পুৱাই-পুৱাই সামাজিক মাধ্যমত অসমৰ কেইবাজনো প্ৰমুখ বুদ্ধিজীৱী আৰু সাহিত্যিকৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰ দেখিলো পত্ৰৰ সাৰাংশ এনে গোলাঘাটৰ ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰৰ নিচেই কাষতে এক স্থায়ী যজ্ঞবেদীৰ নিৰ্মাণ কৰা হৈছে আৰু সেয়া গুৰুজনাৰ “এক দেৱ এক সেৱ এক বিনে নাই কেৱ“ নীতিৰ প্ৰতি অপমান আৰু সেয়ে এই যজ্ঞস্থলীৰ নিৰ্মাণ ভাঙি পেলাব লাগে৷

শংকৰদেৱৰ উদাৰনৈতিক পন্থা কেনে আছিল সেয়া গাই-বাই লাভ নাই কাৰণ গুৰুজনাৰ মহান আদৰ্শক তেৰাসৱে হজম কৰিব নোৱাৰিহে এনে বৌদ্ধিক ডায়েৰিয়াত ভুগিছে৷“এক দেৱ এক সেৱ এক বিনে নাই কেৱ“ , “কলিত নাম-ধৰ্মই শ্ৰেষ্ঠ“, গছৰ গুৰিত পানী দিয়াই পৰ্য্যাপ্ত৷ হয় এয়া গুৰুজনাৰ দৰ্শন আছিল৷ পৰমাত্মা নিৰাকাৰ৷তেৱেই সৰ্বব্যাপী আৰু সৰ্বোচ্ছ৷গীতায়ো সেই একেই কথাই কয়৷কলিত নাম ধৰ্ম শ্ৰেষ্ঠ কাৰণ তপ-জপ-যজ্ঞাদিৰ বাবে প্ৰচুৰ ধৈৰ্য্য আৰু সংযমৰ প্ৰয়োজন কিন্তু কলিকালত সাধাৰণ মনুষ্যৰ ধৈৰ্য্য নতুবা সংযমেই বা কিমান?গছৰ শিপাত পানী দিয়াই পৰ্য্যাপ্ত কিন্তু সেইবুলি গুৰিত পানী দি ডাল-পাতবোৰ কাটিবলৈ গুৰুজনাই ক’তো লিখি যোৱা নাই কাৰণ গুৰুজনাই অসমত উদাৰপন্থী ভক্তিবাদৰ বাটকটীয়া আছিল তালিবানী নাছিল৷শংকৰ গুৰুৱে কৈছিল “কুকৰ-শৃংগাল-গৰ্দভৰো আত্মাৰাম“ মূৰ্গী-গাহৰি পোহাজনক এঘৰীয়া কৰাৰ বিধান সেয়ে গুৰুজনাৰ আদৰ্শৰ বিকৃতকৰণ মাত্ৰ৷“মূৰ্তিকো নাচাবা প্ৰসাদো নাখাবা“ সেয়া গুৰুজনাৰ আপ্তবাক্য নে বিকৃতকৰণ তাক লৈ মোৰ চৰম সন্দেহ আছে৷কাৰণ গুৰুজনাই এবাৰ নহয় দুবাৰকৈ ভাৰতৰ সমগ্ৰ তীৰ্থস্থান ভ্ৰমণ কৰিছিল৷বহু ইতিহাসবিদৰ মতে তীৰ্থভ্ৰমণকালত গুৰুজনাই বেনাৰসত স্নান কৰি পুৰীত ধ্যান কৰি মহাপ্ৰভু জগন্নাথৰ ভোগ খাইছিল৷গুৰুজনাই ভাৰতৰ কেইবাখনো মহাতীৰ্থৰ পৰা হেনো নাৰায়ণৰ মূৰ্তিও আনিছিল সেইসমূহ মূৰ্তি আজিও