(বিঃদ্ৰঃ ডাৰ্ক থ্ৰীলাৰ অতি বীভৎস৷সেয়ে হজম কৰিব পাৰিলেহে পঢ়িব৷গল্পৰ পটভূমি কাল্পনিক আৰু লেখকে গাৰ্হস্থ্য হিংসাৰ বিৰোধিতা কৰে)


মই এজন ঔপন্যাসিক৷আহ!কেৱল ঔপন্যাসিক বুলিলে সেয়া সত্যৰ এক ভগ্নাংশহে হ’ব৷সফল,সমাদৃত,প্ৰতিষ্ঠিত তথা জনপ্ৰিয়৷বহুজনেই কয় মই মানুহৰ অশ্ৰুধাৰাক সাৰথি কৰি সাহিত্যৰ বেপাৰ কৰো৷সফলতাৰ মৰীচিকা খেদো৷মই ইচ্ছাকৃতভাৱেই বিতৰ্কৰ সূচনাও কৰো কিয়নো মই সস্তীয়া জনপ্ৰিয়তাৰ প্ৰত্যাশী৷অৱশ্যে তেওঁলোকৰ সত্যৰ সাধুকথাৰ পৰা মোৰ সত্যৰ পৰিভাষাৰ পৰা সম্পূৰ্ণ পৃথক৷মই ঔপন্যাসিক মুনাফালোভী বেপাৰী নহয়৷মই নিস্পেষিতজনৰ চকুপানীৰে ব্যৱসায় নকৰো মাত্ৰ শব্দৰ বিন্যাসেৰে তেওঁৰ সত্য,দৰ্শন আৰু পীড়াক দাঙি ধৰো৷সস্তীয়া জনপ্ৰিয়তা মোৰ লক্ষ্য নহয়৷অন্ততঃ মোৰ চিন্তাৰ পৰিগণ্ডি তেওঁলোকৰ দৰে সংকীৰ্ণ নহয়৷মই মাত্ৰ ৰোমান্টিচিজিম আৰু ৰহস্যৰে পূৰ্ণ বিশ্বসাহিত্যত এক নতুন আৰু একক যুগৰ সূচনা কৰাৰ বাবে আগ্ৰহী৷


           ককাইদেউ মদাহী আছিল৷ককাইদেউে প্ৰথম মদ খাইছিল আৰু অন্ততঃ মদে ককাইদেউক খুলি-খুলি খাবলৈ আৰম্ভ কৰিলে৷অভিভাৱকবিহীন পৃথিৱীত আপোন বুলিবলৈ মাথো ককাইদেউ আৰু বৌ৷এটা দশকৰ পূৰ্বৰ কথা৷সেইবৰ্ষতে মই বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীত নাম ভৰ্ত্তি কৰিছিলো৷ককাইদেউ আৰু নবৌৰ বিবাহ দশকযোৰা প্ৰেমৰ পৰিণতি৷কিন্তু সুৰাৰ ৰাগীয়ে অন্তত প্ৰেমৰ পূজাৰীক নৰকৰ চয়তান সজালে৷মোৰ সৈতে নবৌৰ শাৰীৰিক সম্পৰ্ক থকাৰ সন্দেহত এক বৰ্ষামুখৰ অমাবস্যাৰ নিশাত তেওঁ মোৰ আই সদৃশ  আজলী নবৌজনীক কেৰাচিন ধালি জ্বলাই দিলে৷মোৰ ভাগ্য প্ৰসন্ন আছিল মুৰটো সামান্য হাউলাই দিয়াৰ বাবে ককাইদেউৰ ৰডৰ প্ৰচণ্ড প্ৰহাৰে মোক স্পৰ্শ কৰাত অসমৰ্থ হ’ল৷সুৰাৰ ৰাগীত তলংভটং ককাইদেউ মজিয়াত মুৰ দি পৰিল আৰু চিৰদিনৰ বাবে চকু মুদিলে৷মই পুনৰ অনাথ হ’লো৷অথচ মই নাকান্দিলো৷মোৰ সমস্ত পীড়া কলমেৰে নিহিত হৈ জন্ম দিলে মোৰ প্ৰথমখন উপন্যাস ” অনাথৰ আত্মকথা“ৰ৷


