হয়!মানুহ মাত্ৰেই নিচাসক্ত৷কোনোবাজন যদি সুৰাসক্ত,কাৰোবাক পুৱাই সেই মহান ত্যাগবিধৰ স্বাৰ্থত চাধা এপালি লাগে,কাৰোবাৰ বাবে চাদা-কাৰোবাৰ বাবে ছিগাৰেট,খেনোৰ বাবে মহাদেৱৰ প্ৰসাদ খেনোৰ বাবে ইনজ্যেকশ্যল, দত্তক চাহ লাগে,পাঠকক কফি,বৰুৱাক পুৱাৰ বাতৰি আৰু অমুকাক ডিটেক্টিভ উপন্যাস৷সৰুৰে পৰাই ডিটেক্টিভ উপন্যাসৰ প্ৰতি এক অনামী নিচা৷শ্ৰেণীকোঠাত কিতাপৰ মাজত পাফু চিৰিজ৷মাজে-সময়ে ধৰা পৰি ছাৰ বাইদেউৰ কাণমলাও খাওঁ৷ৰঙাপৰা কাণখনত ধৰি শপত খাওঁ৷আজিয়েই বাদ দিলো৷কিন্তু কুকুৰৰ নেজ পুতি থলেও পোন নহয়৷মই ডিটেক্টিভগিৰিক এৰিব বিচাৰিলেও ডিটেক্টিভগিৰিয়ে মোক নেৰে,শেষত ৰসায়নত স্নাতক ডিগ্ৰী লৈ ক্ৰাইম ব্ৰান্সৰ ইনভেষ্টিগেটং অফিচাৰ ৰূপে যোগদান কৰিলো৷প্ৰায় এটা দশকেই হ’ল৷নিচা আৰু পেচা যদি একেই হ’য় আৰু মোকনো কি লাগে৷
আজি মোৰ মান-সন্মান ধূলিস্যাৎ হোৱাৰ পথত৷বোলে কয় নহয় একালৰ বৃন্দাবন একালত পৰে ছন৷এটা দশকতে প্ৰায় অৰ্দ্ধশতাধিক কেচ তিলিকতে সমাধান কৰিলো৷সন্ত্ৰাসবাদী,হত্যাকাৰী,ধৰ্ষণকাৰী,কৰ্পোৰেট মাফিয়া আৰু ৰাজনৈতিক নেতা৷কোনো মোৰ জালৰ পৰা আজি পৰ্যন্ত সাৰি যোৱা নাই৷ “100% Success Rate'” অসমীয়াত এষাৰ কথা আছে৷হস্তীৰো পিছলে পাৱ-সজ্জনৰো বুৰে নাওঁ৷স্থানীয় আৰক্ষীয়ে হাত দঙাত এসপ্তাহ মানৰ পূৰ্বেই সমগ্ৰ ৰাজ্য তোলপাৰ লগোৱা সুষমা হত্যা (?) ৰ কেছটো ডিপাৰ্টমেণ্টে মোৰ হাতত চমজাই দিলে৷সুষমা শৰণীয়া৷চিকিৎসাবিজ্ঞানৰ ইন্টাৰ্ন৷বাগদাত্তা সমীৰণৰ ঘৰত শণিবাৰে নৈশ জাপনৰ বাবে গৈছেল৷আমাৰ ব্ৰাঞ্চৰে ফৰেনছিক বিশেষজ্ঞ সমীৰণ,দেউতাক সৰু হৈ থাকোতেই ধুকাল৷সমীৰণ অমিয়া বাইদেউৰ সন্তান৷বাইদেউ আমাৰ ব্ৰাঞ্চৰ ফৰেনছিক বিভাগৰ চীফ আছিল৷অমিয়া বাইদেউ বৰ একাচেকা তিৰোতা আছিল৷স্বভাৱতেই ৰক্ষণশীল৷সুষমাটো কি প্ৰেম বিবাহৰ নামেই নুশুনে৷তিনিমাহমান আগেয়ে তেওঁ হঠাৎ ধুকাল৷হয়তো কাৰ্ডিয়েক এৰেষ্ট!
