দুদিনমানৰ পূৰ্বে মোৰ এজন পৰিচিত বৃদ্ধলোকে মোক জনালে যে তেওঁ বেছ কিছুদিন দুৰ্বলতাত ভুগি আছে৷বৃদ্ধলোকৰ বৰ এক শিক্ষা-দীক্ষা নাই৷মই সুধিলো “ডাক্তৰক দেখাইছিল নেকি?“ “ডিব্ৰুগড় মেডিকেলত দেখাইছিলো৷“তেওঁ ক’লে মই বোলো ”ডাক্তৰে কি ক’লে৷“ তেওঁ ক’লে,”প্ৰেসাৰটো ল’ মাৰি আছে৷হাৰ্টৰ সমস্যা৷এসপিৰিন (Aspirin) আৰু গেছৰ টেবলেট দিছে৷মই শিল পৰা কপৌ হৈ ৰ’লো৷ডিব্ৰুগড় হেন চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকে এই নিশকতীয়া,নিম্ন ৰক্তচাপত ভোগা,হাৰ্টৰ ৰোগীক এসপিৰিন দিছে৷তেওঁ ডিগ্ৰীলাভ কৰাৰ পিছত কি নতুনকৈ আৰু নপঢ়িল৷এসপিৰিন এটা আওপুৰণি প্ৰজন্মৰ ঔষধ৷গুণাগুণ যিমান পাৰ্শ্বক্ৰিয়াও সিমান৷তেওঁক ক’লো,”যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ………… ভাল চিকিৎসক তেওঁক এবাৰ ডিব্ৰুগড়ৰ প্ৰেসক্ৰিপশ্যন খন দেখুৱাব৷ “এসপিৰিন“ৰ সলনি আন দৰৱ লিখিল৷এতিয়া বৃদ্ধজনে সকাহ পাইছে৷


মই চিকিৎসক নহয় অৱশ্যে মোৰ দেউতা ৮০ দশকৰে মেডিছিনৰ বিশেষজ্ঞ আছিল৷সৰুৰ পৰা আমি দৰৱৰ মাজতে ডাঙৰ হৈছো৷আজি জৈৱ ৰসায়নৰ গৱেষক ছাত্ৰ৷সেয়ে ঔষধ আৰু প্ৰাথমিক চিকিৎসা বিধি সমন্ধে সাম্যক ধাৰণা আছে কিন্তু প্ৰেসক্ৰিপশ্যন লিখাৰ ধৃষ্টতা আৰু যোগ্যতা দুয়োটাই নাই৷যোৰহাটত এজন চিকিৎসক আছে বিশেষজ্ঞ নহয় সাধাৰণ চিকিৎসক৷মোৰ পৰিয়ালৰ বৰবৌ তেওঁ চালত বগা দাগ পৰাৰ বিধানৰূপে কোনো পৰীক্ষা-নিৰীক্ষা নকৰাকৈ একেকোৱেই চাৰিটা ষ্টিৰইড লিখি দিলে৷ষ্টিৰইড লিখিব পাৰে,অৱশ্যে বহু চিকিৎসকে নিলিখে,লিখিলেও ট্ৰপিকেল এপ্লিকেশ্যনৰ বাবে কিন্তু একেলগে চাৰিটা ষ্টিৰইড৷ৰোগী সুস্থ হ’লে ভালেই প্ৰাণ হেৰুৱালে কোন জগৰীয়া হ’ব?