(প্ৰথমেই সুধী পাঠকসমাজৰ প্ৰতি ক্ষমাপ্ৰাৰ্থনা৷ষান্মাষিকৰ চূড়ান্ত পৰীক্ষা আৰু গৱেষণাৰ বাবে যোৱা দুদিন নিয়মীয়াকৈ লিখিব পৰা নাই৷”Past Life Regression” ৰ প্ৰজেক্টটো চলি আছে কিন্তু সম্পূৰ্ণ তথ্য পোহৰলৈ অহা নাই বাবে নিৰ্ভৰযোগ্য ফলাফল হাতত পৰাৰ পিছতহে মই পৰৱৰ্তী খণ্ডলৈ হাত মেলিম৷আজি আন তিনিটা ঘটনাৰ উল্লেখ কৰিম৷)
সাপ-মোৰ সৰু ভিনদেউ পেছাত এক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ গৱেষণা প্ৰতিষ্ঠানৰ কনিষ্ঠ প্ৰযুক্তিবিদ৷কাৰিকৰী বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী৷সেয়ে অতিপ্ৰাকৃতিক ঘটনাক সংযোগ বা অন্ধবিশ্বাস বুলিয়েই গণ্য কৰে৷২০২০ মানৰ কথা৷এদিন বায়ে হুৱাদুৱা লগাই ফোন কৰিলে৷কাৰণ তেওঁলোকৰ চৰকাৰী আবাসৰ শোৱনি কোঠাত প্ৰায়েই ফেটী সাপে দৰ্শন দিয়ে৷বাৰিষা আমাৰ প্ৰায় সকলোৰে ঘৰত এটা-দুটা সাপ ওলাই৷ফেটীসাপ,ধোৰা সাপ,মোছোৰা সাপ৷কিন্তু বাহতৰ ঘৰত সপ্তাহে-পষেকে কেৱল মাত্ৰ ফেটী সাপেই ওলাই৷আৱাসিক অঞ্চলৰ কাষত কোনো বননি বা পথাৰ নাই৷একেবাৰে পিছ দিয়া ৰাস্তা আৰু সকলোতকৈ আকৰ্ষণীয় কথাটো হ’ল ভিনদেউে হেনো ল’ৰালিৰ পৰাই সপোন মাহেকে-পষেকে ফেটীসাপৰ দৰ্শন পায় আতংকিত হৈ পৰে৷সেয়া লকডাউনৰে কথা৷মই ক’লো দুদিনমান ধৈৰ্য্য ধৰ৷লকডাউনৰ নীতিনিয়ম শিথিল হ’লেই মই যাম৷EMF,ITC Box,Full Sprectrum Photography,Leaser Grid মখাই চলালো৷নাই!কোনো সমস্যা নাই৷মই সাংঘাতিক বিপাঙত পৰিলো৷কি বুলি ক’ম এতিয়া-সংযোগ!তেনেতে মামাৰ ফোন আহিল৷কাইলৈ ভন্টীৰ জন্মদিন৷জন্মদিনৰ নিমন্ত্ৰণ৷ “……..সপোন চয়া ময়া আশাৰ প্ৰদীপ জ্বলাই দিয়া!“ গুণগুণাই বাক ক’লো,ভিনদেউৰ সোৱৰণী(কুণ্ডলী বা জন্মপত্ৰিকা)খন দে৷“ “নাই,নাই তেওঁৰ সোৱৰণীয়েই নাইামানে বনোৱাই নাই!” মই বোলো “জন্মৰ তাৰিখ,চন,সময়,জন্মস্থান৷“ “সময়টো নাজানো বাকীবোৰ জানো৷“ “শাহুৱেৰাক ফোন কৰ৷“ দহমিনিট কুশল-মংগল বাৰ্তাৰ অন্তত শাহু আইৰ কন্ঠেৰে জন্মৰ সময় প্ৰকট হ’ল৷মই গণণাত বহিলো৷যি সন্দেহ কৰিছিলো সেয়াই হ’ল৷মনে-মনে ভগৱানক ধন্যবাদ জনালো৷আজি মামাই জন্মদিনৰ নিমন্ত্ৰণ নকৰা হ’লে মোৰ মান-সন্মান সকলো শেষ হৈ হয়তো নিজৰ ঘৰতে ভণ্ডৰ আখ্যা পালোহেঁতেন৷
