প্ৰায় বছৰছেৰেকৰ অন্তত আজি মোৰ হেপাঁহৰ গাওখন তথা মোৰ ঘৰলৈ গৈছিলো৷শিৱসাগৰৰ হাঁহচৰা গাওঁ পঞ্চায়তৰ অৰ্ন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰ,শিৱসাগৰ (ৰহদৈ)ৰ দ্বাৰা আদৰ্শ কৃষিভিত্তিক গাওঁৰূপে স্বীকৃত চেতিয়া গাওঁ৷ৰ’ব আপুনি যদি মোক ব্যক্তিগতভাৱে চিনি পায় আৰু এয়া আপোনাৰ জ্ঞাত যে যোৰহাট মহানগৰীৰ কংক্ৰিটৰ সভ্যতাই মোৰ একমাত্ৰ আৰু স্থায়ী ঠিকনা তেনেহ’লে আপোনাৰ সেই ধাৰণা একবিংশ শতিকাৰ উত্তৰসত্যৰ পৃথিৱীৰ এক অৰ্দ্ধসত্য মাত্ৰ৷ভাৰতীয় কৃষি শিক্ষা নীতি আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ আশীষৰূপে মোৰ বৰ্তমানৰ ঠিকনা একক নহয় দ্বৈত৷যোৰহাট মহানগৰীৰ খাউন্দৰ চুকৰ দৰেই শিৱসাগৰৰ চেতিয়া গাঁৱো মোৰ আন এখন জন্মভূমি৷নব্বৈৰ দশকত মোৰ ভৌতিক সত্বাই যোৰহাটত জন্ম গ্ৰহণ কৰিছিল আৰু ২০১৯ পৰ্য্যন্ত মই কংক্ৰিটৰ সভ্যতাৰ এন্দুৰ দৌৰকে একমাত্ৰ সত্য বুলি গ্ৰহণ কৰিছিলো৷কিন্তু ১৯ ৰ জানুৱাৰীৰ পহিলা ভাগতে দৈৱক্ৰমে মোৰ এই বিভ্ৰমৰ অন্ত পৰিল৷সেইসময়ত মই কৃষি স্নাতকবৰ্ষৰ চূড়ান্ত ষান্মাষিকৰ ছাত্ৰ৷নগৰে চেলেকা পশ্চিম যোৰহাট,যোৰহাটৰ মাজ-মজিয়াৰ ৰাজমাও পুখুৰীৰ পাৰৰ কংক্ৰিটৰ সভ্যতা আৰু অসমৰ শিক্ষানগৰীৰ দুখনকৈ ঐতিহাস্যিক শিক্ষাৰ মন্দিৰস্বৰূপ জগন্নাথ বৰুৱা মহাবিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ বৰভেটাৰ সমীপৰ মূখ্য চৌহদত ক্ৰমে মই শৈশৱ,কৈশোৰ আৰু যৌৱন অতিবাহিত কৰিছিলো৷পশ্চিম যোৰহাটে অসমীয়া মধ্যবিত্তৰ পৰিচয় আৰু সংস্কাৰ দিলে,ৰাজমাও পাৰৰ বাল্যভৱনে জ্ঞান মাৰ্গৰে পৰিচয় কৰালে,বৰপাত্ৰ কুটীৰে ৰাজনীতি,আদৰ্শ আৰু যুক্তিকলাৰ পাঠ শিকালে আৰু কৃষি বিদ্যালয়ে কৃষিবিজ্ঞান আৰু প্ৰচুক্তিৰ সাম্যক ধাৰণা দিলে৷কিন্তু ব্যৱহাৰিক জীৱনৰ প্ৰয়োগশালাৰ অবিহনে আনুষ্ঠানিক শিক্ষাই দিয়া জ্ঞানৰ অৱস্থা প্ৰায় বৰ্তমানৰ শ্ৰীলংকাৰ অৰ্থনীতিৰ দৰেই৷স্নাতক বৰ্ষৰ অন্তিম ষান্মাষিকক আমি চমুকৈ RAWEP (Rural Agricultural Work Experience Programme) বুলি কওঁ৷ডিগ্ৰী প্ৰাপ্তিৰ লক্ষ্যৰে জীৱনত প্ৰথমবাৰৰ বাবে আপোন ঘৰখন এৰি RAWEP ৰ নদীত জীৱন ডিঙৰা মেলিলো আৰু অন্ততঃ উপনীত হ’লো হাঁহচৰাৰ চেতিয়া গাওঁ নামে এক অচিনা ঘাটত আৰু কৃষিবিজ্ঞানৰ ব্যৱহাৰিক জ্ঞানৰ প্ৰয়োগশালা স্বৰূপে ৰীতা চেতিয়া বাইদেউৰ ঘৰখনক আশীষঅঞ্জলি হিছাপে লাভ কৰিলো৷
