ভোগদৈ দলংঃ সেয়া ২০১৩ চনৰ কথা৷মোৰ ডাঙৰ মামাৰ ডাঙৰজনী ছোৱালী মোৰ বাৰ প্ৰায় এসপ্তাহ পূৰ্বে বিবাহ সম্পন্ন হৈছে৷কৰ্মসূত্ৰে উভয়েই বেংগালুৰুৰ ইলেক্ট্ৰনিক চিটিত থাকে৷বহুজাতিক কোম্পানীৰ চাকৰিৰ সীমিত ছুটী কোনো নতুন কথা নহয়৷জুলাই মাহৰ কথা৷গধূলি ন জোঁৱাইক লৈ মিতিৰ ফুৰিবলৈ আহিল৷সকলো ঘুৰি পকি নিশা দহমান বজাত আমাৰ ঘৰত৷এঘন্টামান কটাই উভতিল৷চালকৰ আসনত ন জোঁৱাই মানে মোৰ ভিনিহিদেউ,কাষত ডাঙৰ মামী,পিছৰ ছিটত নকইনা মানে ডাঙৰ বা,ভন্টী আৰু ভাইটি৷মাৰুতি ৮০০৷যোৰহাটৰ বাইপাছৰ ভোগদৈৰ সমীপৰ শ্মশানখন পাৰ কৰিছে মাত্ৰ(মই ব্যক্তিগত বা ৰাজহুৱা সম্পত্তিৰ ঠিকনা উল্লেখ নকৰো কিন্তু ৰাজপথ বা দলং আদি হ’লে সুকীয়া৷উদ্দেশ্য এয়াই যাত্ৰীক সচেতন কৰা৷ভয় খুউওৱা নহয়৷আপুনি ভয় খালে অশুভ শক্তিয়ে উৎসাহ পায়৷)জনশূণ্য শ্মশান,যোৰহাটৰ স্থানীয় লোকে জানে অজন্তা বাইপাছ হৈ গ’লে ভোগদৈ দলং আৰু শ্মশান পাৰ হৈ প্ৰায় বৰিগাও-পতিয়াগাও তিনিআলি পৰ্য্যন্ত ঠাইখন জনশূণ্য,দোকান-ঘৰ-বজাৰ একোৱেই নাই৷দুয়োফালে মাথো বিস্তীৰ্ণ পথাৰ৷সমগ্ৰ বাইপাছতেই এটা মাত্ৰ ষ্ট্ৰীট লাইট ঔষধত দিবলৈও নাই৷ৰাতি নমান বজাৰ পৰা যান-বাহনৰ চলাচলো সেৰেঙা হৈ পৰে৷মাজে-মাজে দুইএখন মালবাহী ট্ৰাক বা ব্যক্তিগত বাহন৷ফৰিংফুটা জোনাক নিশা৷গাড়ীৰ হেডলাইটৰ পোহৰ,নিজান পথ,গাড়ীৰ গতিবেগ প্ৰায় পঞ্চাশ-ষাঠী মান হ’ব৷দলং পাৰ হৈছে মাত্ৰ হঠাৎ এনে অনুভৱ হ’ল যেন গাড়ী ৰাস্তাত নহয় ডাৱৰৰ মাজত৷চকুৰে কোনেও একো মনিৱ নোৱাৰা কুৱলী৷ঠিক কুৱলী বুলি ক’লে ভুল হ’ৱ৷ছিগাৰেটৰ কুণ্ডলীপকোৱা ধোৱাৰ দৰে৷ধোৱাৰ কোনো গোন্ধ নাই৷মূহূৰ্ততে গাড়ী অচল হৈ পৰিল৷হেডলাইট বন্ধ হৈ গ’ল৷বাৰে-বাৰে চেষ্টা কৰিও গাড়ী ষ্টাৰ্ট দিব পৰা নাই৷তেল শেষ হোৱাৰ প্ৰশ্নই নুঠে৷বেটেৰী বহাৰ কথাই নাহে৷বাহিৰত কেৱল কুণ্ডলী পকোৱা ধোৱা আৰু ধোৱা পোন্ধৰ মিনিটমান অতিক্ৰম কৰিল৷গাড়ীয়ে ষ্টাৰ্ট হোৱাৰ নামেই