(মই এজন পেছাদাৰী পেৰানৰ্মেল এক্সপাৰ্ট৷পেৰাচাইক’লজিৰ সংজ্ঞা অনুসৰি “Paranormal are normal but quite different” যেতিয়ালৈকে আধুনিক বিজ্ঞানে জনা নাছিল আকাশত কিয় বিজুলী মাৰে আমাৰ পূৰ্বপুৰুষে তাক অতিপ্ৰাকৃতিক বুলি ভাবিছিল কিন্তু কাৰণ জনাৰ মূহূৰ্ততে সেয়া প্ৰাকৃতিক হৈ পৰিল৷পেৰাচাইক’লজিৰ মানে কেৱল অশৰীৰ নহয় হিপনটিজিম,পাষ্ট লাইফ ৰিগ্ৰেছেন এনালাইছিল,এষ্ট্ৰেল প্ৰজেকশ্যন আদিও হ’ব পাৰে৷পেৰানৰ্মেল ইনভেষ্টিগেটৰ হিছাপে মোৰ প্ৰায়েই ভুক্তভোগীৰ আবৃত্তি শুনাৰ সৌভাৰ্গ্য কিম্বা দুৰ্ভাগ্য হ’য়৷কিন্তু প্ৰফেশ্যনেল এথিক্সৰ বাবে আমি ভুক্তভোগী আৰু স্থানৰ সবিশেষ জনাব নোৱাৰো৷তলত উল্লেখিত প্ৰতিটো ঘটনাই সঁচা৷মানিলে ধান নামানিলে পতান৷অবিশ্বাস কৰাসকলে গল্প বুলি পঢ়িলেই হ’ল৷বিতৰ্ক মোৰ প্ৰিয় নহয়)
সন্মোহনঃঅসমৰ এক ৰাজহুৱা খণ্ডৰ উদ্যোগ৷চৰকাৰী ৰঙা ফিটাৰ মেৰপেছত অৱশেষত লাল বাটি জ্বলিল৷বছৰেকৰ মুৰত মধ্যবিত্ত কৰ্মচাৰী ডাল দৰিদ্ৰ হ’ল৷আবাসিক অঞ্চলৰ প্ৰায় অৰ্দ্ধশতাধিক লোকে আত্মহত্যা কৰিলে৷আবাসিক এলেকাৰ গাতে লাগি এক পুখুৰী৷পুখুৰীৰ পাৰত এখন বিদ্যালয়৷ফৰিংফুটা জোনাক নিশা৷সন্ধ্যা আঠমান বাজিছে৷বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক সন্ধ্যাৰ অন্ততঃ তিনিগৰাকী শিক্ষয়িত্ৰী একেলগে খোজ কাঢ়ি ঘৰলৈ বুলি বাট ল’লে৷পিছফালে কেইটামান কণমানিৰ খিলখিল হাঁহি কোনোবাটোৱে ৰিঙিয়ালে,”মেডাম!“ সেইখন বিদ্যালয়ৰে চাৰি পাঁছজনমান পঞ্চম মানৰ কণমাণি ছাত্ৰ৷শিক্ষয়িত্ৰী কেইগৰাকীৰ সৈতে কণমাণিহঁতে হাঁহি-ধেমালী কৰি খোজ দিলে৷পুখুৰী ঠিক পাওঁ-পাওঁ৷হঠাৎ আকাশত মেঘে গাজিলে৷মূহূৰ্ততে এগৰাকী শিক্ষয়িত্ৰীৰ সম্ভিত ঘুৰি আহিল৷প্ৰায় তিনিমাহ মান আগেয়ে এই কণমাণি কেইটা সেই পুখুৰীৰে পানীত ডুবি মৰিছিল৷”ভূত,পলা-পলা!“ তেওঁৰ আৰ্তনাদত বাকী দুগৰাকীৰো সম্ভিত আহিল আৰু দৌৰিবলৈ আৰম্ভ কৰিলে৷কণমাণিহঁতেও খিলখিলাই পিছে-পিছে লৰ দিলে৷আবাসিক এলেকাৰ সীমাত সোমোৱাৰ মূহূৰ্ততে কণমাণিহঁত অৰ্ন্তধান হ’ল৷
সাৰাংশঃ যেতিয়া কোনো স্থানত একেলগে অনেক অপ্ৰাকৃতিক মৃত্যু অৰ্থাৎ হত্যা,দুৰ্ঘটনা,আত্মহত্যা,আকস্মিক মৃত্যু হ’য় আত্মাই মুক্তি নাপায় প্ৰেত যোনীত প্ৰৱেশ কৰে৷প্ৰেতে সংগী বিছাৰে৷সেয়ে চল-কৌশলেৰে আপোন মানুহকে হত্যা কৰি নিজৰ লগৰীয়া কৰে৷কিন্তু প্ৰেত অশৰীৰ সেয়ে প্ৰেতে আপোনাক শাৰিৰীক ভাৱে আঘাত বা হত্যা কৰিব নোৱাৰে৷ভ্ৰমৰ সৃষ্টি কৰে তাৰ পৰিণতিত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ বা দুৰ্ঘটনা হৈ মানুহৰ মৃত্যু হ’য়৷সেয়ে এনে স্থানক প্ৰেতমুক্ত কৰিবলৈ উচ্চ কম্পনাংকৰ মন্ত্ৰ বা শংখনাদ,বৰকাঁহ,ভোৰতালৰ ব্যৱহাৰ কৰা হ’য়৷সকলো প্ৰেতৰ এখন ক্ষেত্ৰ থাকে আপুনি প্ৰেতৰ উপস্থিতিৰ উমান পালেই সেই ঠাই ত্যাগ কৰক৷ক্ষেত্ৰৰ বাহিৰ হ’লে প্ৰেতে আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰে৷তেনে পৰিস্থিতিত সাহস নেহেৰুৱাব৷সাহস বা যোগাত্মক বিচাৰেই অশৰীৰ সৈতে যুদ্ধত ব্ৰহ্মাস্ত্ৰস্বৰূপ)
আইতাঃভুক্তভোগী মহানগৰীৰ নিবাসী৷তেওঁ নিশাচৰ৷ৰাতি দহমান বজাত ভাত-পানী খাই নদীৰ ঘাটত বন্ধুবৰ্গৰে আড্ডা দিবলৈ যায়৷ঘাটৰ পাৰতে তেওঁলোকে শৈশৱ-কৈশোৰ পাৰ কৰা মৰমৰ বিদ্যালয়খন৷ঘাটলৈ যোৱা ৰাস্তাত এখন কৱৰস্থান৷সদায় অহা-যোৱা কৰা পথ৷সেয়ে ভয়-শংকাৰ কাৰণ নাই৷সেইদিনা কবৰস্থানৰ ৰাস্তাত এগৰাকী আলৰ বৃদ্ধাক পালে৷আইতাই মাটিত বহি থকাৰ পৰাই সেহাই-সেহাই ক’লে,”বোপাহঁত মোৰ শৰীৰ বৰ বেয়া৷খোজকঢ়াৰ শক্তি নাই৷পাৰ যদি সৌ নদীৰ ঘাটতে মোৰ ঘৰ৷মোক তুলি লৈ যা৷“ল’ৰাহঁতে আইতাক দাংকোলাকৈ লৈ গ’ল৷বাটত বগা গ্ৰাউন পিন্ধা এহাল মধ্যবয়সীয়া দম্পতীক পালে৷মহিলাগৰাকীয়ে ক’লে,”আইতাক কেনি নিয়া৷তেওঁৰ ঘৰ সৌফালে“ বুলি কৱৰস্থানৰ দিশে আঙুলিয়ালে৷সিহঁতে ভাবিলে এয়া তাহাতক ভয় খুৱাবলৈ কৰা ধেমালি মাত্ৰ৷কিছুদুৰ যোৱাৰ পিছত পুনৰ আইতাই ক’লে,”বোপাহঁত মই ঘৰলৈ নাযাওঁ৷পাৰ যদি মোক নদীতে উটুৱাই দে৷“ ল’ৰাহঁতে ভাবিলে আজি ভাল পাগলীৰ পাল্লাত পৰিলো৷আইতাই বাৰে-বাৰে পুনৰাবৃত্তি কৰাত এটাই বিৰক্ত হৈ ভেকাহি মাৰিলে,“মনে-মনে থাকক৷ন’হলে ইয়াতে পেলাই থৈ যাম৷“ আইতা মৌন হ’ল হয়তো খং উঠিল৷হাতৰ মুঠি ক্ৰমে টান হ’বলৈ ধৰিল৷বিদ্যালয় পাইছে মাথো আইতাই এটা পথৰ দিশে আঙুলিয়াই ক’লে,”এইফালে গ’লে সোনকালে ঘাট পাবি৷বৈ হক৷“সিহঁতৰ চকু কপালত উঠিল কাৰণ আগদিনালৈকে সেই স্থানত কোনো পথেই নাছিল৷সেয়ে সিহঁতে নিজৰ পৰিচিত ৰাস্তাৰে ঘাটলৈ যোৱাৰ সিদ্ধান্ত ল’লে৷স্কুল পাৰ হৈ শৰ্মা দাৰ দোকান৷সিহঁতে শৰ্মাদাক দোকানৰ বাৰান্দাত দেখি ৰিঙিয়ালে৷না শৰ্মাদাৰ কোনো ভ্ৰুক্ষেপ নাই৷ঘাট পাও-পাও সিফালৰ পৰা স্কুলীয়া বন্ধু এজনৰ আগমন ঘটিল৷তাক ৰিঙিয়ালে৷সি মাত্ৰ,”পলা“ বুলি কৈ বিপৰীত দিশ লৰ দিলে৷অৱশেষত ল’ৰাহঁত নদীৰ ঘাট পালে৷আইতাই পুনৰ উৎপাত লগালে,”মই ঘৰ নাযাও৷মোক উটুৱাই দে৷“ আৰু জোৰ কৰি মাটিত বহি দিলে৷ল’ৰাহঁত কিংকৰ্তব্যবিমূঢ় হৈ অপেক্ষা কৰিল৷তেনেতে হাতত কলচী লৈ মূগাৰ ৰিহামেখেলা পিন্ধা তিনিগৰাকী আদহীয়া মহিলা ঘাটলৈ আহিল আৰু ল’ৰাহঁতক সুধিলে,” এই ৰাতিখন ঘাটৰ পাৰত তহঁতক কি লাগে৷“ সিহঁতে আইতাৰ আখ্যান শেষ কৰিব নাপালেই এগৰাকীয়ে প্ৰচণ্ড ধমক সোধালে,”যা বুলিছো নহয় ভালে-ভালে যা৷“ ল’ৰাহঁত প্ৰায় সন্মোহিত হৈ মূহূৰ্ততে সেই স্থান ত্যাগ কৰিল৷ভুক্তভোগী ৰাতি তিনিমানত এক ভয়াবহ সপোন দেখি সাৰ পালে৷সপোনত আইতাই তাৰ শোৱাপাটীৰ কাষত ঠিয় হৈ ডবিয়াইছিল৷মোক কিয় উটাই নিদিলি?“তেনেকুৱাতে তাৰ আন এজন বন্ধুৰ ফোন আহিল৷সিয়ো প্ৰায় একেসময়তে একেটাই সপোন দেখি তালৈ ফোন কৰিছিল৷সেই বন্ধুজন তুলাৰাশিৰ আছিল৷আইতাই খামোচা তাৰ হাতৰ অংশ ইতিমধ্যেই জুয়ে পোৰাৰ দৰে ৰঙা-ক’লা পৰিছিল৷তাৰ পিছত সদায় নিশা ২-৩ ৰ মাজত একে স্বপ্নৰ পুনৰাবৃত্তি৷কেতিয়াবা আইতাৰ সৈতে এটা কেঁচুৱাও আহে৷সি ভুক্তভোগীৰ ফেনৰ ওপৰত বহি খিলখিলাই হাঁহে৷শেষত বেচেৰাই তিনিবজাৰ আগেয়ে শোৱাই বাদ দিলে৷তিনিবজাৰ পিছত কিন্তু আইতা নাহে৷
সাৰাংশ-আইতা “Non human or Demonic Spirit”৷তেওঁ আমাৰ পৃথিৱীৰ নহয় আন এক সমান্তৰাল পৃথিৱী বা “Astral world” ৰ৷কেতিয়াবা কোনো বিশেষ ক্ষণত অজ্ঞাত কাৰণবশতঃ দুয়োখন পৃথিৱীৰ মাজত এটা টানেল বা পথৰ সৃষ্টি হ’য় যি অস্থায়ী আৰু তেওঁলোক আমাৰ পৃথিৱীলৈ আহে৷একেৰাতিতে মাটি ফুটি ওলোৱা ৰাস্তাটো তেনে