(দ্বিতীয় খণ্ডক আদৰি লোৱাৰ বাবে সহস্ৰ ধন্যবাদ৷)
হোষ্টেলঃ অসমৰ এখন মফচলীয়া চহৰৰ এক ছাত্ৰী নিৱাসৰ  ছাত্ৰীৰ আবৃত্তি(ধৰা হ’ল তেওঁৰ নাম পৰিণীতা)৷ঠিক মফচলীয়া চহৰো নহয় নগৰে চেলেকি যোৱা এখন গাওঁ৷ছাত্ৰী নিৱাসৰ অনুশাসন বেছ কঠোৰ আৰু আমোদজনকো৷প্ৰথম মহলা (First Floor) ৰ কমনৰূমত প্ৰতিসন্ধ্যা এটেন্ডেন্স লোৱা হ’য়৷সকলোৰে ঘুৰণীয়া মেজমেলত বহে৷প্ৰত্যেকৰে বাবে আসন নিৰ্দিষ্ট অৱশ্যে টেৱুলৰ এটা কোণৰ চকী এখনৰ গ্ৰাহক নাই সেয়ে প্ৰতিদিনেই খালী থাকে৷এটেনডেন্সৰ অন্তত ঘুৰণীয়া মেজমেলৰ পৰা “Clockwise direction” ত এগৰাকী-এগৰাকীকৈ ছাত্ৰী ঠিয় হৈ দিনটোৰ অনুভৱ ব্যক্ত কৰে৷ৱাৰ্ডেন ডগ লাভাৰ৷দুটা লেব্ৰাডোৰ ৰ’জী আৰু ব্ৰাউনো বন্ধিত স্থিতিত মেজমেলত অংশ লয়৷কিন্তু যেতিয়াই সদা খালী চকীখনৰ পিছৰ নিৰ্দিষ্ট আসনত বহা পৰিণীতাই অনুভৱ ব্যক্ত কৰিবলৈ আৰম্ভ কৰে ৰ’জি আৰু ব্ৰাউন ভয়াৰ্ত কন্ঠেৰে ক্ষন্তেক সময় কুকুৱাই নেজ পেলাই লেতুসেতু হৈ পৰে৷দুই মিনিট মানৰ মুৰত হালেই পুনৰ শান্ত হৈ পৰে আৰু পৰিণীতাই অনুভৱ ব্যক্ত কৰে৷প্ৰতিদিন একে ঘটনাৰে পুনৰাবৃত্তি৷ব্যক্তিগত অসুবিধাক দৰ্শাই এগৰাকী জ্যেষ্ঠ ছাত্ৰীয়ে ১২ নং ৰূমটো এৰি গুচি গ’ল৷পৰিণীতাই যেন হাতত সৰগ ধুকি পালে৷দ্বিতীয় ষান্মাষিকতে ছিংগল ৰূম৷পৰিণীতা ১২ নং ৰূমলৈ চিফ্ট হ’ল৷কিন্তু পৰিণীতাৰ সৌভাগ্যই দুৰ্ভাগ্যৰ ৰূপ ধাৰণ কৰিবলৈ ২৪ ঘন্টাৰো প্ৰয়োজন ন’হল৷প্ৰায় পূজাৰ সময়ৰ কথা৷গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে চিলিংফেন জিন্দাবাদ!প্ৰথম নিশা প্ৰায় দুইমান বজাত জিকাৰ খাই সাৰ পালে৷ৰূমৰ তামমাত্ৰ দুই ডিগ্ৰীতকৈ অন্তত অধিক নহ’ব৷সমগ্ৰ শৰীৰৰ তেজ গোটমাৰি যেন বৰফ হৈ পৰিব৷উশাহ-নিশাহ ঘন হৈ আহিল৷চিঞৰাৰ শক্তি নাই৷পিছদিনা যেতিয়া সাৰ পালে সকলো স্বাভাৱিক৷হয়তো সপোন দেখিছিল৷কিন্তু পিছৰ তিনিওটা নিশা একেই সপোন কিম্বা দিঠকৰ পুনৰাবৃত্তি৷চতুৰ্থ নিশা বান্ধৱী এগৰাকীক শাৰীৰিক