তেওঁ প্ৰেসক্ৰিপশ্যনত প্ৰায়েই নিমুলিশ্লাইড কম্পজিশ্যনৰ ঔষধ(নাইছ,নেছিপ) ইত্যাদিবোৰ লিখে যিবোৰৰ চৰকাৰীভাৱে নিষিদ্ধ কিন্তু ফাৰ্মাচীত উপলব্ধ৷আমাৰ কৃষি বিজ্ঞানীয়েও পতংগ নিধনৰ বাবে মালাথিয়ন প্ৰেসক্ৰাইৱ কৰে৷সেইটোও কাগজে-কলমে নিষিদ্ধ কিন্তু বজাৰত উভৈনদী৷নিমুলিশ্লাইড,মালাথিয়ন মাৰা গুলী শিৱৰাত্ৰিৰ দিনা মুকলিকৈ বাকী কেইদিন লুকাই-চুৰকৈ ভাঙৰ বেহা৷ঘুমতি দোকানত হিৰোইন বিক্ৰী কৰে৷এইখন ভাৰতৰে বেংগেলোৰত বিনা প্ৰেছক্ৰিপশ্যনত পেৰাচিটেমলো নাপায়৷ইয়াতে আকৌ নিচাখোৰে বিনা প্ৰেসক্ৰিপশ্যনে ফাৰ্মাচীৰ পৰা কৰেক্স,এন,স্পাইৰ’ আদি কিনে৷পালে হিৰোইন নাপালে স্পাইৰ’৷মুঠতে টাৰ্কী মাৰিবলৈ নিদিও,চিকিৎসা নকৰো,ৰিহেবিলিটেড নহওঁ কাৰণ মই মানসিক ভাৱে সুস্থ৷অপ্ৰিয় হ’লেও সত্য কোনো নিচাখোৰেই মানসিক ভাৱে সুস্থ নহয়৷ব্যক্তিগত অভিজ্ঞতাৰে কৈছো৷এসময়ত মদ খাইছিলো আজিকালি নাখাওঁ৷ ৰিকভাৰিং এডিক্ট দুনিয়াত কোনো এক্স এডিক্ট নাথাকে৷মদেই মৰাত্মক এই ফাৰ্মাচিটিকেল ড্ৰাগবোৰ তাতকৈও মৰাত্মক৷এডিক্ট অৰ্থা গোলাম৷নিচাৰ গোলাম৷তাহানিৰ ক্ৰীতিদাসৰ দৰে যাৰ সৰ্বোচ্চ আয়ুস চল্লিশ বছৰ৷চিকিৎসকে ছিগাৰেট,গুটখা এৰিবলৈ নিকটেক্স দিয়ে আৰু আমি লকডাউনত ছিগাৰেট নাপালে নিকটেক্স খাওঁ৷কাৰণ ফাৰ্মাচীৰ মালিকক প্ৰেসক্ৰিপশ্যন নহয় ধনহে লাগে৷


যোৰহাটত এজন ঔষধ বিশেষজ্ঞ আছে৷তেওঁ ৰোগীক লুটিবলৈ ভয় খুৱাই৷ “ইস,ইস!ইমান কম বয়সতে ডায়েবেটিছ৷তোমাৰটো শেষেই আৰু“ হিপোক্ৰেটছৰ শপতৰ অৰ্থ নাই৷সন্ত্ৰাসিত কৰা,এগালমান টেষ্ট আৰু ঔষধ৷মই পেথোল’জিকেল টেষ্টৰ বিৰোধী নহয়৷কোনো চিকিৎসক সৰবজান নহয়৷কেৱল উপসৰ্গ চায়েই ঔষধ লিখিব নোৱাৰে৷সাধাৰণ ইনফ্লুৱেঞ্জা আৰু টাইফয়ডৰ প্ৰাথমিক লক্ষণ একেই৷এনেকুৱা অলেখ উদাহৰণ আছে৷উদ্ভিদৰ ক্ষেত্ৰতটো আৰু জটিল৷দুই-এক ৰোগৰ বিনে মাইক্ৰস্পকিক বিশ্লেষণ আৰু ভূমিৰ নমুনা পৰীক্ষাৰ অবিহনে আমি প্ৰেসক্ৰিপশ্যন লিখিলে সেয়া দুসাহসিকতা হ’ব৷যদি পেথোল’জিকেল টেষ্টৰ কোনো অৰ্থই নাই বিয়াগোম বিভাগটো কিয় আছে৷আৰ টি-পি চি আৰ নকৰাকৈ চিকিৎসকে কিদৰে জানিব সেয়া কোভিদ নে পানীলগা জ্বৰ৷কিন্তু সেইবুলি একাংশ চিকিৎসকে এটা বিশেষ পৰীক্ষাগাৰলৈ ৰোগীক কিয় ঠেলে৷বাকীবোৰ ভুল কি এটা পৰীক্ষাগাৰেই শুদ্ধ?
