সম্ভৱত শ্ৰীকৃষ্ণই ভাৰতীয় দৰ্শনৰ সবাৰ্ধিক জটিল চৰিত্ৰ৷সেয়ে তাহানিৰ পৰা আজিলৈকে শ্ৰীকৃষ্ণৰ দৰ্শন আৰু আদৰ্শকলৈয়েই সৰ্বাধিক অপবাখ্যা৷কি কি বিশেষণেৰে যে উপমা দিয়া হ’ল শ্যামবৰণীয়া কানাইক কলীয়া কানাই সাজি আমি লোকগীত ৰছিলো৷শ্যাম মানে নীলা৷সুনীল আকাশৰ দৰে উচ্চ আৰু অটল সমুদ্ৰৰ দৰে গভীৰ আছিল তেওঁৰ ব্যক্তিত্ব তৎস্বত্বেও তেওঁৰ ভৰিকেইটা কিন্তু মাটিটেই আছিল৷ব্যক্তিত্বৰ গভীৰতাক নুবুজি কোনোবাই ক’লে কলীয়া কানাই আৰু কোনোৱে ক’লে শ্যাম৷নীলা ৰঙৰ মানুহ কোনখন পৃথিৱীত থাকে?পীতাম্বৰ! এজন ব্যক্তিয়ে মুৰৰ পৰা ভৰিলৈকে কি সমগ্ৰ শৰীৰ হালধীয়া বস্ত্ৰৰে আবৰিব৷ধৰ্মৰ শত্ৰুৰ বাবে কৃষ্ণ আছিল ৰক্তবৰ্ণৰ দৰেই বিপদজনক আৰু ধৰ্ম মাৰ্গত চলাজনৰ বাবে তেওঁ আছিল ভাগ্যোদয়ৰ সেউজ সংকেত৷হালধীয়া ৰং ৰঙা আৰু সেউজীয়াৰ সংমিশ্ৰণ৷কৃষ্ণই প্ৰিয়তমা ৰাধাৰ সৈতে ভৌতিক বিচ্ছেদৰ পিছতো দেৱদাস নহল বৰঞ্চ দ্বাৰকাধীশ হ’ল৷কংসৰ কাৰাগাৰৰ পৰা দ্বাৰকাধীশৰ সিংহাসন৷সংকটেৰে আচ্ছন্ন শৈশৱ,যৌৱনৰ বসন্তত প্ৰিয়তমাৰে বিচ্ছেদ তাৰ পিছতো কিন্তু প্ৰেমৰ ওপৰত বিশ্বাস নেহেৰুৱাই আৰম্ভ কৰিলে প্ৰেমময় যাত্ৰাৰ৷জগতক শিকালে প্ৰেম মানে প্ৰাপ্তি নহয়,বিচ্ছেদ মানেই সমাপ্তি নহয়৷কিন্তু সেইজগতেই কৃষ্ণক লম্পট সজালে৷ৰাসলীলা- লীলা য’ত না বিজয়ৰ মোহ থাকে না পৰাজয়ৰ গ্লানি,কেৱল বৰ্তমানত জীয়াই থকাৰ পৰমানন্দ৷কিন্তু সেই ৰাসলীলাকে একাংশ অল্পমতিয়ে পৰকীয়া প্ৰেমৰ আখ্যা দিলে৷প্ৰেম সদায়েই বিশুদ্ধ পৰকীয়া প্ৰেম বুলি একোৱেই নাই প্ৰেমত অধিকাৰ নাথাকে না ঈৰ্ষা সেয়ে প্ৰতিগৰাকী গোপীক সমান প্ৰেমেৰে উপচাই দিয়া হ’ল৷নৰকাসুৰৰ দ্বাৰা অপহৃত ১৬,০০০(এই অবাস্তৱ সংখ্যাটোৰ বা কোনে স্ৰজিলে) কন্যাৰ পণিগ্ৰহণৰ সাহস কাৰোৰে নাছিল৷শ্ৰীৰামে সীতাক অগ্নিপৰীক্ষা লৈছিল আৰু অগ্নিপৰীক্ষাৰ অন্ততো প্ৰজাৰ সন্তুষ্টিৰ বাবেই পত্নীক ত্যাগ কৰি পৰম্পৰাগত ৰাজধৰ্মৰ পালন কৰিলে৷কিন্তু শ্ৰীকৃষ্ণই অগ্নিপৰীক্ষা নহয় অগ্নিক সাক্ষী কৰি সেইসকল তথাকথিত অপবিত্ৰ কন্যাক বিবাহ কৰি এক নতুন জীৱন দিয়াৰ লগতে শুচিবায়ুগ্ৰস্ত সমাজক চুঙাচাই সোপা দিলে৷যুৱকালতে কল্পনাপ্ৰসূত ইন্দ্ৰ নহয় বৰষুণ আৰু কৃষিৰ বাবে প্ৰকৃতিক পূজনৰ সংজ্ঞাৰে বিপ্লৱৰ সূচনা কৰিলে(গোবৰ্দ্ধন পৰ্ব) আৰু বৰ্ণবাদক বুঢ়া আঙুলি দেখুৱাই সত্যনাৰায়ণৰ পূজাৰ বেদীত বহিল৷সত্যনাৰায়ণৰ পূজনৰ অৰ্থ সত্যৰ দৰ্শন আৰু বৰ্ণবাদ সেয়া বেদৰ বিকৃতিকৰণ মাত্ৰ৷ৰাজনীতিৰ আধাৰ শক্তি নহয় কুটনীতি প্ৰসংগ কালযৱন আৰু জৰাসন্ধ৷ৰাজয়ূস যজ্ঞত শতভুলৰ অন্তত শিশুপাল বধৰ দ্বাৰা জগতক বুজালে আমি সিমান পৰ্য্যায়লৈহে সহনশীল হোৱা উচিত যেতিয়ালৈকে আত্মসন্মান আৰু ধৰ্মৰ গ্লানি নহয়৷জুৱাৰী যুধিষ্ঠিৰক শ্ৰীকৃষ্ণই সহায় নকৰিলে সেয়ে ঠেকা খাই শিকি জুৱাৰী অন্তত ধৰ্মৰাজ হ’ল৷দ্ৰোপদীৰ লজ্জা নিবাৰণ শ্ৰীকৃষ্ণৰ মায়া আছিল নাই সেয়া জনাৰ কোনো উপায় নাই কিন্তু জগতে এই পাঠ শিকিলে য’ত নাৰীৰ অপমান হ’য় তাতেই কুৰুক্ষেত্ৰ হ’য়,জুৱাত কাৰো বিজয় নহয়,মাত্ৰ বিনাশ হয়৷যি যুদ্ধ কেতিয়াও কৰাই ন’হয় সেয়াই সৰ্বশ্ৰেষ্ঠ যুদ্ধ৷সেয়ে শান্তিদুত হৈ শত অপমান সহিও অন্তত পাঁচখন গাওঁ খুজিলে আৰু দুৰ্য্যোধনৰ অহংকাৰৰ লেলিহান শিখাই অন্ততঃ ধ্বংস কৰিলে কুৰু সম্ৰাজ্যৰ৷গীতাৰ জ্ঞানে কয় পৰম্পৰা নহয় সময় তথা সমাজৰ অনুকুলে শ্যাম-দাম-দণ্ড-ভেদ নীতিৰে কৰা কৰ্মই ধৰ্ম য’ত লাভলোকচানৰ বেপাৰ নাথাকে৷কাৰোবাক মাত্ৰ সাৰথি হৈ পথ প্ৰদৰ্শনহে কৰিব পাৰি ধৰ্মৰ কৱচ ধাৰণ কৰাজনে নিজেই গাণ্ডীৱত শৰ সন্ধান কৰিব৷ভীস্মই পৰম্পৰাক ধৰ্ম বুলি ভাবি ব্যক্তিগত প্ৰতিজ্ঞাৰ মোহত দ্ৰোপদীৰ বস্ত্ৰহৰণৰ পৰ্বত মৌন হৈ ধৰ্মক প্ৰতাৰণা কৰিছিল সেয়ে ধৰ্ম আৰু প্ৰতিজ্ঞাই অন্তত পিতামহক প্ৰতাৰণা কৰিলে৷বৰ্ণবাদী দোণই গুৰুৰ দৰে পবিত্ৰ বৃত্তিক একলব্য বুঢ়া আঙুলিৰে নিগৰা ৰক্তৰে কলংকিত কৰিছিল বৰ্ণবাদৰ মিথ্যা অভিমানৰ বাবে আৰু তেওঁ সত্যৰ দৰ্শনৰ প্ৰতি তিলমানো আগ্ৰহী নাছিল সেয়ে অন্তিম মূহূৰ্তত সত্য তেওঁক লগ এৰা দিলে৷কুলবধুক বেশ্যা বোলা কৰ্ণৰ ৰথৰ চকাক তেওঁৰ পংকিল মানসিকতাই গ্ৰাস কৰিলে৷সংগদোষৰ মায়াত উলুৰ লগত বগৰী পুৰি কৰ্ণই অৱশেষত প্ৰাণ হেৰুৱালে৷কৰ্ণই অৰ্জুনৰ সৈতে প্ৰতিযোগিতাত নমাৰ বাবেহে বিদ্যাৰ্জন কৰিছিল সেয়ে বিদ্যাই তেওঁক অন্তিম মূহূৰ্তত প্ৰতাৰণা কৰিলে৷গান্ধাৰীৰ অভিশাপ কৃষ্ণই মুৰ পাতি ল’লে আৰু যেতিয়া তেওঁৰ নিজৰ বংশ ধৰ্মৰ পথৰ পৰা কক্ষ্যচ্যুত হ’ল তেতিয়াই যাদৱথলী ৰক্তাক্ত হ’ল৷যেতিয়া জ্যেষ্ঠ ভাতৃয়ে তেওঁক শ্যামন্তক মণিৰ চুৰিৰ বাবে অপবাদ জাপি দিলে তেওঁ তৰ্ক কৰাৰ পৰিবৰ্তে কৰ্মৰে চানেকি দিলে যে তেওঁ চোৰ নহয়৷শ্ৰীকৃষ্ণক যি বুজি উঠিল তেওঁলোকে কল্কিলৈ অপেক্ষা নকৰি নিজেই কল্কি হৈ সুদৰ্শনেৰে(শুভ দৰ্শন)ৰে জগত জিনিলে৷যুগে-যুগে কৃষ্ণৰ সৃষ্টি হ’য় ব্যক্তিৰ হৃদয়ত আৰু তেওঁৰ কৰ্মৰ মাজেৰেই পুনঃ প্ৰতিফলিত হয় শ্ৰীকৃষ্ণৰ দৰ্শন আৰু আদৰ্শৰ(সম্ভাৱনি য়ুগে যুগে)