দক্ষিণাত্যৰ সেই যুৱতীগৰাকীৰ আমাৰ গৃহজিলাৰ উপায়ুক্ত ৰূপে সেইদিনা অন্তিমটো দিন৷ৰাজকীয় বিদায় সভা৷অসমীয়া কৰ্মচাৰীয়ে ইংৰাজী নতুবা হিন্দীত উপায়ুক্ত মহোদয়াৰ কৰ্তব্যনিষ্ঠাক বাহ-বাহ দিছে৷অন্তত তেওঁ ভাষণ দিবলৈ মঞ্চত ঠিয় হ’ল আৰু বিশুদ্ধ অসমীয়াত ক’লে,”যেতিয়ালৈকে আপোনালোকে নিজৰ ৰাজ্যতেই মাতৃভাষাক অনাদৰ কৰিব আপোনালোকৰ কোনো কালেই উন্নতি নহয়৷মই দক্ষিণাত্যৰ পৰা আহি অসমীয়া শিকিলো আৰু এই সভাৰ প্ৰতিজনেই অসমীয়া জানে৷সেয়ে এই বিদায়বেলাত অসমীয়া ভাষাক অসমীয়াই এলাগী কৰাত মই বৰ দুখ পালো৷“

সময় কা বিৰোধী আন্দোলনৰ অন্তিম পৰ্ব৷কা বিৰোধী আন্দোলনৰ সমলোচনাৰে মুখৰ এজনে মোৰ সৈতে কথা পাতি গেলামালৰ দোকানত সোমাই হিন্দীভাষী কৰ্মচাৰীক চাউল দাইলৰ তালিকাখন ভঙা-ভঙা হিন্দীত ক’লে আৰু কৰ্মচাৰীজনে বিশুদ্ধ অসমীয়াত মূল্যৰ হিচাপ দাখিল কৰিল৷ঘুৰি আহোতে মই ক’লো,” এই আন্দোলন বিফল হ’ব৷”তেওঁ উৎসাহেৰে ক’লে,”মই আগেয়ে জানিছিলো৷“ মই হুমুনিয়াহ কাঢ়ি ক’লো,”মই নাজানিছিলো৷সেয়ে মই মোৰ বহুমূলীয়া সময় ব্যয় কৰিলো৷কাৰণ আপোনাক আজি সৌভাগ্যক্ৰমে লগ পায় মোৰ জ্ঞান চকু মুকলি হ’ল৷“