বাইদেউৰ আকস্মিক মৃত্যুৰ একাকীত্বই হয়টো সমীৰণক লৰালৰিকৈ প্ৰেয়সী সুষমা এংগেজমেন্ট কৰিবলৈ বাধ্য কৰালে অহামাহত সিহঁতৰ বিয়াৰ কথা৷চিঠি চপোৱাও হৈ গ’ল৷প্ৰেয়সীৰ মৃত্যুত সমীৰণ ভাগি পৰিল আৰু সমীৰণৰ আবেগ যাতে অনুসন্ধানত প্ৰতিবন্ধক নহয় সেয়ে বিভাগে তাক এপষেকৰ ছুটী দি অনুসন্ধানৰ পৰা প্ৰকাৰন্তৰে আতৰাই ৰাখিছে৷
পোষ্টমোৰ্টেমৰ ৰিপোৰ্ট স্বাভাৱিক৷শৰীৰত কোনো গুৰুত্বৰ আঘাতৰ চিন নাই৷মাত্ৰ মৃতদেহৰ শৰীৰত কোনো আদহীয়া দুডালমান কেকোৰা পকোৱা চুলি,মৃত্যুৰ প্ৰায় এঘন্টা পূৰ্বে শাৰীৰিক সমন্ধৰ স্থাপন হৈছিল৷চিমেন চেম্পল সমীৰণৰ সৈতে সম্পূৰ্ণ মিলে আৰু মৃতদেহৰ নখত এডাল মূগাৰ সূতা৷মৃত্যুৰ কাৰণ অক্সিজেনৰ অভাৱ৷হয়তো গাৰুৰেৰে হেঁচি দিয়া হৈছিল৷ন’ ফিংগাৰ প্ৰিন্ট ন’ ট্ৰেছ৷চিমেন চেম্পল যিহেতু সমীৰণৰ এয়া অন্তত নিশ্চিত মৃত্যুৰ পূৰ্বে দুয়োৰে মাজত নিশ্চয় শাৰীৰিক সমন্ধ স্থাপন হৈছিল৷কিন্তু এড়ী মূগাৰ সূতা আৰু কেকোৰা পকা চুলি ঠিক অমিয়া বাইদেউৰ দৰেই!অমিয়া বাইদেউৰ প্ৰেতাত্মাই………….
মোৰ জীৱন অভিধানত বিফলতা নামে কোনো শব্দ নাই৷সেয়ে অৱধাৰিত ব্যৰ্থতাৰ উমান পাই মই হয়তো মই মানসিক সন্তুলন হেৰুৱাৰ পথত৷ন’হলে নো বাৰু অমিয়া বাইদেউৰ দৰে ভক্তিপৰায়ণ ৰক্ষণশীল মহিলাৰ প্ৰেতাত্মাৰ কথা মনলৈ আহে নে!তাকো আদহীয়া বয়সত হাৰ্টৰ ৰোগী বাইদেউৰ কাৰ্ডিয়েক এৰেষ্ট হৈছিল৷স্বাভাৱিক মৃত্যু৷বিশেষ কোনো অসুবিধা নাছিল মাত্ৰ মৃত্যুৰ দুদিন আগেয়ে সমীৰণৰ বাইকৰ পৰা পৰি ভৰিৰ তলুৱাত সামান্য ঘা লাগিছিল৷বেছেৰা সমীৰণক নো কি জেৰা কৰিম!মাহেকৰ ব্যৱধানতে জন্মদাত্ৰী মাতৃ আৰু প্ৰেয়সী দুয়োৱে লগ এৰা দিলে৷অৱশ্যে সি জেৰা নকৰাকৈ সকলো খুলিয়েই কৈছে৷নৈশযাপনৰ বাবে সুষমা আহিছিল৷আবতৰীয়া বৰষুণজাকে হঠাৎ দুয়োৰে শৰীৰত আদিম বুভুক্ষাৰ জন্ম দিলে৷পৰিণতি পোষ্টমৰ্টেমৰ সমীৰণৰ চিমেন চেম্পল৷যি সমীৰণৰ ভাষ্যক শুদ্ধ প্ৰমাণিত কৰিছে৷সুষমাৰ শৰীৰক উপভোগ কৰাৰ অন্তত