এজন কুৰি বছৰীয়া বিশেষ ভাৱে সক্ষম যুৱক৷জীৱনৰ প্ৰায় দহটা বসন্ত তেওঁ হুইল ছেয়াৰতেই কটাইছে৷অত্যন্ত সীমিত লোক এনে অতি বিশেষ স্নায়ৱিক ৰোগৰ চিকাৰ হ’য় সম্ভৱত বিশ্বৰ ০.১% মান হ’ব৷প্ৰায় পাঁচবছৰ মানৰ পৰা চকুৰ দৃষ্টি ক্ৰমে হ্ৰাস পাবলৈ আৰম্ভ কৰাৰ বাবে মোটা পাৱাৰৰ চশমা পিন্ধে৷শাৰীৰিক প্ৰতিবন্ধকতাৰ স্বতেও প্ৰচণ্ড মানসিক শক্তিৰ অধিকাৰী৷যুৱকজনে ভাত গৰাহ মুখত লৈছিল মাত্ৰ হঠাৎ মাকক ক’লে,”মা বাহিৰত কোনোবা ভকত এজন আহিছে৷দৰ্জাখন খুলি দিয়া৷“ মাকে ৰান্ধনী ঘৰৰ খিৰিকীৰে বাহিৰলৈ চাই ক’লে,”ক’তা কোনো নাইচোন৷চশমা নিপিন্ধাৰ বাবে হয়তো তোৰ বিভ্ৰম হৈছে৷“ “ নাই সৌৱা চোৱা তেওঁ আমাৰ দুৱাৰদলিত…….”ল’ৰাজনৰ হঠাৎ চৰচৰণি খাই প্ৰচণ্ড কাহ আহিল৷হস্পাতললৈ লৈ যোৱা হৈছিল কিন্তু বাটতে ধুকাল “

বুঢ়ী বহুদিন ধৰি বিছনাত পৰি আছে৷চিকিৎসকেও ইতিমধ্যেই হাত দাঙিছে৷বাৰ্দ্ধক্য জানিত ৰোগ৷এতিয়া ঈশ্বৰেই শেষ ভৰষা৷শৰীৰ দুৰ্বল যদিও স্মৃতি শক্তি সলাগিব লগীয়া৷হাতত মণ্ডৰ বাটিতো লৈ বোৱাৰীয়েক কোঠালৈ সোমাই অহা দেখিয়েই বুঢ়ীয়ে ভোৰভোৰালে,“খালী-খালী হেৰৌ দেখা নায় সৌ চকীখনতে আমাৰ এখেত মানে তোৰ শহুৰদেউতা বহি আছে৷ওৰণীখন ল’বলৈও কি তোক মই এতিয়া শিকাব লাগিব নেকি৷“ বোৱাৰীয়েক চমকি উঠিল৷প্ৰথম কথা চকীখন খালী আৰু দ্বিতীয়তে তেওঁৰ বিয়াৰ পাঁছ বছৰ পূৰ্বেই শহুৰেকৰ মৃত্যু হৈছিল৷শেষনিশালৈ বুঢ়ীৰ শৰীৰ নিস্প্ৰাণ হৈ পৰিল৷

“মই তোমালোকৰ সৈতে যাব নোৱাৰো৷মোৰ আৰু বহু আধৰুৱা স্বপ্ন আছে৷চাও মোক এৰি দিয়া৷“ “তোৰ সময় হ’ল বোপাই৷চাচোন সৌৱা তোৰ বৰপিতাই,সৌজনী পেহী আৰু মই,মইতো খোদ তোৰ পিতাই৷বৈ বোপায় বৈ৷কিমান আৰু এই স্থূল শৰীৰত আবদ্ধ হৈ যাতনা ভুগিবি৷ বগা কাপোৰ পিন্ধা পিতৃ আৰু আন দুগৰাকী সংগীয়ে তেওঁক হাতত ধৰি টানিবলৈ ধৰিলে৷হঠাৎ এক চকু চাত মৰা পোহৰ৷তেওঁ যেতিয়া চকু মেলে তেওঁ হস্পাতলৰ বিছনাত৷ “Cardiac Arrest” হৈছিল সময়ত চিকিৎসকে বৈদ্যুৎতিক শ্বক নিদিয়া হ’লে হয়তো……….

কাৰণ বিশ্লেষণঃ মৃত্যুৰ ঠিক আগমূহূৰ্তত বা মৃত্যুৰ মুখৰ পৰা ঘুৰি অহা বহু ব্যক্তিয়ে এনেদৰেই কোনো অচিনাকি ভকত,প্ৰয়াত আত্মীয় বা বন্ধুবৰ্গক দেখা পায়৷তেওঁলোক তৃপ্ত আত্মা আৰু “Astral Plane” ৰ নিবাসী৷কাৰোবাৰ হত্যা তেওঁলোকৰ উদ্দেশ্য নহয় মাত্ৰ তেওঁলোকে মৃত্যুমুখী ব্যক্তিজনৰ জীৱাত্মাক “Astral Plane ” লৈ আগবঢ়াই নিবৰ বাবেহে অন্তিম সময়ত এই ধৰালৈ আহে৷


(মই এজন পেছাদাৰী পেৰানৰ্মেল এক্সপাৰ্ট৷পেৰাচাইক’লজিৰ সংজ্ঞা অনুসৰি “Paranormal are normal but quite different” যেতিয়ালৈকে আধুনিক বিজ্ঞানে জনা নাছিল আকাশত কিয় বিজুলী মাৰে আমাৰ পূৰ্বপুৰুষে তাক অতিপ্ৰাকৃতিক বুলি ভাবিছিল কিন্তু কাৰণ জনাৰ মূহূৰ্ততে সেয়া প্ৰাকৃতিক হৈ পৰিল৷পেৰাচাইক’লজিৰ মানে কেৱল অশৰীৰ নহয় হিপনটিজিম,পাষ্ট লাইফ ৰিগ্ৰেছেন এনালাইছিল,এষ্ট্ৰেল প্ৰজেকশ্যন আদিও হ’ব পাৰে৷পেৰানৰ্মেল ইনভেষ্টিগেটৰ হিছাপে মোৰ প্ৰায়েই ভুক্তভোগীৰ আবৃত্তি শুনাৰ সৌভাৰ্গ্য কিম্বা দুৰ্ভাগ্য হ’য়৷কিন্তু প্ৰফেশ্যনেল এথিক্সৰ বাবে আমি ভুক্তভোগী আৰু স্থানৰ সবিশেষ জনাব নোৱাৰো৷তলত উল্লেখিত প্ৰতিটো ঘটনাই সঁচা৷মানিলে ধান নামানিলে পতান৷অবিশ্বাস কৰাসকলে গল্প বুলি পঢ়িলেই হ’ল৷বিতৰ্ক মোৰ প্ৰিয় নহয়)

Leave a comment