(Past Life Regression Analysis ৰ সম্পৰ্কে লিখিবলৈ অনুৰোধ কৰিছিল৷Investigation এতিয়াও শেষ হোৱা নাই হ’লেও বৰ্তমানলৈকে আমি যি সত্যৰ সন্মুখীন হৈছো তাৰেই ভিত্তিত আজিৰ খণ্ড লিখা হৈছে৷)


সিন্ধু-গংগা অৱাহিকাত সৃষ্ট বৈদিক সভ্যতা আৰু সেই সভ্যতা সৃষ্ট ধৰ্মৰ বাদে পৃথিৱীৰ আন কোনো ধৰ্মতেই পূৰ্বজন্মক মান্যতা দিয়া নহয়৷কিন্তু পাৰ্শ্চাত্য সৃষ্ট পেৰাচাইক’লজিয়ে পূৰ্বজন্মক মান্যতা দিয়ে৷সপোনত আমি প্ৰায়েই কিছুমান অচিনাকি নগৰ পৰিভ্ৰমণ কৰো,কোনো অচিনাকি ব্যক্তিৰ সৈতে অন্তৰংগ মূহূৰ্ত পাৰ কৰো আৰু কেতিয়াবা অকস্মাতে লগ পোৱা ব্যক্তি এজনকো আমাৰ মূহূৰ্ততেই আপোন যেন লাগে৷পেৰাচাইক’লজিৰ এক হাইপ’থেছিছে কয় সেই সপোনবোৰ পূৰ্বৰ জন্মৰ স্মৃতি আৰু হঠাৎ প্ৰথমবাৰ লগ পায়েই আপোন হৈ পৰা ব্যক্তিজনৰ সৈতে পূৰ্বজন্মত আমাৰ নিবিড় সম্পৰ্ক আছিল৷মানৱ দেহা যিদৰে পঞ্চতত্ত্বৰে গঠিত আত্মাও পঞ্চতত্বৰে গঠিত তাৰে এটা তত্ব হ’ল অৱচেতন(Subconscious Mind) মন৷শৰীৰৰ মৃত্যু হয় আত্মাৰ নহয় আত্মাৰ অংশস্বৰূপ “Subconcious mind” ত প্ৰতিটো পূৰ্বজন্মৰে প্ৰতিটো ক্ষুদ্ৰাতিক্ষুদ্ৰ স্মৃতি সঞ্চিত হৈ থাকে৷ “Past Life Regression Analysis ” একপ্ৰকাৰৰ “Hypnotism” যাৰ দ্বাৰা ব্যক্তিৰ “Conscious Mind” ক অচেতন কৰি “Subconcious Mind” ৰ জাগৃতকৰণ কৰি পূৰ্বজন্মৰ ঘটনাৰাজিৰ সম্ভেদ লোৱা হ’য়৷
      ভুক্তভোগীয়ে প্ৰায় পাঁচবছৰমান বয়সৰ পৰাই মাহেকে-পষেকে এবাৰ হ’লেও এটা সপোন দেখে৷তেওঁ চাইকেল চলাই বাগানৰ ৰাস্তাৰে বন্ধুবৰ্গৰ সৈতে অহাযোৱা কৰে৷বেলি লহিৱাৰ মূহূৰ্তত তেওঁ বাগানৰ ফেক্টৰীলৈ যোৱাৰ ইচ্ছা বেকত কৰে৷সমনীয়াহঁতে বাধা দি কয়,”নাযাবি সেইফালে বাঘ ওলাই৷“ কিন্তু তেওঁ বাধা নামানি ফেক্টৰীলৈ যায়৷এজন ব্যক্তিক লগ পায়৷তেওঁৰ অবয়ৱ অস্পষ্ট৷তেওঁ ভুক্তভোগীক ওপৰ মহলালৈ লগ ধৰে৷তেওঁলোকে চিৰি বগায়৷ঘোপমৰা অন্ধকাৰ৷সি ওলোৱাৰ বাট বিছাৰে কিন্তু বিফল হ’য়৷হৃদস্পন্দন বৃদ্ধি হ’য় আৰু চিৎকাৰ কৰি সাৰ পায়৷কপালত শীতল ঘাম৷কেতিয়াবা চিলমিল টোপনিত এনে লাগে সি যেন পকীঘৰত নহয় বাগানৰ মাটি লিপা কোৱাৰ্টাৰতহে শুই আছে৷