ভাৰতবৰ্ষৰ প্ৰতিখন কৃষি বিশ্ববিদ্যালয়েই এই দেশ আৰু জাতিক তিনিটা দিশৰে সমৃদ্ধ কৰাৰ যৎপৰোনাস্তি কৰে৷আধুনিক কৃষি বিজ্ঞান আৰু প্ৰযুক্তিৰ শিক্ষাদান,কৃষিসমন্ধীয় গৱেষণা আৰু কৃষিবিজ্ঞানৰ সম্প্ৰাসৰণৰ ৰূপত ইয়াৰ যথোচিত প্ৰয়োগ৷কৃষি বিজ্ঞানৰ স্নাতক,স্নাতকোত্তৰ আৰু সন্মানীয়ে ডক্টৰেট ডিগ্ৰীধাৰীৰ সৃষ্টিৰ দ্বাৰা বিশ্ববিদ্যালয়ে আনুষ্ঠানিক শিক্ষা প্ৰদান কৰে,কৃষি বিশ্ববিদ্যালয়ৰ অৰ্ন্তগত বিভিন্ন বিভাগ আৰু স্থানীয় কৃষি গৱেষণা কেন্দ্ৰই কৃষিজীৱী ৰাইজৰ প্ৰগতিৰ স্বাৰ্থত গৱেষণা আৰু উদ্ভাৱনৰ দ্বাৰা সামাজিক বিবৰ্তনৰ অংশীদাৰ হ’য়৷গৱেষণা বা উদ্ভাৱনৰ বাবে জ্ঞানৰ প্ৰয়োজন আৰু তাৰ এক সাৰ্বজানীন স্বীকৃত মাৰ্গ হ’ল আমি পূৰ্বেই উল্লেখ কৰা কৃষি বিজ্ঞানৰ আনুষ্ঠানিক শিক্ষা৷এইখিনিতে পুনৰ দোহাৰিছো ব্যৱহাৰিক প্ৰয়োগৰ অবিহনে আনুষ্ঠানিক শিক্ষাই দিয়া জ্ঞান আৰু গৱেষণাগাৰৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ তথ্য-প্ৰযুক্তি-আৱিস্কাৰ আৰু গৱেষণা মূল্যহীন আনুষ্ঠানিকতা মাত্ৰ৷সেয়ে ভাৰতৰ দৰে এখন জনবহুল তৃতীয় বিশ্বৰ দেশৰ কৃষি বিজ্ঞানৰ ৰণাংগণৰ সবাতোতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰত্যাহ্বানযুক্ত ধাৰাতিয়েই হ’ল কৃষি সম্প্ৰসাৰণ৷চমুকৈ ক’বলৈ গ’লে কৃষি গৱেষণাকেন্দ্ৰ আৰু পথাৰৰ কৃষকবন্ধু সমাজৰ মাজৰ একমাত্ৰ সংযোগী সাকোখনেই কৃষি সম্প্ৰাসৰণ৷অৱশ্যে আনুষ্ঠানিক শিক্ষাৰ অংশৰূপেও কৃষিবিজ্ঞানৰ ছাত্ৰছাত্ৰীয়ে স্নাতকৰ প্ৰথম বৰ্ষৰ পৰাই কৃষি সম্প্ৰসাৰণৰ তত্বগত দীক্ষা লাভ কৰে৷আমাৰ স্নাতক জীৱনৰ কৃষি সম্প্ৰসাৰণ শিক্ষাৰ প্ৰথম বৰ্ষৰ পাঠ্যক্ৰম আছিল সম্প্ৰসাৰণৰ ইতিহাস তথা অতীত আৰু বৰ্তমানৰ কৃষি সমন্ধীয় চৰকাৰী আচনিৰ এক মেটমৰা