কাৰণ বিশ্লেষণঃ ভাৰতীয় বৈদিক জ্যোৰ্তিবিজ্ঞানে ৰাহু,কেতু আৰু শণিক ছায়া (অশুভ নহয়) গ্ৰহ আখ্যা দিয়ে আৰু জন্মৰ সময়ত মহাকাশত এই তিনি ছায়াগ্ৰহৰ বিশেষ জুটিয়ে কালসৰ্প যোগৰ সূচনা কৰে৷কালসৰ্প দোষো হৰেক ৰকমৰ৷কিছুমান সামান্য আৰু কিছুমান মৰাত্মক আৰু আকাল মৃত্যুৰ কাৰণ৷ভিনদেউৰ কুণ্ডলীত অনন্ত কাল সৰ্প দোষ আছিল৷ই মৰাত্মক নহয়৷কিন্তু এনে লোকক সাপে সঘনাই দেখা দি আতংকিত কৰি জীৱনত মানসিক অশান্তিৰ সৃষ্টি কৰে৷আন কেতবোৰ সামান্য কালসৰ্প দোষে ব্যক্তিৰ বিবাহ,বৈৱাহিক জীৱন,শিক্ষা,চাকৰি লাভ বা সন্তান লাভত প্ৰতিবন্ধক হৈ ঠিয় দিয়ে৷চন্দ্ৰৰ মহাকৰ্ষণিক বলৰ প্ৰভাৱত বিশাল সমুদ্ৰত জোৱাৰ-ভাটা হ’য় আমি কোন কুটা৷কেতবোৰ দোষৰ সময়ত বিধান নকৰিলে মানুহৰ আকাল মৃত্যু পৰ্য্যন্তও হ’য়৷বিধানে গ্ৰহৰ প্ৰভাৱক সমুলি বিনাশ নকৰে কিন্তু নিয়ন্ত্ৰণ কৰে বা প্ৰভাৱক সীমিত কৰে৷বহাগ মাহ সমাগত৷বৰ্ষচক্ৰত বিশ্বাসী সকলে বিধি অনুসৰি দান কৰক৷যিসকল জ্যোতিষীয়ে মূল্যবান পাথৰ দি গ্ৰহক প্ৰভাৱহীন কৰাৰ গেৰান্টি দিয়ে তেওঁলোকক মুন্না ভাইৰ চাৰ্কিটৰ কায়দাত মুৰত পুতলা পিষ্টল লগাই সোধক,”বেটা তোৰ জীৱনৰ গেৰাণ্টি কিমান?সময়,সমাজ আৰু পাত্ৰৰ যোগ্যতাৰ ভিত্তিত ভবিষ্যৎবাণী কৰা হ’য়৷কুণ্ডলীত ৰাজযোগ অৰ্থাৎ আপুনি হয়তো সীমিত ক্ষমতা আৰু সম্পদৰ উপভোগ কৰিব পাৰিব৷কিন্তু তাৰ অৰ্থ এনে নহয় গণতান্ত্ৰিক ভাৰতৰ ধাৰণাক নস্যাৎ কৰি আপুনি ভাৰতৰ সম্ৰাট হ’ব৷গ্ৰহক নিয়ন্ত্ৰণ কৰিব পাৰি,প্ৰভাৱ কমাব পাৰি কিন্তু প্ৰভাৱহীন কৰাটো সম্ভৱ নহয়৷
৪ আৰু ৮ ৰ সাধু-মোৰ এজন ঘনিষ্ঠ বন্ধু৷বন্ধু সৎ,মেধাবী আৰু কৰ্মযোগী৷হঠাৎ বন্ধুৰ জীৱনলৈ ধুমুহা আহিল৷য’তে হাত দিয়ে তাতেই মাত্ৰ বিফলতা৷ব্যক্তিগত জীৱন,শিক্ষা জীৱন আৰু প্ৰেম৷প্ৰেয়সীয়েও সামান্য কথাতে এৰিলে৷সিদ্ধান্ত গ্ৰহণতো দোদুল্যমান স্থিতি৷এদিন সন্ধিয়াৰ আড্ডাত ট্ৰেজেডী ফালি আছিল৷মই খোলাখুলি কথা কোৱা মানুহ৷হঠাৎ সুধি দিলো,”মদ এৰি কেতিয়াৰ পৰা ভাংত ধৰিলি৷“ “হে মহাদেৱ!মই তোক কি বুলিনো প্ৰমাণ দিওঁ৷হয় মই মদাহী কিন্তু ভঙুৱা ওহো মুঠেই নহয়৷“মই প্ৰথমেই কৈছো বন্ধু স্বভাৱতেই সৎ অথচ প্ৰায় ছমাহ মানৰ পৰা বন্ধুৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰায় শূণ্যত পৰিণত হৈছে আৰু যিকোনো নিচাখোৰে প্ৰাথমিক পৰ্য্যায়(First Level of Addiction) ত নিচা সম্পৰ্কে লুকুৱাই৷সেয়ে সি যদি সঁচাকৈয়ে মদ এৰি ভাংত ধৰিছে মিছা মতাতো স্বাভাৱিক৷ৰাতি বন্ধুৰ ৰূমমেটৰ পৰা খৱৰ ল’লো৷আধাঘণ্টীয়া কৌশলপূৰ্ণ বাৰ্তালাপৰ একমাত্ৰ সাৰাংশ তাৰ কথা ষোল্ল অনাই সঁচা৷পিছদিনা তাক ক’লো “ তোৰ জন্মৰ চন,তাৰিখ,সময়,স্থান সকলো ক৷তোৰ কুণ্ডলী উলিয়াব লাগিব৷”ৰাতি গণণাত বহিলো৷কালসৰ্প,পিত্ৰদোষ,চাৰেচাথী,শণি কী চায়া,মংগল কি মায়া একো নাই৷কিছু সময় তভক মাৰি তাক ফোন কৰিলো৷“তোৰ এই সমস্ত সমস্যাবোৰ নতুন স্কুটীখন লোৱাৰ আগেয়ে নে পিছত হৈছে৷সি পিছত বুলি আৰম্ভ কৰিছিল মাত্ৰ মই বোলো নাম্বাৰ প্লেটৰ ফটো দে৷ৱাটছএপত৷নম্বৰ প্লেটৰ সংখ্যা কেইটা যোগফলৰ সংখ্যাক পুনৰ যোগ কৰি একক সংখ্যালৈ পৰিবৰ্তন কৰি ক’লো৷ “স্কুটীখন পাৰিলে বিক্ৰী কৰি দে৷আৰু পিছৰ বাৰ ভুলতো চাৰি সংখ্যাৰ কাষো নাচাপিবি৷“
কাৰণ বিশ্লেষণঃ বন্ধুৰ জন্ম তাৰিখ ৮, ৮ সংখ্যাৰ গ্ৰহাধিপতি শণি মহাৰাজ৷শণি অশুভ নহয় ন্যায়ৰ দেৱতা কৰ্মফলদাতা৷সেয়ে শণিৰ চাৰেচাথী মানেই বেয়া নহয় চাৰেচাথীৰ সময়ত সৎ কৰ্ম কৰিলে শণিয়ে ভিক্ষাৰীকো ৰজা সাজিব আৰু অসৎ কৰ্ম কৰিলে ৰজাকো ভিক্ষাৰী পাতিব৷ বন্ধুৰ নাম্বাৰ প্লেটৰ একক অংকৰ যোগফল ৪৷ ৪ ৰ গ্ৰহাধিপতি