     ধৰা হ’ল ভুক্তভোগীৰ নাম নিবিড়৷নিবিড়ে পাঁচবছৰমান বয়সৰ পৰা অৰ্থাৎ বিগত সোতৰ বছৰযুৰি এই সপোন দেখি আহিছে৷সমস্যাই অধিক জটিলৰূপ তেতিয়া ল’লে যেতিয়া ২০২২ ত নিবিড়ে গৃহজিলাৰ আতৰৰ স্নাতকৰ প্ৰথম বৰ্ষত ভৰ্তি হ’ল৷মহাবিদ্যালয়ৰ কাষতে ভাড়াঘৰ মেছ কৰি থাকে৷দুদিনমানৰ অন্ততঃ ঘুৰাপকা কৰি গম পালে এয়াই সপোনত দেখা সেই ৰাস্তা আৰু জয়াল গছবোৰ৷কিন্তু বাগানৰ সম্ভেদ নাই৷সপোনৰ পুনৰাবৃত্তিৰ প্ৰাৱল্যও বৃদ্ধি পাবলৈ ললে৷শেষত অহুকাণে পহুকাণে শুনি মোৰ কাষ চাপিল৷
      মহাবিদ্যালয়খনৰ সৈতে মোৰ পুৰণি সম্পৰ্ক৷কাষতে দুখন বাগান৷এখন মহাবিদ্যালয়ৰ সীমাত আৰু আনখন আধা কিঃমি মান দুৰত৷দুয়োখন বাগানৰে নিজা ফেক্টৰীও আছে৷মই সুগন্ধি মমবাতি আৰু পবিত্ৰ মন্ত্ৰৰ উচ্চাৰণেৰে অন্ধকাৰ কোঠাত প্ৰায় নিশা আঠমান বজাত “Past Life Regression Analysis“ আৰম্ভ কৰিলো৷সময়ৰ নদীৰে নিবিড় ভটীয়াই গ’ল৷শৰীৰত সামান্য কপনি৷”Hypnotism” বিদ্যাই নিজৰ প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰিল৷নিবিড়ৰ শৰীৰৰ কপনি মাৰ যোৱাত মই চেপা মাতেৰে প্ৰশ্ন কৰিলো৷“তুমি কোনশ“ক্ষন্তেক নিড়বতা৷“অংকুৰ“ সিফালৰ পৰা উত্তৰ আহিল৷কন্ঠস্বৰ দুৰ্বল আৰু এয়া নিবিড়ৰ কন্ঠস্বৰ হ’বই নোৱাৰে কাৰণ নিবিড়ৰ কন্ঠ গলগলীয়া৷মই পুনৰ প্ৰশ্ন সুধিলো,”সময়?“ “আবেলি চাৰে চাৰি বাজিছে৷“ অংকুৰৰ কন্ঠই উত্তৰ দিলে৷মই মোবাইলত চালো তেতিয়া প্ৰায় সন্ধ্যা চাৰে আঠ বাজিছে৷মই আকৌ সুধিলো,” আমি কোন চনত আছো৷“ কেইবাবাৰো খোনোৱাৰ মূৰত ক’লে,“১৯৮৬ “ মোৰ মনত এটা বুদ্ধি খেলাল৷মই ইতিমধ্যেই কৈছো কলেজখনৰ সৈতে মোৰ পুৰণি সম্পৰ্ক আৰু যদি মোৰ অনুমান সঁচা অংকুৰ সেই কলেজৰ কাষৰ যিকোনো এখন বাগানত আশীৰ দশকৰ আশে-পাশে আছিল৷অসম আন্দোলনৰ কালত সেই মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদকজন সেইসময়ৰ যুৱচামৰ মাজত বেছ জনপ্ৰিয় আছিল৷কিন্তু পৰৱৰ্তী সময়ত পথ দুৰ্ঘটনাত মৃত্যু হ’ল আৰু মূলসুঁতিৰ ৰাজনীতিত প্ৰবেশৰ সুবিধা নাপালে বাবে ইতিহাসৰ পাতৰ পৰা হেৰাই গ’ল৷যদি অংকুৰে সঁচাই উত্তৰ দি আছে তেওঁ সেই ছাত্ৰ নেতাজনক নিশ্চয় চিনিপাব৷কিন্তু যদি নিবিড় হিষ্টৰিয়া ৰোগী তেনেহ’লে অংকুৰৰ কন্ঠ জব্দ হ’ব৷ছাত্ৰনেতাজনৰ নাম লৈ মই সুধিলো,”অমুকক চিনি পোৱানে?