আজি মই যি ঘটনাক্ৰমৰ সমন্ধে উল্লেখ কৰিবলৈ আগবাঢ়িছো সেয়া বিংশ শতিকা মানে পূৰ্বৰ শতাব্দীৰেই কথা৷সম্ভৱত ১৯২০ মানৰ কথা৷তাহানিৰ পৰাধীন ভাৰতত মেট্ৰিক পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাটোও আজিৰ যুগত ডিষ্টিংচন লৈ উত্তীৰ্ণ হোৱাৰ সমপৰ্য্যায়ৰ কথা৷সেইসময়ত বাগানৰ বৰবাবুৰ পদবী ৰাজপত্ৰিত চৰকাৰী বিষয়াতকৈ কোনো গুণেই কম নাছিল৷ভুক্তভোগীৰ ভাষাৰে ক’বলৈ গ’লে তেওঁৰ ককাদেউতাকে মেট্ৰিকত সুখ্যাতিৰে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ যোৰহাটৰে এখন বাগানৰ বৰবাবু পদত নিযুক্তি লাভ কৰি পুৰণি গাৱৰ পৰা উঠি আহি পশ্চিম যোৰহাটৰ এক মফচলীয়া অঞ্চলত ঘৰ সাজিলে৷ঘৰৰ সদস্য বুলিবলৈ লগত ভুক্তভোগীৰ আইতাক আৰু তেওঁলোকৰ একমাত্ৰ পুত্ৰ অৰ্থাৎ ভুক্তভোগীৰ জ্যেষ্ঠতম বৰদেউতাক৷কিন্তু তেওঁৰ আইতাক যেতিয়াই দ্বিতীয়বাৰৰ বাবে সন্তানসম্ভৱা হ’ল তেওঁ প্ৰায়েই নিশাৰ সাজৰ অৱশিষ্ট অংশ চুৱাপাতনিত পেলাবলৈ যাওঁতে কাষৰে বাহনিডৰাত এজনী জুটুলী-পুটুলী চুলি আৰু ৰঙা চকুৰ বীভৎস চেহেৰাৰ নাৰীমূৰ্তিক দেখিবলৈ আৰম্ভ কৰিলে৷বৰবাবু আছিল ব্ৰিটিছৰ দিনৰে শিক্ষিত যুৱক,অন্ধবিশ্বাসৰ নামেই নুশুনে,সেয়ে পত্নীৰ কথাক গৰ্ভৱস্থাৰ বাবে সৃষ্ট মনৰ ভ্ৰম বুলিয়েই উৰাই দিলে৷কিন্তু দুখঃজনক ভাৱে দ্বিতীয় পুত্ৰক জন্ম দিয়েই তেওঁৰ পত্নীৰ মৃত্যু হ’ল৷উল্লেখ্য যে সেইসময়ত চিকিৎসালয় নহয় ঘৰতেই অভিজ্ঞ তিৰোতাৰ সহযোগত সন্তানৰ জন্ম আৰু প্ৰসূতিৰ প্ৰতিপালন হৈছিল৷বৰবাবুৱে পুনৰ বিবাহ কৰিলে৷দ্বিতীয়া পত্নী যেতিয়া সন্তানসম্ভৱা হ’ল নিশাৰভাগত বাহনীৰ কাষত পুনৰ সেই বীভৎস নাৰীমূৰ্তিৰ আৰ্বিভাৱ ঘটিল৷বীভৎস নাৰীমূৰ্তিৰ দৰ্শন প্ৰথমা পত্নীৰ ক্ষেত্ৰত মতিভ্ৰম আছিল বুলিয়েই তেওঁৰ ককাকে ভাবিছিল কিন্তু দ্বিতীয়া পত্নীৰ গৰ্ভাৱস্থাতো পুনৰ একে নাটকৰে পুনৰাবৃত্তি হোৱাত তেওঁৰ বিশ্বাস হ’ল যে সেয়া মতিভ্ৰম নহয় নিশ্চয় কোনো