দুৰ্বলতাক দোহাই দি লগতে শুবলৈ মাতিল৷নিশা পুনৰ একেখন নাটকৰেই পুনৰাবৃত্তি৷পিছদিনা যেতিয়া বান্ধৱীয়ে দুস্বপ্নৰ বৰ্ণণা কৰিলে তেতিয়া পৰিণীতা নিশ্চিত হ’ল এয়া স্বপ্ন নহয় ৰূঢ় বাস্তৱ৷ৱাৰ্ডেনক সকলো ভাঙি পাতি কোৱাত তেওঁ গুৰুত্ব দিয়াটো বাদেই দুয়োকে ডবিয়াই এনে হোষ্টেলৰ আন ছাত্ৰীৰ আগত এনে ভৌতিক গাজাখুৰি গল্পৰ পাতলি মেলিলে অনুশাসন মূলক ব্যৱস্থা ল’ম বুলিও সকীয়নি দিলে৷পৰিণীতাৰ এজন বন্ধু মোৰ দুৰসম্পৰ্কীয়া ককাইদেউ৷তেওঁৰ যোগেদি পৰিণীতাই মোক সংযোগ কৰিলে৷ময়ো ঘুৰণীয়া মেজমেল,ৰ’জি-ব্ৰাউন,ঠেটুৱৈ ধৰা শীত আৰু ৱাৰ্ডেন বাইদেউৰ কঠোৰ নিৰ্দেশনাৰ সমগ্ৰ আখ্যান শুনি মহা বিপাঙত পৰিলো৷ছোৱালীৰ হোষ্টেল তাকো ভূতৰ ওপৰত দানৱ পৰাদি লেডী ডন ৱাৰ্ডেনৰ সন্ত্ৰাস৷মোৰ প্ৰৱেশৰ প্ৰশ্নই নুঠে৷অৱশেষত বহু ভাবি গুণি এক চৰম সিদ্ধান্ত ল’লো৷মোৰ বৃত্তিগত(ব্যক্তিগত নহয়) মোবাইলৰ পৰা চিমখন সোলোকাই মোবাইলটো পৰিণীতাক দি মই ককাইদেউৰ ঘৰতে আলহী হ’লো৷সন্ধিয়া ল’ড চেডিং হোৱাৰ মাত্ৰকে পৰিণীতাই মোক তাইৰ ব্যক্তিগত মোবাইলেৰে ফোন কৰিল৷হোষ্টেলত কোনো জেনেৰেটৰ নাই৷ঘোপমৰা অন্ধকাৰ,ফোনৰ এইপাৰে মই সিপাৰে পৰিস্মিতা সহ দুগৰাকী অত্যুৎসাহী বান্ধৱী৷মোৰ বৃত্তিগত মোবাইলৰ EMF(Electromagnetic Flux) মিটাৰে ইতিমধ্যেই “High Deviation”(উচ্চ বিচ্যুতি) দেখুৱা আৰম্ভ কৰিছিল৷ EMF ৰ ডাইৰেকশ্যন বা উৎস পৰিণীতাৰ কোঠা(১৪ নং ৰূমৰ) ঠিক তলৰ মহলা(Ground Floor) ৰ এক পৰিত্যক্ত গাধোৱাঘৰ৷


বিদ্যুৎৰ আৰ্বিভাৱ হ’ল৷ঘুৰণীয়া মেজমেল আৰম্ভ হৈছে মাত্ৰ৷অত্যুৎসাহী বান্ধৱীৰ ওকালি আহিল৷তাই বাথৰুমৰ দিশে দৌৰ দিলে৷প্ৰকৃততে ওকালি অহা নাছিল৷সেয়া আছিল পৰিকল্পনাৰ এক অংশ৷মেইন ছুইছটো সকলোৰে আলক্ষিতে বন্ধ কৰি দিয়া হ’ল এইবাৰ বিচ্যুত EMF য়ে পৰিত্যক্ত চকীৰ দিশত আঙুলিয়ালে৷পাঁচ মিনিটত নৌহওঁতেই বিদ্যুৎ আৰু বান্ধৱী উভয়ৰে আবিৰ্ভাৱ হ’ল৷