অসমৰ সত্ৰত সংৰক্ষিত৷নামঘৰৰ প্ৰৱেশদ্বাৰত জয়-বিজয়ৰ প্ৰতিমূৰ্তি,ভাওনাত ব্ৰহ্মা,নাৰায়ণ আৰু মহাদেৱৰ আৰ্বিভাব,বৰগীতত শ্ৰীকৃষ্ণৰ পাৰ্থিৱ ৰূপৰ বৰ্ণণা (তেজেৰে কমলাপতি পৰভাতে নিন্দ তেৰে চান্দ মুখ পেখো উঠৰে গোবিন্দ),মুখাশিল্প আৰু সত্ৰৰ ৰাসলীলা৷সেয়ে মোৰ সন্দেহ আছে “মূৰ্তিকো নাচাবা প্ৰসাদো নাখাবা“ বুলি গুৰুজনাই সঁচাই কৈছিল নে সেয়া এক উত্তৰসত্য মাত্ৰ৷গুৰুজনা প্ৰতিষ্ঠিত নামঘৰ অসমৰ সমাজ জীৱনৰ প্ৰাণকেন্দ্ৰ৷গুৰুজনাই হয়তো ভাবিছিল নামঘৰত অসমীয়াই গঠনমূলক আলোচনা কৰিব৷এবাৰ এজনে ক’লে তেওঁ শুনামতে প্ৰথমে নামঘৰৰ প্ৰতি বোলে অসমীয়াৰ বৰ এটা আকৰ্ষণ নাছিল কিন্তু গুৰুজনাই মাহ-প্ৰসাদ ভাগিৰ ব্যৱস্থা কৰাৰ লগে-লগেই ক্ৰমে নামঘৰৰ প্ৰতি অসমীয়াৰ আকৰ্ষণ বৃদ্ধি পালে৷কথাটো কিমান সঁচা মই নাজানো কিন্তু এয়া নিশ্চিত আজিৰ তাৰিখত অধিকাংশ অসমীয়াই গুৰুজনাৰ আদৰ্শলৈ পিঠি দি গঠনমূলক আলোচনাৰ পৰিবৰ্তে তামোল-চাদা-ফিকাচাহ-প্ৰসাদ খাই পৰচৰ্চা কৰে নতুবা বিয়নি মেল মাৰে (সকলোৱে নহয় কিন্তু অধিকাংশই এয়াই কৰে)প্ৰসাদৰ ঘৰমুৰি পাতখনেৰে নিশাৰ সাজৰ বাবে ডাইল-চাটনি নতুবা পকৰি বনাই পৰম তৃপ্তিৰে খায়৷ঘৰমুৰি প্ৰসাদেৰে ৰিফাইন তেলত বুৰাই-বুৰাই পকৰী বনাবলৈ কিন্তু গুৰুজনাই কোৱা নাছিল৷

শংকৰদেৱৰ আদৰ্শক জীয়াই ৰাখিবৰ বাবে কোনো মঞ্চৰ প্ৰয়োজন নাই প্ৰয়োজন আছে মাথো গুৰুজনাৰ আদৰ্শক হৃদয়ংগম কৰি অনুকৰণ কৰাৰ৷যাগ-যজ্ঞক বাৰু এৰিলো কিন্তু শংকৰদেৱৰ নাম লৈ সত্যনাৰায়ণ প্ৰভুৰ পাঞ্চালীৰ শ্ৰৱণ-কীৰ্তন মানে হৰিনামৰ প্ৰতিও একাংশৰ বিৰাগ কিয়? তৎস্বত্বেও আমি তেৰাসৱৰ ধৰ্মীয় আস্থাৰ প্ৰতি সন্মান জনাই আজিকোপতি মাজুলীৰ চাৰিসীমাত ৰাজহুৱাকৈ দূৰ্গা পূজা পতা নাই৷এই পত্ৰখনত স্বাক্ষৰ কৰা প্ৰথমজন বুদ্ধিজীৱী যি যজ্ঞ বেদীৰ ধ্বংসৰ দাবী তুলিছে সেইজনা পণ্ডিতে নিজৰ জীক আকৌ ব্ৰাহ্মণ মাতি হোম পুৰি