(1)
মুনমুনৰ কান্দোনত প্ৰমিলাৰ টোপনি ভাঙিল৷“পিয়াহ লাগিছে চাগৈ বেছেৰীৰ৷“প্ৰমিলাই ব্লাউজৰ পিনটো খুলিবলৈ লৈ হঠাৎ শিল পৰা কপৌজনীৰ দৰে থমকি ৰ’ল৷প্ৰমিলাৰ দুগালেৰে অশ্ৰুধাৰা বৈ আহিল৷এৰা আজি চাৰিটা বছৰেই হ’ল বানপানীৰ পিছতে তেজহাগনী হৈ মুনমুন ধুকোৱাৰ৷জীয়াই থকা হ’লে আজি হয়তো প্ৰথমমানৰ ছাত্ৰী হ’লহেতেন৷কান্দোনটো পুনৰ ভাহি আহিল বাৰীৰ ধাপৰ মৰিশালিটোৰ পৰা৷
(2)
“হেই প্ৰেৰণা!কলেজলৈ নে?“ প্ৰেৰণাই মোক ভ্ৰুক্ষেপেই নকৰিলে৷প্ৰেৰণা হয়তো আজিও আগৰ দৰেই ভীষণ জিদী৷কি ভূল আছিল মোৰ প্ৰেৰণা৷তোমাক একপক্ষীয় ভাৱে ভাল পোৱা!সিদিনাও তুমি মোৰ প্ৰেমক এনেকৈ অৱজ্ঞা কৰি আতৰি গৈছিলা আৰু মই নিশা নিজকে আৱিস্কাৰ কৰিছিলো মোৰ হোষ্টেলৰ কোঠাৰ ফেনত ওলমি থকা এক মৃতদেহৰ ৰূপত৷
(3)
চৰকাৰী হস্পাতালৰ পোষ্ট মৰ্টেম কক্ষ৷এগৰাকী অতীৱ সুন্দৰী ষোড়শী গাভৰু অথচ হিমশীতল আৰু নিস্প্ৰাণ৷তাইৰ পেটত ডিছেকশ্যন নাইফখন বহুৱাই দিলো৷“হেই!লাহে-লাহে৷মোৰ সম্পূৰ্ণ সংজ্ঞা এতিয়াও লোপ পোৱা নাই৷ইমান বৈষম্য কিয় ডক্তৰ!জীৱন্ত ব্যক্তিৰ বাবে এনাছথেছিয়া আৰু আমাৰ বাবে!“ এজাক হিমচেঁচা বতাহে মোৰ কাণে-কাণে কৈ গ’ল৷তাইৰ শান্ত মুখখনত মোৰ আগোচৰেই ফুটি উঠিল এক ঘৃণা আৰু ঠাট্টা মিহলি হাঁহি৷
(4)
চকুকেইটা আকৌ এবাৰ মোহাৰি চালো৷আৰে এয়া কেনেকৈ সম্ভৱ হ’ব পাৰে?গগৈ উদং গা আৰু চুৰিয়াসহ পথাৰত৷গৰু খেদাই আছে৷আৰে!মইচোন এঘন্টামান পূৰ্বে গগৈৰ ঘৰত মৎস্যস্পৰ্শ কৰি আছো৷আজি গগৈ ধুকোৱাৰ তেৰ দিনেই হ’ল৷বেছেৰাৰ গৰু কেইটালৈ বৰ হেপাঁহ আছিল৷হঠাৎ গগৈয়ে দুৰৈৰ পৰাই মোক ৰিঙিয়ালে,”হৌৰি খাউন্দ দা৷কি ভাবি আছে৷এইফালে আহক৷এইফালে মানে সিপুৰীলৈ৷কিয় আপুনিচোন দহ মিনিট মানৰ পূৰ্বেই মোক দেখি হাৰ্ট ফেইল কৰিলে৷সৌৱা চাওঁক আপোনাৰ ভেলটো কেনেকৈ মজিয়াত পৰি আছে৷“গগৈয়ে তামোলৰ পিকেৰে ৰঙা দাঁত দুপাৰি উলিয়াই খিকখিকাই হাঁহিবলৈ ধৰিলে৷
(5)
সময় প্ৰায় মাজনিশা৷সচাৰচৰ দৰে আইনাৰ সন্মুখত আজিৰ অন্তিমটো ছিগাৰেট জ্বলাই কুণ্ডলীপকোৱা ধোৱাখিনি এৰি দিলো৷হঠাৎ কান্ধদুখন পুনৰ বেছ ভাৰী হৈ পৰিল৷আইনাত স্পষ্টকৈ দেখা পালো জুটুলি-পুটুলি চুলিৰে আইনু পুনৰ মোৰ কান্ধত৷বিশ্বাসঘাটকিনীক মাৰি পিৰালিৰ তলত পুতি থোৱাৰ প্ৰায় এটা দশকেই হ’ল৷জীয়াই থাকোতেও জ্বলাইছিল আৰু এতিয়া তাইৰ হত্যা আৰু মোৰ আত্মহত্যাৰ এক দশক পিছতো৷
(6)
গল্পকাৰৰ মৃত্যুহোৱাৰ ৭২ ঘন্টা অতিক্ৰম কৰিলে৷অনুগল্পকেইটা হয়তো গল্পকাৰৰ নহয় সংগ্ৰহীত৷গল্পকাৰৰ ডায়েৰীৰ শেষৰ পাতখন হিমচেচাঁ বতাহজাকে লুটিয়াই পেলালে য’ত লিখা আছিল,”এই অনুগল্পকেইটা অনুগ্ৰহ কৰি নপঢ়িব ন’হলে আপোনাৰো মৃত্যু সুনিশ্চিত৷হয়তো তামোলৰ পিকেৰে ৰঙা দাঁতকেইটা নিকটাই গগৈয়ে ক’ব আপোনাৰো সময় হ’ল৷“

Leave a comment