” তুমি অলপ ধৈৰ্য্য ধৰাচোন!মই তোমাৰ বাক বচাবলৈ আমি যৎপৰোনাস্তি কৰিছো৷অৱশ্যে সমস্যাটো কিছু জটিলেই৷হ’লেও তোমালোকৰ ভাগ্য ভাল যে সঠিক সময়ত ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰিলা৷তুমি এনেকৈ সাহস হেৰুৱালে ন’হব৷কাইলৈ দিল্লীৰ পৰা ডা° শৰ্মা আহিব৷তেওঁ আহি পালেই আৰু সমস্যা নাই৷ইয়াৰ পিছত তোমাৰ বাৰ চিকিৎসাৰ দ্বায়িত্ব তেৱেই ল’ব৷মুঠতে আমি যুঁজিম৷বাকী সকলো ফলদাতা বিভূৰ হাতত৷ভগৱানৰ ওপৰত বিশ্বাস ৰাখা সকলো ঠিক হৈ যাব৷“ ড° চলিহাই নন্দিনীৰ কান্ধত হাত ৰাখি তাইক উৎসাহ দিয়াৰ প্ৰয়াস কৰিলে৷নন্দিনী আৰু সুনন্দিনী দেখাত অবিকল একেই যেন যমজ ভগ্নী নহৈ এজনী আনজনীৰ কাৰ্বন কপিহে৷সুনন্দিনীয়ে যোৱা এসপ্তাহ যুৰি এই অভিজাত চিকিৎসালয়খনৰ ভেন্টিলেশ্যনৰ অতিথি হৈ আছে৷নন্দিনীয়ে দিয়া বিবৰণ অনুসৰি এখন চলন্ত ট্ৰাকে সুনন্দিনীৰ স্কুটীখন চোচোৰাই নিছিল৷হেলমেট পিন্ধি থকা নাছিল৷ “Internal hameorhage“ হৈ তেতিয়াৰ পৰাই ক’মাত আছে৷ “দুই ইউনিট O + ব্লাড আৰু এই ঔষধকেইটা৷আজি গধূলিৰ ভিতৰত যোগাৰ কৰিব পাৰিলে ভাল আছিল৷“ ডা° চলিহাই নন্দিনীক উদ্দেশ্যি ক’লে৷ “ছাৰ,মই কিবাকৈ হ’লেও যোগাৰ কৰিম৷আপুনিয়েই এই জটিল পৰিস্থিতিত আমাৰ বাবে ঈশ্বৰ স্বৰূপ৷আপুনি মাত্ৰ বাক পুনৰ সুস্থ কৰি তোলক৷তাইক সুস্থ কৰাৰ বাবে মই যি সম্ভৱ সকলোবোৰ কৰিম৷“
ভেন্টিলেশ্যনত সোমায়েই ডা° শৰ্মাৰ ওকালি আহিল৷ “আৰে চলিহা৷তুমি কেতিয়াবা মোক ফচাইহে এৰিব যেন পাইছো৷বডি ডিকম্পষ্ট হৈ দুৰ্গন্ধ বিয়পিবলৈ আৰম্ভ কৰিছে,ছোৱালীজনী চাগৈ ভৰ্তি কৰোৱাৰ আগতেই ধুকাল৷তুমি তাৰ পিছতো ভেন্টিলেশ্যনত সুমুৱাই মৃতদেহৰ চিকিৎসা কৰি আছে৷“ “ছাৰ ভেন্টিলেশ্যনতটো সুনন্দিনীৰ ডেডবডিটোৱেই ভৰাইছিলো৷হস্পাতলৈ আনোতে সম্ভৱত বাটতে মৰিল৷ কিন্তু যিহে মোটা অংকৰ ইঞ্চুৰেঞ্চ পলিচি৷তাকো আপুনি আহিলেই যেতিয়া কিডনী কেইটাৰ কিবাকৈ গতি লগাব পাৰিলে ভাল আছিল৷পিছে ক্লৰ’ফৰ্মে দি থৈছিলো৷কিয় জানো বডিৰ গোন্ধটো এতিয়াহে মাৰিছে৷ইফালে নন্দিনী মানে ভনীয়েকে ধন ভাঙো-ভাঙো……” চলিহাৰ কথাৰ মাজতে এক শীতল কন্ঠই ক’লে,”নন্দিনী!