অশুভ শক্তিৰ ছায়াই হ’ব৷তেওঁ গাঁৱৰে জ্যেষ্ঠজনৰ সৈতে আলোচনা কৰি নামপ্ৰসংগ কৰিলে৷সপ্তাহচেৰেকৰ বাবে সেই বীভৎস নাৰীমূৰ্তিৰ আগমনৰ পৌনপুনিক নাটকখনৰ যৱনিকা পৰিল কিন্তু প্ৰায় আঠ-ন দিন অতিক্ৰম কৰাৰ অন্তত পুনৰ একেখন নাটকৰে পুনৰাবৃত্তি৷এগৰাকী কন্যা সন্তানৰ জন্মদিয়েই প্ৰসৱ বেদনাত বৰবাবুৰ দ্বিতীয় পত্নীৰো মৃত্যু হ’ল৷বৰবাবুৱে পুনৰ বিবাহ কৰিলে৷আজিৰ পৰা প্ৰায় এক শতাব্দীৰ পূৰ্বৰে কথা৷সেইসময়ত অসমীয়া সমাজত বহুবিৱাহ কোনো নতুন কথা নাছিল৷বৰবাবুৰ তৃতীয়া পত্নী বিবাহৰ প্ৰায় দুইবৰ্ষৰ অন্তত সন্তানসম্ভৱা হ’ল আৰু সেই দিনাৰ পৰাই নিশাৰ ভাগত বাহনিলৈ পুনৰ বীভৎস নাৰীমূৰ্তিৰ দৈনিক আগমণ৷এইবাৰ বৰবাবুৱে আৰু কোনো ভুল নকৰিলে৷চিধাই মায়াংৰ বেজৰ শৰণাপন্ন হ’ল৷ঘৰৰ চাৰিবেৰ বিশেষ বিধিৰে বন্ধা হ’ল৷বাৰী বন্ধোৱাৰ অন্ততো কিন্তু চুৱা পেলাবলৈ যাওঁতে বৰবাবুৰ তৃতীয়া পত্নীয়ে প্ৰতিনিশাই বীভৎস নাৰীমূৰ্তিৰ দৰ্শন পায় কিন্তু বাহনিত নহয় ঘৰৰ জেওৰাৰ বাহিৰত৷পত্নীৰ সৈতে বৰবাবুও যায়৷কিন্তু তেওঁ পত্নীয়ে আঙুলিয়াই দিয়া দিশত চালেও একো দেখা নাপায়৷বেজে ক’লে সন্তান প্ৰসৱ নকৰালৈকে যাতে তেওঁৰ গৰ্ভৱতী পত্নী ঘৰৰ চাৰিবেৰৰ বাজ নহয়৷কথামতেই কাম৷এইবাৰ তেওঁলোকৰ এক কন্যা সন্তানৰ জন্ম হ’ল আৰু মাতৃৰ স্বাস্থ্যৰ সামান্যতমো ক্ষতি ন’হল ক্ষতিটো দুৰৰে কথা বৰবাবুৰ তৃতীয়া পত্নীয়ে ইয়াৰ পিছতো পাঁচজন পুত্ৰসন্তান আৰু এগৰাকী কনিষ্ঠতম কন্যাসন্তানৰ জন্ম দিলে৷মোৰ ভুক্তভোগী বৰবাবু আৰু তেওঁৰ তৃতীয়া পত্নীৰ দ্বিতীয় সন্তান অৰ্থাৎ প্ৰথম পুত্ৰৰ জীয়ৰী৷ভুক্তভোগীৰ মাতৃয়েও আশীৰ দশকত ভুক্তভোগী মাতৃগৰ্ভত থাকোতেই পকী দেৱাল(জেওৰা গুচি পকী দেৱাল হৈছিল) ৰ বাহিৰত সেই বীভৎস নাৰীমূৰ্তিৰ দৰ্শন লাভ কৰিছিল৷সেই বাৰীৰ সীমাতে এক চৰকাৰী পানী যোগান আছনি আছে৷আজি প্ৰায় দহবছৰেই হ’ল৷বিশজনৰো অধিক নৈশ চকীদাৰৰ সলনি হ’ল অথচ এজনো