চৰকাৰী চাকৰি৷দৰমহা-পাতিও ভাল৷কিন্তু পোষ্টিং এখন সৰু পাহাৰীয়া জিলাত৷অৱশেষত ঘৰ এৰি যোৱাটোৱেই নিশ্চিত কৰিলো৷প্ৰশাসনিক বিষয়াৰ ৰাজপত্ৰিত চাকৰি৷চৰকাৰী চাকৰিৰ এইহেন মহঙা দিনত ঘৰৰ ভাতৰ মোহত এনে এটা সুৱৰ্ণ সুযোগ পায়ো হেৰুৱা মূৰ্খামিয়েই হ’ব৷লক্ষ্য আছিল অধ্যাপক হোৱাৰ৷সম্ভৱত এয়াই মধ্যবিত্ত হোৱাৰ যন্ত্ৰণা৷অৰ্থনৈতিক ভেটি মজবুত কৰাৰ স্বাৰ্থত জীৱনৰ প্ৰতিটো ক্ষণতে আমি আপোচ কৰিবলগীয়া হ’য়৷কেতিয়াবা শিক্ষাৰ সৈতে,কেতিয়াবা সমন্ধৰ সৈতে আৰু আন কেতিয়াবা সপোনৰ সৈতে৷

চৰকাৰী আবাসৰ ৰেহ-ৰূপ দেখিয়েই মূহূৰ্ততে মোৰ নাক কোচ খালে৷চৌপাশে সেয়া হাবি নে বননি ধৰিবই নোৱাৰি৷আগদিনা বৰষুণ দিছিল সেয়ে হয়তো ঘৰৰ বাৰাণ্ডাত সৰু গাঠিলৈকে পানী৷এলান্ধু,মকৰাজাল আৰু ম’হৰ উপদ্ৰৱ৷দেহা থাকিলেহে বেহা৷ব্যক্তিগত পৰিস্কাৰ-পৰিচ্ছনতাই প্ৰাথমিক স্বাধ্যবিধি৷তাকো কিবাকৈ যদি পাহাৰীয়া মেলেৰীয়া মহে তেজ শোহে!সেয়ে অন্তত ভাড়া ঘৰ বিছৰাটোৱেই ঠিক কৰিলো৷কনিষ্ঠ সহায়ক শইকীয়াই ক’লে,”ছাৰ, অফিচৰ গলিটো পাৰ হৈয়েই এটা ভাড়াঘৰ একেবাৰে খোজ কঢ়া দুৰত্বত৷অৱশ্যে খালী হয় নে নহয় নাজানো৷কিন্তু এবাৰ খবৰ কৰি চাব পাৰে৷মোৰ আজি আবেলি চাৰি বজাত বাছ আছে৷ন’হলে ময়ো ওলালোহেঁতেন৷এসপ্তাহৰ বাবে ছুটী লৈছো৷ঘৰত ভনীজনীৰ বিয়া৷আপুনি পাৰিলে এবাৰ খবৰ কৰি চাব৷”