সমীৰণ আৰু সুষমা শুই পৰে৷কিন্তু পকা চুলি,পাট মূগাৰ সূতা,আঘাতবিহীন মৃতদেহ,গাৰুৰ হেঁচা,শ্বাসৰুদ্ধ হৈ সুষমাৰ মৃত্যু এই সকলোবোৰ প্ৰশ্নৰ সমীৰণৰ ওচৰতো কোনো উত্তৰ নাই৷হঠাৎ মন আকাশত বিজুলী চমকিল৷“There is nothing called perfect crime. অপৰাধীয়ে “crime spot” ত নিশ্চয় সামান্যতম শুংসূত্ৰ হ’লেও এৰি থৈ যায়৷কেতিয়াবা সত্য আমাৰ নাকৰ তলতে থাকে আমি মাথো সূক্ষ্ম দৃষ্টিৰ অভাৱত অনুভৱ কৰিব নোৱাৰো৷সমীৰণৰ ঘৰলৈ খবৰ লোৱাৰ চলেৰে এবাৰ যোৱাই ভাল হ’ব৷এক অন্তিম প্ৰচেষ্টা৷“
সমীৰণে মাথো চকুলো টুকিছে৷মই সান্তনা দিয়াৰ ভাষা বিচাৰি পোৱা নাই৷আধাঘণ্টামান কথাপাতি বিদায় ল’লো৷গেটখন খুলিবলৈ লৈয়েই থমকি ৰ’লো৷ “আৰে এইজোপা “Foxglove“ নহয়নে?ইউৰোপৰ ফুল তোমাৰ ঘৰত৷তোমাৰ কৃষিবিজ্ঞানৰ ডিগ্ৰী কিন্তু অথলে যোৱা নাই দেই৷ইংলেণ্ডৰ “Foxglove” তাকো অসমত৷ক’ত পালা হে?“
“কিয় যোৱাবছৰ যে ইংলেণ্ডত ডিপাৰ্টমেণ্টৰ “conference” হৈছিল৷তেতিয়াই অনা৷“ মই মনতে গুণগুণালো,” ……. সপোন ছয়া-ময়া আশাৰ প্ৰদীপ জ্বলাই দিয়া৷“
পিছদিনা আবেলি সমীৰণে ফোন কৰিলে৷যোৱাকালি সমীৰণৰ ঘৰত চুৰি হ’ল৷চুৰিও মানে অমিয়া বাইদেউৰ কেউখন মেখেলা চাদৰ,অমিয়া বাইদেউৰ কেউযোৰ ছেণ্ডেল,অমিয়া বাইদেউৰ অস্থিৰ কলহ৷মই সমীৰণক সান্ত্বনা দি এটা কুটিল হাঁহি মাৰিলো৷কাৰণ সমীৰণৰ মাতৃৰ কাপোৰ,ছেণ্ডেল,অস্থি,এৰী-মূগাৰ সূতা আৰু পকা চুলিৰ ফৰেনচিক GC(Gas Chromatography) ৰ ৰিপোৰ্ট ইতিমধ্যেই মোৰ টেবুলত আৰু যোৱানিশাৰ চুৰি কাৰ্য্যৰ খলনায়ক আন কোনো নদয় স্বয়ং ময়েই৷ডিপাৰ্টমেণ্টৰ পৰা ওলাই চহৰৰ নিষিদ্ধ গলিৰ ঘুমটিখনত ছিগাৰেট হুপি থাকোতেই দেহোপজিৱিনী শেৱালীক হাতত এটা নোটৰ বান্দিল গুজি দিলো৷