টিকিব নোৱাৰিলে৷সকলোৰে একেই আবৃত্তি মাজে-সময়ে শেষনিশা কোৱাৰ্টাৰত শুই থাকোতে এক বীভৎস আৰু ক্ৰুৰ চেহেৰাৰ নাৰীমূৰ্তিৰ আগমন ঘটে৷তেওঁলোকক শোৱাপাটীতে লৰচৰ কৰিব নোৱাৰাকৈ হেঁচা মাৰি ধৰে৷চিয়ৰিব পাৰে অথচ শৰীৰ জঠৰ হৈ পৰে৷পিছদিনা হয় জ্বৰ উঠে অন্যথা শৰীৰ দুৰ্বল হৈ পৰে৷দুজনৰটো শোৱাপাটীতেই মৃত্যু হ’ল৷শৰীৰত লেশমাত্ৰও আঘাতৰ চিন নাই আৰু এজনতো পগলা হৈ পৰিল৷অৱশেষত স্থানীয় পঞ্চায়তে নৈশ চকীদাৰৰ পদৱীটোৰে বিলুপ্তিসাধন কৰিলে৷ভুক্তভোগী তেতিয়া তিনিমাহৰ গৰ্ভৱতী৷তেওঁৰ পিতৃৰ আকস্মিক মৃত্যুৰ বাবে ঘৰলৈ থকাকৈ আহিল আৰু সেই নিশাই পুনৰ চুৱাপাতনিত সেই বীভৎস নাৰীমূৰ্তিৰ আৰ্বিভাৱ ঘটিল এইবাৰ কিন্তু চাৰিবেৰৰ বাহিৰত নহয় পুনৰ চুৱাপাতনিত৷তেওঁ মোক সবিশেষ জনোৱাত পিছদিনাই মই তেওঁ আৰশ তেওঁৰ স্বামীক শাৰীৰিক বন্ধনী পৰিধান কৰি সন্তান ভূমিষ্ঠ নোহোৱা পৰ্য্যন্ত পুনৰ পিতৃগৃহত প্ৰৱেশ নকৰিবলৈ ক’লো আনহে নালাগে আপোন পিতৃৰ শ্ৰাদ্ধতো৷ বুকুত শিলবান্ধি হ’লেও তেওঁ সেয়াই কৰিলে৷ছয়মাহৰ অন্তত তেওঁৰ এগৰাকী কন্যাসন্তানৰ জন্ম হ’ল৷বৰ্তমান সেই কন্যাসন্তানৰ বয়স চাৰি বছৰ৷মাক-জী উভয়েই পূৰ্ণৰূপত সুস্থ৷
কাৰণ বিশ্লেষণ-বিধিৰ বিধানৰ বিপৰীতে যদি কোনো গৰ্ভৱতী মহিলাই আত্মহত্যা বা অপঘাত মৃত্যুৰ বলি হৈ মৃত্যুৰ মুখত পৰে তেওঁৰ আত্মাই মুক্তি নাপায় আৰু প্ৰেতযোনীত প্ৰৱেশ কৰি শাখিনী হ’য়৷শাখিনীৰ মৃত্যু হোৱা স্থানৰ চুৱাপাতনি,বাহনী,ফুটুকানী,উইহাফলু বা এৰাবাৰী সচাৰচৰ শাখিনীৰ নিৱাসস্থান আৰু ভুক্তভোগীৰ পিতৃগৃহ আৰু চৰকাৰী পানী যোগান আচনিৰ মাজত আজিয়ো এখন এৰা বাৰী আছে৷শাখিনীক সচাৰচৰ গৰ্ভৱতী মহিলা আৰু আবিয়ৈ যুৱকে দেখে কাৰণ গৰ্ভৱতী মহিলাৰ প্ৰতি শাখিনীৰ ঈৰ্ষা আৰু যুৱকৰ প্ৰতি যৌনাসক্তি৷হয়তো দুজন নৈশ চকীদাৰে শাখিনীৰ বীভৎস ৰূপ দেখি হাৰ্টফেইল কৰিলে আৰু এজন বলীয়া হ’ল৷বৰবাবু বিবাহিত আছিল বাবেই শাখিনীৰ দৰ্শন পোৱা