এটা অসম আৰ্হিৰ সযত্ন পালিত ঘৰ৷সন্মুখত নানাৰঙী ফুলৰ সমাহাৰেৰে এখন মনোমহা ফুলনি৷গেটখন খুলি আগবাঢ়িলো৷কলিংবেল টিপিছো মাত্ৰ৷এগৰাকী ষোড়শী পাহাৰীয়া গাভৰুৱে দুৱাৰখন খুলি দিলে৷ককালৈকে বৈ পৰা মেঘালী চুলিটাৰি,এহাল মৰমলগা কণমাণি চকু,খামুচিয়া ককাল আৰু গোলাপী গাল৷যেন মানৱী নহয় কোনো স্বৰ্গৰ অপ্সৰা৷ “কাক বিছাৰিছে?“ গাভৰুৰ কোমল কন্ঠৰ প্ৰশ্নবাণত মোৰ তন্দ্ৰা ভংগ হ’ল৷ “মানে,ভাড়াঘৰ…..” “হয়!ভাড়াঘৰ মানে আমাৰ ঘৰটোৰ দুটা ভাগ৷এটাত মই আৰু দেউতা থাকো৷সিটো অংশ খালী হৈ আছে৷এটা চৰাঘৰ,শোৱনি কোঠা,সুকীয়া ৰান্ধনীঘৰ আৰু শোৱনি কোঠাৰ সৈতে সংলগ্ন স্নানাগাৰ৷আপুনি ইচ্ছা কৰিলে চাই ল’ব পাৰে৷“ মই মন্ত্ৰমুগ্ধৰ দৰে গাভৰুৰ পিছে-পিছে খোজ দিলো৷ইতিমধ্যেই বেলি লহিয়াইছিল৷তিনিটা আহল-বহল আৰু পৰিস্কাৰ কোঠা আৰু লগতে সংলগ্ন এটি কণমাণি স্নানাগাৰ৷লাগতিয়াল আচবাব পত্ৰখিনিও আছে৷শোৱনি কোঠাৰ খিৰিকীখন মেলিলেই সন্মুখত সেউজীয়া পাহাৰৰ নৈসৰ্গিক সৌৰ্ন্দৰ্য্য৷ “পছন্দ হৈছে নে?“ গাভৰুৱে মিছিকিয়াই সুধিলে৷ দুষ্ট মনটোৱে বাৰেবাৰে চিঞৰিছিল,”ভাড়াঘৰটো ভাড়াঘৰেই তোমাক হে বেছি পছন্দ হৈছে৷“ আবেগক সংযম কৰি গহীনাই সুধিলো,” ঘৰ ভাড়া?“ “মাহে তিনিহাজাৰ৷“ মনে-মনে গণণা কৰিলো ক’ত সেই পাঁচহাজাৰটকীয়া পাণ্ডৱবিবৰ্জিত চৰকাৰী আৱাস আৰু ক’ত সুন্দৰীৰ গাভৰুৰ সান্নিধ্যত মাত্ৰ তিনিহাজাৰ টকাত এনে সুন্দৰ নিবাস৷ “কেতিয়া মানে আহিব পাৰিম?“ “আপোনাৰ বাবে মোৰ দুৱাৰ সদায়েই খোলা থাকিব৷“ গাভৰুৱে মিছিকিয়াই ক’লে৷

নিশা আঠবজাত গৃহপ্ৰৱেশ৷সকলোখিনি চিজিল কৰোতে নিশা চাৰে দহ বাজিল৷ঘৰলৈ ফোন কৰি এটা ছিগাৰেট জ্বলাইছো মাত্ৰ৷“উস!আপুনি মানে ছিগাৰেট খায়৷মই যে গোন্ধটোৱেই সহ্য কৰিব নোৱাৰো৷একেবাৰে উশাহ-নিশাহ বন্ধ হৈ যায়৷“ মোৰ কোঠালৈ গাভৰুৰ আকস্মিক আগমন আৰু তীক্ষ্ণ বাক্যবাণত কিংকৰ্তব্যবিমূঢ় হৈ ছিগাৰেটটো গছকি নুমাই দি ক’লো,”ক্ষমা কৰিব৷মই মানে…….” ” নাই,নাই আপোনাৰ কোনো দোষ নাই৷আছলতে মইহে এনেকৈ হঠাৎ সোমাই আহিব নালাগিছিল৷আজিৰ নিশাৰ সাজ মোৰ সৈতেই খাব পাৰিব৷দেউতা ঘৰত নাই৷অকলে ৰান্ধি মোৰো ভাল নালাগে৷মই পিছে এনেকৈ হঠাৎ সোমাই অহাৰ বাবে আপোনাক ক্ষমা নোখোজো৷আপোন মানুহক ক্ষমা খুজিব নাপায়!” গাভৰুৱে এক সলাজ হাঁহি মাৰি ক’লে৷ তাইৰ অন্তিম বাক্যশাৰীয়ে মোৰ কৰ্ণকুহকত খুন্দা মাৰি হৃদয়সমুদ্ৰত আবেগৰ জোৱাৰৰ সৃষ্টি কৰিলে৷মই মিছিকিয়াই ক’লো,”তেনেহ’লে এতিয়াৰ পৰা ছিগাৰেট হুপি থাকোতে আপুনি এনেকৈ হঠাৎ সোমাই আহিলে ময়ো ক্ষমা নোখোজো৷“ তাই পুনৰ এক সলাজ হাঁহি মাৰি ক’লে,”কিন্তু মই যে উশাহ নোপোৱা হও৷“

