কৈশোৰ আৰু যৌৱনৰ সন্ধিক্ষণত মই বন্ধুমহলত বাদুলি নামেৰে জনাজাত আছিলো৷কাৰণ মই নিশাচৰ৷দীঘলীয়া বিমান যাত্ৰাৰ অভ্যাস নাই হ’লেও জেট লেগৰ চিকাৰ৷পূৱ আকাশত সুৰুযে হেঙুলী আভা সিচি দিয়াৰ পৰত মই শোৱাপাটীলৈ যাওঁ৷প্ৰায়েই ভাবো এনেকৈ আৰু কিমান দিন৷আজি বাৰ বজাৰ আগেয়ে শুৱ লাগিব৷কিন্তু কিয় নাজানো ৰাতিৰ শেষ প্ৰহৰৰ প্ৰতি মোৰ এনে কি অনামী আকৰ্ষণ?পৰিণতিত প্ৰায়েই পলমকৈ সাৰ পাওঁ৷অধ্যাপকসকলে গালি দিয়ে৷অৱশ্যে অধ্যক্ষ ছাৰ কোমল হৃদয়ৰ গৰাকী আছিল সেয়ে হয়তো বাৰ্ষিক পৰীক্ষাত বহাৰ অনুমতি পাইছিলো৷প্ৰায় দুটা দশকেই পাৰ হ’ল৷কিন্তু বোলে কথাতে কয় ন’হয় “ চোৰে নেৰে চোৰ প্ৰকৃতি,কুকুৰে নেৰে চাই,যাৰ যি স্বভাৱ সি মৰিলে লগতে যায়৷“ আজি প্ৰায় এটা বৰ্ষৰ অন্তত মোৰ যৌৱনৰ তিতা-মিঠা অভিজ্ঞতাৰ সাক্ষী চহৰখনলৈ আহিছো৷সময় গতিশীল আৰু নিষ্ঠুৰো৷সময়ে পৰিবৰ্তন কঢ়িয়াই৷সময়ৰ চকাত পিস্ত মই আজি মোৰ চহৰৰ পৰা হাজাৰ যোজন দুৰত্বৰ আন এখন দেশৰ অধিবাসী৷হ’লেও বছৰেকত এবাৰ পাক এটা মাৰো৷এটা বছৰতে চহৰখনৰ ভালেমান পৰিবৰ্তন হ’ল৷সৌখন ঘোষবাবুৰ পাণ ভাণ্ডাৰ৷সৌজন হ’য়টো ঘোষবাবুৰ ডাঙৰটো ল’ৰা৷কলেজীয়া দিনবোৰত ঘোষবাবুৰ দোকানখনেই আছিল আমাৰ আড্ডাৰ প্ৰাণকেন্দ্ৰ৷হাতত জ্বলন্ত নেভিকাট,ধূম্ৰধূসৰ গধূলি,লাল চাহ আৰু পকৰিৰ জুতি,সদা দাৰ বিশ্লেষণাত্মক ৰাজনৈতিক ভাষণ,পৰেশৰ ক্ৰিকেট প্ৰেম,যতীনৰ বলীউদ,ঘোষবাবুৰ এশ-এবুৰি ফুচুৰি প্ৰসংগ আৰু খাউন্দ মানে অমুকাৰ ভূতৰ গল্প৷মুঠতে এক আড্ডা জীপাল সন্ধিয়া৷
“এটা নেভিকাট দিবা“ লাইটাৰেৰে অগ্নিসংযোগ কৰি ডেকাল’ৰাজনক সুধিলো,”তুমি ঘোষবাবুৰ ডাঙৰটো ল’ৰা নহয় জানো?হুমম কি নাম আছিল তোমাৰ?“ “জগত“ “হা জগত৷আগতে তোমালোকৰ দোকানতে কিমান আড্ডা দিলো৷তেতিয়া তুমি তেনেই কেঁচুৱা৷ভাইটিৰ জন্মই হোৱা নাই৷মাজে-মাজে বৌয়ে তোমাক কোলাত লৈ সন্ধিয়া এইফালে এপাক ওলাই আহে!সেই তেতিয়াই বৌৰ কোলাতে দেখা৷বৰ এটা হ’লা হে!“ নেভীকাটৰ ধোৱাখিনি দুৰলৈ এৰি দি এটা শীতল হাঁহি মাৰিলো৷ “ অহ!