শেৱালী শেৱালী নহয় স্বয়ং মোহিনী অৱতাৰ৷যিকোনো পুৰুষক পিছলাব পাৰে৷কেমিকেল কোম্পানীৰ ৰিপ্ৰেজেণ্টেটিভ ৰূপী শেৱালীৰ ৰূপৰ ইন্দ্ৰজাল আৰু পৰোক্ষ আবেদনে সমীৰণক উতলা কৰিলে আৰু মই যোৱাকালি চুৰি কৰোতেই সমীৰণৰ বেডৰূমত গোপনে সংযোগ কৰি অহা বাগ কেমেৰাত সমগ্ৰ দৃশ্যৰাজিৰ সাক্ষী হ’লো৷আধাঘণ্টাৰ অন্তত নাটকৰ যৱনিকা পৰিল৷শেৱালীয়ে টোপনি যোৱাৰ অভিনয় কৰিল আৰু মই যোৱাকালিৰ দৰেই সংগোপনে সমীৰণৰ ঘৰত প্ৰৱেশ কৰি শোৱনিকোঠাৰ কাষৰ ৰূমটোত খাপ পিতিলো৷খন্তেক পিছত সমীৰণ ছিৰিৰে ওপৰলৈ উঠি গ’ল৷আধাঘন্টামান নিৰৱতাৰ অন্তত ছিৰিত পুনৰ কাৰোবাৰ পদোধ্বনি৷কেকোৰা পকা চুলিৰ বগা শাড়ী পৰিহিত এক নাৰীমূৰ্তি৷চেপা খোজেৰে নাৰীমূৰ্তিয়ে শোৱনি কোঠাত প্ৰৱেশ কৰিল আৰু ময়ো চেপা খোজেৰে নাৰীমূৰ্তিৰ পিছ ল’লো৷চাৰ্জিকেল গ্লভছ পৰিহিত নাৰীমূৰ্তিয়ে হাতত এটা গাৰু তুলি ল’লে আৰু মই তেওঁৰ নাকত ক্লৰফৰ্মযুক্ত এখন ৰুমাল গুজি দিলো৷নাৰীমূৰ্তি অচেতন হৈ মোৰ কোলাত ধৰি পৰিল৷শেৱালীৰ নিদ্ৰা ভংগ হ’ল৷মই ৰূপালী চুলিকোচত ধৰি টানি দিলো৷চুলিকোচা মোৰ হাতত আৰু মোৰ কোলাত শুভ্ৰ শাড়ী পৰিহিত সমীৰণ৷চুলিকোচা ফৰেনচিকলৈ পঠিয়াই দিলো৷পুৱা ফৰেনচিৰ ৰিপোৰ্ট আহিল মোৰ মুখত সন্তুষ্টিৰ হাঁহি বিৰিঙিল৷

উপসংহাৰঃ DGP ছাৰ হতবাক হৈ মোক শুধিলে,” এতিয়া পিছে কি কৰা যায়৷“ মই মিচিকিয়াই ক’লো,” সমীৰণৰ বাগিছাত সযত্ন পালিত “Foxtail” ফুল দেখিয়েই মোৰ সন্দেহ হ’ল৷সমীৰণ কৃষিবিজ্ঞানৰ ছাত্ৰ কিন্তু মই যিমানদুৰ জানো সমীৰণৰ ফুলৰ প্ৰতি কোনো চখ নাই৷তাকো ইংলেণ্ডৰ “Foxtail” সমীৰণে সাৰ-পানী দি প্ৰতিপাল কৰিছিল অসম মুলুকত৷সমীৰণে সুষমাক প্ৰাণ ভৰি ভাল পাইছিল৷দুয়োৰে মিলনত কন্টক আছিল মাক অমিয়া বাইদেউৰ ৰক্ষণশীলতা৷অমিয়া বাইদেউ সমীৰণৰ বাইকৰ পৰা সৰি পৰা কোনো দুৰ্ঘটনা নহয় জটিল পৰিকল্পনাৰ প্ৰাথমিক অংশ মাত্ৰ৷“Fox tail” ৰ শিপাত “Cardiac glycoside” থাকে৷শৰীৰৰ ৰক্তপ্ৰৱাহত প্ৰৱেশ কৰাৰ মাত্ৰকে হৃদস্পন্দন বৃদ্ধি পায়৷সময়ত “Antidote” নিদিলে “Cardiac Arrest” হয় “GC” ৰ অবিহনে সাধাৰণ পোষ্ট মোৰ্টেমত “Cardiac glycoside” ধৰা নপৰে৷সুযোগ বুজি সমীৰণে অমিয়া বাইদেউৰ ছেন্দেলত ” Foxtail” ৰ শিপাৰ ৰস ধালি দিলে৷বাইদেউৰ তলুৱাৰ ক্ষতস্থানেৰে “Cardiac glycoside” তেওঁৰ ৰক্ত প্ৰৱাহত৷ পৰিণতি “Cardiac arrest”৷সমীৰণ মাতৃহত্যাকাৰী কিন্তু সুষমাৰ হত্যাকাৰী নহয়?