পুৰণি কিতাপ খুচৰি থাকোতে মফচলীয়া চহৰৰ পুথিভঁৰালত লেখকৰ নামবিহীন এখন সৰু পুস্তিকা পালো৷পুস্তিকাৰ শিৰোনামা “সুখৰ সংসাৰ(পত্নী বা প্ৰেয়সীৰ সৈতে) ৰ সাধাৰণ নিয়ম“
প্ৰথম অধ্যায়ত কৰণীয়,দ্বিতীয় অধ্যায়ত নিষেধাজ্ঞা,তৃতীয় অধ্যয়ত সতৰ্কতা বিধি শেষত লম্বা কেচ ষ্টাডি৷বিবলিঅ’গ্ৰাফিত কেৱল এটা নাম Khound., A (2022).

অধ্যায় এক “কৰণীয়“-
১/প্ৰিয়তমাৰ প্ৰশংসা লাগিলে ভুৱাই হওঁক সেয়া আপোনাৰ মৌলিক কৰ্তব্য৷
২/প্ৰিয়তমাৰ সকলো কথাকে হয় হুজুৰ বোলাই আপোনাৰ দ্বায়িত্ব(কিবাকৈ প্ৰিয়তমা ফেমিনিষ্ট হ’লে হুজুৰৰ সলনি হুজুৰী বুলিব৷)
৩/প্ৰিয়তমাই আকাশৰ জোনটোও বিচাৰিব পাৰে,কেনেকৈ মেনেজ কৰে সেয়া আপোনাৰ কথা৷চেষ্টা কৰক জোন নোৱাৰিলেও কিডনী দুটা বিক্ৰী কৰি হ’লেও চন্দ্ৰত মাটি কিনক৷
৪/প্ৰিয়তমাই আপোনাৰ পৰিয়াল-বন্ধুবৰ্গক গুৱাল গালি পাৰিলে আপুনি চকুকাণ মুদি হজম কৰক৷সহ্য নহ’লে কাণত ইয়েৰ পড লগাই সেইসময়তে সংগীত শুনক৷
৫/হোটেলৰ বিল ফেমিনিজিৰ দৃষ্টিৰে নাচায় অকলেই দিয়ক কাৰণ ফেমিনিজিৰ এয়া এক ব্যতিক্ৰমী নীতি৷
৬/প্ৰিয়তমাই মদৰ গোন্ধ সহিবই নোৱাৰে৷স্প্ৰিনফ গলাধাৰণ কৰি কেপচিকামৰ ভাজি খায় পদিনহাৰা আৰু তুলসীৰ পাত চোবাই তেওঁৰ সৈতে মুখামুখিকৈ কথা পাতক৷
৭/মাজেসময়ে বিনামূলীয়া ৰিচাৰ্জ,বিলাসী ৰেস্তোৰাৰ নৈশ ভোজন আৰু শ্বপিং এইবোৰ বুষ্টাৰ ড’জ৷বিনিয়োগ আপোনাৰ GST সহ৷মাহৰ শেষত মুঠেই বুষ্টাৰ ড’জ দিয়াৰ চেষ্টা নচলাব ন’হলে আপুনি ৰেস্তোৰাত বাতি-কাঁহী ধুব লগীয়াও হ’ব পাৰে৷
৮/ৰাজনৈতিক নেতা,সাংবাদিক,ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নাম কৰা তাৰ্কিক কিন্তু প্ৰিয়তমাৰ চকুলো আৰু এৰি যোৱাৰ ভাবুকিৰ দৰে ব্ৰহ্মাস্ত্ৰৰ সন্মুখত আপোনাৰ সমগ্ৰ সাধনা নিষ্ফল সেয়ে মানি লওক তেওঁ সদায়েই শুদ্ধ আপুনি সদায়েই ভুল৷
৯/যদি ঘন্টা জোৰা বাবু ভাল খালাজাতীয় পুৰাণৰ প্ৰতি আপোনাৰ আকৰ্ষণ নাই আৰু এটা মোবাইল ক্ৰয়কৰক৷প্ৰথমটোত প্ৰেমিকাৰ কথাই প্ৰতি শলাগি দ্বিতীয়টোত আপোনাৰ যি মন যায় তাকেই কৰক৷
১০/ফেচবুক,হোৱাটছেপ,মেছেঞ্জাৰ,ইনষ্টা টেলিগ্ৰাম তেওঁ খোচোৰাটো ধুৰূপ সেয়ে এক গুলীত দুই চিকাৰৰ বাবে গুগুল পেৰ চ্যাট বক্সৰ সহায় লওঁক৷