মানে আপুনিয়েই খাউন্দ দা!দেউতাই আপোনালোকক খুউৱ মনত পেলাই…….” “আহ! জানো,জানো ঘোষবাবুক মইতো প্ৰায়েই লগ পায়েই থাকো৷তেওঁ আৰু মোৰ ৰসাল ভূতৰ গল্পৰ ৰস এৰিব পাৰে নে!“ “কিন্তু দেউতা যোৱাবছৰেই ধুকাল৷“ “অস!মই মাজে-মাজে এইফালে আহো৷আহিলে ইয়াতে এটা ছিগাৰেট ঘোষ বাবুৰ সৈতে দুআষাৰ কথা৷যোৱাবছৰ বিহুৰ সময়ত আহোতেও লগ পাইছিলো৷হঠাৎ মানে কেনেকৈ৷“ মই প্ৰসংগ সলোৱাৰ যত্ন কৰিলো৷ “মানে দাদা পূজাৰ সময়ত ক’ৰণা হৈ………” “ইস,ইস!এইটো বৰ সাংঘাতিক আপদ হে৷ভূততকৈও অদ্ভুত৷চীনত কেইটামানে কি বাদুলী খালে৷গোটেই সংসাৰখনতে পয়মাল৷ক’ত মৰা মৰা এতিয়া৷“ “দাদা৷আপোনাৰ ভূতৰ গল্পৰ প্ৰশংসা দেউতাই প্ৰায়েই কৰিছিল৷বাতৰিকাকতত প্ৰকাশিতবোৰ ফাইল কৰি সাঁচিও থৈছিল৷আজি মোৰেই ভাগ্য আপোনাক পালো৷তাকো গোমা বতৰ৷কাষ্টমাৰৰো দেখাদেখি নাই৷দোকান সামৰাৰ কথাই ভাবিছিলো৷পিছে এতিয়া আপুনি আহিল যেতিয়া ঘৰ-বজাৰ পিছত দেখা যাব৷আপুনি কিন্তু আজি মোক গল্প শুনাব লাগিব৷“ “না বাবা না!পাঁচবছৰ হ’ল মই ভূতৰ গল্প নিলিখাৰ৷লিখাটো বাদেই জীৱন্ত মানুহকো ভূতৰ গল্প নকও বুলি তেতিয়াই তিনি শইত খালো৷বৰষুণ দিব৷তুমিও ওলোৱা৷মোৰ দুৰণিলৈ যাব লগা আছে৷“ মই মিচিকিয়াই ক’লো৷ “দাদা আপুনিও বেছ ফুচুৰি কৰে৷আমি জীয়া মানুহেই যদি ভূতৰ গল্প নুশুনো আপুনি কি ভূতকেই ভূতৰ গল্প শুনাব৷ৰ’ব কেটলীত চাহ একাপ বঢ়াও৷চাহ,পকৰি আৰু ভূতৰ গল্প৷“ ডেকাজনে কথাখিনি কৈ হাঁহি-হাঁহি বৈদ্যুৎতিক কেটলীৰ চুইচটো অন কৰিল৷হঠাৎ আকাশত বিজুলীয়ে চমকি উঠিল৷মই কিবা সিদ্ধান্ত লোৱাৰ পূৰ্বেই সি চিৎকাৰ কৰি উঠিল আৰু বিদ্যুৎকৰ্তনৰ ফলশ্ৰুতিত সমগ্ৰ গলিটোৱেই অন্ধকাৰত বুৰ গ’ল৷
“লাগিলে নে কাৰেণ্টৰ চক৷উস!এনেহেন বতৰ৷বিদ্যুৎৰ সৈতে খেলা কৰোতে অলপ সাৱধান হোৱা উচিত৷বাৰু তোমাৰ জীদৰ ওচৰত অমুকাই হাৰ মানিলে৷শুনা তেন্তে ভূতৰ গল্প৷“মই মিচিকিয়াই আৰম্ভ কৰিলো,”আজিৰ পৰা পাঁচবছৰৰ আগৰ কথা৷মই তেতিয়া ৰঙাপাৰাত৷কংক্ৰিটৰ সভ্যতাৰ পৰা শত যোজন দুৰত্বৰ এখন সৰু পাহাৰীয়া চহৰ৷মোৰ চাকৰিটো ষ্টেচন