মই জানো মোৰ নয়নাজনী আজিও মোৰ কাষলৈ আহিব৷ মই ঢোল বজালে আৰু নয়নাই এপাক নানাচি পাৰে নে৷জমিদাৰ দৌতাই চাগৈ তাইক ৰঙাচকু দেখুৱাব,হয়তো দুআষাৰমান গুৱালগালিও পাৰিব কিন্তু জমিদাৰ দৌতাৰ ৰঙা চকুলৈ ভয় কৰা ভকত অন্তত মই বা মোৰ নয়না,আমি কোনোটোৱেই নহয়৷হ’ব পাৰো চহা খেতিয়কৰ সন্তান৷কিন্তু আত্মসন্মান মোৰো আছে আৰু প্ৰেম, প্ৰেমটো কৰা নাযায় হৈ যায়৷ঢুলীয়া হিছাপে এই সমগ্ৰ অঞ্চলতে মোৰ এক নাম আছে৷সেই সুবাদতে জমিদাৰ দৌতাই মোক নয়নাক বিহু শিকোৱাৰ দ্বায়িত্ব দিছিল৷তেজখোৱা বাপেকটোৰ সপোন নয়না এদিন সমগ্ৰ অসমৰে বিহুসম্ৰাজ্ঞী হ’ব৷আমাৰনো আৰু কি মাহে প্ৰতি কুৰিটকাৰ মাননি পাম সেয়াই যঠেষ্ট কিন্তু মোৰ ঢোলৰ ছেৱে নয়নাক পাগলী কৰিলে৷চহা খেতিয়কৰ সন্তান এই পুতুকণ ঢুলীয়াৰে নয়নাৰ প্ৰেম হ’ল৷তেজখোৱা বাপেকে গম পাই গৰজি উঠিল৷অমুকাৰ ঢোলবাদন,নয়নাৰ বিহুনাচৰ প্ৰশিক্ষণ আৰু আমাৰ সপোনৰ তাজমহল কপি উঠিল৷তেজখোৱা জমিদাৰৰ দম্ভ আৰু অহংকাৰৰ পৰিণতিত লহপহকৈ বাঢ়ি অহা আমাৰ সেই কণমাণি সংসাৰখনৰ ভেটীত একেৰাতিতে তিতা লাও গজিল৷সেইদিনা গৰুবিহুৰ গধূলি মই নদীৰ ঘাটত পগলাৰ দৰে ঢোল বজালো৷মোৰ ঢোলৰ শব্দই নয়নাক বাউলি কৰিলে৷তাই তেজখোৱা মহাজনৰ সোণৰ সজা ভাঙি মুক্ত বিহংগ হৈ মোৰ কাষলৈ উৰা মাৰিলে আৰু মোক আকোৱা্লি ল’লে৷ইতিমধ্যেই গাঁৱত বিচাৰ খোচাৰ আৰম্ভ হৈছিলেই আমি আৰু বেছি পলম নকৰিলো৷নয়নাৰ কপালত সেন্দুৰ পিন্ধাই দুয়োৱে পৰস্পৰক আলিংগন কৰি ব্ৰহ্মপুত্ৰৰ বিশাল বুকুত জাপ দিলো৷ব্ৰহ্মপুত্ৰই আমাক সামৰি ল’লে৷আজি প্ৰায় সাতোটা দশকেই পাৰ হ’ল৷হ’লেও এই দিনটো বৰ কালিকা লগা৷কিয় নাজানো গৰুবিহুৰ নিশা বেলি লহিয়ালেই মই মন্ত্ৰমুগ্ধৰ দৰে নদীৰ বুকুৰ পৰা উঠি আহো৷পগলাৰ দৰে ঢোল বজাও৷ঢোলৰ শব্দত মোৰ মৰমৰ গাওখনি ৰজনজনাই যায়৷কিন্তু আমাৰ মৃত্যুৰ সপ্তাহচেৰেকৰ অন্তত তাইৰ তেজখোৱা বাপেকটো তেজ বমি হৈ মৰাৰ পৰা কোনেও এই ঘাটৰ ফালে মুখেই নকৰা হ’ল৷আনৰ কথা নাজানো কিন্তু মোৰ ঢোলৰ ছেৱত ককালভাঙি নাচিবলৈ পাতৰ ৰিহা মেখেলা পিন্ধি নয়না যে আহিব সেয়া খাটাং সৌৱা মোৰ নাচনীজনী নদীৰ বুকুৰ পৰা উঠি আহিছে৷শিৰত সেন্দুৰ,কপালৰ মধ্যভাগত দগমগীয়া সেন্দুৰীয়া বেলি,কাণত জাংফাই,ডিঙিত জোনবিৰি,দুহাত শুৱনি কৰা গাম খাৰু,ককালত মূগাৰ মেখেলা,ভমকাফুলীয়া চাদৰ,পাটৰ ৰিহা আৰু খোপাত মই অন্তিমবাৰৰ বাবে যাচি দিয়া সেই কপৌফুল পাহি৷