অধ্যায় দুই “ নিষেধাজ্ঞা “ ৰ সাধাৰণ নিয়ম থুলমুলকৈ
১/ প্ৰিয়তমাৰ সন্মুখত আন নাৰীৰ প্ৰশংসা ভুলটো নকৰিব৷বিশেষকৈ খুলখালি আৰু তেওঁৰ বান্ধৱীৰ৷
২/ প্ৰিয়তমাৰ সৈতে যুক্তিযুদ্ধ নকৰিব৷কাৰণ তেওঁৰ হাতত দুপাট ব্ৰহ্মাস্ত্ৰ আছে “চকুপানী আৰু ঘৰ এৰাৰ ভাবুকি৷“
৩/যৌতুক বাদেই সিকি এটাও ধাৰলৈ নলব৷অন্যথা সমগ্ৰ জীৱন পৌনঃপুনিক ৰেকৰ্ডিং শুনি আপুনি জীৱন্তে কুম্ভীপাক নৰকৰ দৰ্শন পাব৷
৪/প্ৰিয়তমা হিটলাৰ হ’লেও আপুনি গান্ধী হোৱা সময়ৰ দাবী কাৰণ আইন-আদালত তেওঁৰ পকেটত৷ইখন গালো পাতি দিয়ক৷
৫/প্ৰিয়তমাই নিজৰ ঘৰৰ মানুহৰ বদনাম ৰটিলে আপুনি মৌনব্ৰত ধাৰণ কৰাই শ্ৰেয় হাতউজান দিলে ৰাতি তিতাকেৰেলাৰ ভাজি খাবলৈ পোৱাৰ এশ শতাংশই সম্ভাৱনা আছে৷
৬/বান্ধৱীৰ সৈতে ফুৰক কিন্তু ফটো নুতুলিব,তেওঁকো তুলিবলৈ নিদিব৷সামাজিক মাধ্যমত আপলোড এটম বোমাৰ দৰে৷সংসাৰত জুই লগা নিশ্চিত৷
৭/ডেটত যাওঁতে মানি লওঁক তেৱেই ইমাৰজেন্সীৰ ইন্দিৰা গান্ধী আৰু আপুনি অসহায় ভাৰতীয় ৰেলসেৱা৷সময়ৰ পূৰ্বেই উপস্থিত হওঁক৷মোবাইলত এঘন্টীয়া চিনেমা এখন ডাউনলড কৰি নিয়ক৷কাৰণ তেওঁ এঘন্টা দেৰিকৈয়েই আহিব৷
৮/প্ৰিয়তমাৰ সৈতে সুৰাপান নকৰিব৷নিজকে চম্ভালিব পাৰিলেও তেওঁক চম্ভালা আৰু পুতলা পিস্তলেৰে বাঘ চিকাৰ কৰা একেই কথা৷

তৃতীয় অধ্যায় “সতৰ্কতা“ থোৰতে এনেধৰণৰ-
১/আপুনি যদি বিবাহিত৷দিনৰ সমস্ত আয় বেংকৰ কাৰেন্ট একাউণ্টত ৰাখি মুঠেই পঞ্চাশ টকা জেপস্থিত পাৰ্চত ৰাখক৷
২/যদি আপুনি অবিবাহিত কিন্তু কমিটেড কোটিপতি পিতৃৰ সন্তানৰ বাদে আনসকলে চৰকাৰী বা মাল্টিনেশ্যনেলৰ চাকৰি বিচাৰক৷আপুনি কমিটেড তেওঁ ন’হবও পাৰে ঘৰুৱা হেঁচাৰ ফলশ্ৰুতিত৷
৩/আপুনি যদি ছিংগল আৰু বৰশী টোপাই আছে চেঙেলী মাছৰ জিয়গ্ৰাফী নহয় ইতিহাস পঢ়ক৷সচাৰচৰ ভাল জিয়গ্ৰাফীৰ ইতিহাস বৰ সুন্দৰ নহয়৷
৪/আপুনি যদি বিবাহৰ উপযুক্ত প্ৰাৰ্থী আৰু অফাৰৰ অপেক্ষা কৰিছে অইলত কিবাকৈ চাকৰি এটা বিচাৰি মুৰত ধেলা চাবোন মাৰি টপা হৈ যাওঁক৷
৫/মোবাইলত পাচৱৰ্ড নাৰাখিব,গুগুল পেত ৰাখিব,পাছৱৰ্ড নহয় ফিংগাৰ প্ৰিন্ট লক আৰু ক্ৰমৰ ইতিহাস স্বয়ংক্ৰিয় ভাৱে মচি দিয়াই শ্ৰেষ্ঠ বিকল্প৷
“কেচ ষ্টাডিৰ“ অধ্যায়টো বৰ দীঘল পঢ়াৰ ধৈৰ্য্যই ন’হল৷
Bibliography ৰ একক নায়ক Khound. A ক বিচাৰি আছো৷সম্ভেদ পালে জনাব৷
শেষত ৰাণা দাৰ কন্ঠৰে “ৰম্ভা মেনকা কিম্বা জুতিকা নামবোৰ নাজানো ভাই,গুৱালগালি এফাঁকি ব্যৱহাৰ নকৰি দিয়া দেই আমাক বিদায়৷

(কাল্পনিক ৰসৰচনা৷সাধাৰণীকৰণ কৰা হোৱা নাই৷সম্পূৰ্ণ কাল্পনিক৷কেৱল হাঁহিবৰ বাবে৷“ধেমালি নুবুজা মানুহৰ সৈতে ধেমালি নকৰিবা“-ড° ভৱেন্দ্ৰনাথ শইকীয়া.সেয়ে কেৱল ধেমালি বুজাসকলৰ বাবে ৷)

Leave a comment