মাষ্টাৰৰ৷ষ্টেচন মানে দিনটোত মাত্ৰ এখন ট্ৰেইন৷তাকো নিশা বাৰ বজাত৷ইফালে মই আকৌ বাদুলী৷পুৱতি নিশাহে পাটীত পৰো৷সেয়ে একেবাৰে চৰকাৰ হুজুৰে গোৰ মাৰি গংগাত পেলালে৷দিনৰ দিনটো ৰেলৱে কোৱাৰ্টাৰৰ এচলীয়া কোঠাত ধোবাং-বাং মাৰি শোও আৰু সন্ধিয়া হোৱাৰ মাত্ৰকে ষ্টেচন৷ষ্টেচনত মানুহ বুলিবলৈ মাথো ময়েই৷যাত্ৰী বুলিবলৈও প্ৰায়ে ৰিক্ত৷পুহৰ শেষৰ এক হাড়কপোৱা সন্ধিয়া৷আবেলিৰ পৰা কিনকিনাই বৰষুণো দি আছে৷এটা হলৌচোলা সদৃশ জেকেট,মুৰত বান্দৰ টুপী,হাতত এটা চাৰিবেটেৰীয়া টৰ্চ আৰু পকেটত অল্ড মংকৰ কোৱাৰ্টাৰ৷আহা!ককায়েৰা মদাহী নহয় দেই৷পাহাৰীয়া জেগা তাকো আকৌ পুহৰ বৰ্ষামুখৰ নিশা৷গাটো গৰম কৰিবলৈকে এটুপি লাগে দিয়াছোন৷সচাৰচৰ দৰেই অন্ধকাৰত বুৰ যোৱা এক শূণ্য ষ্টেছন৷দুৰৈৰ গীৰ্জাৰ পৰা ভাহি অহা দহ বজাৰ ঘন্টাধ্বনি৷ইতিমধ্যেই মই দুটা পেগ শেষ কৰি তিনিনম্বৰ নেভী কাটটো জ্বলাইছো৷“শুনকছোন৷ট্ৰেইন লেট হ’ব নেকি?“ মই চকু কেইটা মোহাৰি পুনৰ চালো৷ জনশূণ্য ষ্টেচনত এই বৰ্ষামুখৰ পুহৰ হাড়কপোৱা নিশাত কোন এই ৰমনী৷মোৰ নিচা হোৱা নাইটো৷ “ট্ৰেইন লেট হ’ব নেকি?“ যুৱতীগৰাকীয়ে পুনৰ কোমল কন্ঠস্বৰেৰে সুধিলে৷ “হা!নাই,নাই কিয় লেট হ’ব৷অন টাইম!“ খপজপকৈ ছিগাৰেটৰ ধোৱাখিনি গিলি দিয়াৰ বাবে মোৰ কাঁহ আহিল৷ “অহ!থেংক গড আৰু মিষ্টাৰ ধুম্ৰপাণ স্বাস্থ্যৰ বাবে অপকাৰী৷কিন্তু আপুনি খাব পাৰে,মই মাইণ্ড নকৰো!”যুৱতীয়ে এটা মিঠা হাঁহি মাৰি প্লেটফৰ্মৰ দিশে খোজ ল’লে৷“হেই!মিছ ৰ’ব ক’ত যায়৷ট্ৰেইন আহি পাবলৈ আৰু দুঘন্টা আছে৷বাহিৰত ইমান ঠাণ্ডা!শিল হৈ যাৱ৷আপুনি ইয়াতে বহিব পাৰিব৷“ মই সন্মোহিত ব্যক্তিৰ দৰে প্ৰায় চিঞৰি উঠিলো৷ৰঙাপাৰাৰ দৰে মফচলীয়া চহৰৰ এই জৰাজীৰ্ণ ট্ৰেইন ষ্টেছনত মাজনিশাৰ প্ৰহৰত লাস্যময়ী আধুনিকা!তাকো আকৌ মই ত্ৰিশৰ দেওনাৰ কাষ চপা অকলশৰীয়া যুৱক৷প্ৰেম কৰা নহয় হৈ যায়৷মোৰো হয়টো ক্ষণিকতে হৃদয়ত ফুলি উঠিল প্ৰেমৰ শতদল৷এটা সলাজ হাঁহি মাৰি তাই মোৰ কাষত বহিল৷ “আপুনি মদ খাই আছে!