ভৰাল৷প্ৰতিজন ব্যক্তিয়েই মানৱীয় দোষ-গুণৰ সমষ্টি৷অৱশ্যে এই অভাজনৰ সীমাহীন দোষৰ তুলনাত গুণৰ ওজন প্ৰায় আৰ্য্যভট্টৰ সেই মহান গাণিতিক উদ্ভাৱনৰ সমান৷মই এলেহুৱা নহয় কিন্তু আনুষ্ঠানিক শিক্ষাৰ এন্দুৰ দৌৰৰ প্ৰতি সৰুৰে পৰাই মোৰ ভীষণ অনিহা৷সেয়ে এনে মেটমৰা জ্ঞানৰে সমৃদ্ধ পাঠ্যক্ৰমক আগৰাতি পঢ়ি পিছদিনাৰ চূড়ান্ত পৰীক্ষাত কাউৰীঠেঙীয়া আখৰৰ ৰূপত বমি কৰি আহি পুনৰ স্মৃতিশক্তিহীন হৈ পৰিলো৷
গুৰুৰ অবিহনে জ্ঞানপ্ৰাপ্তি অসম্ভৱ৷যদি কিবাকৈ হ’লেও কোনোবাই সাম্যক জ্ঞান আহৰণো কৰে জীৱনৰ ধৰ্মযুদ্ধত তাৰ যে সৎপ্ৰয়োগ কস্মিনকালেও নহয় সেয়া ধূৰূপ৷ভাৰতীয় দৰ্শন অনুসৰি গুৰু আৰু শিক্ষকৰ মাজত এক সূক্ষ্ম পাৰ্থক্য বিৰাজমান৷শিক্ষকে আনুষ্ঠানিক দীক্ষাৰ বিনিময়ত এক পূৰ্বনিৰ্দ্ধাৰিত মূল্যত মজুৰি লয় আৰু আনহাতে গুৰুৱে দক্ষিণাৰ অপেক্ষা নৰখাকৈ স্বেচ্ছাই উপযুক্ত পাত্ৰক শৈক্ষিক,দাৰ্শনিক,আধ্যাত্মিক জ্ঞান প্ৰদান কৰি তেওঁৰ জীৱন ৰথৰ সাৰথি হয়৷মোৰ স্বৰ্গবাসী পিতৃ মোৰ জীৱনৰ আদিগুৰু আছিল৷পিতৃবিয়োগৰ অন্তত তেওঁৰেই ভাতৃপ্ৰতীম ৰাষ্ট্ৰপতিৰ দ্বাৰা কৃতী শিক্ষকৰ বটাপ্ৰাপ্ত শ্ৰদ্ধাৰ জীতেন পূজাৰী ছাৰে গুৰুৰ ৰিক্ত স্থান পূৰ্ণ কৰি মোৰ জীৱন ৰথৰ সাৰথি হ’ল৷২০১৪ ত পূজাৰী ছাৰৰ আকস্মিক বিয়োগ হ’ল আৰু ইয়াৰ পিছৰ আঢ়ৈ বছৰকাল গুৰুবিহীন মোৰ জীৱন ৰথৰ চকাই মাথো কংক্ৰিটৰ সভ্যতাৰ ভৌতিক সুখৰ মৰীচিকা খেদিলে৷কিন্তু ২০১৬ ৰ প্ৰায় মাজভাগত দৈৱৰ কৃপৰত মোৰ জীৱনৰ তৃতীয়জন গুৰুৰ ৰূপত আন এজন পিতৃস্থানীয় ব্যক্তিৰ আৰ্বিভাৱ ঘটিল আৰু তেওঁৰ সদ উপদেশৰ বলতে মোৰ কক্ষ্যচ্যুত জীৱন ৰথে পুনৰ এক নতুন দিশৰ সন্ধান পালে৷তৃতীয়জন গুৰুৰ সান্নিধ্যই মোক উত্তৰ আধুনিক গোলকীকৃত পৃথিৱীৰ বাস্তৱ দৰ্শনৰ সাম্যক জ্ঞান দিলে আৰু ইয়াৰেই ফলশ্ৰুতিত একালত অৱহেলা কৰা কৃষি সম্প্ৰাসৰণ শিক্ষাৰ সমান্তৰালভাৱে ভাৰতীয় গ্ৰাম্য সমাজ,শৈক্ষিক মনোবিজ্ঞান,কৃষি অৰ্থনীতি আৰু কৃষকৰ সেৱাৰ ৰূপত আই বসুন্ধৰাৰ পূজনৰ প্ৰতি মই আগ্ৰহী হৈ পৰিলো৷“কৰ্মনে বা ধিকাৰস্তে মা ফলেচো কদাচন“ গুৰুৰ আৰ্শীবাদপুষ্ট এই নতুন ৰুচিৰ বাবেই হয়তো হাঁহচৰাৰ অচিনা ঘাট অন্তত মোৰ আপোন গাওঁত পৰিণত হ’ল আৰু বৌদ্ধিক ৰূপত ঐতিহাস্যিক শিৱসাগৰত মই পুনৰজনম লভিলো