ককাইদেউ মই সন্ধিয়া আঠমান বজাত হোষ্টেল অভিমুখে যাত্ৰা কৰিলো৷পৰিণীতাই ফোনটো দিলে,চকীদাৰ কাঞ্চাৰ লগত চিনা-পৰিচয় হৈ কথাৰ মাজতে ক’কৰ বটলত মিলাই অনা RS ভাগি আগবঢ়ালো৷কিছুদেৰি ভূতৰ ফুচুৰি গল্প৷মাজতে কাঞ্চাই ক’লে৷এই হোষ্টেলটো এক আত্মহত্যা হৈছিল৷আমি পৰম উৎসুকতাৰে শুধিলো “ক’ত“৷কাঞ্চাই তলৰ মহলাৰ পৰিত্যক্ত বাথৰূমলৈ আঙুলিয়ালে য’ৰ ঠিক ওপৰত কোঠা নং ১৪৷কাৰণ প্ৰেমজানিত৷হয়তো শেষ নিশা অন্ধকাৰৰ আৰু আবাসীৰ সুখনিদ্ৰাৰ সুযোগ লৈ৷
পিছদিনা ককাইদেউ আৰু স্থানীয় সাংবাদিক এজনৰ সৈতে লেডী ডনক লগ ধৰিলো৷প্ৰথমে তেওঁ মানি ল’বলৈ মুঠেই মান্তি হোৱা নাছিল৷কাঞ্চাৰ ভইচ ৰেকৰ্ডিংটো বজাই দিলো৷তেওঁ গৰজি উঠিল,” এই মদাহীটোৱে যি তি বকে৷“স্থানীয় সংবাদদাতাৰ এটা বৰ ভাল গুণ আছিল৷পুৰণি বাতৰিকাকত সংগ্ৰহৰ৷বাতৰিটো তেৱেই লিখা৷বাতৰিকাকতখন মেলি দেখুৱাই ছাত্ৰনেতা ককাইদেউ আৰু সংবাদদাতাই মিহিকৈ কৰ্কথনা কৰাত অৱশেষত চিকাৰ কৰিল৷পাঁছ বছৰৰ আগৰ কথা৷চূড়ান্ত ষান্মাষিকৰ ছাত্ৰী এজনীয়ে আত্মহত্যা কৰিছিল৷কোনোৱে কয় প্ৰেমজানিত কাৰণত কোনোৱে কয় কেৰিয়াৰৰ হেঁচা৷কাঞ্চাই কোৱাৰ দৰে শেষনিশা বাথৰূমত৷সেয়ে তেতিয়াৰ পৰাই সেই বাথৰূম আৰু দুৰ্ভগীয়া ছাত্ৰীৰ নিৰ্দিষ্ট চকীখন আজিও পৰিত্যক্ত৷

মৰমৰ বাইদেউঃষোড়শী গাভৰু৷জীৱনৰ বসন্তক আকোঁৱালি লোৱাৰ পূৰ্বেই এক অচিন ৰোগত আক্ৰান্ত হ’ল৷সমগ্ৰ শৰীৰ বিষত পীড়িত হৈ কোঙা হোৱাৰ উপক্ৰম হ’ল৷চিকিৎসক সলাবলৈ বাকী নাই৷কিন্তু ৰোগৰ উপশমৰ কোনো লক্ষ্যণেই নাই৷এদিন গধূলি চোতালতে খোজ কাঢ়ো বুলি ওলাই যোৱা ছোৱালীজনী নিখোজ হ’ল৷এক বিনিদ্ৰ ৰজনীৰ অন্তত পুৱা ভায়েকে পুখুৰীত ওপঙি থকা এক ওফন্দি উঠা মৃতদেহ আৱিষ্কাৰ কৰিলে৷হ’য় তাইৰেই মৃতদেহ৷মাহেক পিছত সৰুজনী ভনীয়েকৰ জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা৷নিশা দেৰিলৈকে পঢ়ে৷বাহিৰত তেতিয়া ফৰিংফুটা জোনাক নিশা,খিৰিকীৰে এজাক হিমচেঁচা বতাহ সোমাই আহিল৷খিড়িকীখন বন্ধ কৰিবলৈ ৰৈ তাই শিল পৰা কপৌযেন হৈ পৰিল৷বাহিৰত