চাওঁ গুচক৷মই ইয়াত আৰু একমূহূৰ্তও ৰ’ব নোৱাৰো৷মই প্লেটফৰ্মতে অপেক্ষা কৰিম৷“মই মূহূৰ্তৰ বাবে শিল পৰা কপৌ হৈ পৰিলো৷ক্লান্ত স্বৰেৰে মুখেৰে মাত্ৰ এশাৰ বাক্যই নিক্ষেপিত হ’ল,” কিয়?মদ খালে মানুহ পশুত পৰিণত হ’য় নেকি!“ এইবাৰ তাই জব্দ হ’ল আৰু ক’লে,“ নহয় কিন্তু মোৰ সৰু ভাইটিটো তেনেকৈ,তেনেকৈ মদ খায়েই মৰিল৷লিভাৰটো পঁচি গৈছিল৷ঘৰৰ সাচতীয়া ধন কেইটাও তাৰ চিকিৎসাৰ নামতে শেষ হ’ল আৰু এতিয়া মই দেউতা নোহোৱা ঘৰখনত অসুখীয়া মা আৰু ভনীদুজনীৰ ভবিষ্যৎৰ স্বাৰ্থত মই নৰ্তকী,বাৰ ডান্সাৰ৷কি হ’ল একো নকলে যে!নে মোহভংগ হ’ল?কিন্তু প্ৰতিজন মদাহী পশু নোহোৱাৰ সমান্তৰালভাৱে এয়াও সত্য যে প্ৰতিগৰাকী বাৰ ডান্সাৰেই নষ্ট চৰিত্ৰৰ অধিকাৰিণী নহ’য়৷”মই মূক হৈ ৰ’লো আকাশত বিজুলীয়ে চিকমিকালে তাইৰ চকুৰ কোণত জিলিকি উঠিল অশ্ৰুৰ মুকুতা মালা৷ কিছু সময় মৌন হৈ থাকি মই মৃদু কন্ঠেৰে ক’লো,” মদাহীয়ে কাকো জাজ নকৰে৷কেনেকৈনো কৰিব!মানুহক জাজ কৰিবৰ বাবে প্ৰয়োজন হয় মস্তিস্কৰ৷সুৰাৰ ৰাগীত ডুবি থকা দেৱদাসৰ চন্দ্ৰমুখীক জাজ কৰিবলৈ আহৰিয়েই বা ক’ত৷“ এইবাৰ দুয়ো সমস্বৰে হাঁহি উঠিলো কিন্তু মোৰ অজ্ঞাতেই হয়তো মই সিদিনা উন্মুক্ত কৰিছিলো এক নিষ্ঠুৰ সত্যৰ৷আমাৰ দুখভৰা গভীৰ কথাবৰ্তাক ক্ৰমে পছোৱা জাকে কপাহী তুলাহেন পাতল কৰি তুলিলে আৰু অন্ততঃ আৰম্ভ হ’লে মোৰ ভৌতিক গল্প৷ৰোমাঞ্চিতা শিহৰিত হৈ পৰিল৷আস!তাইৰ নাম আছিল ৰোমাঞ্চিতা৷“ মই এটা হুমুনিয়াহ কাঢ়িলো৷
“কি তাই ভূত আছিল?“ সি অনুচ্চ কন্ঠেৰে সুধিলে৷ “আৰে বাবা!আচল কাহিনীৰ আৰম্ভই হোৱা নাই তুমি ইফালে সেপ ঢুকিবলৈ আৰম্ভই কৰিলে৷এনেকৈ হ’লে কি হ’ব হে ডেকা ল’ৰা৷কলিজাত এইকণো পিত নাই সি আকৌ ভূতৰ গল্প শুনে৷“ “এ নাই,নাই দাদা!কি কয়৷আৰম্ভ কৰক৷মই মানে এনেয়ে……”বেছেৰাই প্ৰচণ্ড লাজ পাইছে ” বাৰু বাদ দিয়া৷এতিয়া আকৌ মূল কথালৈ আহো৷বুজিছা ভাইটি৷মই কলেজীয়া জীৱনত ভীষণ দুষ্ট আছিলো৷ঠিক দুষ্ট বুলিলে ভুল হ’ব৷একেবাৰে বাঘৰ আগতেল খোৱা হোষ্টেলৰ বাদুলী৷সুৰাৰ ৰাগী,মন উতলা কৰা পছোৱা,চিকমিক