নলয়৷ফোনৰ নেটৱৰ্ক নাই৷ক্ষন্তেকৰ পূৰ্বলৈকে হাঁহি-মাতি থকা সকলোৰে মুখ শুকাই টেমী যেন হ’ল৷অকস্মাৎ সন্মুখৰ পৰা এখন ট্ৰাক আহিল৷ট্ৰাকৰ হেডলাইটৰ পোহৰ পোৱা মাত্ৰকে ধোৱাৰ চিনমোকাম নাইকিয়া হ’ল৷একেবাৰতে গাড়ীয়ে ষ্টাৰ্ট ল’লে৷গাড়ীখন আছিল সৰুমামাৰ৷পিছদিনা মামাই সুধিলে গাড়ীখন কালি ক’ৰবাত লাগিছিল নেকি?“ ডাঙৰ মামীয়ে আচৰিত হৈ শুধিলে “কিয় শুধিলা৷“ মামাই ক’লে,” বাম্পাৰডাল ভাগি আছে৷“ আগনিশা কোনেও মুখ খোলা নাছিল৷অৱশেষত খুলিল৷সৰু মামাই লাহেকৈ ক’লে,” সেয়ে মই কৈছিলো ৰাতি পলম হ’লে টাউন হৈ আহিবা৷ইয়াত প্ৰায়েই তেনেকুৱা হ’য়৷“

বুঢ়াপাহাৰঃবন্ধুৰ ঘৰ গোলাঘাটত৷নতুন ইন’ভা গাড়ী৷সপৰিয়ালে গুৱাহাটীলৈ গৈছিল৷পৰিয়াল মানে মাক,দেউতাক আৰু সৰু ভায়েক৷একেদিনাই ঘুৰি অহাৰ প্লেন৷ৰাতি দহমান বাজিছে৷ষ্ট্ৰীট লাইট বিহীন নিজান হাইৱে৷বুঢ়াপাহাৰৰ সমীপত৷ড্ৰাইভিং চিটত দেউতাক কাষত বন্ধু৷জুলাই মাহৰ জোনাক নিশা৷হঠাৎ কুৱলী পৰিল৷আৱতৰীয়া কুৱলী মানে ছিগাৰেটৰ ধোৱা সদৃশ৷গাড়ীৰ ইঞ্জিন বন্ধ হ’ল৷বন্ধুৰ দেউতাক নিশা গাড়ী চলোৱাৰ অভিজ্ঞতাৰে পুষ্ট৷সেয়ে সমস্বৰে হৰি নাম লৈ পুনৰ ষ্টাৰ্ট দিলে৷দুই-তিনিটা বিফল প্ৰয়াসৰ অন্তত ইঞ্জিনৰ সুখনিদ্ৰা ভংগ হৈ ষ্টাৰ্ট ল’লে৷একনম্বৰ গিয়েৰত মৰণত শৰণ দি গাড়ী আগবঢ়ালে৷কাৰণ কুৱলীৰ আৱৰণ আতৰাই নাই৷ “LED Projector” ৰ ভৰসাত কোনোমতে আগবাঢ়িছে৷আগে-আগে এজন এড়ী চাদৰ ধূতি পৰিহিত কান্ধত গামোচা লোৱা আদহীয়া ভকত৷ঘন্টাত দহ কিঃমি মান বেগত গৰুগাড়ীৰ গতিৰে ইনভা৷আগে-আগে ভকত৷দুয়োৰে মাজত দুৰত্ব কমাৰ নামগোন্ধই নাই৷পাঁচমিনিট মান পাৰ হ’ল৷হঠাৎ ভকতে গাড়ীৰ সন্মুখত জাপ দিলে৷ডিচব্ৰেক মাৰিল৷পকীৰাস্তা আৰু চকাৰ ঘৰ্ষণে ৰাস্তাত ফিৰিঙতিৰ সৃষ্টি কৰিলে৷ভকত অৰ্ন্তধান হ’ল আৰু ফিৰিঙতিৰ সৈতে অৱশেষত কুৱলীৰ আৱৰণৰ অন্ত পৰিল৷গাড়ী এটা গড় খাৱৈৰ সন্মুখত৷ব্ৰেক মৰাত এক মিনিট পলম হোৱা হ’লেও সকলো শেষ আছিল!