কুৱলীৰ আৱৰণ পিন্ধা সদ্যমৃতা বায়েকৰ অবিকল প্ৰতিকৃতি৷তাইক ৰিঙিয়াই হাত বাউলি দি মাতিছে৷বেছেৰী মূহূৰ্ততে চিৎকাৰ কৰি মূৰ্চা গ’ল৷জ্ঞান ফিৰি অহাৰ অন্ততঃ যেতিয়া সকলোখিনি ভাঙি পাতি ক’লে মাকৰ বাহিৰে আনসকলোৱে ঘটনাটো “Exam Pressure” আৰু “বায়েকৰ কৰুণ স্মৃতিত“ হোৱা ভ্ৰম বুলি সামৰি থলে৷সেইনিশা মাকো তাইৰ কাষতে বহিল৷পুনৰ চেচা বতাহ৷কুৱলীৰ আৱৰণ পিন্ধা বায়েকৰ প্ৰতিৰূপ৷হাতবাউলি দি ৰিঙিয়াইছে কিন্তু মাকক নহয় মৰমৰ ভনীয়েকক৷মাক-জীয়েক হালেই চিৎকাৰ কৰি কান্দোনত ভাগি পৰিল৷অন্ততঃ একেলগে দুজন ব্যক্তিৰ একেসময়তে একেটা ভ্ৰম হোৱাটো স্বাভাৱিক নহয়৷ভায়েক মোৰ বন্ধু৷মোক যোগাযোগ কৰিলে৷ঘৰৰ সামুহিক মংগলৰ বাবে, বায়েকৰ স্মৃতিত নহয়(কাৰণ আত্মহত্যাকাৰীৰ স্মৃতিত ২১ বছৰ নোকলা পৰ্য্যন্ত কোনো ধৰ্মীয় অনুষ্ঠান কৰা নহয়৷) বিষ্ণুৰ সহস্ৰ নাম পাঠ,গীতিপাঠ আৰু ভোৰতাল বজাই নামপ্ৰসংগ কৰা হ’ল৷ঘৰৰ বাৰী তথা পুখুৰী অভিমন্ত্ৰিত আঠ ইঞ্চি গজালেৰে বন্ধা হ’ল৷তেতিয়াৰ পৰা আৰু কোনো সমস্যা নাই৷মেট্ৰিকৰ অন্তত বন্ধুৰ ভনীয়েক কাষৰে গাঁৱৰ পেহীয়েকৰ ঘৰত এপষেকমান থকাৰ পৰিকল্পনাৰে গৈছিল৷এনিশা থাকি গুচি আহিল৷নিশা বায়েক আহিছিল কুৱলীৰ আৱৰণ সহ তাইক হাতবাউলি দি দুৱাৰদলিৰ পৰা ৰিঙিয়াইছিল৷বন্ধুৱে মোক ফোনযোগে জনালে৷ “Your house is not haunted your sister is haunted” মোৰ প্ৰতিক্ৰিয়া শুনি সি হতবাক হৈ সুধিল,”মানে!“ মই ধেকধেকাই হাঁহি ক’লো,”জিলাৰ বাহিৰ হ’লে বেলেগ কথা,বেছেৰী গৃহজিলাত মিতিৰ কুটুমৰ ঘৰত নৈশ যাপন বন্ধ৷য’লৈ বিয়া দিয়ে সেইঘৰৰ বাৰীখনো বান্ধিবি আৰু তাইৰ ককালত এটা মাছমৰীয়াৰ জালৰ সীহৰ টুকুৰা ওলমাই দিবি৷ন’হলে কোনোবাদিনা বায়েৰে লৈ যাৱ৷বায়েৰে তোক মুঠেই ভাল নাপায় তাইকহে ভাল পায়৷বিৰাট ভাল পায়৷“

