ঘৰত প্ৰতি দিনেই মা দেউতাৰ গালি-শপনি খোৱাৰ পিছটো মোৰ সন্ধিয়া হ’লেই আড্ডা দিবলৈ ওলাই যোৱা স্বভাৱৰ সমূলঞ্চেই পৰিবৰ্তন ন’হল৷মই আড্ডাবাজ কিন্তু উদণ্ড ওহো সেইটো মুঠেই নহয়৷আড্ডামানে আমাৰ ঘৰৰ গলিটো পাৰ হৈ এক কিঃমি মান গ’লেই প্ৰণৱহঁতৰ ৰূম৷প্ৰণৱ,নিবিড় আৰু প্ৰবীড় কেউটাই মোৰ কলেজীয়া দিনৰে সহপাঠী৷কলেজীয়া জীৱনৰ অন্তত মই সৰুকৈ ব্যৱসায় এটা আৰম্ভ কৰিলো আৰু কোম্পানীৰ চাকৰিৰ তাগিদাত সিহঁত তিনিওটাই ঘৰৰ পৰা আতৰি আজি মহানগৰীৰ ভাড়াঘৰত মেছ কৰি আছে৷হোষ্টেলৰ দিনবোৰৰ দৰে আজিও সন্ধিয়া হ’লেই আমি গোট খাওঁ৷কেতিয়াবা ৰাজনীতি,কেতিয়াবা চলচিত্ৰ,কেতিয়াবা সংগীত মুঠতে আড্ডা জমি উঠে৷আপদীয়া বৰষুণজাকে সিদিনা ঘৰলৈ উভটি আহোতে মোক ভালকৈয়েই গাধুৱালে৷পৰিণতি জ্বৰ আৰু কাঁহ৷মাজেমাজে কাঁহটোৱে কিছু অসুবিধাত পেলায়৷আজি আবেলি পাকঘৰত চাহ খাই থাকোতে যিটোহে চৰ্চৰণি খালো ভাগ্য ভাল যে সিফলীয়া ন’হলো৷ঘৰত মাহঁতো নাছিল৷বিহুৰ বজাৰ কৰিবলৈ গৈছে৷যোৱা দুদিনধৰি জ্বৰৰ বাবে আড্ডা দিবলৈ যাব পৰা নাই৷আজি সন্ধিয়াৰ পৰা কিছু উপশম পাইছো৷গালি-গালাজ পাৰিবলৈ মাহঁতো নাই৷এয়াই সুযোগ৷বাহিৰত চিপচিপকৈ বৰষুণ পেলাবলৈ আৰম্ভ কৰিছিল৷কিন্তু সন্ধিয়াৰ মেহফিলৰ সুতীব্ৰ আকৰ্ষণত বেমাৰী দেহাই ৰাই-জাই কৰাত ছাতি এটা লৈয়েই ওলালো৷