নাছিল৷বৰবাবুৰ ঘৰ শাখিনীৰ ক্ষেত্ৰৰ ভিতৰত৷সেয়ে বাৰী নবন্ধা পৰ্য্যন্ত ঘৰতে সন্তান প্ৰসৱ কৰাৰ দুখতঃ পৰিণতি স্বৰূপে তেওঁৰ প্ৰথম আৰু দ্বিতীয়া পত্নীৰ মৃত্যু হ’ল৷নামপ্ৰসংগৰ প্ৰভাৱত সপ্তাহচেৰেকৰ বাবে শাখিনীৰ শক্তি কমিল যদিও বাৰী নবন্ধা পৰ্য্যন্ত পুনৰ উপদ্ৰৱৰ আৰম্ভ হ’ল৷কোনো বন্ধনীয়েই স্থায়ী নহয় আৰু ভুক্তভোগীৰ গৰ্ভকালত হয়তো পূৰ্বৰ বন্ধনীৰ ম্যাদ উকলিল ফলত পুনৰ শাখিনীয়ে চুৱাপাতনিত বাহ ল’লে৷সেয়ে শাখিনীৰ মৃত্যুছায়াৰ পৰা মাতৃ আৰু সন্তানক ৰক্ষা কৰাৰ স্বাৰ্থত পিতৃৰ আদ্যশ্ৰাদ্ধৰ পূৰ্বেই শৰীৰ বন্ধনীসহ মই জী-জোৱাইক পিতৃগৃহ এৰিবলৈ ক’লো৷বাৰীখন পুনৰ বান্ধি দিয়া হ’ল৷ভুক্তভোগীৰ ভাতৃ যাৰ বিবাহ হোৱা নাই সি আজিও মাজে-সময়ে বেৰাৰ বাহিৰত শাখিনীক দেখে৷কিন্তু বাৰী আৰু শৰীৰৰ বন্ধনীৰ বাবে শাখিনীৰ প্ৰভাৱৰ পৰা বাছি আছে৷শাখিনী “Human spirit” সেয়ে কাকো কায়িকভাৱে আঘাত কৰিব নোৱাৰে কিন্তু গৰ্ভৱতী মাতৃ,সন্তান,গৰ্ভস্থ সন্তান আৰু আবিয়ৈ যুৱক সকলোকে ভ্ৰমসৃষ্টিৰে ক্ষতিসাধনৰ লগতে হত্যা কৰিবলৈও সক্ষম৷
(মই এজন পেছাদাৰী পেৰানৰ্মেল এক্সপাৰ্ট৷পেৰাচাইক’লজিৰ সংজ্ঞা অনুসৰি “Paranormal are normal but quite different” যেতিয়ালৈকে আধুনিক বিজ্ঞানে জনা নাছিল আকাশত কিয় বিজুলী মাৰে আমাৰ পূৰ্বপুৰুষে তাক অতিপ্ৰাকৃতিক বুলি ভাবিছিল কিন্তু কাৰণ জনাৰ মূহূৰ্ততে সেয়া প্ৰাকৃতিক হৈ পৰিল৷পেৰাচাইক’লজিৰ মানে কেৱল অশৰীৰ নহয় হিপনটিজিম,পাষ্ট লাইফ ৰিগ্ৰেছেন এনালাইছিল,এষ্ট্ৰেল প্ৰজেকশ্যন আদিও হ’ব পাৰে৷পেৰানৰ্মেল ইনভেষ্টিগেটৰ হিছাপে মোৰ প্ৰায়েই ভুক্তভোগীৰ আবৃত্তি শুনাৰ সৌভাৰ্গ্য কিম্বা দুৰ্ভাগ্য হ’য়৷কিন্তু প্ৰফেশ্যনেল এথিক্সৰ বাবে আমি ভুক্তভোগী আৰু স্থানৰ সবিশেষ জনাব নোৱাৰো৷তলত উল্লেখিত প্ৰতিটো ঘটনাই সঁচা৷মানিলে ধান নামানিলে পতান৷অবিশ্বাস কৰাসকলে গল্প বুলি পঢ়িলেই হ’ল৷বিতৰ্ক মোৰ প্ৰিয় নহয়)