মই নিশ্চিত নহয় মোৰ এই স্বভাৱ উচিত নে অনুচিত কিন্তু ভক্তিমাৰ্গৰ পৰা কৈশোৰ কালতেই বৈৰাগ্য লৈছিলো আৰু ইয়াৰ পিছৰে পৰাই গীতাত বৰ্ণিত জ্ঞান মাৰ্গকে মই বৌদ্ধিক মোক্ষ প্ৰাপ্তিৰ নিৰ্ভৰযোগ্য পথ বুলি ভাবো৷সেয়ে মই ব্যক্তিগত পৰীক্ষণ আৰু যুক্তিযুঁজৰ অবিহনে কাকোৱেই বিশ্বাস নকৰো পিতৃ-মাতৃ-গুৰু আনহে নালাগে নিজকো বিশ্বাস নকৰো৷ইয়াৰ পৰিণতিত জীৱনত একাধিকবাৰ সমস্যা আৰু যন্ত্ৰণাৰ সন্মুখীন হৈছো৷কিন্তু মোৰ প্ৰতিটো ভুলৰ পৰাই কিবা এক নতুন কথা শিকাৰ সুযোগো পাইছো৷এদিন মই তৃতীয়জন গুৰুক ক’লো,”আজিৰ তাৰিখত অসমীয়া কৃষকৰ দুৰৱস্থাৰ বাবে মূখ্যত কৃষক সমাজ নিজেই দায়ী৷কাৰণ তথ্য-প্ৰযুক্তিৰ জ্ঞান আহৰণৰ সলনি তেওঁলোক হিতাধিকাৰী আচনিৰ প্ৰতিহে অধিক আকৰ্ষিত৷“ গুৰুৱে ক’লে “এয়া বিকৃত সত্য৷“ কিন্তু মই বিনাপৰীক্ষণে অন্তিম নিৰ্ণয় সলনি কৰাৰ মুঠেই পক্ষপাতী নহয় আৰু উপযুক্ত সময়তে “RAWEP” ৰ ৰূপত পৰীক্ষণৰ সুযোগো লভিলো৷
“Amazon Prime Video” OTT প্লেটফৰ্মত মুক্তি পোৱা “Panchayat” ভাৰতীয় “web serise” ৰ ইতিহাসৰ এক অনন্য মাইলৰ খুটি আৰু প্ৰতিজন “RAWEP” ৰ অংশগ্ৰহণকাৰী প্ৰতিজন শিক্ষাৰ্থীয়েই বাস্তৱ জীৱনৰ জিতু ভাইয়া৷পাঠ্যক্ৰমৰ তথ্য-প্ৰযুক্তিৰ-তত্ব-ধাৰণা আৰু আধুনিক তথ্যপ্ৰযুক্তিৰ কেন্দ্ৰস্বৰূপ পৰী্ক্ষামূলক পথাৰ আৰু প্ৰকৃত পথাৰৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে আৰু সেইবাবেই হয়তো একবিংশ শতিকাৰ কংক্ৰিটৰ সভ্যতাৰ কৃষি বিশ্ববিদ্যালয়ৰ তত্বগত জ্ঞান “RAWEP” ৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ বিনে পংগুসদৃশ৷