আৰে!ঘৰৰ দুৱাৰত তলা নাই৷অথচ ৰূমটো অন্ধকাৰত বুৰ গৈ আছে৷ইহঁত গ’ল কেনি!দৰ্জাখন ঠেলা মাৰি খুলিলো৷“প্ৰণৱ-নিবিড়“ মই চৰাঘৰৰ পৰাই চিঞৰিলো৷“হেই!এই শণিপাতে সৱ বৰ্বাদ দিলে৷“শোৱনি কোঠাৰ লাইটটো জ্বলাই নিবিড় ভোৰভোৰাই ওলাই আহিল৷শোৱনি কোঠা মানে আড্ডাৰ প্ৰাণকেন্দ্ৰ পায়েই মোৰ ভীষণ হাঁহি উঠিল৷জ্বলন্ত কেণ্ডেল আৰু প্লেন চেট৷মই খিকখিকাই ক’লো,” হেৰৌ সেই কলেজীয়া দিনৰ পৰাই একেখন নাটক৷আত্মাটো নাহেই৷আজি আত্মাৰ সলনি মইহে ওলালো৷“ “হেৰৌ শণি তই আহিলি যেতিয়া এতিয়ানো আৰু ক’ৰ আত্মাটো আহিব৷আহিলেও তোৰ কামোৰ খাই আত্মা খাটাং মৰিব৷আজি ভাবিছিলো কিবাকৈ আত্মাই দৰ্শন দিব৷কিন্তু তই দিলি নহয় সিফালৰ পৰা চিঞৰি৷“ নিবিড়ে পুনৰ ভোৰভোৰাই উঠিল৷ মই বোলো,”থ হেৰৌ আত্মা বিশাৰদ৷ বুঢ়া হলি কিন্তু সেই কলেজীয়া দিনৰ ল’ৰাধেমালিবোৰ নগল ন’৷আত্মা-প্ৰেতাত্মা একো নাই৷সৱ ফাঁকি৷“ “নহয়,নহয় আমাৰ ঘৰৰ ফালে মানে………….” প্ৰণৱে আৰম্ভ কৰিছিলহে মাত্ৰ প্ৰবীৰৰ ফোনটো বাজি উঠিল৷য’তেই বাঘৰ ভয় ত’তে ৰাতি হয়৷আমাৰ ঘৰৰ পৰাই ফোন কৰিছে৷মোৰটোটো মই জানি-বুজিয়েই ঘৰত এৰি থৈ আহিছো৷নেটৱৰ্ক সাংঘাতিক বেয়া৷প্ৰৱীড়ে হেল্ল-হেল্ল বুলি ক’লে সিফালৰ পৰা উত্তৰ নাই৷উত্তৰমানে আৰু কি গুৱালগালি এসোপামান হ’ব৷পুনৰ ফোন বাজিল৷এইবাৰ প্ৰণৱৰ৷প্ৰণৱে দুবাৰমান হেল্ল-হেল্ল কৰি উত্তৰ নাপায় স্পীকাৰটো অন কৰি দিলে৷হয়তো মোৰ মানভঞ্জনংৰ যোগ পৰিছে৷এতিয়া আৰম্ভ হ’ব আচল বৰষুণ৷গুৱালগালিৰ বৰষুণ৷কিন্তু এয়া কি?

এফালে দেউতাৰ উচুপনি৷সিফালে মা আৰু ভন্টীৰ কান্দোনৰ ৰোল৷বুকুখন চিৰিংকৈ মাৰিল৷কিবা অঘটন ঘটা নাইটো৷দেউতাই কোনোমতে ক’লে“সি আৰু নাই!“ “কোন সি?“ আমাৰ সকলোৰে আচৰিত হোৱাৰ পাল৷ “তোমাৰ বন্ধু আৰু নাই৷আমি বজাৰলৈ গৈছিলো৷আহি দেখো পাকঘৰতে লুটি খাই পৰি আছে৷মুখেৰে এসোতা কেঁচা তেজ৷সেই আপদীয়া কাঁহটোৱেই তাৰ কাল হ’ল৷হয়তো উশাহ ঘুৰাব নোৱাৰি………..এইমাত্ৰ চাঙীত তুলিছো৷“ মই কিবা বুজি পোৱাৰ আগেয়ে এজাক তীব্ৰবেগী বতাহে মোক এক পোহৰৰ সুৰংগলৈ টানি লৈ গ’ল৷অন্তিম মূহূৰ্তত মাত্ৰ দেখা পালো শেতাপৰা কাগজৰ দৰে মোৰ তিনিও বন্ধুৰ বিবৰ্ণ মুখকেইখন৷মমবাতি ডাল নুমাই গৈছিল৷প্ৰণৱ ধলি পৰিছিল আৰু ক্ৰমে আন এজন প্ৰণৱকো বতাহজাকে মোৰ সৈতে সুৰংগটোলৈ উৰুৱাই নিছিল৷হয়তো সেই আপদীয়া কাঁহটো,আবেলিৰ চৰ্চৰণিটো,হয়তো দেহা নহয় আত্মাটোৱে ৰাই-জাই কৰিছিল,কাৰণ সিহঁতে হয়তো সেই সময়তে আত্মা নিমন্ত্ৰণৰ পৰ্বৰ……….

Leave a comment