কাজিৰঙাঃ২০২০ ৰ অক্টোবৰৰ শেষৰ সপ্তাহমানৰ কথা৷মোৰ বিভাগৰে এজন জ্যেষ্ঠ গৱেষক ছাত্ৰ৷সম্ভৱত সেইদিনা আছিল বুধবাৰ৷তেওঁৰ ভাড়াঘৰত প্ৰায়েই আবেলি আমাৰ আড্ডা বহে৷হঠাৎ তেওঁ আমাক এটা প্ৰস্তাৱ দিলে৷শোণিতপুৰ জিলাৰ এটা ৰাজহুৱা বেংকত তেওঁৰ এটা চেভিংচ একাউন্ট আছে৷সেইটো যোৰহাট ব্ৰান্সলৈ ট্ৰেন্সফাৰ কৰিব লাগে৷প্ৰধানমন্ত্ৰীয়ে যদিও ডিজিটেল ভাৰতৰ সপোন দেখে আৰু আমাকো দেখুৱাই তৎস্বত্বেও আমাৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহ আজিও সেই মান্ধাতা যুগতেই আছে৷টোল ফ্ৰী নম্বৰত ফোন কৰি সমস্যাৰ নিদান পোৱা আৰু তপস্যাৰে নাৰায়ণক সন্তুষ্ট কৰি মনোবাঞ্ছিত বৰ পোৱা সমপৰ্যায়ৰ কথা(সনাতনৰ ইতিহাস সাক্ষী আছে নাৰায়ণে কেৱল কৰ্মফলৰ সমপৰ্য্যায়ৰ বৰ হে দিয়ে তাতকৈ অধিক হয়তো মহাদেৱ বা ব্ৰহ্মাই দিব কিন্তু নাৰায়ণৰ ক্ষেত্ৰত কথাটো নেচেল) তাকো আকৌ বেংকৰ চাৰ্ভাৰ শ্বিলংৰ আকাশৰ দৰে কেতিয়া গোমা হৈ ডাউন হৈ পৰে সেয়া কেৱল চাৰ্ভাৰ প্ৰভাইডাৰ আৰু ঈশ্বৰেহে জানে৷সেয়া সিদ্ধান্ত লোৱা হ’ল হুছেইন দাৰ ইন’ভাখন ভাড়া কৰি দাদাসহ আমি তিনিজন বন্ধু পুৱাই শোণিতপুৰলৈ যাম৷বিশ্বনাথত ভুমুকি মাৰি বন্ধু শইকীয়াৰ ঘৰত এসাজ খাম,আবেলি অগ্নিগড়লৈ যাম,গধূলি ঘুৰিম,ৰাতি দহ বজাত ঘৰৰ ল’ৰা ঘৰত৷সেইসময়ত মোৰ নিয়মিত অতিৰিক্ত পৰিমাণে সুৰাপান কৰাৰ এক বদঅভ্যাস আছিল৷এতিয়া অৱশ্যে পৰিত্যাগ কৰিলো৷ৰাতিপুৱা পাঁচবজাত উঠি সাজু হ’ব লাগিব৷খুব বেছি এটা কোৱাৰ্টাৰ কিন্তু শেষত দুৰ্ভাগ্য নহয় সৌভাগ্যক্ৰমে প্ৰায় ফুলপাহিয়েই ছিঙি লালকাল দিলো৷এলাৰ্ম সেইটো আকৌ কি বস্তু?মোবাইল চাইলেণ্টত৷দহবজাত উঠি কাঢ়াকৈ নেমুচৰৱত খালো৷তেতিয়াও হেঙায়েই আছে৷ফোনত বিশটা মান মিছ কল৷সিহঁত ইতিমধ্যেই বেংকত৷মই পেটৰ অসুখ বুলি মিছা মাতিলো৷পিছদিনা পুৱা দহমান বজাত দাদাৰ ভাড়াঘৰত৷চাৰি-পাঁচবাৰ ধকিৱাৰ মুৰত দাদাই চকু মোহাৰি দৰ্জা খুলিল(সচাৰচৰ দাদা ছয় মানতেই উঠে৷) মই বোলো কথা কি! তেওঁ চকুৰ ফেচকুৰি মুচি-মুচি আৰম্ভ কৰিলে,” নকবা বুজিছা৷তোমাৰ পেটৰ অসুখ হৈ ভালেই হ’ল৷আমাৰ কপাল বেয়া৷গধূলিতে ঘুৰিছিলো৷নমান বাজিছে৷কাজিৰঙা সোমাইছো এথোন!