কোন নন্দিনী৷মই সুনন্দিনী আৰু তায়ো সুনন্দিনী৷সুনন্দিনী বৰুৱা মনত পৰিছে নে ডা° চলিহা, শৰ্মা ছাৰ আপোনাৰ একা৷“ “হেই কোন?কোন তই?“ চলিহাই উত্তেজিত কন্ঠেৰে গৰজি উঠিল৷ চলিহাই বুজি নাপালেও কিন্তু ডা° শৰ্মাই মূহূৰ্ততে সকলো বুজি উঠিল৷সুনন্দিনী বৰুৱা,বিশ্ববিদ্যালয় ছাত্ৰী৷সন্ধিয়া ঘৰলৈ উভতি অহাৰ পথত এখন ট্ৰাকে তাইক মহতিয়াই নিছিল৷মুৰত হেলমেট নাছিল৷ “Internal hameorhage“, ক’মা আৰু ভেন্টিলেশ্যনৰ নতুন আলহী৷ আধ্যৱন্ত মাক-দেউতাকৰ একমাত্ৰ জীয়ৰী৷ মোটা অংকৰ ইঞ্চুৰেঞ্চ পলিচি৷ভেন্টিলেশ্যনত সুমুৱাই ডা° চলিহাৰ সৈতে অংক কৰিলে৷আজি নমৰিলেও কাইলৈ সুনন্দিনী মৰাটো খাটাং৷দিল্লীৰ নতুন হস্পাতালখনৰ বাবে মোটা অংকৰ মূলধনৰ প্ৰয়োজন৷প্ৰথমে কিডনী কেইটা উলিয়াই বডিটোত ক্লৰ’ফৰ্ম থুচি নোগোন্ধোৱালৈকে নাটকখন কৰিব লাগিব৷“ ক’মাত থকা পেছেণ্ট৷দুদিনৰ আলহী মাত্ৰ৷এনাস্থেচিয়া আৰু আন সহযোগীৰ সকামেই বা কি৷চাৰ্জিকেল নাইফখন চিধাই গুজি দিয়া হওঁক৷অসাৰ শৰীৰ কিন্তু ওপচা যৌৱন৷ডা° শৰ্মাৰ ভিতৰৰ চয়তানটোৱে গভীৰ নিদ্ৰাৰ পৰা এঙামুৰি দি উঠিল৷সুনন্দিনীৰ গাভৰু শৰীৰটোত ডা° শৰ্মাই হেপাহ পলুৱাই উপভোগ কৰিলে ঠিক উপভোগ নহয় এক নৰভক্ষী পশুৰ দৰে অৰ্হোৰাত্ৰি সুনন্দিনীৰ উলংগ শৰীৰত দাত আৰু নখেৰে অত্যাচাৰ সাধি বিকৃত কামনাৰ ছবি আকিলে৷চৰম সুখ প্ৰাপ্তিৰ মূহূৰ্ততে সুনন্দিনীয়ে অস্ফুট স্বৰেৰে আৰ্তনাদ কৰি উঠিল৷সম্ভৱত তাই চেতনা ঘুৰাই পাইছিল৷সুনন্দিনীৰ চিৎকাৰে সমগ্ৰ জঘন্য কাণ্ডৰ একমাত্ৰ নীৰৱ দৰ্শক এইবাৰ ডা°চলিহাৰ অন্তৰৰ সুপ্ত পশুটোক জগাই তুলিলে৷সুনন্দিনীক লৰচৰ কৰিব নোৱাৰাকৈ হেঁচা মাৰি ধৰি ড° শৰ্মাই অহোৰাত্ৰি তাইৰ উলংগ শৰীৰটোক এক পুতলাৰ দৰে চেপি মুচৰি ধৰ্ষণ কৰিলে আৰু পুৱতি নিশা বিনা এনাস্থেচিয়া ধৰ্ষিতা সুনন্দাৰ নাভীদেহৰ নিম্নাংশ চাৰ্জিকেল নাইফেৰে ফালিচিৰি কিডনী দুটা উলিয়াই আনি পুনৰ সেই অংশ চিলাই দিলে৷সুনন্দিনীৰ হিয়াভগা আৰ্তনাদ শুনিবলৈ ভেন্টিলেশ্যনৰ সিপাৰে কোনো নাছিল৷ছিলনি মৰাৰ অন্তত চলিহা আৰু শৰ্মাই পুনৰ সুনন্দিনীক ধৰ্ষণ কৰি তাইৰ অন্ত্ৰনলী হাতেৰে টানি উলিয়াই আনিলে আৰু জীৱন্তে নৰক ভুগি সুনন্দিনীয়ে পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰিলে তাৰ পিছতো এসপ্তাহ ক্ল’ৰফৰ্মৰ কৃপাত চিকিৎসা চলি থাকিল৷
ডা° শৰ্মাই দৰ্জাৰ অভিমুখে দৌৰ দিছিল মাত্ৰ৷প্ৰচণ্ড শব্দৰে দৰ্জাখন বন্ধ হৈ গ’ল৷ সুনন্দিনীৰ অৰ্দ্ধগলিত মৃতদেহ থৰকবৰকৈ ঠিয় হ’ল৷“শৰ্মা চলিহা আহ আকৌ মোক ধৰ্ষণ কৰহি৷মোৰ এই গেলা পচা শৰীৰটোক৷কিডনী লাগে ন?কিন্তু সেইকেইটা চোন তহতে সেইদিনাই উলিয়াই পেলাইছিলি৷এয়া চা“ এক অৰ্দ্ধউলংগ পচা মৃতদেহ৷ফলা পেট,কিডনীৰ ঠাইত দুটা গাত আৰু অন্ত্ৰনলীডালে এক বিষাক্ত ফেটীসাপৰ দৰে ফেট তুলি বতাহত ভাহি আছিল৷ডা° শৰ্মা আৰু চলিহাক সেই দুৰ্গন্ধময় মৃতদেহে লৰচৰ কৰিব নোৱাৰাকৈ মজিয়াত হেচি ধৰিল৷তাইৰ জোঙা আৰু মলিয়ন নখকেইটাই চলিহা আৰু শৰ্মাৰ নাভীদেহৰ অস্ত্ৰোপচাৰ কৰি অন্ত্ৰনলী আৰু কিডনী দুটা দুৰলৈ দলিয়াই দিলে৷“ৰহ! আজিকালি হাৰ্টৰ ট্ৰান্সপ্লান্টো হয়৷“ এটা বিকৃত হাঁহি মাৰি সুনন্দাই শৰ্মা আৰু চলিহাৰ বুকুখন বিদীৰ্ণ কৰি হৃদযন্ত্ৰটো ছিঙি মজিয়ালৈ দলিয়াই দিলে৷দুয়োৰে মুখেৰে শেষবাৰৰ বাবে এক অস্ফুট গেঙনি ভাহি আহিল কিন্তু সেই গেঙনি শুনিবলৈ ভেন্টিলেশ্যনৰ সিপাৰে আৰু কোনো নাছিল৷ড° শৰ্মা আৰু চলিহাৰ শৰীৰ দুটা ক্ৰমে শীতল আৰু নিসাৰ হৈ পৰিছিল কিন্তু মজিয়াত সিচৰিত হৃদযন্ত্ৰ দুটাই তেতিয়াও স্পন্দন কৰি আছিল৷সুনন্দিনীয়ে এটা তাচিল্যৰ হাঁহি মাৰি ক’লে,”হৃদয়হীনৰ হৃদয় স্পন্দন৷“