মই নিশাচৰ৷প্ৰকৃতাৰ্থত বেলি লহিয়ালেহে মোৰ দিনটোৰ আৰম্ভণি হয়৷পুৱা চাৰি মান বজাত শুৱলৈ যাও আৰু দুপৰীয়া ১১ মান বজাতহে মোৰ গুড মৰ্ণিং হয়৷যোৱাবছৰৰ এপ্ৰিল মানৰ কথা৷সেইদিনা পুৱাই শুই উঠি দেখো মোবাইলত মোৰ এজন ঘনিষ্ঠ বন্ধুৰ প্ৰায় ১৫ টা মান মিছকল৷এক অজান আশংকাই মোক কপাই তুলিলে৷অকণো পলম নকৰি শোৱাপাটীৰ পৰাই তাক কল বেক কৰিলো৷সিফালৰ পৰা মোৰ বন্ধুজনে বেছ উদ্বিগ্ন কন্ঠেৰে ক’লে,” মোৰ ভন্টীৰ সৈতে সাংঘাতিক কিবাকিবি হৈছে৷মানে তাই যেতিয়াই শোৱে তাইৰ এনে লাগে যেন তাইৰ নিচেই কাষতে গা ঘেলাই আন কোনোবা এজনো শুই আছে৷ কাণত গভীৰ নিশ্বাসৰ স্পষ্ট শব্দ,শৰীৰৰ সৰ্বাংগত এখন অদৃশ্য হাতৰ প্ৰেমময়ী স্পৰ্শ, কিন্তু ধীৰে-ধীৰে সেই প্ৰেমময়ী স্পৰ্শ কামুকতাৰ আচোৰত পৰিণত হ’য়৷“

বন্ধুৰ মতে ঘটনাৰ আৰম্ভণী হোৱাৰ প্ৰায় ছমাহ মানেই হ’ল৷একবিংশ শতিকাৰ ভাৰতীয় সমাজব্যৱস্থাত আজিও যৌনতা এক অস্পৃশ্য বিষয় অৱশ্যে সেই একেখন দেশৰে জনসংখ্যা আকৌ প্ৰায় ১৩১ কোটি৷আজিও বহু শিক্ষক-শিক্ষয়িত্ৰীয়েই দশম মানৰ বিদ্যাৰ্থীক জীৱবিজ্ঞানৰ প্ৰজনন পাঠটো লোকলজ্জাৰ বাবে নিজেই পঢ়ি ল’বা বুলি কৈয়েই দ্বায়িত্ব সামৰে৷তেনে এক সমাজব্যৱস্থাৰ গ্ৰাম্য সমাজৰ যৌথ পৰিয়ালৰ কনিষ্ঠতম সন্তান এজনী কিশোৰীয়ে কোন সতেৰে নো ঘৰৰ জ্যেষ্ঠজনৰ সৈতে তাইৰ লগত প্ৰতিনিশাই হোৱা যৌননিৰ্য্যাতনৰ বীভৎস আখ্যানৰ বৰ্ণণা কৰে৷তাকো আকৌ যৌন নিৰ্য্যাতনকাৰী খোদ অশৰীৰ৷বেছেৰীয়ে প্ৰায় ছমাহমান সকলো নীৰৱে সহ্য কৰি গ’ল৷কিন্তু যোৱানিশা তাইৰ সৈতে যি হ’ল সেয়া শুনি মোৰ ভৰিৰ তলৰ মাটি কপি উঠিল৷শেষনিশা তাইৰ প্ৰচণ্ড আৰ্তনাদত ঘৰৰ সকলো তাইৰ কোঠালৈ দৌৰি আহিল৷এক অদৃশ্য শক্তিয়ে তাইক হেচি ধৰি বিবস্ত্ৰ কৰাৰ চেষ্টা চলাইছিল৷কিন্তু কোঠাৰ লাইট জ্বলাই দিয়াৰ লগে-লগেই সেই বীভৎস নাটকৰ যৱনিকা পৰিল আৰু প্ৰায় ছমাহৰ অন্তত তাই ঘৰৰ সকলোৰে আগত মুখ খুলিল৷