অধিকাংশ প্ৰতিষ্ঠিত আৰু অভিজ্ঞ চিকিৎসকে ৰোগীৰ ৰোগৰ লক্ষণটো বাদেই জীবনশৈলীও নখদৰ্পনত ৰাখে৷মোৰ দেউতাৰ ওচৰলৈ প্ৰায়েই কেইগৰাকীমান হিন্দীভাষী বৃদ্ধা আহিছিল৷দেউতাৰ সদায় একেটাই সংলাপ,“মাজী ৰাতিপুৱা শুই উঠি বিড়ি খালে গেষ্ট্ৰিক কিদৰে ভাল হ’ব?“ আজিকালি কিছুসংখ্যকৰ ৰোগৰ লক্ষণ শুনাৰ সময় নাই,ডিঙিত ষ্টেটছস্কোপ নাথাকে আৰু হাতত থাৰ্মমিটাৰ৷ৰোগীৰ মুখখন চালে,কপালখন স্পৰ্শ কৰিলে,ব্লাডপ্ৰেচাৰক মাৰা গুলী আৰু ওজন জোখা যন্ত্ৰ সেইটো খাই নে পিন্ধে৷৩০ কেজি আৰু ১০০ কেজি ওজনৰ মানুহ,পানীলগা জ্বৰত আক্ৰান্ত ৰোগী আৰু ১০০ ডিগ্ৰী ফাৰেনহাইত উষ্ণতা৷সকলোৰে বাবে একেই বিধান লিখি দিয়া এজিথ্ৰমায়ছিন ৫০০৷তেজ হাগনী-বমি ষ্টুল টেষ্টৰ প্ৰয়োজন নাই৷কৰিলেও ৰোগীয়ে কমিচন লোভী বুলিব সেয়ে লিখি দিয়া অ’ টু৷চাব্বাচ তোমালোকেই চুপাৰ বাগৰ পিতৃপুৰুষ৷এন্টিবায়টিক ঠিকেই লিখিব কিন্তু লগত না ভিটামিন না প্ৰবায়’টিক৷বাৰু প্ৰবায়’টিক,ভিটামিনৰ মূল্য বেছি নুনি,জামু,আমলখি,কমলা,গাজৰ,কবি,পালেং,দৈ খাবলৈ কিয় নকয়?নে এন্টিবায়টিকৰ সৈতে ভিটামিন আৰু প্ৰবায়’টিকৰ প্ৰয়োজন নাই৷


দুটকীয়া জেনেৰিক মেডিছিন আৰু শটকীয়া ব্ৰেণ্ডেড ঔষধ!জেনেৰিক নিলিখে,কম্পজিশ্যন পাহৰিলে,কোম্পানীয়ে বিদেশ ফুৰিবলৈ টকা দিয়ে সেয়ে ব্ৰেণ্ডেড মেডিছিন কলমৰ আগত৷সেয়ে পেৰাচিটামল ৫০০ গৈ হয়গৈ ফিফাৰেক্স ৫০০৷ডিব্ৰুগড়ত এজন সৎ আৰু নিষ্ঠাৱান মনোৰোগ বিশেষজ্ঞ আছে৷এইমছৰ ডিগ্ৰীধাৰী৷গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এৰি তেওঁ আজি ডিব্ৰুগড়ত৷বহুতো ব্যক্তিগত চিকিৎসালয়ৰ মালিক পক্ষই হিপোক্ৰেটিছৰ শপত বাদেই ক ৰ চুক কেইটা তাকো নাজানে!