মাৰ্ক্সে কৈছিল “বিপ্লৱী জনগণই বিপ্লৱৰ চালক্য শক্তি“৷ “জনগণৰ সমৰ্থন পাবৰ নিমিত্তে আমি জনগণৰ সামগ্ৰিক দৰ্শনক সন্মান জনাব লাগিব৷“(দ্বন্দ্ব্বমূলক বস্তুবাদ) কাৰণ শক্তি নহয় হৃদয় পৰিবৰ্তনৰ দ্বাৰাহে বিপ্লৱে স্থায়ীৰূপত লাভালাভ দিয়ে৷সেয়ে স্তালিনে গীৰ্জাত তলা ওলোমোৱাৰ দুই-তিনি দশক অন্তত স্তালিনবাদক ইতিহাসৰ ডাষ্টবিনলৈ দলিয়াই দি ছোভিয়েটৰ জনগণে পুনৰ গীৰ্জাৰ ৰঙা ফিটা কাটিলে,অসম আন্দোলনৰ কালত আদৰ্শগত বিৰোধিতাৰ বাবে আশীৰ দশকৰ পৰাই বাওপন্থী দল ক্ৰমে অসমৰ ৰাজনীতিত অপ্ৰাসংগিক হৈ পৰিল আৰু সুৰা নিষিদ্ধকৰণৰ প্ৰয়াসৰ বাবে জনজাতীয় সমাজে আলফাৰ সশস্ত্ৰ সংগ্ৰামক নস্যাৎ কৰিলে৷ সেইবাবেই কৃষকক নতুন প্ৰযুক্তি গ্ৰহণ কৰাৰ নিমিত্তে তেওঁক সৈমান কৰাবলৈ আমি সেই সমাজৰ দৰ্শনক শ্ৰদ্ধা নিবেদি আমিও তেওঁলোকৰ মাজত জীন যাব লাগিব আৰু মোৰ সীমিত জ্ঞানৰ পৰিধিৰে এনে শ্ৰদ্ধাশীল সমৰ্পিত মানসিকতা আৰু কোনো বিষয়ক কৃষকৰ দৃষ্টিৰে অনুভৱ কৰাই (empathy) কৃষিসম্প্ৰসাৰণৰ চাণক্যনীতি৷সেয়ে সম্প্ৰাসাৰণৰ সেৱা আগবঢ়াবৰ বাবে স্থানীয় কথিত ভাষা(মিচিং,কাৰ্বি,নামনিৰ দোৱান)সংস্কৃতি আৰু জাতীয় দৰ্শন তথা সংস্কৃতিৰ সাম্যক জ্ঞান প্ৰধানতম পূৰ্বচৰ্ত৷
প্ৰকৃত গ্ৰাম্য সমাজব্যৱস্থা মহানগৰীৰ কৃত্ৰিম কংক্ৰিট সভ্যতাৰ পৰা পৃথক৷আজি যোৰহাটৰ মই যি অঞ্চলত বসবাস কৰো তাতে বৰ বিশেষ কিবা পৰিস্থিতিৰ উদ্ভৱ নোহোৱালৈকে আমি কাষৰ ঘৰৰ কোনো কথাৰ ভু নাপাও তথা বাৰ্তালাপৰ দ্বাৰা কাষ চপাৰ সময় আৰু সুযোগ এটাও নাপাও৷কিন্তু গ্ৰাম্য সমাজত কথা বুলিলেই বতাহ৷ইয়াৰ মূখ্যতেই যৌথ পৰিয়াল,ওচৰাওচৰিকৈ বাস কৰা বংশপৰিয়াল,নামঘৰৰ দৰে ৰাজহুৱা অনুষ্ঠানৰ অৱদান আৰু কৃত্ৰিমতাহীন নিস্বাৰ্থ বিষয়৷চহৰৰ মালব’ৰো-কিংফিচাৰ কেন্দ্ৰিক হাফপেণ্ট নাৰীবাদৰ বিপৰীতে গাঁৱত মাৰ্ক্সীয় আৰ্হিৰ নাৰীবাদৰ কেন্দ্ৰ৷একেগৰাকী মহিলাই ৰোৱনী-দাৱনী-শিপিনী-পোহাৰী আৰু গৃহিনী৷সেয়ে হয়তো তাহানিৰ কামৰূপ সম্পৰ্কে বিজ্ঞলোকে কৈছিল,”অন্যত্ৰা বিৰলা দেৱী কামৰূপৰ গৃহে-গৃহে৷কামৰূপ অসম হ’ল কিন্তু গাঁৱৰ নাৰী পশ্চিমীয়া সভ্যতাৰ সংস্পৰ্শৰ অবিহনেই উৎপাদনমুখী আৰু আত্মনিৰ্ভৰশীল৷ ধৰ্মীয়,সাংস্কৃতিক আৰু পৰম্পৰাগত দৰ্শনৰ ক্ষেত্ৰত গ্ৰাম্য সমাজৰ কৃষক ৰাইজ আজিও যঠেষ্ট সংবেদনশীল৷কৃষকৰ বাবে পথাৰৰ মাটিডৰা মন্দিৰ সদৃশ আৰু কৃষিয়েই তেওঁৰ ধৰ্ম৷সেয়ে কৃষি আৰু কৃষিভূমিক লৈ তেওঁলোক ভীষণ আবেগিক৷আপোনাৰ তথ্য-প্ৰযুক্তিৰ জ্ঞান লাগিলে যিমানেই উন্নত নহওক লাগে আপুনি পোনেই যদি পৰম্পৰাগত কৃষি পদ্ধতিক তাৎচ্ছিল্য কৰি আপোনাৰ আদৰ্শ জাপি দিয়াৰ প্ৰচেষ্টা চলাই আপোনাৰ অৱস্থাও নাস্তিকতাবাদী দৰ্শনৰ বাবে অসমীয়া সমাজৰ পৰা ঠিয়গোৰ খোৱা বাওঁদলৰ দৰেই হ’ব৷বোপাককাৰ দিনৰ পৰা চলি অহা পৰম্পৰাগত পদ্ধতিক কৃষকে একে দিনাই নেৰে৷মানসিক পৰিবৰ্তন মন্থৰ আৰু পৰ্য্যায়ক্ৰমে হোৱা হৃদয় পৰিবৰ্তনৰ দ্বাৰাহে সম্ভৱ আৰু এনে পৰিবৰ্তনৰ বাবে আমি পূৰ্বতে উল্লেখ কৰা শ্ৰদ্ধা-সমৰ্পন আৰু এমপেথিৰ বিকল্প নাই৷সেয়ে হাঁহচৰাত ব্যক্তিগত পৰীক্ষণৰে মই সত্যৰ দৰ্শন লভিলো যদি কৃষকে তথ্য-প্ৰযুক্তিৰ প্ৰতি অনাসক্ত হৈ হিতধিকাৰী আচনিৰ পিছত দৌৰিছে তেনেহ’লে সেই মানসিকতাৰ পৰিবৰ্তন সাধিব নোৱাৰাটো কৃষকবন্ধুসকলৰ নহয় আমাৰ দুৰ্বলতা মাত্ৰ আৰু ইয়াৰ বাবে আমিয়েই দায়ী৷কৃষি সম্প্ৰসাৰণৰ বহু উত্তৰদায়ীয়ে শিক্ষাজীৱনত কৃষি সম্প্ৰসাৰণৰ শিক্ষাক হৃদয়ংগম নকৰাৰ বাবেই সম্ভৱত আজিৰ অসমৰ কৃষক সমাজত এনে মানসিক অৱক্ষয়ৰ সৃষ্টি হৈছে৷হয়তো সম্প্ৰসাৰণৰ ব্যৱহাৰিক জ্ঞানৰ পৰীক্ষণ বিহীন নিযুক্তি প্ৰক্ৰিয়াই এই সমস্যাৰ ঘাই শিপা৷
অসমৰ কৃষক সমাজ আৰু সম্প্ৰসাৰণ বিভাগক জুৰুলা কৰা আন এক সমস্যা হ’ল ৰঙা ফিটাৰ মেৰ-পেচ যুক্ত চৰকাৰী আচনি৷আঙুলিৰ মুৰত গণিব পৰা দুই-এক আচনিৰ অবিহনে আন সকলোবোৰ উৎপাদনকাৰীৰ মানসিক অপমৃত্যু ঘটাই হিতাধিকাৰীৰ জন্ম দিয়ে৷হিতধিকাৰী আচনিবোৰ পেইন কিলাৰৰ দৰে৷পীড়াৰ ক্ষন্তেকীয়া উপশম ঘটাই অথচ স্থায়ী সমাধান দুৰৰে কথা সমস্যাক অধিক জটিল ৰূপহে দিয়ে৷হয়তো মোৰ ধাৰণা শুদ্ধ ন’হবও পাৰে কিন্তু মোৰ অন্তৰে কয় একবিংশ শতিকাৰ ভাৰতক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা যোজনা কোনো প্ৰয়োজন নাই৷দুটকীয়া চাউল,এটকীয়া আটাৰ বিতৰণে উদ্যমী কৃষকৰ অপমৃত্যু ঘটাই ধোদৰ পচলাৰ সৃষ্টি কৰিছে৷এই আচনিত শস্য ক্ৰয়ৰ নামত ব্যয় কৰা বৃহৎৰাশিৰ ধনৰ আধাও