মই বন্ধুক পোনেই শুধিলো,“ভন্টীৰ শৰীৰত সঁচাকৈয়ে আচোৰ পৰে নে সেয়া তাইৰ অনুভৱ মাত্ৰ“ সি ক’লে আচোৰা যেন লাগে অথচ আচোৰ নপৰে৷“চা যিহেতু আচোৰ পৰা নাই এয়া “Demonic Spirit” নহয় বৰঞ্চ কামুক প্ৰেতাত্মাৰ দুস্কৰ্ম৷বিদ্যুৎচুম্বকীয় ক্ষেত্ৰৰ আকস্মিক তাৰাতাম্যই প্ৰেতাত্মাক নিস্তেজ কৰি তোলে আৰু সেয়ে হঠাৎ তহঁতে কোঠাৰ লাইটটো জ্বলাই দিয়াৰ বাবে নাটকখনৰ সিমানতে অন্ত পৰিল৷প্ৰেতাত্মাই নিজৰ আকাংক্ষা পূৰণৰ বাবে মায়া বা “illusion” ৰ সহায় লয়৷সেয়ে অদৃশ্য কোনোবা এজনে গাত গা ঘেলাই শোৱা,তাইৰ কাণত পৰা নিশ্বাসৰ শব্দ,প্ৰেমময়ী স্পৰ্শ,কামুকটাৰ আচোৰ আৰু যোৱা নিশাৰ বস্ত্ৰহৰণৰ প্ৰয়াস সকলো মায়া মাত্ৰ৷সেয়ে তাই আচোৰক অনুভৱ কৰে কিন্তু পুৱালৈ শৰীৰত আচোৰৰ চিনচাবেই নাথাকে৷যোৱাকালি নিশা তাই পিন্ধা কাপোৰসাঁজলৈও লক্ষ্য কৰ তাত টনা-আজোৰা বা ফটা-চিটাৰ একোৱেই নিচান নাই আৰু তই মাত্ৰ এটা কাম কৰ যিমান পাৰ সিমান সোনকালে তই মোক এটা তথ্যৰ যিকোনো প্ৰকাৰে যোগান ধৰ৷তহঁতৰ ঘৰৰ আশে-পাশে যোৱা এবছৰত কোনোবা অবিবাহিত ডেকা ল’ৰাৰ দুৰ্ঘটনাবশত অপঘাত মৃত্যু হৈছে নেকি বা তেনে কোনো অবিবাহিত ডেকাই আত্মহত্যা কৰিছিল নেকি৷আবেলি সি ফোন কৰিল,”ডেকা ল’ৰা নহয় এগৰাকী বোৱাৰীয়ে ছিপ লৈছিল৷দুখন গাওঁ পাৰ হৈ৷বোৱাৰী গৰাকীয়ে ছিপ লোৱাৰ এমাহ মানৰ পূৰ্বেই হেনো তেওঁৰ স্বামী মানসিক ৰোগৰ চিকাৰ হৈ উন্মাদ হৈ পৰিছিল আৰু সকলোতকৈ আচৰিত কথা সেই বোৱাৰীগৰাকীৰ সৈতেও হেনো প্ৰায় এবছৰ যুৰি একেখন নাটকৰে পুনৰাবৃত্তি হৈছিল৷“ মই তাক সুধিলো,”তহঁতৰ ভন্টী সেই বোৱাৰী গৰাকীৰ ঘৰৰ মুখেৰে আহ যাহ কৰে নেকি?“ “উম কৰে৷“ মই পুনৰ সুধিলো “কেতিয়া?“ সি কোৱা মতে আবেলি পাঁচ বজাৰ পৰা ছয় বজালৈ তাইৰ অংকৰ টিউশ্যন থাকে৷টিউশ্যনৰ স্থান সেই দুৰ্ভগীয়া বোৱাৰীগৰাকীৰ ঘৰৰ পৰা অলপ আগত৷“ “মই বোলো তাই চাগৈ নিশ্চয় টিউশ্যনলৈ চুলি মেলি আৰু পাৰফিউম মাৰি যায়৷“ সি শুধিলে,”তই কেনেকৈ জানিলি?“

কাৰণ বিশ্লেষণঃহয়তো সেই বোৱাৰীগৰাকী কিবাকৈ কোনো কামুক প্ৰেতাত্মাৰ কৱলত পৰিছিল৷এনে প্ৰেতাত্মা স্বাভাৱিকতেই তেওঁ আকৰ্ষিত হোৱা স্ত্ৰী গৰাকীৰ সংগীৰ প্ৰতি ঈৰ্ষাপৰায়ণ হয়৷সেয়ে সম্ভৱত তেওঁৰ স্বামী মানসিক ৰোগৰ চিকাৰ হৈ বাটে-পথে ঘুৰি ফুৰা পগলাত পৰিণত হ’ল৷ঘৰত কেৱল স্বামী-স্ত্ৰী৷স্বামীৰ অনুপস্থিতিত প্ৰেতাত্মাৰ শক্তি আৰু নিৰ্য্যাতন দুয়োটাই বৃদ্ধি পালে আৰু সেয়ে হয়তো সৰ্বস্ব হেৰুৱাই সেই দুৰ্ভগীয়া নাৰীয়ে আত্মহত্যা কৰিলে৷কামুক প্ৰেতাত্মা পুনৰ নতুন চিকাৰৰ বাবে সেইস্থানতে খাপ পিতি ৰ’ল৷বন্ধুৰ ভনীয়েকে যিহেতু সন্ধ্যা ছয়মান(মানে কাণি-মুনি গধূলি) টিউশ্যনৰ পৰা সেইফালেৰেই ঘৰলৈ উভতে৷ তাইৰ মুক্ত কেশৰ পৰা নিৰ্গত চেম্পু বা হেয়াৰ অইলৰ সুগন্ধ আৰু পাৰফিউমৰ সুগন্ধি দুয়োটাই সেই কামুক প্ৰেতাত্মাক সেই সুন্দৰী কিশোৰীৰ প্ৰতি আকৰ্ষণ কৰি তুলিলে৷যিকোনো সুগন্ধি দ্ৰব্য প্ৰেতাত্মাৰ বাবে লোভনীয় আহাৰ,কানিমুণি গধূলি বা দোকমোকালিৰ সময়ভাগ খুবেই অভিশপ্ত সম্ভৱত কোনোবা দিনা চাগৈ তাই কাঢ়া ৰঙৰ কাপোৰো পিন্ধিছিল আৰু এই সকলোৰে অশুভ প্ৰভাৱত তাই কামুক প্ৰেতাত্মাৰ যৌনক্ষুধাৰ কৱলত পৰিল৷হওঁতে সেই ৰাস্তাটোৰে তাইৰ সৈতে আৰু কেইবাজনী ছোবালীয়ে একেলগে টিউশ্যনৰ কৰি উভতে কিন্তু মীন আৰু কন্যা ৰাশি তথা দুৰ্বল মনৰ মানুহ সহজেই প্ৰেতাত্মাৰ চিকাৰ হয়৷অৱশ্যে তাইৰ ৰাশি সিংহ আছিল কিন্তু ছোৱালীজনী স্বভাৱত শান্ত,সহনশীল আৰু অলপধতুৱা বিধৰ৷সেয়ে হয়তো তাই প্ৰেতাত্মাৰ সহজ চিকাৰত পৰিণত হ’ল৷প্ৰায় এপষেকমান বিশেষ বিধিৰে পূজা-পাতল কৰাৰ অন্তত অৱশেষত তাই প্ৰেতাত্মাৰ কৱলৰ পৰা মুক্তি পালে৷সেয়ে আজিও সমাজৰ বুঢ়া মেঠা লোকে কয়,”তিনিসন্ধিয়া চুলি মেলি,কাঢ়া ৰংৰ কাপোৰ পিন্ধি,সুগন্ধি দ্ৰব্য ঘহি ঘৰৰ বাজ হ’ব নালাগে৷“চুলিখিনি চুটি যদিও ল’ৰাৰ ক্ষেত্ৰতো একেই। কথা কাৰণ কামুক প্ৰেতৰ দৰে কামুক প্ৰেতিনীও থাকে৷

(মই এজন পেছাদাৰী পেৰানৰ্মেল এক্সপাৰ্ট৷পেৰাচাইক’লজিৰ সংজ্ঞা অনুসৰি “Paranormal are normal but quite different” যেতিয়ালৈকে আধুনিক বিজ্ঞানে জনা নাছিল আকাশত কিয় বিজুলী মাৰে আমাৰ পূৰ্বপুৰুষে তাক অতিপ্ৰাকৃতিক বুলি ভাবিছিল কিন্তু কাৰণ জনাৰ মূহূৰ্ততে সেয়া প্ৰাকৃতিক হৈ পৰিল৷পেৰাচাইক’লজিৰ মানে কেৱল অশৰীৰ নহয় হিপনটিজিম,পাষ্ট লাইফ ৰিগ্ৰেছেন এনালাইছিল,এষ্ট্ৰেল প্ৰজেকশ্যন আদিও হ’ব পাৰে৷পেৰানৰ্মেল ইনভেষ্টিগেটৰ হিছাপে মোৰ প্ৰায়েই ভুক্তভোগীৰ আবৃত্তি শুনাৰ সৌভাৰ্গ্য কিম্বা দুৰ্ভাগ্য হ’য়৷কিন্তু প্ৰফেশ্যনেল এথিক্সৰ বাবে আমি ভুক্তভোগী আৰু স্থানৰ সবিশেষ জনাব নোৱাৰো৷তলত উল্লেখিত প্ৰতিটো ঘটনাই সঁচা৷মানিলে ধান নামানিলে পতান৷অবিশ্বাস কৰাসকলে গল্প বুলি পঢ়িলেই হ’ল৷বিতৰ্ক মোৰ প্ৰিয় নহয়)

Leave a comment