                ককাইদেউ-বৌৰ মৃত্যুৰ পিছত মই অকলশৰীয়া ঘৰটো এৰি বিশ্ববিদ্যালয়ৰ কাষতে এচলীয়া কোঠাৰ এটা ভাড়াঘৰ ল’লো৷মালিক ফুকন দা ভীষণ বদমেজাজী কিন্তু তেওঁৰ পত্নী অপৰূপা নম্ৰ,অমায়িক আৰু শান্ত স্বভাৱৰ৷বয়সত হয়টো ফুকন দাৰ তুলনাত ত্ৰিশবছৰ মানেই সৰু৷হয়তো মোৰ সমবয়সীয়া৷ফুকন দাই নাইট চিফ্ট কৰে৷মোৰ কাষৰ কোঠালিত অকলশৰীয়া অপৰূপা৷ফুকনে অপৰূপাক সমুলঞ্চে বিশ্বাস নকৰে৷এবাৰ মোৰ সৈতে হাঁহি-মাতি কথা পতাৰ তাইৰ বুকুত জ্বলন্ত ছিগাৰেট লগাই দিছিলো৷কিন্তু অপৰূপাৰ একাকীত্ব,বেদনা আৰু ঘৰুৱা হিংসাই অন্ততঃ আমাৰ দুয়োকে কাষ চপালে৷সেইদিনা কিবা কাৰণবশতঃ ফুকনে নাইট ছিফ আধাতে সামৰি ঘৰলৈ বুলি বাট বুলিলে৷বিছনাত মোৰ বাহু বন্ধনত অপৰূপা৷ফুকন গৰ্জি উঠিল৷অপৰূপাক প্ৰথমে অশ্লীল গালি-গালাজ পাৰি মোৰ সন্মুখতে সমগ্ৰ নিশা একাধিকবাৰ অতি নৃশংসতাৰে ধৰ্ষণ কৰিলে আৰু সূৰ্য্যদয়ৰ পূৰ্বেই ফুকনৰ হাতৰ বলীষ্ঠ চেপাত অপৰূপা তপত শৰীৰ হিমশীতল নিস্প্ৰাণ মৰাশত পৰিণত হ’ল৷মই সংজ্ঞা হেৰুৱাই পেলালো৷যেতিয়া চকু মেলিলো নিজকে আৱিষ্কাৰ কৰিলো চৰকাৰী চিকিৎসালয়ৰ জেনেৰেল ৱাৰ্ডত৷গাখীৰ দিব অহা ল’ৰাটোৱে বাৰে-বাৰে বেল বজাই কাকো নাপায় দৰ্জা ঠেলি সোমাই আহোতে মোক মজিয়াত পৰি থকা পায় চিকিৎসালয়ত ভৰ্তি কৰালে৷ফুকন তেতিয়াৰ পৰা আজি পৰ্য্যন্ত পলাতক৷প্ৰেয়সীক হেৰুৱাই মই চকুলো নুটুকিলো৷চকুলোৰে চিঞাহীৰে মাথো লিখি গ’লো৷উপন্যাসৰ নাম,“অপৰূপাৰ অপৰূপ প্ৰেম“ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বটা আৰু সামাজিক প্ৰতিষ্ঠা৷


            এইবাৰ ভাড়াঘৰ এৰি হোষ্টেলত৷প্ৰত্যুষ মোৰ ৰূমমেট আছিল৷অৰ্ন্তমুখী আৰু নম্ৰ৷পৰিণীতাক প্ৰত্যুষে প্ৰাণ ভৰি ভাল পাইছিল৷কিন্তু প্ৰত্যুষ বেকাৰ হোৱাৰ অজুহাততে তাই জীৱনে-মৰণে তোমাৰ হোৱাৰ প্ৰতিশ্ৰুতি ভংগ কৰি এজন অভিযন্তাৰ সৈতে বিবাহপাশত লিপ্ত হ’ল৷এমাহমান জুৰি বেছেৰাই মদ খালে আৰু মই সংগোপনে লিখি গ’লো ভগ্ন হৃদয়ৰ গৰাকী মোৰ প্ৰিয় বন্ধুৰ যন্ত্ৰণা কাতৰ প্ৰতিটো মূহূৰ্তৰ খবৰেৰে পূৰ্ণ দিন লিপি৷ফ্ৰেছাৰচৰ দিনা সন্ধিয়া তাক বৰকৈ জোৰ কৰাৰ পিছতো সি নিজৰ স্থিতিত অটল হৈ থাকিল৷যেতিয়া ফ্ৰেচাৰচৰ অন্তত উভতি আহি ৰূমৰ লাইট জ্বলালো মোৰ চকুত পৰিল চিলিংফেনত চিপজৰী লৈ দোদুল্যমান পেণ্ডুলামৰ ৰূপত সেইয়া মোৰ প্ৰিয়বন্ধু৷অন্তিত অধ্যয়টো সেই ৰাতিয়েই লিখি অন্ত কৰিলো৷ উপন্যাসৰ নাম,”প্ৰতাৰিত প্ৰেমিকৰ দিনলিপি৷“ বেষ্ট চেলাৰ,আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ স্বীকৃতি আৰু একাধিক ৰাষ্ট্ৰীয় আৰু অন্তৰাষ্ট্ৰীয় বটাঁ৷