এটা টানেল৷আমাৰ পৃথিৱীৰ পৰা তেওঁলোকৰ পৃথিৱীলৈ ঘুৰি যাবলৈ তেওঁলোকক এখন দলং লাগে৷সেয়া হ’ল সন্মোহিত ব্যক্তিক হত্যা কৰি সৃষ্টি কৰা মৃতদেহৰ দলং৷বগা গ্ৰাউন পিন্ধা দম্পতী,শৰ্মা দা(প্ৰকৃত শৰ্মা দা তেতিয়া ঘৰত আছিল৷) আৰু তেওঁলোকৰ স্কুলীয়া সহপাঠী(আচল জন সেইদিনা সেই জিলাতে নাছিল। ) তেওঁলোক হ’ল পথপ্ৰদৰ্শনকাৰী শুভ আত্মা যি বিভিন্ন উপায়েৰে তেওঁলোকক আইতাৰ সংগ এৰাৰ ইংগিত দিছিল৷ঘাটৰ মহিলা তিনিগৰাকী পবিত্ৰ দেৱতুল্য শক্তিশালী আত্মা যাৰ বাবে সেইবেলিলৈ সিহঁতৰ প্ৰাণ ৰক্ষা পৰিল৷আইতাই তুলা ৰাশিৰ বন্ধুজনৰ বাবে সিহঁতক সন্মোহিত কৰাত ব্যৰ্থ হ’ল৷তুলা ৰাশি দুৰ্বল নহয় তুলা মানে “balance” আইতাৰ সন্মোহন শক্তিক “balance” কৰাৰ বাবে তাৰ হাত পুৰিল৷মৃতদেহৰ দলং সাজিবলৈ ব্যৰ্থ হোৱাৰ বাবে আইতাই আমাৰ পৃথিৱীৰ পৰা ওলাব পৰা নাই আৰু সিহঁতক মানসিক ভাবে ভাঙিবলৈ সপোনত আমনি কৰে৷“Demonic spirit” প্ৰেতাত্মাতকৈ হাজাৰ গুণে শক্তিশালী আৰু নৰহত্যা কৰিবলৈ সক্ষম৷ল’ৰাজন বহুদিন মোৰ পৰামৰ্শলৈ যোগাযোগত আছিল৷এদিন অকস্মাতে যোগাযোগ হেৰাল৷মই নাজানো তেওঁ আজি জীৱন্ত নে মৃত আৰু এইটোৱেই মোৰ পাঁচবছৰীয়া কেৰিয়াৰৰ একমাত্ৰ ব্যৰ্থতা৷)
সুৰাৰ মেহফিলঃভুক্তভোগী স্নাতক প্ৰথম ষান্মাষিকৰ ছাত্ৰ৷“PG” ত থাকে৷তাৰে এটাত কোঠাত সন্ধিয়া দৈনিক সুৰাৰ মেহফিল জমে৷কিছুদিনৰ পূৰ্বে মেহফিলৰ এজন নিয়মীয়া সদস্যৰ ৰেল দুৰ্ঘটনাত মৃত্যু হ’ল৷সেইদিনা সম্ভৱত তেওঁৰ তিলনি আছিল৷বন্ধুবৰ্গই সুৰাৰ ৰাগীত প্ৰথমে সদ্যপ্ৰয়াত বন্ধুৰ স্মৃতিত এগিলাচ সুৰা বাকিলে,তেওঁক সুৱৰি চকুলো টুকিলে আৰু দুজন চিনিয়ৰে প্ৰথম ষান্মাষিকৰ আজিৰ কাহিনীৰ নায়কক হুমকি দি ক’লে,”ঐ যা গিলাচটো চাদৰ ওপৰত থৈ আহ৷“ চিনিয়ৰৰ আদেশ নামানি পাৰে নে৷চাদৰৰ আচলত জীয়টো বান্ধি ছাদত গিলাচটো থলে আৰু লগতে সাধাৰণ জ্ঞানৰ পূৰ্ণ ব্যৱহাৰ কৰি জেগা ডোখৰত প্ৰস্ৰাৱ কৰি দিলে৷আহি ভাত-পানী খাই শুই থাকিল৷শেষনিশা টোপনি ভাগিল৷তলৰ মহলাত গধুৰ বস্তা চোচৰোৱাৰ শব্দ৷শব্দটো ক্ৰমে চিৰিৰে উঠি আহি তাৰ ৰূমৰ দৰ্জাৰ মুখত ৰৈ গ’ল৷দুটামান