পাহাৰীয়া বনশাকেৰে বনোৱা কুকুৰাৰ জোল আৰু ধোৱা ওলোৱা জহা চাউলৰ ভাত৷তাই মাত্ৰ এবাটি চুৰুহা খাইছে৷সম্ভৱত বিলাহীৰ চুৰুহা৷ “কিয় আপুনিচোন কেৱল মোলৈকে ৰান্ধিলে৷আপোনাৰ ভাত?“ “মোৰ উপবাস আছে৷শাওণ মাহত মই নিশা উপবাস ৰাখো৷“ মনতে ভাবিলো,” হে গৌৰী তুমি উপবাসৰ অন্ত পেলোৱা৷তোমাৰ তপস্যাৰ বলত আজি শংকৰ তোমাৰ সন্মুখত৷“ “আপোনাক তুমি বুলি মাতিলে বাৰু বেয়া পাব নেকি?“ তাইৰ মৰমসনা মাতষাৰিয়ে মোৰ ভাৱনাৰ ইতি পেলালে৷ “নিশ্চয়৷ময়ো তোমাক তুমি বুলিয়েই মাতিম৷কিন্তু তোমাৰ নামটো৷“ “অমানিশা আৰু তোমাৰ?“ “সমীৰণ“ “অ’ এটা কথা মই দোকমোকালিতেই ওলাই যাওঁ৷গধূলিহে ঘৰ সোমাও৷মানে মই পঢ়া মহাবিদ্যালখন মূল চহৰতহে আছে৷দেউতা আহিলে বাৰু সমস্যা নাই!তেতিয়ালৈকে ছাবিপাট মই চৰাঘৰৰ মেজখনতে থৈ যাম৷তুমি তলা মাৰি কাৰ্পেটখনৰ তলত থৈ গ’লেই হ’ব৷“মই মাথো মুৰ দুপিয়াই সহাৰি জনালো৷

খিৰিকীৰ বাহিৰত জোনাকৰ বৰষুণ আৰু জোনাকী পৰুৱাৰ মেলা৷বিছনাখনত দীঘল দি অমানিশাৰ মোহনীয় সৌৰ্ন্দৰ্য্যকে সুৱৰি কল্পনাৰ সাগৰত উটি-ভাহি ফুৰিছো৷খিৰিকীৰে এগালমান জোনাকী পৰুৱা মোৰ কোঠালৈ সোমাই আহিল৷এছাটি শীতল বতাহে শৰীৰটোক কোবাই গ’ল৷হঠাৎ এনে লাগিল যেন সেয়া জোনাকীৰ মেলা নহয় মোৰ অমানিশা৷অমানিশাই মোৰ চুলিত হাত ফুৰাই কপালত এটা চুমা আকি দিলে৷তাইৰ তেজৰঙা ওঠযুৰি পিছলি মোৰ ডিঙি পাইছে মাত্ৰ৷এক অস্ফুট গেঙনি মাৰি সাৰ পাই উঠিলো৷না জোনাকীৰ মেলা না মোৰ অমানিশা৷হেই মানে ইমানপৰ সপোনহে দেখি আছিলো আৰু মানে ইমানপৰে অমানিশা নহয় ৰক্তপিপাসু মহেহে মোক চুমা যাছিছিল৷ডিঙিটো তেতিয়াও চেকচেকাই আছিল৷হাতত এসোতা গৰম তেজ৷মোৰ প্ৰচণ্ড চৰত হয়তো তেজ শুহি গেৰেলা দিয়া ম’হ চেপেটা লাগিল৷খিৰিকীখন জপাই দিলো৷সম্ভৱত হুকটো বেয়া৷কাইলৈ অমানিশাক ক’ব লাগিব৷

“ছাৰ নিশা বাৰু খিৰিকী খুলি শুইছিল নেকি?ডিঙিত ম’হে খাই একেবাৰে দবলা পাতি থৈছে৷পাহাৰীয়া ঠাই৷মেলেৰিয়াৰ প্ৰকোপো বেছি৷অলপ সাৱধানে চলিব৷“ নৈশ চকীদাৰ থাপাই কাৰ্য্যলয়ৰ পৰা উভতি আহোতে ক’লে৷“হুমম থিকেই কৈছে৷“ মনতে ভাবিলো আজি অমানিশাক হুকটোৰ মেৰামতিৰ কথা ক’ব লাগিব৷“