“ মোক আচৰিত কৰি সি পলকতে ক’লে,” অ’ দাদা বৰ সৎ মানুহ৷সাধাৰণ সম্পাদক৷আন্দোলন কৰি জেইলো খাইছিল“ মই পুনৰ শুধিলো,”তোমাৰ ঘৰ৷“ “ব ব” কৈ সি খোনাব ধৰিল৷মোৰ মুখত মিচিকিয়া হাঁহি ফুটি উঠিল৷কাৰণ মহাবিদ্যালয়ৰ ওচৰত ব আখৰেৰে আৰম্ভ হোৱা এখনেই গাঁও আছিল৷কালৰ গতিত আজি মফচলীয়া চহৰ৷মই উৎসুকতাৰে শুধিলো,” ফেক্টৰীলৈ তুমি সন্ধিয়া কিয় যোৱা৷মই জনাতটো সেইফালে বাঘ ওলাই৷“ মই বাৰে-বাৰে সোধাৰ পিছতো সি কোনো উত্তৰ নিদিলে৷মই গম পালো অংকুৰৰ ফেক্টৰী যাত্ৰাৰ সৈতে নিশ্চয় কিবা ৰহস্য বা অপৰাধপ্ৰৱণতা লুকাই আছে৷সেয়ে সি মুখ খোলা নাই,ইচ্ছাকৃতভাৱে৷পূৰ্বৰ মমডাল নুমুৱাই মই আন এডাল সুগন্ধি মম জ্বলালো আৰু চেপা মাতেৰে ক’লো,”অংকুৰ,তুমি এতিয়া তালৈকে যাবা য’লে মই তোমাক লৈ যাম৷চকু মেলা অংকুৰ আমি এতিয়া ফেক্টৰীত৷“ নিবিড়ৰ চকুত মম আৰু মোৰ কোঠাৰ চিচি টিভিৰ পোহৰ নোসোমাবলৈ মই তাক এখন ক’লা কাপোৰেৰে ঢাকি ৰাখিছিলো৷চকু মেলিল নাই মই নাজানো কিন্তু অভিজ্ঞতাই ইয়াকে কয় সি শাৰীৰিক নহয় মনৰ চকু মেলিছিল৷সি সামান্য জিকাৰ খালে৷মই সুধিলো “কি দেখিছা?“ “ঘোৰ অন্ধকাৰ৷একো দেখা নাই৷“ মই ক’লো,” সৌৱা চোৱা এটা লন্ঠন জ্বলিছে!ভালকৈ চোৱা কি দেখিছা৷“ “এজন মানুহ আহিছে“ অংকুৰে ফুচফুচাই ক’লে৷ মই সুধিলো,”চিনি পোৱানে?“ “অ!ফেক্টৰীৰ কেয়াৰটেকাৰ৷নীলা চেক চাৰ্ট চুট কৰি পিন্ধিছে৷প্ৰায় তপা,অলপমান চাপৰ আৰু সামান্য শকত৷তেওঁ মোক খটখটীৰে ওপৰ যাবলৈ লগ ধৰিছে৷ মই লাহেকৈ ক’লো,”যোৱা৷“ সি পুনৰ জিকাৰ খালে,শ্বাস প্ৰশ্বাস ঘন হৈ পৰিল৷ মই সুধিলো কি হ’ল,”লেম্পটো নুমাই গ’ল৷আন্ধাৰ৷ছাটাৰখন তেওঁ(কেয়াৰটেকাৰে) খুলিব পৰা নাই৷মই খটখটীৰে নামিব পৰা নাই৷অন্ধকাৰ কেৱল অন্ধকাৰ৷তেওঁ কৈছে এয়া তাইৰেই আত্মাৰ কাম৷ “