যোৰহাটৰ টোকোলাই চাহ গৱেষণাগাৰলৈ এজন প্ৰখ্যাত প্ৰযুক্তিবিদ আহিছিল৷তেওঁৰ ভাষণৰ অন্তত ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্ন সোধাৰ পাল৷আমি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত খিচিৰি খাই ডাঙৰ হোৱা ল’ৰা৷ইংৰাজীত সুধিবলৈ যাওঁতেই লাগিল নহয় কেণাটো৷সভাগৃহত হাঁহিৰ ৰোল উঠিল৷মই সেইফালেই তাপ মাৰিলো৷সেই মহানপ্ৰযুক্তিবিদজনে আসনৰ পৰা ঠিয় হ’ল আৰু ক’লে,”এই প্ৰশ্নটো ছাত্ৰজনে মাতৃভাষাত সোধক,কোনো এজনে অনুবাদ কৰক,প্ৰশ্নৰ উত্তৰ দিয়া মোৰ কৰ্তব্য৷“হওঁতে প্ৰযুক্তিবিদজনৰ জেদ প্লাছ ছিকিউৰিটি আছিল কিন্তু সভাৰ অন্তত তেওঁ জেদ প্লাছ চিকিউৰিটি ত্যাগ কৰি ছাত্ৰ-ছাত্ৰীৰ কাষ পালেহি৷মোক কৰ্মদন কৰি ইংৰাজীতে ক’লে,”তুমি যিটো ভাষাত সহজ অনুভৱ কৰা তাতেই প্ৰশ্ন কৰিবা৷প্ৰশ্নৰ কৰাটো শিক্ষা অৰ্জনৰ প্ৰাথমিক চৰ্ত৷“ সেইদিনটোৱেই হয়তো মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ দিন আছিল কাৰণ সেইদিনা উচ্চশিক্ষিত অসমীয়াই মোৰ ভগা-ভগা ইংৰাজী শুনি গিৰ্জনি মাৰি হঁহাৰ পিছতো প্ৰথমেই নিজৰ হাতখন আগবঢ়াই মোৰ সৈতে কৰ্মদন কৰা সেই মহান প্ৰযুক্তিবিদজন আছিল ভাৰতৰ মিছাইল মানৱখ্যাত ভাৰতৰত্ন ড° এ পি জে আব্দুল কালাম৷যিদিনা মই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ তৰ্কত ইংৰাজীত ভাষণ দি শ্ৰেষ্ঠ বাকপটু অংশগ্ৰহণকাৰীৰ সন্মান পাইছিলো তেতিয়া সেই মহান প্ৰযুক্তিবিদজনে এই দেশ এৰি ঈশ্বৰৰ সম্ৰাজ্যলৈ উভটি গৈছিল আৰু তেওঁৰ সেই অনুপ্ৰেৰণামূলক বাণীক সুঁৱৰি মই দিল্লীস্থিত অসম ভৱনৰ মোৰ কোঠাত চকুলো টুকিছিলো৷জানুৱাৰী মাহৰ ৰাষ্ট্ৰপতি ভৱনৰ ভ্ৰমণ কালত যেতিয়া মই সংগ্ৰাহালয়ত কালাম চাহাবে বজোৱা বীণাখন দেখিছিলো মোৰ চকুহাল পুনৰ সেমেকি উঠিছিল আৰু গুৰুদক্ষিণাৰ ৰূপত সেই বীণাখনকে প্ৰণাম কৰিছিলো আৰু কালিৰ পৰা যেতিয়াই সামাজিক মাধ্যমত বিদ্যালয়ত হিন্দী ভাষাৰ বলবৎকৰণক লৈ অসমীয়াৰ নিৰ্ল্লজ সমৰ্থন দেখিছো প্ৰতিবাৰেই মোৰ চকুহাল সেমেকি উঠিছে আৰু এতিয়াও চকুৰে লোটক বৈছে৷হয়তো দাক্ষিণাত্যৰ উপায়ুক্ত গৰাকী আৰু কালাম চাহাবেও অসমীয়াৰ এই দুৰ্দিন দেখিলে চকুলো টুকিব৷অগ্নিকবিঅম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসমীয়াৰ এনে নিৰ্লজ্জতা দেখা হ’লে হয়তো এই ধৰাতে নৰক যন্ত্ৰণা ভুগিলেহেঁতেন৷মই হিন্দী,ইংৰাজী বা আন কোনো ভাষাৰ বিৰোধী নহয়৷কিন্তু হিন্দী কি অসমৰ বিদ্যালয়ত অসমীয়া বাধ্যতামূলক কৰিলেও মই প্ৰতিবাদ কৰিম৷অসমীয়া অসমৰ সংযোগী ভাষা কিন্তু সকলোৰে মাতৃভাষা নহয় আৰু আমাৰ এনে মইবৰ ভাষিক গোড়ামিৰ বাবেই সাতভনী গুচি সাত সতিনী হ’ল৷লেনিনে কৈছিল,”যেতিয়ালৈকে ছোভিয়েটত যিকোনো ভাষিকগোষ্ঠীৰ অন্তিমজন ব্যক্তিও জীয়াই থাকিব তেওঁ মাতৃভাষাতেই শিক্ষাৰ অধিকাৰ লাভ কৰিব৷“ কোনো বিষয় বিশেষকৈ ভাষাৰ জ্ঞান বলপূৰ্বকভাৱে জাপি দি কাকো শিক্ষিত কৰিব নোৱাৰি৷যি জাতিয়ে নিজৰ ভাষা,সংস্কৃতি,ইতিহাসক মূল্য দিব নাজানে সেই জাতি এদিন নিজেই গোলামৰ ইতিহাসত পৰিণত হ’ব৷এদিন হয়তো শেষ পাঠৰ কপৌহালে অসমীয়া বিদ্যালয়ৰ মুধছত হিন্দী ভাষাত ৰুণ দিব নতুবা ইংৰাজীত৷সপোন মানুহে মাতৃভাষাতেই দেখে অৱশ্যে তিনি-চাৰি দশক অন্তত হয়তো অসমীয়াই ইংৰাজীটো দেখিব পাৰে৷আধুনিক বিজ্ঞানে সপ্তম মানলৈকে মাতৃভাষাৰ শিক্ষাক পোষকতা কৰে আৰু আৰ্ন্তজাতিক মাতৃভাষা দিৱসত আমি ইংৰাজীত শুভেচ্ছা জনাও৷আমি ইমানেই উলংগ জাতি বিহুৰ শুভেচ্ছাৰ পৰিবৰ্তে আমি হেপ্পী বিহু বোলো৷১৯৪৭ ৰ ১৫ আগষ্টত এই দেশ স্বাধীন হ’ল আৰু স্বাধীন ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ইংৰাজীতে স্বাধীনতাৰ শুভেচ্ছা জনালে৷স্বাধীনতাৰ হীৰক জয়ন্তী হ’ব কিন্তু কি অসমীয়া কি ভাৰতীয়(দাক্ষিণাত্যয়ো ইংৰাজীহে কয়৷) আমি ভাষিক গোলামীৰ পৰা মুক্ত ন’হলো৷কিন্তু চীন হ’ল সেয়ে চীনৰ সন্মুখত আজিও বিশ্বগুৰু নতশিৰ হৈ থাকে৷

Leave a comment