ৰাহু৷ৰাহু ভৌতিক সুখৰ প্ৰতি লোভী আৰু ভৌতিক সুখৰ বাবে বক্ৰপথ ল’বলৈও তিলমানো নাভাবে৷ৰাহুৰ প্ৰভাৱত বন্ধুৱে ভৌতিক সুখৰ স্বাৰ্থত বক্ৰপথ লয় আৰু ন্যায়ধীশ শণি মহাৰাজে সেই বক্ৰপথী কৰ্মৰ প্ৰয়াশ্চিতৰ বাবে দণ্ড দিয়ে৷ৰাহুৱে বিচাৰে যিকোনো মূল্যৰ বিনিময়ত ভোগ আৰু শণিয়ে বিচাৰে ধৰ্মৰ পথ৷ফলত বন্ধুৰ জীৱনলৈ স্কুটীৰ নাম্বাৰ প্লেটৰ যোগেৰে ৰাহুৰ আগমনৰ দ্বাৰা ধুমুহা আহি বেছেৰা কনফিউজ হ’ল৷স্কুটী বিক্ৰী কৰাই নহয় আৰু বহু বিধান তথা প্ৰয়াশ্চিতৰ অন্তত ধুমুহাৰ শাম কাটিল কিন্তু প্ৰেয়সী আজিও উভতি নাহিল৷প্ৰত্যেকৰে জীৱনত তিনিবাৰ শণিৰ চাৰেচাথী মানে বক্ৰ দৃষ্টি পৰে৷সেয়ে সেইসময়ত জীৱনৰ সমস্ত পাপ-পূণ্যৰ ভিত্তিত জীৱন্তে স্বৰ্গসুখ বা যমৰ যন্ত্ৰণা পায়৷সেয়ে মিথ্যাচাৰ,ঋণাত্মক দৃষ্টিভংগী,অন্যায়,ব্যাভিচাৰৰ পথ বাদ দি ধৰ্মৰ পথলৈ উভতি আহক৷ধৰ্ম মানে তন্ত্ৰ,মন্ত্ৰ,পূজা,ব্ৰত,যাগযজ্ঞ,ধূপপ্ৰদীপ নহয় সেয়া পৰম্পৰা মাত্ৰ৷ধৰ্ম হ’ল সেই পথ যাৰ দ্বাৰা সমাজ আৰু সময়ৰ অনুকুলে সামান্য মিথ্যাচাৰ,অন্যায়,অধৰ্মৰ সহায় লৈ অন্তত আমি সত্য,ধৰ্ম আৰু ন্যায়ৰ প্ৰতিষ্ঠা কৰি জীৱ আত্মাৰ পুনৰজন্মৰ যন্ত্ৰণাৰ পৰা মুক্ত হৈ পৰম আত্মাত মিলিত হওঁ যেনে অশ্বত্থমা হত ইতি গজ!সেয়ে ৰাধা কৃষ্ণৰ ওপৰত যেতিয়া শণিয়ে বক্ৰ দৃষ্টি পেলাইছিল পৰিণতিত মাত্ৰ পুস্প বৰ্ষণ হৈছিল৷প্ৰত্যেকৰে জীৱনত বিশেষ সংখ্যাৰ বিশেষ মহত্ব থাকে৷৪ মানেই অশুভ নহয় , ৪ আৰু ৬ ৰ যুটি বিৰাটেই শুভ কাৰণ চাৰি ৰাহু মানে অসুৰ আৰু ৬ অসুৰ গুৰু শুক্ৰচাৰ্য্য৷মণিকাঞ্চন সংযোগ৷শুক্ৰই ৰাহুক নিয়ন্ত্ৰিত কৰি পথ প্ৰদৰ্শন কৰে আৰু স্কুটীৰ নম্বৰ প্লেটেই নহয় মোবাইল নম্বৰ,ফ্লেটৰ নম্বৰ সকলোতে সংখ্যা মানে গ্ৰহৰ প্ৰভাৱ থাকে৷সেয়ে যদি আপুনি বিশ্বাসী অভিজ্ঞ নিউমাৰ’লজিষ্টৰ সহায় লওঁক আৰু যদি আপুনি তেনে কৰিবলৈ অনিচ্ছুক অন্তত ধৰ্মক ধাৰণ কৰক৷ধৰ্ম ৰক্ষতিঃ ৰক্ষিতঃ৷কৰ্মফলৰ কোনো খণ্ডন নাই৷আনকি প্ৰভাৱ নিয়ন্ত্ৰণৰো সম্ভাৱনা নিচেই তাকৰ৷শিৱৰ নামত ভাং নাখাব৷সমুদ্ৰ মন্থনত শিৱই হলাহল পান কৰি নীলকন্ঠ হ’ল কিন্তু হলাহলৰ প্ৰভাৱে ডিঙিত সামান্য খজুৱতিৰ সৃষ্টি কৰাত দৈৱ বৈদ্য অশ্বিনী কুমাৰদ্বয়ে তেওঁক ডিঙিৰ খজুৱতি নিবাৰণৰ বাবে ভাংৰ গুটি অৰ্থাৎ ধতুৰাৰ গুটিৰ সামান্য প্ৰলেপ সানিবলৈ কৈছিল৷আধুনিক চিকিৎসাবিজ্ঞানেও একে কাৰণবশত প্ৰচণ্ড বিষ বা খজুৱতিৰ বাবে ধতুৰা বা কানিৰ পৰা প্ৰস্তুত কৰা দৰৱ দিয়ে৷কিন্তু না চিকিৎসাবিজ্ঞানে ভাং খাব কয় না মহাযোগী মহাদেৱে ভাং খাইছিল৷ভাং আৰু সুৰা উভয়েই ক্ষতিকাৰী৷ভাং সুৰাতকৈও মৰাত্মক কাৰণ ভাঙে প্ৰথমাৱস্থাত মনোযোগ বা স্মৃতি শক্তিৰ সামান্য বৃদ্ধি কৰিলেও অন্তত মানুহক বিবেকহীন,সোৰোপা আৰু কেতিয়াবা পগলাও কৰে৷
বিছনাঃ এহাল নৱ দম্পতী৷নতুনকৈ ভাড়াঘৰ ল’লে৷লাহেলাহে সমস্যাৰ আৰম্ভ হ’ল৷নিদ্ৰাবিহীনতা,মুৰৰ বিষ,শুলেও কিহবাই হেঁচা মাৰি ধৰে ইত্যাদি৷চাইক্ৰেটিশ্যৰ দৰৱ খালে৷সুফল দুৰৰে কথা ৰোগে নিয়ন্ত্ৰণৰো নাম নলয়৷স্বামীদেৱ মোৰ দাদাৰ বন্ধু৷এদিন মোৰ কাষ চাপিল৷মই সুধিলো আপোনালোকৰ বিছনাখন কি দিশত আছে৷ অলপ ভাবি ক’লে,”উত্তৰ দক্ষিণমুৱাকৈ৷“ মই বোলো আপুনি কোন দিশলৈ মুখ কৰি শোৱে৷মানে আপোনাৰ গাৰুটো আৰু ভৰিহাল কোন দিশত থাকে৷“তেওঁ ক’লে গাৰুটো উত্তৰলৈ আৰু ভৰি কেইটা দক্ষিণলৈ৷“ মই বোলো আজিৰ পৰা ওলোটা কৰি দিয়ক ভৰি উত্তৰলৈ গাৰু দক্ষিণলৈ৷মাত্ৰ এসপ্তাহ সময় ল’ম৷দৰৱ খাই থাকক৷যদি সাতদিনত ভাল পায় চাইক্ৰেটিকৰ পৰামৰ্শ অনুসৰি দৰৱ ধীৰে-ধীৰে বন্ধ কৰক৷চাৰি দিনৰ দিনা দাদাই ফোন কৰিলে,মোক প্ৰশংসাৰে ওপচাই ক’লে,তই দেখোন যাদু কৰি দিলি৷“ “মই বোলো মই নহয় সকলো তেৰা আৰু বাস্তু অসুৰৰ ইচ্ছা আমি সংযোগ মাত্ৰ৷“