              আজি শণিবাৰ৷আইনু ৰূমলৈ থকাকৈ আহিব৷সচাৰচৰ দৰেই দুয়ো নৈশ যাপন কৰিম৷আইনু মোৰ দ্বিতীয় প্ৰেম,প্ৰথম আছিল অপৰূপা মানে ফুকনদাৰ বৌ৷তাইক প্ৰথম লগ পাইছিলো এখন সংবাদমেলত তেনেকৈ প্ৰেমৰ মহাগাথাঁৰ আৰম্ভণি ঘটিছিল৷প্ৰেমিক পক্ষীৰ ৰূপত আমি যৌৱনৰ পাচোটা মধুৰ বসন্ত অতিবাহিত কৰিলো


                  নৈশভোজনৰ অন্তত আমি দুয়ো শোৱাপাটীত আৰু আইনু মোৰ বাহুবন্ধনত৷আইনুৰ চকুহাল চকুহাল টোপনিয়ে টানি নিছে৷


                    আইনুৰ চিৎকাৰে মোৰ হৃদয় কপাইছে৷অথচ কি কৰিম৷মই যে নিৰূপায়৷মই আইনুক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ স্বাৰ্থত যিকোনো কামেই কৰিব পাৰো আৰু এয়া তাৰেই কচৰৎ৷অৰ্দ্ধগলিত গৰম মমখিনি আইনুৰ পিঠিত ঢালি দিলো৷তাই যন্ত্ৰণাত চিৎকাৰ কৰি উঠিল৷গাখীৰৰ সৈতে মিলাই দিয়া শ্লিপিং টেৱলেটৰ ৰাগিয়ে আইনুৰ বন্ধনমুক্ত হোৱাৰ প্ৰয়াসৰ পথত প্ৰতিবন্ধক হৈ ঠিয় দিছে৷মই আইনুক প্ৰাণ ভৰি ভাল৷সেয়ে ভংগ কৰিব নোৱাৰো মোৰ প্ৰতিশ্ৰুতিৰ!জ্বলন্ত ছিগাৰেট তাইৰ উদং শৰীৰত লগাই দিলো,একাধিক স্থানত,একাধিকবাৰ৷তাই পুনৰ চিৎকাৰ কৰি উঠিল৷আঠ ইঞ্চিৰ চাৰিটা গজালেৰে তাইৰ কোমল শৰীৰক বিচনাত হালিলো৷কেঁচাতেজৰ নৈ বৈছে৷সময় তেনেই তাকৰ আৰু বহু কিবাকিবি কৰিবলৈ আছে এইবাৰ এটা পশুৰ দৰে তাইৰ গাভৰু শৰীৰৰ ওপৰত জপিয়াই পৰিলো৷আইনুৱে চিৎকাৰ কৰিছিল৷অথচ মই মুখখন হেঁচি ধৰিলো৷আইনুৰ নাৰকীয় পীড়া,বুকুভঙা চিৎকাৰ আৰু তাইৰ গাভৰু শৰীৰত জিঘাংসাৰ প্ৰতীকস্বৰপ মোৰ তীক্ষ্ণ দাঁতৰ চানেকি৷চকুদুটাত এছিড ধালি দিলো৷তাই পুনৰ আৰ্তনাদ কৰি উঠিল৷মই মাত্ৰ স্বগতোক্তি কৰিলো,“ আইনু এই সকলোবোৰচোন তোমাৰ বাবেই৷“তাইৰ উদং পেটত এখন চুৰি বহুৱাই হাতেৰে ঘটালি তাইৰ অন্ত্ৰনলীক বাহিৰলৈ উলিয়াই তাইৰ সন্মুখতে জ্বলাই দিলো৷যন্ত্ৰণাক্লিষ্ট এক অৱশ গেঙনি৷“আইনু আৰু মাত্ৰ কেইটামান মূহূৰ্ত৷“ প্ৰচণ্ড ওজনৰ এটা লোহাৰ হাতুৰীৰে তাইৰ মুৰত এক পূৰ্ণহতীয়া কোব সোধালো৷লাওঁখোলাটো ফাটি ইষৎ হালধীয়া লুপথুপীয়া মস্তিক মজিয়াত সিচৰিত হৈ পৰিল৷তাই অৱশ্যে তেতিয়াই ঘনাই উশাহ লৈ আছিল৷শেষত গজালসম্বলিত মোৰ বুটা জোতাজোৰেৰে তাইৰ ডিঙিটো মোহাৰি দিলো৷শেষ!এটা অধ্যয়ৰ অন্ত পৰিল৷আইনুৰ বীভৎস মুখখনলৈ চালো৷কি অঁকা আছে তাত,”যন্ত্ৰণা,প্ৰেমাস্পদৰ হাতত প্ৰতাৰিত হোৱাৰ বেদনা,ক্ষোভ,ঘৃণা,ভয় আৰু আতংক৷এছিড দগ্ধ আইনুৰ চকুৰে তেতিয়াও চকুলো বৈ আছিল৷মই এটা ছিগাৰেট জ্বলাই ধোৱাখিনি দুৰলৈ এৰি দিলো৷মোৰ চকুৰে অশ্ৰুধাৰা নিগৰি আইনুৰ গালত পৰিল৷আমাৰ হিয়াভঙা বেদনাই অশ্ৰুধাৰাৰ ৰূপ লৈ প্ৰেমৰ সাগৰত মিলিত হ’ল৷