সেয়ে চিকিৎসকক এল আই চি এজেন্টৰ দৰে মাহেকত ইমানজন ৰোগীক ভৰ্ত্তি কৰোৱাৰ টাৰ্গেট দিয়ে৷প্ৰথম কথা সেই চিকিৎসালয়খনত পগলা ফাটেক নহয়৷দ্বিতীয়তে ড্ৰিপ্ৰেশ্যন,এনজাইটি,অ’ চি ডি আৰু ইনচমোনিয়াৰ বাবে ৰোগীক আই চি ইউত সোমোৱাৰ কোনো প্ৰয়োজন নাই৷নিলাজ কিছুমানে টাৰ্গেট পুৰাই অ’ডি কিনে আত্মসন্মান থকাজনে কৰ্মস্থলী এৰি বাজাজৰ স্কুটাৰ চলাই আৰু আমাৰ ৰোগীৰো এনে মানসিকতা দামী চিকিৎসাহে প্ৰকৃত চিকিৎসা৷সেয়ে আজিকালি শতকৰা ৯০ টা ছিজাইৰিন কেছ৷পৰিণতি মাতৃগৰাকী অৱশেষত হৰমোনেল বিসংগতিৰ চিকাৰ হ’য়৷কিছুমানে এনাস্থেচিয়াৰ পাইপ শ্বাসনলীৰ সলনি খৰখেদাকৈ খাদ্যনলীত লগাই দিয়ে আৰু মৰা মানুহৰ শৰীৰটোৰ পৰা দুৰ্গন্ধ নিবিয়পালৈকে ভেন্টিলেশ্যনত ৰাখি চিকিৎসা কৰে৷এয়া গল্প নহয়৷গুৱাহাটীৰ দুখন ব্যক্তিগত খণ্ডৰ নামজ্বলা চিকিৎসালয়ত ২০০৬ আৰু ১৩ ত হোৱা দুৰ্ঘটনা৷কমেন্টত নাম নুসুধিৱ উত্তৰ দিবলৈ মই জৱাবদিহি নহয়৷বাতৰিকাকত খোচৰক গম পাব৷

মই চিকিৎসক আৰু চিকিৎসাকৰ্মীক সন্মান কৰো কাৰণ মোৰ দেউতা চিকিৎসক আছিল৷জানো চিকিৎসকৰ সৃষ্টিৰ আৰত কি কঠোৰ তপস্যা নিহিত থাকে৷চিকিৎসকে জীৱনদান কৰিব নোৱাৰে কিন্তু চেষ্টা কৰিব পাৰে৷সেয়া চিকিৎসকক শাৰীৰিক ভাৱে অপদস্থ কৰা চূড়ান্ত মূৰ্খামি৷চিকিৎসক পীড়াহাৰী দেৱদূত কিন্তু ঈশ্বৰ নহয়৷সেয়ে ৰোগীৰ জীৱন-মৃত্যুৰ নিয়ন্ত্ৰণ তেওঁৰ ক্ষমতাৰ পৰিসৰৰ বাহিৰৰ কথা৷অৱশ্যে বহুতো চিকিৎসকৰ মুখাপিন্ধা ডকাইত আৰু সন্ত্ৰাসবাদীও থাকে৷যি ধনৰ লোভত ৰোগীক সন্ত্ৰাসিত কৰে,অলাগতিয়াল টেষ্ট কৰে,অপ্ৰয়োজনীয়ভাৱে ব্ৰেণ্ডেড ঔষধ লিখে,সাধাৰণ বিধি আৰু হিপোক্ৰেটছৰ শপতক বুঢ়া আঙুলি দেখুৱাই মৰা মানুহৰ চিকিৎসাৰে হস্পাতালৰ পুজিপতি আৰু বহুজাতিক কোম্পানীৰ আৰতি কৰে৷সেয়ে সৰ্বসাধাৰণ জনতা সজাগ আৰু সচেতন হোৱা উচিত৷চিকিৎসকে ভুল কৰিলে আঙুলিয়াই দিয়া উচিত৷প্ৰকৃত চিকিৎসা ব্যয়বহুলতাৰ সমাৰ্থক নহয় আৰু পেথোল’জিকেল টেষ্ট মানেই কমিছন নহয়৷আপুনি চিকিৎসক নহয়,চিকিৎসা বিজ্ঞানৰ ছাত্ৰ নহয় আৰু ফাৰ্মাচীষ্টো নহয়৷সেয়ে নিজৰ খুচিত প্ৰেসক্ৰিপশ্যন লিখি গুগুল চিকিৎসক হোৱাৰ বদ অভ্যাস ত্যাগ কৰক৷নহ’লে বিপদ কিন্তু আপোনাৰেই হ’ব৷

Leave a comment