অমানিশাই মোৰ বাবে নিশাৰ সাজ ৰান্ধিয়েই থৈছিল৷কথাৰ মাজতে হুকটোৰ কথা পাহৰিয়েই পেলালো৷পৰিণতি পুনৰ মহে খাই দবলা কৰা মোৰ গলধন৷এনেকৈয়ে প্ৰায় এপষেকমান পাৰ হ’ল৷দিনটো কেৱল কাৰ্য্যলয়ৰ চকীখনহে শুৱনি কৰো৷মন সমুদ্ৰত মাথো প্ৰতি মূূহূৰ্ততে অমানিশাৰ ধুমুহা৷কেতিয়া সন্ধিয়া নামিব আৰু কেতিয়া মই মোৰ অমানিশাক লগ পাম৷তাইৰ মৰম আকলুৱা কন্ঠত যেন কিবা এক যাদু আছে৷হুকটোৰ কথা সদায়েই পাহৰি যাওঁ৷কিয় জানো দুদিনমানৰ পৰা শৰীৰটো বৰ দুৰ্বল কৰিছে৷মুখখনো শেতা পৰি আহিছে৷হয়তো নতুন ঠাই,বতৰৰ সালসলনি আজি কাৰ্য্যলয়ৰ পৰা সোনকালেই উভটিলো৷পিছফালৰ পৰাই শইকীয়াই ৰিঙিয়ালে,”ছাৰ ভাড়াঘৰ বিছাৰি পালেনে৷মই আকৌ যিটোৰ কথা কৈছিলো সেইঘৰৰ মালিকজনেই বোলে যোৱামাহত এই ঘৰ এৰি গুৱাহাটীলৈ গুচি গ’ল৷“ “কিয়!জীয়েক থাকে নহয় মানে অমানিশা৷মইটো যোৱা এপষেক ধৰি তাতেই আছো৷“ হঠাৎ শইকীয়াৰ মুখখন কাগজৰ দৰে বিবৰ্ণ হৈ গ’ল কথমপি সেপ ধুকি সূধিলে,” অমানিশাক আপুনি ক’ত লগ পালে৷“ “ক’ত হ’ব আৰু অমানিশাহঁতৰ ঘৰত,বৰ ধুনীয়া ঘৰ হে কিন্তু মহৰ……..” “ছাৰ আপুনি এইবোৰ কি কৈছে৷অমানিশাই আত্মহত্যা কৰা ছমাহেই হ’ল৷বৰমৰম লগা আৰু সাদৰী ছোৱালী আছিল অমানিশা৷মোৰ ভনীৰ বয়সৰ হ’ব৷মূলচহৰৰ কলেজত পঢ়িছিল৷ঘৰলৈ উভটোতে প্ৰায়েই পলম হ’য়৷কেইটামান নৰপিশাচে সেই ফুলকুমলীয়া ছোৱালীজনীক বাটতে আগুচি ধৰি দলবদ্ধভাৱে ধৰ্ষণ কৰিলে৷জীৱনলৈ হঠাৎ অহা ধুমুহাজাকৰ আঘাত চাগৈ তাই সহিব নোৱাৰিলে৷শোৱনিকোঠাতে হাতৰ মনিবন্ধনৰ সিৰা কাটি আত্মহত্যা কৰিলে৷হয়তো তাইৰ আত্মা!সেয়ে হয়তো দেউতাকে ঘৰ-বাৰী এৰি গুৱাহাটী পালেগৈ!আপুনি আৰু তালৈ দুনাই নাযাব ছাৰ৷লাগিলে নতুন ভাড়াঘৰ নোপোৱালৈকে মোৰ কোৱাৰ্টাৰতে থাকিব পাৰিব৷“ মই ঘড়ীটোলৈ চাই ক’লো,”মোৰ পাঁচবজাত বাছ আছে শইকীয়া৷এসপ্তাহমানৰ ছুটী লৈছো৷আপুনি ভাড়াঘৰ বিচাৰি ৰাখিব৷মোৰ পলম হৈছে আহো৷“ শইকীয়াৰ উত্তৰলৈ অপেক্ষা নকৰি মই খৰখেদাকৈ ওলালো৷বিলাহীৰ চুৰুহা,শাওন মাহৰ ব্ৰত,ছিগাৰেটৰ অঙঠা,জোনাকীৰ মেলা,সপোনত অমানিশাৰ চুম্বন,মহে খাই দবলা কৰা ডিঙি,মোৰ দুৰ্বল শৰীৰ,শেতাপৰা মুখ আৰশ অমানিশাৰ আত্মহত্যা৷মাথো সমীকৰণবোৰ যোগ কৰি গ’লো৷