আগৰ পৰা পাতলীয়া কুৱলী পৰিয়েই আছিল৷হঠাৎ চাৰিওফালে ধোৱা-ধোৱা৷“ মই ছিগাৰেটৰ ধোৱাখিনি এৰি দি ক’লো,”এনেকুৱা নেকি?বেটেৰী বহিল চাগৈ?কিমান সময় ফচিল?“ দাদাই চৰম বিস্ময়েৰে সুধিলে,”তুমি কেনেকৈ জানিলা!বহিল মানে একেবাৰে বহিল৷ভাগ্যে কিছুদুুৰৈত হুছেইন দাৰ চিনাকী মেকানিক এজন আছিল৷এঘন্টামান ধোৱা নে ডাৱৰ সেইসোপাৰ মাজতে থাকিলো৷কাষেৰেই ভালেকেইখন গাড়ী পাৰ হৈ গ’ল৷ভাগ্যে খুন্দা নামাৰিলে৷এঘন্টামানৰ পিছত ধোৱা নিজে-নিজে গায়ৱ৷ফোনত নেটৱৰ্কো আহিল৷মেকানিক আহিল৷কিবাকৈ বেটাৰী এটা মেনেজ কৰিলে৷পিছচকা এটাৰ হাৱা ওলাই চেপেটা হ’ল৷আগফালৰ নাম্বাৰপ্লেট ভাগিল৷ভাগ্য হুছেইন দাৰ স্পেয়াৰৰ চকা আৰু টুলবক্স আছিল৷যোৰহাট সোমাওতে ৰাতি প্ৰায় দুই বাজি গ’ল৷“ মই মিচিকিয়াই ক’লো,”আপোনালোকক মানে যোৱানিশা “Orbi” য়ে পাইছিল৷

সাৰাংশঃ “Orbi” পেৰাচাইক’লজিৰ এক বিতৰ্কিত বিষয়৷নানা মুনিৰ নানা মত৷কোনোৱে কয় সেয়া শৰীৰ ত্যাগ কৰি প্ৰচণ্ড বেগেৰে “Astral World” লৈ ওলাই যোৱা আত্মা৷কিন্তু মই আন এটা সিদ্ধান্ততহে ব্যক্তিগত ভাৱে বিশ্বাস কৰো৷“Orbi” অতৃপ্ত আত্মা বা প্ৰেত যাৰ পথ দুৰ্ঘনাটত মৃত্যু হৈছে আৰু বিধাতাৰ লিখনৰ পূৰ্ণ আয়ুসৰ সময়কাল শেষ নোহোৱা পৰ্য্যন্ত সেই প্ৰেত ইহলোকতে থাকিৱ৷উদাহৰণস্বৰূপে এজন কুৰি বছৰীয়া ডেকাৰ অকস্মাৎ পথদুৰ্ঘটনাত মৃত্যু হ’ল তেওঁৰ কোনো গুৰুতৰ অসুস্থতা নাছিল আৰু মনত আছিল অসংখ্য আশা৷সচাৰচৰ ভাৰতত মানুহৰ গড় আয়ুস ষাঠী বছৰ ধৰা হ’ল সেয়াই বিধাতাৰ লিখন৷সেয়ে বাকী চল্লিশ বছৰ তেওঁ প্ৰেত হৈ আমাৰ পৃথিৱীতে থাকিব৷প্ৰেতে পুনৰাবৃত্তি কৰে৷অৰ্থাৎ প্ৰতিদিনে একে পথেৰেই