দক্ষিণা দি কন্যাদান কৰিছিল৷শংকৰদেৱে কোনখন গ্ৰন্থত অথবা কোনটো ভাষণত যজ্ঞ বেদী ভঙাৰ কথা কৈছিল৷ভঙা-চিঙাৰ কথা বৈষ্ণৱে কয় নে তালিবানে(এইক্ষেত্ৰত অনুগ্ৰহ কৰি ৰাম মন্দিৰৰ প্ৰসংগক নাটানিব৷তাত বাবৰি মছজিদ ভঙা হোৱা নাছিল বৰঞ্চ ৰাম মন্দিৰ যি অতীজৰে পৰাই অযোধ্যাত আছিল তাৰ পুনৰনিৰ্মাণ কৰি মছজিদৰ বাবে পৃথককৈ ভূমিৰ আবন্টনো কৰা হৈছে৷) অসমৰ গুৰুজনাৰ উদাৰপন্থী বৈষ্ণৱ ধাৰাত আজি এই বৌদ্ধিক সন্ত্ৰাসবাদীহঁতৰ কু দৃষ্টিত পৰি টুকৰে-টুকৰে গেংৰ প্ৰিয় “সৱ তাজ উচালে জায়েংগে সৱ তকত্থ গিৰায়ে জায়েংগে“ৰ প্ৰতিফলন হৈছে আৰু যদি চৰকাৰ-প্ৰশাসনে কঠোৰ পদক্ষেপ নলয় তেনেহ’লে ভাৰত সঁচাৰ্থত ভাঙি টুকুৰা-টুকুৰ হ’ব আৰু অসমত বৈষ্ণৱ-শাক্ত-শৈৱপন্থী সকলো হিন্দু আৰু খিলঞ্জীয়া মুছলমান-শিখ-খ্ৰীষ্টান বৌদ্ধ ধৰ্মালম্বীৰ “genocide” হ’ব৷শংকৰ সংঘ বা সত্ৰৰ বৈষ্ণৱ সমাজে কস্মিনকালেও যজ্ঞ বেদী ভঙাৰ কথা কোৱা নাই কিন্তু এই সাহিত্যিক বুদ্ধিজীৱী সৱে কৈছে আৰু এওঁলোকৰ চৰ্দাৰ মাদানীৰ বুকুৰ কুটুম৷বৌদ্ধিক সন্ত্ৰাসবাদী সন্ত্ৰাসবাদ উৎপাদনৰ কাৰখানাস্বৰূপ আৰু ইমানখিনি তথ্য-প্ৰমাণৰ পিছতো যদি হিন্দুত্ববাদৰ শ্লগান দিয়া চৰকাৰ বাহাদুৰে হাতসাৱতি বহি থাকে তেনেহ’লে কাশ্মীৰ ফাইল নহয় অসম ফাইল হ’ব৷ভাৰত ভাগি খণ্ড-বিখণ্ড হ’ব৷ঘৰে-ঘৰে আফজল গুৰুৰ সৃষ্টি হ’ব৷সেয়ে জোৰ পুৰি হাত পোৱাৰ আগেয়ে AFSPA ৰ অধীনত এনে বৌদ্ধিক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰক আৰু পলোৱাৰ চেষ্টা কৰিলে এনকাউণ্টাৰ কৰক৷ধৰ্মীয় আবেগ কেৱল মাদানীৰে নাই হিন্দুৰো আছে৷পবিত্ৰ যজ্ঞবেদীক ভাঙিম বুলিব আৰু আমি মৌন হৈ বিনাপ্ৰতিৰোধে সহ্য কৰি যাম৷ওহো নহয় এনে সন্ত্ৰাসবাদীক ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে ফাচীকাঠত ওলোমাই হে আমি শান্তিৰে উশাহ ল’ম৷

জয় শ্ৰী ৰাম জয় গুৰু শংকৰ৷

Leave a comment