মূহূৰ্তৰ পিছত হঠাৎ তাৰ এনে লাগিল কোনোবাই তাক চাই আছে৷চকু মেলি দেখে বিচনাৰ কাষত এক ছায়ামুৰ্ত্তি তললৈ মুৰ কৰি ঠিয় হৈ আছে৷অৱয়ব সদ্য প্ৰয়াত বন্ধুৰ দৰে৷লৰচৰ কৰিব পৰা নাই মুখৰ মাত হেৰাল৷ভাগ্য ভাল সি হনুমান ভক্ত আছিল আৰু হনুমান চালিসা তাৰ কন্ঠস্থ আছিল৷মনতে আওৰাব ধৰিল৷চালিসা শেষ হৈছে মাত্ৰ শৰীৰত যেন বিজুলী দৌৰিল৷একেকোবে আঠুৱা ফালি লাইটৰ চুইছ অন কৰি দুপদুপকৈ দৌৰ দিলে৷পোন্ধৰমিনিট মান পিছত সদলবলে পুনৰ কোঠালৈ আহিল৷কাৰণ বেছেৰা ৰূমমেটে টেটুলৈকে মাৰি শুই আছে৷ৰূমটো তেতিয়া হিমশীতল৷কিন্তু সেয়া জহকালিৰ কথা৷ৰূমমেটক চাৰি-পাঁচটা পাত চৰ শোধোৱাত সাৰ পালে আৰু সুধিলে,”কি হ’ল?কিহৰ ইমান হাল্লা?“ তাক একো নকৈ চোচোৰাই ৰূমৰ বাজ কৰা হ’ল৷পিছদিনা “PG” এৰি গোটেইমখাই পলাল৷শেষত মালিকে ধৰ্মীয় ৰীতি-নীতিৰে পূজা এভাগ কৰিল,সিহঁত ঘুৰি আহিল আৰু কোনো অসুবিধা ন’হল৷
সাৰাংশঃ ৰেল দুৰ্ঘটনা অপ্ৰাকৃতিক মৃত্যু সেয়ে আত্মা গুচি বন্ধু প্ৰেত হ’ল৷দ্বিতীয় কথা গোন্ধ প্ৰেতৰ বাবে শক্তিৰ উৎস৷সেয়ে কাৰোবাৰ আকস্মিক মৃত্যু হ’লে তেওঁৰ সোৱৰণত সুৰা,সুগন্ধি দ্ৰব্য,সুগন্ধি ধূপ বা মমবাতি জ্বলোৱা নিষেধ৷কন্দাকটা নকৰিবলৈ চেষ্টা কৰাই শুভ৷কন্দাকটা কৰিলে মৃতকে জীৱন নাপায় কিন্তু আমাৰ অশ্ৰুৱে বৈতৰণীত বান আনে আৰু আত্মাৰ মোক্ষ প্ৰাপ্তিত সমস্যা হ’য়৷অস্থি বিসৰ্জন নিদিয়া পৰ্য্যন্ত মৃতকৰ ফটোত ধূপ-দীপ জ্বলাই তেওঁৰ আবেগিক সোৱৰণ নকৰাই শ্ৰেয়,বিশেষকৈ যাৰ অতিপ্ৰাকৃতিক বা আকস্মিক মৃত্যু হৈছে৷কমনসেন্স কেতিয়াবা ননসেন্স হয়৷প্ৰেতাত্মা আহিছিল সুৰাৰ গোন্ধেৰে ভোক গুছাবলৈ যেতিয়াই এওঁ মুতি দিলে প্ৰেতাত্মা এওঁৰ শত্ৰুত পৰিণত হ’ল৷হনুমান চালিসাই সিদিনা তেওঁক বচালে৷হনুমান চালিসা,নাৰায়ণ কৱচ আৰু বিশেষকৈ নৃসিংহ মন্ত্ৰ আৰু 11000-12000 Hz ৰ যিকোনো শব্দক প্ৰেতে সহ্য কৰিব নোৱাৰে৷সেয়ে যেতিয়া পূজাত শংখনাদ হ’ল প্ৰেতাত্মাই সেই স্থান ত্যাগ কৰিলে৷অস্বাভাৱিক উষ্ণতা,unstable voltage আৰু উৎসবিহীন সুগন্ধ বা দূৰ্গন্ধ প্ৰেত নাইবা demonic spirit ৰ উপস্থিতিৰ সংকেত৷)