নদীৰ ঘাটৰ পৰা ৰিণিকিৰিণিকৈ ভাহি আহিল,”ধিনদাও ধিনদাও খিতি খিতি খিতি খিতি খিতি খিতি তাও আমাৰে নাচনিক নচুৱাই নচুৱাই ভাগৰুৱাও৷“বুঢ়ালুইতৰ নিৰ্জন ঘাটৰ পৰা ৰিণিকিৰিণিকি ভাহি অহা ঢোলৰ ছেৱ শুনি সন্ধিয়াৰ প্ৰসংগভাগিৰ বাবে মাহপ্ৰসাদ তিয়াই থকাৰ পৰাই নামঘৰীয়া পূৰ্ণ দাইটিয়ে এক গভীৰ হুমুনিয়াহ কাঢ়ি স্বগতোক্তি কৰিলে,”অ’ মোৰ মতা গোসাই পুতুকণ ককাইদেউ আৰু নয়না ভনীয়ে আমাক এৰি যোৱাৰ আজি প্ৰায় সত্তৰ বছৰেই হ’ল৷সিহঁতহালৰ আত্মাক তুমি মুক্তি দিয়া প্ৰভু৷এই ভকতৰ কাকুতিক স্বীকাৰ কৰা প্ৰভু৷

তেজখোৱা জমিদাৰৰ এৰাপৰলীয়া ঘৰটোৰ পৰা এফাকি গুৱালগালি ভাহি আহিল৷ “চাল্লা কুলক্ষণী উপজিয়েই মাৰৰ মুৰটো খালি তাৰ পিছত নিজৰ আৰু শেষত এই জমিদাৰ বাপেৰৰ৷কি দিয়া নাছিলো তোক মই নয়না?সেই ভিকহুটোৰ ওচৰত তোক সুখত ৰাখিব পৰাকৈ আছিলেই বা কি?“ এৰাপৰলীয়া ঘৰৰ পৰা এক অশৰীৰ কন্ঠৰ ৰূপত সোপাইমানে গুৱালগালি প্ৰতিফলিত হ’ল৷অথচ তেজখোৱাটোৰ গোজৰণি কাৰো কাণত নপৰিল৷গুৱালগালিৰ অন্তত পুনৰ কোনোবাই ওকলিয়াৰ শব্দ৷কিন্তু সেইনিশা গঞা ৰাইজে ঘাটৰ পৰা ভাহি অহা ৰিণিৰিণি ঢোলৰ ছেও আৰু সুৰীয়া বিহুনামৰ বিনে আন একোকে একোকে শুনা নাপালে৷এৰাপৰলীয়া ঘৰৰ চোতালত তেজৰ ডোঙা বান্ধিল৷কেঁচা তেজ৷তেজখোৱা জমিদাৰৰ বুকুৰ তেজ৷কেঁচা তেজৰ স্ৰোত বৈ গৈ ব্ৰহ্মপুত্ৰৰ সোতত মিলিত হ’ল৷এধানিমান কেঁচাতেজেৰে মই নয়নাৰ শিৰত পুনৰ সেন্দুৰৰ অলংকাৰ পিন্ধালো৷সমগ্ৰ গাৱতেই প্ৰতিধ্বনিত হ’ল মোৰ ঢোলৰ শব্দ৷“ধিনদাও ধিনদাও খিতি খিতি খিতি খিতি খিতি তাও আমাৰে নাচনীক নচুৱাই-নচুৱাই ভাগৰুৱাও৷“

Leave a comment