
“আলফুলীয়া কপৌফুল৷অ’ দেহি ক’ত পালা চিত বিয়াকুল৷হাবি ভাঙি দেখিলো অ’ বিৰিখ বগাই ছিঙিলো কোন হাঁহি এই পাহি বনৰীয়া ফুল“ অসমৰ গৌৰৱ আৰু স্বাভিমান আমাৰ ৰাজ্যিক পুস্প কপৌফুল অসমীয়াৰ বাবে মাত্ৰ এপাহি সামান্য ফুলেই নহয় বৰঞ্চ আমাৰ আবেগ,ৰঙালীকেন্দ্ৰিক ৰম্যবাদৰ কেন্দ্ৰ আৰু অসমীয়া সংস্কৃতিৰ এক অভিন্ন অংগ৷কপৌ ফুল (Rhynchostylis restua) ইংৰাজী সাহিত্যত “Foxtail Orchid” নামেৰে প্ৰসিদ্ধ৷ অৰ্কিড মূখ্যত “Orchidaceae” পৰিয়াল (family) ৰ অৰ্ন্তগত এক সপুস্পক উদ্ভিদ৷ প্ৰকৃতিৰ ৰঙ-তুলিকা সৃষ্ট মনোমোহা ৰূপ আৰু মন মতলীয়া সৌৰভ ( মূখ্যত Cattylea গোত্ৰৰ অৰ্কিড) ৰ বাবেই একবিংশ শতিকাৰ যান্ত্ৰিক কংক্ৰিটৰ সভ্যতাও আজি অৰ্কিডৰ প্ৰেমিক৷
ভাৰতীয় উপমহাদেশৰ উত্তৰ পূৱ প্ৰান্তই (নেপাল অথবা উত্তৰপূৰ্বাঞ্চল) যৎসম্ভৱ কপৌফুলৰ উৎপত্তিৰ কেন্দ্ৰবিন্দু ( Centre of Origin) স্বৰূপ৷ভাৰতীয় উপমহাদেশৰ উপৰিও দক্ষিণ পূৱ এছিয়াৰ নেপাল,চীন,ফিলিপাইন,মালায়েচিয়া আৰু ইন্দোনেছিয়াত মূখ্যত এই বিলুপ্তপ্ৰায় প্ৰজাতিৰ কপৌফুলৰ প্ৰাকৃতিক নিবাস৷অসমীয়া সংস্কৃতিত মূখ্যত কপৌফুলক সৌৰ্ন্দৰ্য্য,প্ৰেম আৰু সমৃদ্ধিৰ প্ৰতীক ৰূপে গণ্য কৰা হয় কিন্তু অসমীয়া লোকাচাৰত কপৌফুলৰ ঔষধি প্ৰয়োগ অতি সীমিত কিন্তু নেপাল আৰু শ্ৰীলংকাত কপৌফুলৰ পাত আৰু শিপাৰ পৰা উৎপাদিত থলুৱা ঔষধক শৰীৰৰ বিষ,পক্ষঘাত,শুকনি আৰু ওকণি প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা হ’য়৷
“World Journal of Pharmacy and Pharmaceutical Science” ত প্ৰকাশিত এক গৱেষণাপত্ৰ (Bhatt et al.) অনুসৰি কপৌফুলৰ শুকান পাত আৰু শিপাত “এলকালয়ড“, “টাৰ্পিনইডছ“, “পলি ফিন’ল“, ”ফ্লেভানইডছ“, “কিউমেৰিন,” “কুইনাইন”, “টেনিন” আৰু “ কৰ্টিকইড “ দৰে মূল্যবান ঔষধি দ্ৰব্যৰ সন্ধান পোৱা গৈছে৷