কাৰণ বিশ্লেষণ-আমি কেতিয়াও শোৱাপাটীৰ গাৰু পশ্চিম বা উত্তৰ দিশত ৰাখিব নালাগে৷কাৰণ তেনে কৰিলে আমাৰ  পিটুইটেৰী গ্লেন্ড যি দেশৰ সমস্ত হৰমোনৰ নিয়ন্ত্ৰক,সেই গ্লেন্ডৰ ওপৰত “ভুচুম্বকীয়(geo magnetic) ক্ষেত্ৰই “ নেতিবাচক প্ৰভাৱ পেলায় আৰু সেই প্ৰভাৱক নিয়ন্ত্ৰণ কৰিবলৈ ঔষধ পৰ্য্যাপ্ত তথা প্ৰয়োজনীয় নহয়৷শোৱাৰ দিশ সলালেই হ’ল যদি তাৰ পিছতো সমস্যা হৈছে আপুনি চাইক্ৰেটিকৰ কাষ চপাই মংগল৷এই ঘটনাৰ ভুক্তভোগীৰ দৰে আপুনি যদি চাইক্ৰেটিক চিকিৎসাবিধিত আৰোগ্য নহৈ বাস্তুৰ শৰণাপন্ন হৈ আৰোগ্য হ’ল তেতিয়াও চাইক্ৰেটিকৰ পৰামৰ্শ অবিহনে দৰব এৰি নিদিব অন্যথা “withdrawal symptom” হ’ব৷চিকিৎসক,পেৰাচাইকজিষ্ট সকলো সংযোগ মাত্ৰ সমস্যা আৰু সমাধান উভয়ৰে সৃষ্টি মাত্ৰ কৰ্মফলৰ ভিত্তিত হ’য়৷বাস্তু শাস্ত্ৰ বা আমাৰ ডাকৰ বচনৰ বৈজ্ঞানিক ভিত্তি আছে৷পূবে গৰু কাৰণ গোহালিৰ বাবে ৰ’দ ঘাই পৰা ঠায়েই শ্ৰেষ্ঠ৷ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভুল বাস্তু বা স্বগৃহৰ ভুল বাস্তুৱে জীৱনলৈ দুৰ্যোগ কঢ়িয়াই আনে তাৰ মূখ্য কাৰণ হ’ল ভুচম্বকীয় ক্ষেত্ৰই আপোনাৰ পিটুইটেৰী গ্লেন্ডত পেলোৱা ঋণাত্মক প্ৰভাব আৰু দেহা থাকিলেহে বেহা৷
(মই এজন পেছাদাৰী পেৰানৰ্মেল এক্সপাৰ্ট৷পেৰাচাইক’লজিৰ সংজ্ঞা অনুসৰি “Paranormal are normal but quite different” যেতিয়ালৈকে আধুনিক বিজ্ঞানে জনা নাছিল আকাশত কিয় বিজুলী মাৰে আমাৰ পূৰ্বপুৰুষে তাক অতিপ্ৰাকৃতিক বুলি ভাবিছিল কিন্তু কাৰণ জনাৰ মূহূৰ্ততে সেয়া প্ৰাকৃতিক হৈ পৰিল৷পেৰাচাইক’লজিৰ মানে কেৱল অশৰীৰ নহয় হিপনটিজিম,পাষ্ট লাইফ ৰিগ্ৰেছেন এনালাইছিল,এষ্ট্ৰেল প্ৰজেকশ্যন আদিও হ’ব পাৰে৷পেৰানৰ্মেল ইনভেষ্টিগেটৰ হিছাপে মোৰ প্ৰায়েই ভুক্তভোগীৰ আবৃত্তি শুনাৰ সৌভাৰ্গ্য কিম্বা দুৰ্ভাগ্য হ’য়৷কিন্তু প্ৰফেশ্যনেল এথিক্সৰ বাবে আমি ভুক্তভোগী আৰু স্থানৰ সবিশেষ জনাব নোৱাৰো৷তলত উল্লেখিত প্ৰতিটো ঘটনাই সঁচা৷মানিলে ধান নামানিলে পতান৷অবিশ্বাস কৰাসকলে গল্প বুলি পঢ়িলেই হ’ল৷বিতৰ্ক মোৰ প্ৰিয় নহয়)

Leave a comment