“ “মানে!“ DGP ছাৰৰ জিজ্ঞাসাক শান্ত কৰি মই ক’লো,”সমীৰণ সৰুতেই পিতৃহাৰা হ’ল৷অমিয়া বাইদেউেই তাক পিতৃ-মাতৃৰ যৌথ ভূমিকাৰে মানুহ কৰিল৷কিন্তু প্ৰতিদানস্বৰূপে সি বাইদেউক হত্যা কৰিল আৰু মাতৃহত্যাৰ অনুশোচনাই অন্তত জন্ম দিলে“Bipolar or Split Personality Disorder” ৰ আৰু অমিয়া বাইদেউৰ ৰক্ষণশীলতা জীয়াই থাকিল সমীৰণৰ “Subconcious mind” ত৷বিবাহৰ পূৰ্বে শেৱালীৰ শৰীৰ উপভোগ কৰি হয়তো সমীৰণৰ অনুশোচনা হ’ল৷অনুশোচনাৰ ফলত অমিয়া বাইদেউৰ ৰক্ষণশীল সত্বা জাগ্ৰত হৈ পৰিল৷“Split personality” ৰ বাবে হয়তো পূৰ্বেও চাদৰ-মেখেলা পকা চুলিৰ উইগ পিন্ধি সমীৰণে আগেও অমিয়া বাইদেউৰ অভিনয় কৰিছে আৰু সেইদিনা বিবাহৰ পূৰ্বে যৌনতাৰ সাক্ষী ৰক্ষণশীল অমিয়া বাইদেউৰ আদৰ্শই শেৱালীক গাৰুৰে চেপি হত্যা কৰিলে৷ফৰেনছিকৰ ৰিপোৰ্ট মতে বাইদেউৰ অস্থি আৰু এযোৰ ছেণ্ডেলত “Cardiac glycoside” পোৱা গৈছে৷এৰী-মূগাৰ সুতাৰ চেম্পলো বাইদেউৰ এযোৰ মেখেলা ছাদৰৰ অংশ৷কিন্তু সিমান প্ৰমাণ পৰ্য্যাপ্ত নাছিল৷সেয়ে মই শেৱালী মানে মোহিনীক পথালো৷পুনৰ যৌধ ক্ষুধা নিবাৰণ,অনুশোচনা,Spliting personality,বগা শাৰী পৰিহিত নাৰী মূৰ্তিৰ আৰ্বিভাৱ আৰু হত্যাৰ বিফল প্ৰয়াস৷“ DGP ছাৰে খপজপাই সুধিলে,”এতিয়া পিছে?এতিয়া মই কি কৰো?“ মই মিচিকিয়াই ক’লো “অমিয়া বাইদেউৰ হত্যাৰ ষড়যন্ত্ৰ,হত্যা,মৃতদেহ দহনৰ দ্বাৰা “Proof” বিকৃত কৰাৰ অপৰাধত সমীৰণৰ ওপৰত গোচৰ পুঞ্জীভূত কৰক৷কিন্তু সুষমাৰ হত্যাত সমীৰণৰ হাত নাই আৰু শেৱালী হত্যাৰ বিফল প্ৰয়াসতো৷এয়া অমিয়া বাইদেউৰ বিষাক্ত ৰক্ষণশীলতা আৰু “Spliting personality” ৰ ফচল মাত্ৰ৷মই বিশদভাৱে সকলো ৰিপোৰ্টত ইতিমধ্যেই লিপিবদ্ধ কৰিছো ন্যায়ৰ ভাৰ আদালতৰ হাতত৷