একে সময়তে যাত্ৰাৰ পুনৰাবৃতি কৰে যি তেওঁৰ জীৱনৰ শেষ যাত্ৰা আছিল৷ধৰক নিশা দুই পৰা তিনি বজাৰ মাজত যোৰহাট নগৰৰ পৰা কাকজান পৰ্য্যন্ত৷অৰ্থাৎ জীৱনৰ শেষ দিনটোত সেই কুৰিবছৰীয়া ডেকাই নিশা দুই বজাত যোৰহাটৰ পৰ টীয়কলৈ যাত্ৰা কৰিছিল৷তিনিবজাত দুৰ্ঘটনাত পতিত হৈ তেওঁৰ কাকজানত মৃত্যু হ’ল৷সেয়ে প্ৰতিদিনে প্ৰেতে নিশা দুইবজাত তেওঁ যোৰহাটৰ পৰা কাকজান অভিমুখে যায় আৰু ঠিক তিনিবজাত কাকজানৰ সেই দূৰ্ঘটনাস্থলী য’ত তেওঁৰ মৃত্যু হৈছিল তাতে তেওঁৰ সেই পৌনঃপুনিক যাত্ৰাৰ যৱনিকা পৰে৷দুৰ্ঘটনাস্থলীৰ কাষ চপাৰ মূহূৰ্ততে প্ৰেতাত্মাই “Orbi” ৰ ৰূপ লয়৷সেইসময়ত আপোনাৰ বাহন যদি “Orbi” ৰূপী প্ৰেতাত্মাৰ ক্ষেত্ৰত দুৰ্ভাগ্যবশত প্ৰৱেশ কৰে প্ৰেতক্ষেত্ৰৰ চূড়ান্ত পৰিৱৰ্তনশীল বিদ্যুৎচুম্বকীয় ফ্লাক্সৰ প্ৰভাৱত (highly variable electromagnetic flux) আপোনাৰ গাড়ীৰ বেটেৰীৰ বিদ্যুৎ চুম্বক ক্ষেত্ৰত প্ৰভাৱ পৰে৷ষ্টাৰ্ট বন্ধ হয়৷“Orbi” ৰ সময় সমাপ্ত নোহোৱা পৰ্য্যন্ত পুনৰ ষ্টাৰ্ট কৰাটো অতি জটিল আৰু উচিতো নহয়৷কেতিয়াবা “Orbi” অত্যাধিক শক্তিশালী হ’লে বেটাৰী নষ্টও হ’ব পাৰে৷বেটাৰী কি মোবাইল,লেপটপ,ইয়েৰ প’ড বা গাড়ীত থকা আন যিকোনো বিদ্যুৎচুম্বকীয় সৰঞ্জামৰো ক্ষতি হ’ব পাৰে৷ নেটৱৰ্কৰ সংযোগো সচাৰচৰ বিচিন্ন হ’য়৷“Orbi” য়ে মানুহক ইচ্ছাকৃতভাৱে অপকাৰ নকৰে৷কিন্তু আপুনি গাড়ীৰ বাজ ন’হব আৰু খিড়িকীৰ গ্লাছ বন্ধ কৰি দিৱ৷অন্যথা প্ৰচণ্ড শীতত আপোনাৰ মৃত্যুও হ’ব পাৰে৷সাহস নেহেৰুৱাব৷ঈশ্বৰক স্মৰণ কৰক৷প্ৰাৰ্থনা বা মন্ত্ৰোচ্চাৰণ কৰক বা মোবাইলত বজাওক বা ১২০০০ হাৰ্টজৰ কৃত্ৰিম শব্দ তৰংগৰ সহায় লওঁক যি “Sound Heal” ৰ দৰে বিনামূলীয়া “App” ত উপলব্ধ৷হেড’লাইট নজ্বলে৷মোবাইলৰ ফ্লাছ লাইট,টৰ্চ,ছিগাৰেট লাইটাৰ যি পাৰে জ্বলাওক৷“Orbi” ক খেদাবলৈ নহয় আন গাড়ীয়ে যাতে আপোনাক খুন্দা নামাৰে আৰু