কপৌফুলৰ পাত আৰু শিপাত পোৱা এলকালয়ড আৰু টেনিন উভয়েই বেক্টেৰিয়া সৃষ্ট ৰোগৰ ক্ষেত্ৰত প্ৰতিজৈৱিক (Antibiotics) ৰ এক শ্ৰেষ্ঠ বিকল্প৷ সচাৰচৰ কোষবেৰ (Cell Wall) আৰু কোষাবৰণ (Cell Membrane) ৰ বিশেষ বিন্যাস তথা ৰসায়নৰ বাবে নিমোনিয়া,কলেৰা,টাইফয়ড জ্বৰ,প্লেগ,ফেৰেনজাইটিছ আদিৰ কাৰক বেক্টেৰিয়াৰ ক্ষেত্ৰত প্ৰতিজৈৱিকৰ ব্যৱহাৰ বৰ এক ফলপ্ৰসূ নহয়৷ ইয়াৰোপৰিও সমান্তৰাল জিনীয় পৰিবহণ সৃষ্ট উৎপৰিবৰ্ত্তনে (Mutation caused by Horizontal Gene Transfer) জন্ম দিয়া চুপাৰবাগ (Antibiotics Resistant Bacterial Strain) ৰ বাবে প্ৰতিজৈৱিকৰ বিকল্প চিকিৎসা পদ্ধতি আজি এক সময়ৰ দাবীত পৰিণত হৈছে৷ বিশেষ শ্ৰেণীৰ টেনিনে এনে প্ৰতিৰোধী বেক্টেৰিয়াৰ কোষবেৰ আৰু কোষাবৰণ ভেদ কৰি বেক্টেৰিয়া কোষৰ সাধাৰণ জৈৱিক ক্ৰিয়াক ( Metabolism) ব্যাহত কৰে আৰু একাংশ এলকালয়ডে কোষৰ শক্তিৰ আধাৰ ATP ৰ সৃষ্টিত প্ৰতিবন্ধক ৰূপে ঠিয় দিয়ে৷উপৰোক্ত গৱেষণাত প্ৰকাশিত তথ্য অনুসৰি কপৌৰ শুস্ক পাত আৰু শিপাৰ পৰা উৎপন্ন ১০ মিলিগ্ৰাম ৰসত থকা এলকালয়ড আৰু টাৰ্পিনয়ডৰ প্ৰভাৱৰ দ্বাৰা এনে বেক্টেৰিয়াৰ বিনাশ সম্ভৱ আৰু সেয়ে এয়া নিশ্চিত ৰূপত প্ৰতিজৈবিকৰ এক উচিত বিকল্প৷সেই ১০ মিলিগ্ৰাম ৰসৰ টেনিনে বেক্টেৰিয়াৰ উপৰিও খৰ-খজুৱতি আদিৰ দৰে ৰোগৰ বাহক ভেকুৰ ( Fungus ) ৰ স্বাভাৱিক জৈৱিক ক্ৰিয়া আৰু অযৌন প্ৰজননৰ এক শক্তিশালী প্ৰতিবন্ধক৷ টেনিনে এ’জল (Azole) শ্ৰেণীৰ ভেকুৰনাশক ঔষধ প্ৰতিৰোধী ভেকুৰৰ সংক্ৰামণকো ৰোধ কৰিবলৈ পূৰ্ণৰূপত সক্ষম৷

Fig: General Structure of Alkaloids 
Fig: General Structure Tannins
এলকালয়ড,পলিফিনলছ,ফ্লেভানাইডছ,টাৰ্পিনইডছ আৰু কিউমেৰিনৰ শক্তিশালী প্ৰতিজাৰক (strong antioxidant),শৰীৰৰ স্বাভাৱিক জৈৱিক ক্ৰিয়া,খাদ্যভ্যাস আৰু জীৱনশৈলীয়ে জাৰক আৰু প্ৰতিজাৰক (Reactive Oxidant Species and Antioxidant ) ৰ অনুপাতত প্ৰভাৱ পেলায়৷ যদি কোষ আৰু কলাৰ ক্ষতিকাৰক জাৰক (যেনে ছিগাৰেটৰ টাৰ) নিস্ক্ৰিয় কৰিবলৈ শৰীৰত পৰ্য্যাপ্ত পৰিমাণে প্ৰতিজাৰক নাথাকে তাৰ পৰিণতিত শৰীৰৰ স্বাভাৱিক কোষ(normal cell),কলা (Normal Tissue) কোষবিভাজনৰ হাৰ ( Rate of Cell Division ) আৰু কোষৰ প্ৰণালীবদ্ধ মৃত্যুক্ৰিয়া (Apoptosis) ত বিৰূপ প্ৰভাৱ পৰে আৰু ইয়াৰ পৰিণতিত ব্যক্তি হৃদযন্ত্ৰ তথা ৰক্তবাহী নলীৰ বিসংগতি ( Cardiovascular Diseases ),ফাইব্ৰ’ছিছ আৰু চিৰহছিছৰ দৰে যকৃৎৰ সমস্যা,বৃক্কৰ ৰোগ,স্নায়ৱিক দুৰ্বলতা,বাতবিষ (Arthritis) , টিউমাৰ আৰু কৰ্কট (Cancer) ৰোগৰ চিকাৰ হ’য়৷ কপৌফুলৰ শিপা আৰু পাতৰ ৰসত থকা প্ৰতিজৈবিক এনেসমূহ সমস্যাৰ প্ৰতিৰোধী গুণবিশিষ্ট ঔষধিত চহকী৷অৱশ্যে এইক্ষেত্ৰত শুস্ক পাতৰ পৰিবৰ্তে কুমলীয়া পাতৰ ৰস অধিক ফলদায়ী কাৰণ শুস্ক পাতৰ তুলনাত কুমলীয়া পাতত এনে প্ৰতিজৈবিক উচ্চহাৰত পোৱা যায়৷

Fig: General Structure of Polyphenols 
Fig: General Structure of of Flavonoids 
Fig: General Structure of Coumerins
এলকালয়ডে মানুহৰ শৰীৰত আশ্ৰয় লোৱা ওকণিৰ দৰে পৰজীৱীৰ নিয়ন্ত্ৰণ কৰাৰ বৈজ্ঞানিক প্ৰমাণ পোৱা গৈছে৷ একাংশ গৱেষকে এলাকলয়ডৰ “Anti depressent” ভূমিকাক স্বীকাৰ কৰিছে যদিও এই সম্পৰ্কে অন্তিম নিৰ্ণয় বৰ্তমানলৈকে লোৱা হোৱা নাই৷
একাংশ গৱেষণাপত্ৰই কিউমেৰিন আৰু টাৰ্পিনইডছ মধুমেহ (Diabetes) আৰু কোভিড ৰোগৰ উপশম ঘটাই বুলিও দাবী কৰে৷আমি আশাবাদী ভবিষ্যৎৰ গৱেষণাই নিশ্চয়কৈ মধুমেহ আৰু কোভিডৰ নিয়ন্ত্ৰণত কিউমেৰিন আৰু টাৰ্পিনইডৰ প্ৰমাণী গুণৰ সবিশেষ তথ্য-প্ৰমাণ দাঙি ধৰিব৷
কৰ্টিকষ্টিৰইড একশ্ৰেণীৰ ষ্টিৰইড৷ অৱশ্যে কৰ্টিকষ্টিৰইড শৰীৰৰ বাবে অপকাৰী ষ্টিৰইড (Anabolic Steroids ) ৰ পৰা পৃথক৷ শৰীৰত ভিটামিন ডিৰ উৎপাদন,কেলছিয়ামৰ শোষণ আৰু মহিলাৰ যৌন হৰমোনৰ উৎপাদনত কৰ্টিকইডে এক নিয়ন্ত্ৰণকাৰী ভূমিকা পালন কৰে৷ সেয়ে কৰ্টিকইডৰ অভাৱত ভোগা ব্যক্তিৰ হাড় আৰু দাঁতৰ গঠন সততে দুৰ্বল হয়,গাঠিৰ বিষত ভোগে আৰু যদি ভুক্তভোগীগৰাকী মহিলা হয় তেন্তে তেওঁ বিভিন্নপ্ৰকাৰৰ স্ত্ৰী আৰু প্ৰসূতিৰোগ (Gynocological disorder ) ৰ স্বীকাৰ হয়৷ TSH (Thyroid Stimulating Hormone ) ৰ অস্বাভাৱিক হাৰ আৰু পুৱাৰ কুমলীয়া ৰদৰ পৰা বিমুখ জীৱন প্ৰণালী কৰ্টিকষ্টিৰইডৰ অভাৱৰ মূখ্যতম কাৰণ৷আমি আশাবাদী যে চিকিৎসা বিজ্ঞানৰ অগ্ৰগতি আৰু বিবৰ্তিত গৱেষণা প্ৰণালীয়ে প্ৰাকৃতিক কৰ্টিকইডৰ ব্যৱহাৰৰ দ্বাৰা এদিন এনে সমস্যাৰ মিত্যব্যয়ী স্থায়ী সমাধানৰ পথ প্ৰশস্ত কৰিব৷ ইয়াৰোপৰিও কৰ্টিকষ্টিৰইডে বিভিন্ন কাৰণবশত অস্বাভাৱিকৰূপে ফুলি উঠা ৰক্তপৰিবাহী নলী আৰু মাংসপেশীৰ উপশম ঘটায়৷সেয়ে এছথেমা,বাতবিষ বা প্ৰতিৰক্ষা তন্ত্ৰৰ বিসংগতিয়ে জন্ম দিয়া ৰোগৰো এয়া মহৌষধ৷