        “মোক ক্ষমা কৰিবা আইনু৷সিহঁতে কোৱাৰ দৰে মই জনপ্ৰিয়তা প্ৰত্যাশী নহয়,বটা-বাহঁন মোৰ বাবে অপ্ৰাসংগিক আৰু সামাজিক স্বীকৃতিটো তেনেই অস্থায়ী কিন্তু আমাৰ প্ৰেম স্বৰ্গীয়,চিৰশাশ্বত আৰু পবিত্ৰ৷তুমি মোৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিছিলা “মোৰ উপন্যাসে এদিন সাহিত্যৰ নোবেল পাব৷“ তোমাৰ ইচ্ছাপূৰ্তিৰ বাবে মই সকলো কৰিব পাৰো৷কাৰণ তুমি মোৰ মন-মন্দিৰৰ জাগ্ৰত গোসানী প্ৰেমৰ অৰ্ঘৰে প্ৰতিদিন এই নিকিনঃ সাধকে তোমাৰেই বন্দনা কৰে৷মই মানুহৰ অশ্ৰুৰ সদাগৰ নহয়৷মই সত্য আৰু যন্ত্ৰণাৰ আবৃত্তি কৰো৷মোৰ প্ৰতিখন উপন্যাসেই প্ৰতাৰণা,নিৰ্য্যাতন আৰু হিয়া ভঙা বেদনাৰ জীৱন্ত দলিল৷ তোমাক অন্তৰেৰে ভাল পায়ো বিশ্বঘাটকৰ সংলাপেৰে মই আজি তোমাক হত্যা কৰিলো যাৰ পৰিণতিত তোমাৰ মুখত অন্তিম সময়ত ফুটি উঠিল এক সন্মিলিত আৰু বিচিত্ৰ অভিব্যক্তি৷আমাৰ চকুলোৰ ধাৰা প্ৰেম সমুদ্ৰত মিলিত হ’ল আৰু আমাৰ প্ৰেমকথা কালজয়ী হ’ল৷তোমাৰ মৃত্যুমুখী মুখৰ অভিব্যক্তি,আমাৰ চকুলো আৰু কালজয়ী প্ৰেম কাহিনীৰে মই নিশ্চয়কৈ লিখিম মোৰ পৰৱৰ্তী উপন্যাসৰ পৃষ্ঠা৷উপন্যাসৰ শিৰোনামা,”কালজয়ী প্ৰেম৷“ এইবাৰ মই নবেল পাম৷তোমাৰ ক্ষন্তেকীয়া যন্ত্ৰণাৰ বিনিময়ত মোৰ প্ৰতিশ্ৰুতি পূৰণ হ’ব,তোমাৰ সপোনে পাখি মেলিব,আমাৰ প্ৰেমগাথাঁ অমৰ হ’ব৷না তুমি বেছিদিন অকলশৰে থকাৰ প্ৰয়োজন নাই৷বটাঁ প্ৰদানৰ নিশাই মই তৰাৰ দেশখনলৈ সদায়ৰ বাবে গুচি যাম৷তুমি ভোগদৈৰে ভটীয়াই মোক আলিংগন কৰি সিপাৰৰ তৰাৰ দেশলৈ লৈ যাবা৷

Leave a comment