বিজুলী,ৰোমাঞ্চিতাৰ সান্নিধ্য আৰু সুৰাৰ ৰিমঝিম ৰাগীয়ে লাহে-লাহে গহীন ষ্টেচন মাষ্টাৰৰ হৃদয়ত শুই থকা হোষ্টেলৰ অঘাইতং বাদুলিক পুনৰ জগাই তুলিলে৷ৰোমাঞ্চিতাৰ মুখ দেখিয়েই বুজিলো বেচেৰীয়ে পেটে-পেটে ভীষণ ভয় খাইছে৷মই হঠাৎ তাইক সুধি পেলালো,“ ৰোমাঞ্চিতা তুমি ষ্টেচন মাষ্টৰৰ কথাটো শুনিছা নে নাই৷ “ওহো!আৰু প্লীজ নালাগেও৷বহুত হ’ল৷ৰাতি ট্ৰেইনত ভয়তে টোপনি নাহিব৷ট্ৰেইনো পাবৰ হ’ল৷তোমাৰ ফোন নাম্বাৰটো দিয়া৷আকৌ লগ পাম৷তেতিয়া শুনাবা৷“ “আৰে!ৰোমাঞ্চিতা আৰু মাত্ৰ এটা৷তাৰ পিছত মোৰ নম্বৰ তোমাৰ হাতত,তুমি ট্ৰেইনত,অকলশৰীয়া ট্ৰেইন মাষ্টাৰ পুনৰ কোৱাৰ্টাৰত৷অৱশ্যে তুমি মাতিলে লগ কৰিবলৈ যাব পাৰি নে কি কোৱা চন্দ্ৰমুখী!“তাই মোৰ ইংগিতটো ঠিকেই বুজিলে৷“হ’ব বাৰু দেৱবাবু!কাইলৈ কি হ’য় কোনে জানে? এতিয়া জল্দি-জল্দি গল্প কৈ শেষ কৰা৷মই ট্ৰেইন ধৰিব লাগে৷“ মই এটা হুমুনিয়াহ কাঢ়ি আৰম্ভ কৰিলো,”আজিৰ পৰা প্ৰিয় বিশবছৰৰ আগেয়ে ৰঙামাটি ষ্টেচনত এজন ট্ৰেইন মাষ্টাৰ নতুনকৈ বদলি হৈ আহিছিল৷একদম মোৰ দৰেই ত্ৰিশ বছৰীয়া অকলশৰীয়া ডেকা,গাত হলৌচোলা সদৃশ জেকেট,মুৰত বান্দৰ টুপী,হাতত চাৰিবেটেৰীয়া টৰ্চ,পকেটত অল্ড মংকৰ বটল৷ইয়াৰে পাহাৰীয়া ছোৱালী এজনীৰ প্ৰেমত পৰিছিল৷কিন্তু তাই বেছেৰা ষ্টেছন মাষ্টাৰক প্ৰতাৰণা কৰিলে৷ষ্টেচন মাষ্টাৰে ট্ৰেইনৰ আগত জাপ দিলে৷মাজে-মাজে বৰ্ষামুখৰ নিজান নিশা আজিও ওলাই এই ষ্টেচনতে৷মদ খায়,ছিগাৰেটৰ ধোৱা উৰুৱাই আৰু তোমাৰ দৰে অকলশৰীয়া সুন্দৰীক পালে কথাৰ জালত ফচাই ডিঙিটো মুচৰি পেলাই৷হা হা হা“ মই অট্ৰহাস্য কৰি ৰোমাঞ্চিতাৰ ডিঙিৰ দিশে মোৰ হাতখন আগবঢ়াই দিলো৷বেছেৰীয়ে মোৰ সেই ধেমালীক সঁচা বুলি ভাবি আতৰ্কিতে মোক গতা মাৰি চিৎকাৰ কৰি দৌৰিবলৈ আৰম্ভ কৰিল৷ঘটনাৰ আকস্মিকতাত ময়ো কিংকৰ্তব্যবিমূঢ় হৈ ৰোমাঞ্চিতাৰ পিছে-পিছে দৌৰ দিলো,”ৰোমাঞ্চিতা মই ভূত নহয় আৰু ধেমালি নকৰো ৰোমাঞ্চিতা আৰু মই ভূতৰ কথা কৈ তোমাক ভয় নুখুৱাও৷“ইতিমধ্যেই বহু পলম হৈ গৈছিল৷শেলুৱৈ ধৰা প্লেটফৰ্মত ভাৰাসাম্য ৰাখিব নোৱাৰি ৰোমাঞ্চিতা ৰেলৰ আলিত মুৰ দি খহি পৰিছিল৷তাইৰ কপালেৰে বৈ আহা ৰক্তধাৰাই ৰেলৰ আলিৰ দুৱৰিবনক ৰাঙলী কৰিছিল৷তাইৰ নিস্প্ৰাণ শীতল শৰীৰটোক সাৱতি ধৰি মই বাৰে-বাৰে চিৎকাৰ কৰিছিলো,” চকু মেলা ৰোমাঞ্চিতা!