কুইনাইন আৰু ইয়াৰ সংশ্লেষিত ৰাসায়নিক দ্ৰব্য হাইড্ৰক্সিক্লৰকুইন মেলেৰিয়া ৰোগৰ প্ৰমাণী ঔষধ৷হাইড্ৰক্সিক্লৰকুইনে ক’ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো প্ৰথামাৱস্থাত ব্যৱহাৰ কৰা হৈছিল যদিও অন্তত কভিড নিয়ন্ত্ৰণত হাইড্ৰক্সিক্লৰকুইনৰ ইতিবাচক ভূমিকা সম্পৰ্কে কোনো বৈজ্ঞানিক প্ৰমাণ পোৱা ন’গল৷

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ৮০% আধুনিক ৰাসায়নিক ঔষধ (Allopathic Medicine) ৰ সৃষ্টিৰ আৰতেই প্ৰত্যক্ষ বা পৰোক্ষ ৰূপত উদ্ভিদজাত ৰাসায়নিক পদাৰ্থই মূখ্য ভূমিকা পালন কৰে৷অসমীয়া আবেগ,গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক আমাৰ ৰাজ্যিক পুস্প কপৌফুল কেৱলমাত্ৰ সৌৰ্ন্দৰ্য্য,প্ৰেম আৰু সমৃদ্ধিৰ প্ৰতীকেই নহয় বৰঞ্চ মূল্যবান ঔষধি দ্ৰব্যৰো আকৰ স্বৰূপ৷ইতিমধ্যেই কপৌ ফুলৰ পাত আৰু শিপাৰ পৰা উৎপাদিত ৰসৰ দ্বাৰা বেক্টেৰিয়া আৰু ভেকুৰজানিত ৰোগৰ উপশম,প্ৰতিজাৰকৰ উপস্থিতি ও ৰোগ প্ৰতিৰোধী ক্ষমতা,ওকণিৰ নিয়ন্ত্ৰণ,এছথেমা,বাতবিষ,প্ৰতিৰক্ষা তন্ত্ৰৰ বিসংগতি,কৰ্টিকষ্টিৰইডৰ নিয়মীয়া যোগান তথা আনুসাংগিক ৰোগৰ নিৰাময় আৰু মেলেৰিয়াৰ নিয়ন্ত্ৰণৰ দৰে ঔষধী গুণৰ বৈজ্ঞানিক বাখ্যা তথা প্ৰমাণ পোৱা গৈছে৷সেয়ে হয়তো অতীজৰ পৰাই নেপাল আৰু শ্ৰীলংকাত কপৌফুলক ঔষধি উদ্ভিদৰ মৰ্যাদা দিয়া হৈছিল৷অসম তথা উত্তৰপূৰ্বাঞ্চল সমগ্ৰ বিশ্বৰ দৃষ্টিত বিলুপ্তপ্ৰায় কপৌফুলৰে সমৃদ্ধ৷অসমৰ স্থানীয় জলবায়ুৰ বাবে কপৌফুলৰ বাণিজ্যিক উৎপাদনো সহজ তথা মিত্যব্যয়ী৷সেয়ে কেৱল সৌৰ্ন্দৰ্য্যৰ প্ৰতীকৰ পৰিবৰ্তে আমি যদি আধুনিক চিকিৎসা বিজ্ঞানৰ বাটেৰে বাট বুলি ঔষধীৰ ৰূপত আমাৰ হিয়াৰ আমঠু কপৌফুলপাহিক মূল আৰু পত্ৰ সহিতে বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ যত্ন কৰো তেন্তে সেয়া নিশ্চয় অসমৰ কৃষি অৰ্থনীতি আৰু চিকিৎসা বিজ্ঞানৰ ইতিহাসত এক মাইলৰ খুটিত পৰিণত হ’ব৷