বাথৰুমঃতাই ফোনযোগে কৈছিল,”মোৰ বাথৰূমৰ খিৰিকীখন খুলিদিলেই সন্মুখত এটা নমহলীয়া এপাৰ্টমেণ্ট৷সেইদিনা নতুন ভাড়াঘৰটো লোৱাৰ প্ৰথম দিন৷বয়বস্তুবোৰৰ থানথিত লগাই বাথৰূমত সোমাইছো মাত্ৰ৷নমহলীয়া বিল্ডিংৰ ছাদৰ পৰা আৰ্তনাদ কৰি এজনে তললৈ জাপ দিল৷গাধোৱাই ন’হল তললৈ দৌৰ দিলো৷না কোনো চিনমোকামেই নাই৷এপাৰ্টমেণ্টৰ চিকিউৰিটিয়ে হাঁহি মাৰি ক’লে,”মেডাম দত্ত ছাৰে চুইচাইড কৰা তিনি বছৰেই হ’ল৷আপোনাক চাগৈ কোনোবাই দত্ত দাৰ কাহিনী কৈ মিছাই ভয় খুৱালে৷তাকো এই ভৰদুপৰীয়াখন ভূত ঔষধত দিবলৈকো নাপায়৷“তাই কিঞ্চিৎ লাজ পালে৷হয়তো মনৰ ভ্ৰম৷প্ৰায় এসপ্তাহমান সাধাৰণ ভাৱেই পাৰ হ’ল৷কিন্তু আঠনম্বৰ দিনা ছাৱাৰ খুলিছে মাত্ৰ৷পুনৰ একেখন নাটকৰে পুনৰাবৃত্তি৷আৰ্তনাদ,তললৈ জোৰেৰে খহি পৰা এক শৰীৰ আৰু পুনৰ নিৰ্য্যনতা৷ মই বোলো,”প্ৰথম দিনা কেইবজাত গা ধুইছিলা?“ বাৰমানত “বাকী সপ্তাহটো“ পুৱা ন মানত৷ “আজি?“ “বাৰমানত!কি কৰো!আপুনিয়েই কওঁকচোন এইবোৰ গাতে সকলোৱেটো মোক পাগলী বুলি ভাবিব৷ঘৰটো সলান নে……..” মই তাইক বাধা দি ক’লো,” Your house is not haunted time is haunted!’ তাই চৰম বিস্ময়ৰে সুধিলো মানে,”মানে একো নাই৷দুপৰীয়া বাৰৰ পৰা এক বজাৰ আশেপাশে বাথৰূম নাযাৱা৷ঘৰ সলোৱাৰ প্ৰশ্নই নুঠে৷

সাৰাংশঃ সনাতনৰ দৰ্শন অনুসৰি আত্মহত্যা এক নিকৃষ্টমানৰ পাপ৷বিধতাৰ দ্বাৰা নিৰ্দ্ধাৰিতহপূৰ্ণ আয়ুস পূৰ্ণ নোহোৱা পৰ্য্যন্ত আত্মহত্যাকাৰীৰ আত্মাই মুক্তি নাপায়৷প্ৰেতাত্মা হৈ পুনৰাবৃত্তি কৰে৷সেয়ে পৰিত্যক্ত চকীখনৰ পাল পৰিলেই তাৰ গৰাকী আত্মহত্যাকাৰী যুৱতীগৰাকীয়ে নিজৰ অনুভৱ প্ৰকাশ কৰে৷কুকুৰে অৱশব্দ শুনা পায় সেয়ে ৰ’জি আৰু ব্ৰাউনে কুকুৱাই,দত্তবাবুৱে প্ৰায়বাৰমানত সদায় চাদৰ পৰা জপিয়াই৷১৪ নং ৰূম আৰু আত্মহত্যা কৰা বাথৰুমৰ মাজৰ দুৰত্ব(displacement) একেবাৰেই কম সেয়ে যিহেতু নিশা দুই-তিনিৰ মাজত অতিপ্ৰাকৃতিক শক্তিৰ বিদ্যুৎ চুম্বকীয় ক্ষেত্ৰ সকলোতকৈ শক্তিশালী হয় ১৪ নং কোঠা হিমশীতল হৈ পৰে৷জীৱিত কালত বায়েক আৰু ভনীয়েকৰ সমন্ধ হয়তো অনন্য আৰু মধুৰ আছিল৷সেয়ে প্ৰেতেনী বায়েকে একাকীত্বক দুৰ কৰিবলৈ তাইক লৈ যাৱ বিছাৰে৷বাৰী বন্ধাৰ পিছত ঘৰৰ চাৰিসীমাত সোমাব নোৱাৰা হ’ল কিন্তু পেহীয়েকৰ ঘৰ হয়তো প্ৰেতক্ষেত্ৰৰ সীমাৰ ভিতৰত আৰশ বাৰীও বন্ধা নাছিল৷সেয়ে সিদিনা পুনৰ নিবলৈ আহিছিল৷প্ৰচলিত বিশ্বাসে ক’য় মাছমৰীয়াৰ জালৰ সীহৰ টুকুৰাই প্ৰেতক বিকৰ্ষণ কৰে৷অৱশ্যে পেৰাচাইক’লজিত এনে কোনো কথা নাই৷হ’লেও মই ইয়াক সমৰ্থন কৰো৷আত্মহত্যা পাপেই নহয় এক মানসিক ব্যাধি৷আত্মহত্যাৰ পূৰ্বে ৰোগীৰ শৰীৰত কেতবোৰ লক্ষণে দেখা দিয়ে অন্যমনস্ক হোৱা,জুপুকা লগা,কথা পাতিবলৈ অনিচ্ছা প্ৰকাশ কৰা,অত্যাধিক প্ৰতিক্ৰিয়াশীল হোৱা আৰু পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰি সময় কটোৱা৷কোনো পৰিচিত ব্যক্তিৰ এনে উপসৰ্গই দেখা পালে তেওঁক চলে-বলে-কৌশলে হ’লেও অকলশৰে থাকিবলৈ নিদিব আৰু 9152987821 টোল ফ্ৰী নাম্বাৰত শীঘ্ৰেই যোগাযোগ কৰক৷ সোমবাৰৰ পৰা শণিবাৰলৈ পুৱা দহৰ পৰা সন্ধিয়া আঠমানলৈকে এই লাইন খোলা থাকে৷প্ৰয়োজন হ’লে মানসিক ৰোগৰ চিকিৎসকৰ সহায় লওঁক৷এনেকৈ আপোনাৰ কণমান সচেতনতাই কাৰোবাৰবহুমূলীয়া জীৱন ৰক্ষা কৰিব৷)

(মই এজন পেছাদাৰী পেৰানৰ্মেল এক্সপাৰ্ট৷পেৰাচাইক’লজিৰ সংজ্ঞা অনুসৰি “Paranormal are normal but quite different” যেতিয়ালৈকে আধুনিক বিজ্ঞানে জনা নাছিল আকাশত কিয় বিজুলী মাৰে আমাৰ পূৰ্বপুৰুষে তাক অতিপ্ৰাকৃতিক বুলি ভাবিছিল কিন্তু কাৰণ জনাৰ মূহূৰ্ততে সেয়া প্ৰাকৃতিক হৈ পৰিল৷পেৰাচাইক’লজিৰ মানে কেৱল অশৰীৰ নহয় হিপনটিজিম,পাষ্ট লাইফ ৰিগ্ৰেছেন এনালাইছিল,এষ্ট্ৰেল প্ৰজেকশ্যন আদিও হ’ব পাৰে৷পেৰানৰ্মেল ইনভেষ্টিগেটৰ হিছাপে মোৰ প্ৰায়েই ভুক্তভোগীৰ আবৃত্তি শুনাৰ সৌভাৰ্গ্য কিম্বা দুৰ্ভাগ্য হ’য়৷কিন্তু প্ৰফেশ্যনেল এথিক্সৰ বাবে আমি ভুক্তভোগী আৰু স্থানৰ সবিশেষ জনাব নোৱাৰো৷তলত উল্লেখিত প্ৰতিটো ঘটনাই সঁচা৷মানিলে ধান নামানিলে পতান৷অবিশ্বাস কৰাসকলে গল্প বুলি পঢ়িলেই হ’ল৷বিতৰ্ক মোৰ প্ৰিয় নহয়)

Leave a comment