চন্দ্ৰমুখীয়ে এই নিৰ্জন ষ্টেচন দেৱ বাবুক অকলশৰীয়া কৰি এৰি যাৱ নোৱাৰে৷উঠা ৰোমাঞ্চিতা,চকু?খোলা৷এয়া চোৱা শইত শইত তিনি শইত খাইছো মই আৰু তোমাক ভয় নুখুৱাও৷তোমাকটো বাদেই কাকো ভয় নুখুৱাও৷অ মই আজিৰ পৰা এইসৱ বাজে গল্প নিলিখো আৰু নকও৷কাৰো আগতে ভূতৰ গল্প নকও,কোনো জীৱন্ত ব্যক্তিৰ সন্মুখত৷তুমি মাত্ৰ চকু মেলা৷মই আৰু জীৱনত মদ নাখাও৷সুৰাৰ ৰাগীত মানুহে বিবেক হেৰুৱাই…..” মই আৰু কিবা কোৱাৰ পূৰ্বেই তীব্ৰবেগে প্লেটফৰ্ম সোমোৱা ৰেলগাড়ীখনে উদং হৃদয়ৰ ষ্টেচন মাষ্টাৰ আৰু ৰোমাঞ্চিতাৰ নিথৰ শৰীৰটোক ধাতৱ চকাৰ তলত পিষ্ট কৰি ৰক্ত আৰু মঙহৰ টোপোলাত পৰিণত কৰিছিল আৰু যেতিয়া পিছদিনা সন্ধিয়াৰ জোনাকৰ বৰষুণজাকত তিতি মই ৰোমাঞ্চিতাৰ কোলাত চকু মেলিছিলো তেতিয়া আমি ৰোগ-শোক-জৰা-মৃত্যুৱে ধুকি নোপোৱা ইয়াৰ পৰা হাজাৰ যোজন দুৰৰ তৰাৰ দেশৰ এটা পৰিত্যক্ত ষ্টেচনত য’ৰ পৰা আমি আৰম্ভ কৰিছিলো আমাৰ অশৰীৰ দাম্পত্য জীৱনৰ৷কিন্তু কি কৰিবা৷এই চহৰখনতে মই যৌৱনৰ আঠোটাকৈ জীপাল বসন্ত কটাইছিলো সেয়ে বছৰেকত এদিন মোৰ মৃত্যু তিথিত জীৱন-মৃত্যুৰ মাজৰ অদৃশ্য দেৱালখনক নেওঁচি মই এইপাৰলৈ আহো৷অন্ধকাৰ গলিবোৰেৰে খোজ কাঢ়ো৷প্ৰাণ ভৰি মোৰ প্ৰিয় চহৰৰ সুৱাস লওঁ আৰু কেতিয়াবা এনেকৈ এটা ছিগাৰেট জ্বলাই অতীতৰ দিনবোৰ ৰোমন্থন কৰো৷
“দাদা৷আপোনাৰ ভৌতিক গল্পৰ ৰসেই সুকীয়া৷গল্পৰ জোৰত জীয়া মানুহৰ সলনি আপুনি আজি ভূত হৈ মোৰ মুখৰ আগত ছিগাৰেটৰ ধোৱা উৰুৱাই আছে৷আপোনাক কিন্তু মানিছো৷আপুনি অন্ততঃ মোকো ভূত সাজিহে এৰিলে৷কিয় আপুনি প্ৰেয়সীৰ মৃতদেহ সাৱতি তিনি শইত খোৱা নাছিল,জীৱন্ত ব্যক্তিৰ আগত দুনাই ভূতৰ গল্প নকও বুলি৷কি নাম আছিল তাইৰ!ৰোমাঞ্চিতা!হা হা হা“ “বস!