মোৰ কোঠাৰ দুৱাৰ খিৰিকী বন্ধ৷কোঠাত এ চি চলি আছে৷মূহূৰ্ততে এজাক শীতল বতাহৰ সংস্পৰ্শই মমৰ শিখাক কপাই তুলিলে৷মোৰ মনত আৰু বহু প্ৰশ্ন আছিল৷“কোন তাই?কাৰ আত্মা?অংকুৰ ফেক্টৰীলৈ কিয় যায়?অংকুৰ চিৰিৰ পৰা নামিবনে৷তেওঁ শ্বাটাৰ খুলিবলৈ সক্ষম হ’বনে নহয়?“ কিন্তু শীতল বতাহে সংকেত দিলে আজি সময় মোৰ পক্ষত নহয়৷পবিত্ৰ মন্ত্ৰোচ্চাৰণেৰে নিবিড়ক বৰ্তমানলৈ ঘুৰাই অনাৰ প্ৰয়াস কৰিলো৷“তুমি অংকুৰ নহয় তুমি নিবিড়৷আমি ২০২২ ত আছো৷এতিয়া নিশা ন বাজিছে৷“ ষোল্লবাৰ একেষাৰ বাণীয়েই সোৱৰাৰ অন্তত সি দুৰ্বল কন্ঠেৰে ক’লে “হয় মই নিবিড়৷“মই স্বস্তিৰ নিশ্বাস পেলায় মমডাল নুমাই লাইটো জ্বলাই তাক ক’লো ক’লা কাপোৰখন আতৰাই দিয়া৷নিবিড় যি দিশলৈ মুৰ কৰি মোৰ বিছনাত বহি আছিল৷সেই দিশতে এটা আইনা সম্বলিত পুৰণি গডৰেজ কোম্পানীৰ আলমাৰী আৰু কাষতে চুইছ বৰ্ড৷নিবিড়ে কলা কাপোৰখন গুচাই দিলে৷আৰ্চিত নিবিড়ে যি প্ৰতিবিম্ব দেখিলে আৰু মই আৰ্চিৰ কাষৰ চুইচবোৰ্ডত আঙুলি দি যিখন মুখ দেখিলো সেইখন নিবিড়ৰ নাছিল৷এখন ক্ষীণ শেতাপৰা কুৰি বছৰীয়া ডেকাৰ মুখ৷চকুৰ পলকতে মুখখন নোহোৱা হ’ল আৰু মোৰ সন্মুখত নিবিড় আইনাতো নিবিড়ৰেই প্ৰতিবিম্ব৷
(পিছদিনা আমি বাগানত গৈ এক নতুন সত্যৰ মুখামুখি হ’লো৷সেয়া কাইলৈৰ খণ্ডত লিখিম৷)
মই এজন পেছাদাৰী পেৰানৰ্মেল এক্সপাৰ্ট৷পেৰাচাইক’লজিৰ সংজ্ঞা অনুসৰি “Paranormal are normal but quite different” যেতিয়ালৈকে আধুনিক বিজ্ঞানে জনা নাছিল আকাশত কিয় বিজুলী মাৰে আমাৰ পূৰ্বপুৰুষে তাক অতিপ্ৰাকৃতিক বুলি ভাবিছিল কিন্তু কাৰণ জনাৰ মূহূৰ্ততে সেয়া প্ৰাকৃতিক হৈ পৰিল৷পেৰাচাইক’লজিৰ মানে কেৱল অশৰীৰ নহয় হিপনটিজিম,পাষ্ট লাইফ ৰিগ্ৰেছেন এনালাইছিল,এষ্ট্ৰেল প্ৰজেকশ্যন আদিও হ’ব পাৰে৷পেৰানৰ্মেল ইনভেষ্টিগেটৰ হিছাপে মোৰ প্ৰায়েই ভুক্তভোগীৰ আবৃত্তি শুনাৰ সৌভাৰ্গ্য কিম্বা দুৰ্ভাগ্য হ’য়৷কিন্তু প্ৰফেশ্যনেল এথিক্সৰ বাবে আমি ভুক্তভোগী আৰু স্থানৰ সবিশেষ জনাব নোৱাৰো৷তলত উল্লেখিত প্ৰতিটো ঘটনাই সঁচা৷মানিলে ধান নামানিলে পতান৷অবিশ্বাস কৰাসকলে গল্প বুলি পঢ়িলেই হ’ল৷বিতৰ্ক মোৰ প্ৰিয় নহয়)

Leave a comment