰোধিতা কৰিল৷ৰঙা চীনৰ সীমান্তৰ অসম ইণ্ডিৰা নহয় এইবাৰ খোদ মাৰ্কিনযুক্তৰাষ্ট্ৰৰ হৃদয় কপি উঠিল৷CIA য়ে এটা আন্দোলনৰ সৃষ্টি কৰিলে আৰু “TIME” আলোচনীৰ বেটুপাতত কোৱা হ’ল এইয়া বিশ্বৰ মহানতম ছাত্ৰ আন্দোলন৷শ্বহীদৰ তালিকাখন বৰ দীঘল সেয়ে পৰিসংখ্যা দাঙি নধৰো ক্ষমা কৰিব৷বিদেশী বিতাৰণৰ দাবীত হোৱা ইতিহাসৰ এই মহানতম ছাত্ৰ আন্দোলনে অৱশেষত নেলী আৰু চাউলখোৱাত গণহত্যাৰ তাণ্ডৱনৃত্য কৰিলে৷কমিউনিষ্টবোৰক বাচি-বাচি মৰা হ’ল আৰু গোঁহাই ছাৰৰ শিৰৰ তেজেৰে ৰক্তাক্ত হ’ল ৰাজপথ৷ইয়াৰ পিছত দুজন ছাত্ৰনেতাই অসমীয়াৰ আবেগক দিল্লীৰ হাতত বিক্ৰী কৰি দি ছাত্ৰনিৱাসৰ পৰা পোনেই অসমীয়াৰ আৱেগ গামোচাৰ ওপৰেৰে খোজ কাঢ়ি বিধায়কৰ আবাসত প্ৰৱেশ কৰিলে৷হতাশগ্ৰস্থ মধ্যবিত্তই ৰংঘৰত মুখেৰে বুলেট ত কামুৰি উদিত সূৰ্য্যৰ সপোন দেখিল আৰু আৰম্ভ হ’ল এখন নৃশংস যুদ্ধৰ৷

ভাৰতীয় জাতীয়তাবাদ আৰু অসমীয়া মধ্যবিত্তীয় বৰ্ণ হিন্দুৰ জাতিয়তাবাদৰ নামত৷কবিৰৰঞ্জন,হীৰকজ্যোতি আৰু যে কিমান স্বাধীনতাকাংক্ষীৰ মৃত্যু হ’ল৷মৃতদেহবোৰ জ্বলাবলৈ খৰিৰ অভাৱ হ’ল আৰু সেয়ে ৰাজপথত টায়াৰ জাপি মৃতদেহৰ স্তুপটোক জ্বলাই দিয়া হ’ল৷ভনীমাই দত্তক ভাৰতীয় সেনাৰ পোছাক পৰিহিত কিছুমান নৰখাদকে দলবদ্ধ ধৰ্ষণ কৰিলে আৰু সিহঁতে ইয়াৰ প্ৰতিশোধ লবলৈ মাজুলীৰ প্ৰেমিক সঞ্জয় ঘোষ,বিদেশী অভিযন্তা গ্ৰীটচাংকো,প্ৰতিবাদী সাংবাদিক আৰু ধেমাজীৰ কণকণ ল’ৰাছোৱালী সকলোকে মাৰি পেলালে৷সঞ্জয় ঘোষৰ চকু দুটা কাঢ়ি জিভাখন কাটি পেলোৱা হৈছিল আৰু ধেমাজী ৰক্তাক্ত হৈছিল দেৱশিশুৰ অৰ্দ্ধগলিত মঙহেৰে৷ইতিহাসে পুনৰাবৃত্তি কৰে৷গণহত্যা আকৌ হ’ল এইবাৰ সৰ্বহাৰা উত্তৰ ভাৰতীয়ৰ৷নবীন জাতীয়তাবাদী মুখ্যমন্ত্ৰীয়ে বাগৰুম্বাক অভাৰটেক কৰিলে আৰু বড়োভাইহঁতৰ মাজৰ এক প্ৰতিবাদী কন্ঠক গতিয়াই নিজৰ কাৰ্য্যলয়ৰ পৰা বাহিৰ কৰি দিলে৷ডিভাইড আছাম ৫০-৫০,গুৱাহাটীৰ ধাৰাবাহিক বোমা বিস্ফোৰণ আৰু এই সকলোবোৰৰ অন্তত আমি এটা নৰখাদকক গামোচা পিন্ধাই আদৰি আনিলো৷স্বাধীনতাকাংক্ষী সকলৰো আমনি লাগিল,অসমৰ সম্পদ বহিৰাগত বণিয়াক লুন্ঠন কৰিব নিদিও বুলি শপত খোৱা বিপ্লৱীয়ে অৱশেষত বণিয়াৰ তলৰ ঠিকাদাৰ হ’ল আৰু একাংশ হৈ পৰিল বিভীষিকাময় গুপ্তহত্যাৰ মাগদৰ্শক৷ভলন্টিয়াৰ ৰিটায়াৰমেণ্ট লোৱা বিপ্লৱীৰ সহযোগত ৰাষ্ট্ৰই চাংলত ফেনলাৰ স্ৰষ্টাক হত্যা কৰিলে আৰু আমি তেওঁক ইতিহাসৰ ডাষ্টবিনলৈ দলিয়াই দিলো৷

পৰিবৰ্তন প্ৰয়াসী অসমীয়াই পৰিবৰ্তনৰ দাবীত ইভিএমৰ বুটাম টিপিল আৰু তাৰ প্ৰতিদানস্বৰূপে আমি কা উপহাৰ পালো৷ছেম নামৰ এজন কিশোৰে গুৱাহাটীৰ মাজমজিয়াত গুলী খালে আৰু তেওঁৰ পিতৃয়ে ব্যক্তিগত শোকক প্ৰত্যাখ্যান কৰি জাতীয়তাবাদী শিবিৰৰ কাষত ঠিয় দিলে আৰু সেইখিনি জাতীয়তাবাদীয়েই লতাশিলত কৌশলগত ভাৱে অসমৰ তৃতীয়টো গণআন্দোলনৰ জিন’চাইড কৰিলে৷ভোট বিভাজনৰ ৰাজনীতি,অৰূন্ধতীৰ ধন আৰু ঋণৰ মুক্তিৰ বিনিময়ত ২৪ ত আমাৰ সমগ্ৰ জাতিটোৱেই নিৰ্ল্লজভাৱে আত্মসমৰ্পণ কৰিলে৷মোৰ সৈতে একেলগে আন্দোলন কৰা ৰাজনৈতিক বিকল্পৰ চিন্তা কৰা বহুজন আজি ৰজাঘৰৰ বুকুৰ কুটুম৷


“Assam File” লাগে ন!”Right to Truth” লওঁক এয়াই তাৰ মূল স্ক্ৰীপ্ত৷আছে কলিজা চিনেমা বনাবলৈ৷গোটেই বিশ্বই থুৱাব আমাক৷আমি এক মূৰ্খ,স্বাৰ্থপৰ আৰু হত্যাকাৰী জাতিৰ বিশ্বাসী প্ৰতিনিধি৷যাওঁক বনাওক চিনেমা৷জগতে জানক অসমীয়া জাতিৰ সত্য কেনে নিষ্ঠুৰ৷

Leave a comment