ভাইটি বহুত হ’ল৷তুমি ঘোষবাবুৰ ল’ৰা নহৈ আন কোনোবা হোৱা হ’লে এতিয়ালৈকে অমুকাৰ এটা পূৰ্ণহতীয়া চৰত তোমাৰ দুইপাৰি দাঁত বাজ কৰি দিলোহেঁতেন আৰু ৰোমাঞ্চিতা তাই মোৰ অৰ্ধাংগিনী৷অশৰীৰ হ’লো বুলি আমাৰ শপতৰ কিবা মূল্য নাই নেকি?কি কেৱল মানুহৰ শপতৰ,মানুহৰ প্ৰতিজ্ঞাৰহে মূল্য থাকে যি প্ৰেমৰ নামত নিজৰ প্ৰেমাস্পদক প্ৰতাৰণা কৰে!“ “আৰে দাদা৷মিছাকৈ নো খং খাইছে কিয়!আৰু ধেমালি নকৰিব হে আৰু শপত?কিহৰ শপত হে?আপুনি ঘন্টা জুৰি মই হেন তেজ-মঙহৰ ডেকা ল’ৰাটোক ভূতৰ ফুচুৰি গল্প শুনাই আছে আকৌ আপুনি কৈছে আপোনাৰ শপত ভঙাৰ ইতিহাস নাই৷“ সি বেছ উস্মাৰে ক’লে৷ তাৰ কথা শুনি মোৰ মুখত এটা কুটিল হাঁহি ফুটি উঠিল,“ হেৰা ডেকা ল’ৰা৷মই গল্প আৰম্ভ কৰাৰ আগেয়ে বৈদ্যুৎতিক কেটলীৰ শ্বক খাই তোমাৰ তেজ-মঙহৰ শৰীৰটো সৌ তাতেই ধলি পৰিছিল৷মই মোৰ অৰ্ধাংগিনীৰ মৃতদেহ বুকুত সাৱতি খোৱা শপতৰ আজিলৈকে ভংগ হোৱা নাই৷সৌটো চোৱা মজিয়াত তোমাৰ তেজ-মঙহৰ নিস্প্ৰাণ শৰীৰ৷“ লাইট আহিল৷গলিটো পুনৰ পোহৰ হৈ পৰিল৷মোৰ আঙুলিৰ দিশত দৃষ্টি নিবদ্ধ কৰি ডেকাজনে চিৎকাৰ কৰি উঠিল কাৰণ চুইছ বৰ্ডৰ কাষত পৰি আছিল বিদ্যুৎস্পিষ্ট এটা তেজ মঙহৰ নিস্প্ৰাণ শৰীৰ,ঘোষবাবুৰ ডাঙৰটো ল’ৰাৰ শৰীৰ৷ মিছিকিয়া হাঁহি এটা মাৰি ডেকাল’ৰাৰ দিশে হাতখন আগবঢ়াই দি মই ক’লো,”বলা আমি সিপাৰলৈ যাওঁ৷ঘোষবাবুৱে হয়তো তোমাৰ বাবে অপেক্ষা কৰি আছে আৰু মোৰ ৰোমাঞ্চিতা,মোৰ চন্দ্ৰমুখী,মোৰ অৰ্দ্ধাংগিনীয়ে তাইৰ প্ৰিয়তম ষ্টেচন মাষ্টাৰ তাইৰ দেৱ বাবুৰ বাবে৷
(বিঃদ্ৰঃ হয় মই ৰোমাঞ্চিতাক ভাল পাওঁ৷ভাল পোৱা নাযায় হৈ যায়৷জীৱনৰ অন্তিম নিশাই আমি প্ৰেমৰ পবিত্ৰ বন্ধনত আবদ্ধ হৈছিলো আৰু মই মোৰ অৰ্দ্ধাংগিনীৰ মৃতদেহ কোলাত লৈ খোৱা জীৱনৰ অন্তিম শপতক যিকোনো পৰিস্থিতে ভাঙিবলৈ অপৰাগ৷সেয়ে মই বিগত পাঁচ বছৰ কোনো জীৱন্ত ব্যক্তিৰ বাবে ভৌতিক গল্প লিখা নাই আৰু কাকো কোৱাও নাই৷আপুনি গল্পটো পঢ়ি থাকোতেই হৃদস্পন্দন বন্ধ হৈ……………….ব’লক সিপাৰলৈ যাওঁ৷সিপাৰে ৰোমাঞ্চিতাই মোৰ বাবে সন্ধিয়াৰ পৰাই অপেক্ষা কৰি আছে৷)