সহায় কৰে সেয়ে এনে কৰিবলৈ হৈছে৷“Orbi” নোহোৱা হোৱালৈকে গাড়ী ষ্টাৰ্ট হ’লেও নচলাব৷দ্বিতীয় কাহিনীৰ নায়ক ভকতজন যি গাড়ীৰ সন্মুখত জাপ দি অৰ্ন্তধান হ’ল তেওঁ নিশ্চয়কৈ পবিত্ৰ আছিল৷তেওঁ জাপ নমৰা হ’লে বন্ধুৰ পিতৃয়ে ডিচব্ৰেক নামাৰিলহেঁতেন আৰু গাড়ী লুটি খায় খাৱৈত৷“Orbi“ কুৱলী বা ডাৱৰ নহয় ছিগাৰেটৰ গাঢ় ধোৱাৰ দৰে৷ অফ হোৱাইট বা ঈৰ্ষৎ হালধীয়া ৰংৰ৷যিকোনো ঋতুতে সূৰ্য্যাস্তৰ পিছত ইয়াৰ অকস্মাৎ আৰ্বিভাৱ হ’ব পাৰে য’ত এফুট দুৰলৈ মনাও প্ৰায় অসম্ভৱ হৈ পৰে৷অসমৰ বহু ষ্ট্ৰীটলাইট বিহীন নিজান হাইৱেত “Orbi” ওলায় বহুতৰে হয়তো অভিজ্ঞতাও আছে৷হয়তো গাড়ীৰ গতি শক্তি আৰু “Orbi” ৰ শক্তিৰ মুখামুখি সংঘৰ্ষৰ ফলত নাম্বাৰ প্লেট,বাম্পাৰ আদি ভাঙে৷“Orbi” ৰ পৰা স্থায়ী পৰিবৰ্তন পোৱাৰ স্বাৰ্থত তেনেস্থানত দীঘলীয়াকৈ শংখনাদসহ পূজা বা ভোৰতাল বজাই নামপ্ৰসংগ কৰাৰ লগতে সৰুকৈ হ’লেও ধৰ্মীয় অনুষ্ঠান স্থাপন কৰা উচিত য’ত নিতৌ-পূৱা গধূলি নিজস্ব পৰম্পৰাৰে ওপৰৱালাৰ আৰাধনা হ’য়৷

(মই এজন পেছাদাৰী পেৰানৰ্মেল এক্সপাৰ্ট৷পেৰাচাইক’লজিৰ সংজ্ঞা অনুসৰি “Paranormal are normal but quite different” যেতিয়ালৈকে আধুনিক বিজ্ঞানে জনা নাছিল আকাশত কিয় বিজুলী মাৰে আমাৰ পূৰ্বপুৰুষে তাক অতিপ্ৰাকৃতিক বুলি ভাবিছিল কিন্তু কাৰণ জনাৰ মূহূৰ্ততে সেয়া প্ৰাকৃতিক হৈ পৰিল৷পেৰাচাইক’লজিৰ মানে কেৱল অশৰীৰ নহয় হিপনটিজিম,পাষ্ট লাইফ ৰিগ্ৰেছেন এনালাইছিল,এষ্ট্ৰেল প্ৰজেকশ্যন আদিও হ’ব পাৰে৷পেৰানৰ্মেল ইনভেষ্টিগেটৰ হিছাপে মোৰ প্ৰায়েই ভুক্তভোগীৰ আবৃত্তি শুনাৰ সৌভাৰ্গ্য কিম্বা দুৰ্ভাগ্য হ’য়৷কিন্তু প্ৰফেশ্যনেল এথিক্সৰ বাবে আমি ভুক্তভোগী আৰু স্থানৰ সবিশেষ জনাব নোৱাৰো৷তলত উল্লেখিত প্ৰতিটো ঘটনাই সঁচা৷মানিলে ধান নামানিলে পতান৷অবিশ্বাস কৰাসকলে গল্প বুলি পঢ়িলেই হ’ল৷বিতৰ্ক মোৰ প্ৰিয় নহয়)

Leave a comment