“অমানিশা আজি তোমালৈ তুমি ভাল পোৱা কিবা এটা ৰান্ধিছো৷সদায়চোন তুমিয়েই ৰান্ধা৷আজি মোৰ হাতৰো জুতি লৈ ছোৱা৷“অমানিশাই বাতিটো হাতত লৈ চিৎকাৰ কৰি উঠিল,”ছিহ!এইবোৰ কি?কেঁচা তেজ দেখোন৷“ “কিমান আৰু প্ৰেমৰ নাটক কৰিবা?কিমান মহ হৈ শুহিবা মোৰ ডিঙিৰ ৰক্ত৷আজি মোৰ হাতৰ মনিবন্ধনৰে নিগৰা তেজো চাকি চোৱা৷“ চুৰিৰে বিদীৰ্ণ মোৰ মণিবন্ধনেৰে বৈ অহা তেজ দেখি তাই উচুপি উঠিল,” হয় মই আত্মহত্যা কৰিছিলো৷হাতৰ, মণিবন্ধনেৰে সমগ্ৰ নিশাজুৰি বৈছিল মোৰ শৰীৰৰ তপত ৰক্ত৷ৰক্তহীন মোৰ মৃতদেহ কাগজৰ দৰে শেতা পৰি গৈছিল৷সেয়ে মোক প্ৰতিনিশা তেজ লাগে৷মহ হৈ তোমাৰ ডিঙিৰ তেজ শুহো৷কিন্তু মই তোমাক ভাল পাওঁ৷তোমাৰ স্বপ্নৰ প্ৰতিটো প্ৰেমময়ী চুম্বনেই সঁচা আছিল৷মোকটো সামান্য তেজ লাগে!কিন্তু তুমি৷নাই মই তোমাক মৰিবলৈ দিব নোৱাৰো৷তোমাক মই ভাল পাও আৰু সেয়া কোনো প্ৰেমৰ নাটক নাছিল৷সঁছাকৈয়ে ভাল পাওঁ তোমাক৷মোৰ ভুল হৈ গ’ল৷আচলতে মই তোমাক সকলো খুলি ক’ব লাগিছিল৷মোক তুমি ক্ষমা কৰি দিয়া৷“ অশ্ৰুসিক্ত নয়নেৰে বেছেৰী অমানিশাই দোপাৰ্ট্ৰাখন ফালি মোৰ হাতত বান্ধি দিয়াৰ অপ্ৰাণ চেষ্টা চলালে৷কিন্তু ইতিমধ্যেই হয়তো বহু পলম হৈ গৈছিল৷ মই মাথো দুৰ্বল কন্ঠেৰে ক’লো,”আকৰীজনী আপোনজনক ক্ষমা খুজিব নাপায়৷ময়ো তোমাক ভাল পাও অমানিশা,প্ৰেম মানেটো কেৱল প্ৰাপ্তি নহয় ত্যাগ আৰু সমৰ্পণ প্ৰেমৰ প্ৰথম চৰ্ত আৰু আমাৰ মিলনৰ বাবে এই বলিদান……..” মোৰ শেতাপৰা শৰীৰটো তাইৰ কোলাত ধলি পৰিল৷তাইৰ তপত অশ্ৰুৱে মোৰ দুগাল তিয়াই মোৰ অশ্ৰুধাৰাৰে মিলিত হ’ল আৰু সেইনিশাই এহাল জোনাকী পৰুৱাই সেই সেউজীয়া পাহাৰখনি ত্যাগ কৰি তৰাৰ দেশলৈ উৰা মাৰিল৷

Leave a comment