যদি চৰকাৰে ভূমিহীন কৃষকক ভূমি,শস্যৰ বীজ বা অন্যান্য উৎপাদনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী,আধুনিক প্ৰযুক্তি আৰু বিনামূলীয়া শস্য বীমা(যাতে প্ৰাকৃতিক দুৰ্যোগবশত শস্য নষ্ট হ’লেও কৃষকৰ শ্ৰম অথলে নাযায়) ৰ নামত ব্যয় কৰে তেনেহ’লে ৰাষ্ট্ৰীয় খাদ্য উৎপাদন যোজনাৰ ৰূপ ল’ব৷এনেকৈ ৰাজকোষৰ ধনেৰে বিদেশৰ পৰা ধান,ঘেহু কিনি নিজৰেই দেশৰ কৰ্মসংস্কৃতিক হত্যা কৰা দেশ কেতিয়াও বিশ্বগুৰু হ’ব নোৱাৰে৷যদি আমি আত্মনিৰ্ভৰশীল হও প্ৰথমে ৰাজকোষৰ ধনৰ এনে অবাঞ্চিত ব্যয় ৰোধ হ’ব,ৰপ্তানি আৰু ৰাজহ বাঢ়িব,শিক্ষা-স্বাস্থ্যৰ দৰে শিতানত চৰকাৰে অধিক বিনিয়োগ কৰিব পাৰিব৷ইয়াৰ দীৰ্ঘকালীল প্ৰভাৱস্বৰূপে হিতধিকাৰী শ্ৰেণীৰ বিলুপ্তিকৰণ ঘটিব আৰু যোগ্য ৰাজনৈতিক নেতাৰ অভ্যুত্থানৰ দ্বাৰা সচাৰ্থত দেশ ৰাম ৰাজ্যত পৰিণত হ’ব৷
আচনি জড়িত দ্বিতীয়টো সমস্যা চৰকাৰী ৰঙাফিটাৰ মেৰপেছ আৰু ইয়াৰ পৰিণতিত কেতিয়াবা মাৰ্চত সিচিব লগীয়া শস্যৰ বীজ কৃষকে মে মাহত হে পায়৷মই নিজেই হাঁহচৰাত বহুবাৰ এনে ঘটনাৰ সাক্ষী হৈছো৷এনে সমস্যাৰ অন্ত পেলাবলৈ চৰকাৰ আৰু প্ৰশাসনৰ সদিচ্ছাই যঠেষ্ট৷
ব্যৱসায়ীক যোজনাৰ অভাবো আন এক সমস্যা৷গুজৰাট বা পাঞ্জাৱৰ দৰে ৰাজ্যৰ তুলনাত অসমত ব্যৱসায়িক উদ্যমতা সংস্কৃতি(enterprenural culture)ৰ স্থিতি বৰ পুতৌজনক৷এইক্ষেত্ৰত অসমীয়া মধ্যবিত্তৰ সন্তানক শিশুকালতেই অভিভাৱকে জাপি দিয়া চৰকাৰী চাকৰি সৰ্বোচ জাতীয় ধাৰণা আংশিক ভাবে দায়ী আৰু সমান্তৰালভাৱে তেনে মানসিকতাৰ স্থিতৱস্থাৰ বাবে চৰকাৰ-প্ৰশাসন-সংশ্লিষ্ট বিভাগ আৰু শিক্ষানীতি সকলোৱেই সমানে দায়ী৷আমি আশাবাদী যে ব্যৱহাৰিক শিক্ষাক অধিক গুৰুত্ব দিয়াৰ প্ৰতিশ্ৰুতিৰে অভ্যুত্থান ঘটা নতুন শিক্ষানীতিয়ে হয়তো এনে পৰিস্থিতিৰ উন্নতি সাধিবলৈ সক্ষম হ’ব৷
অসমীয়া কৃষকে মুখ্যত ধানৰ খেতিয়েই কৰে য’ত মুনাফা অতি সীমিত৷দেশৰ অৰ্থ-সামাজিক স্থিতিৰ বাবে জৈৱিক কৃষিৰ(Organic Farming) প্ৰতি একক নিৰ্ভৰশীলতাও বৰ এক সঠিক ন’হব৷“যাৰ ধান নাই তাৰ মান নাই৷“ সেয়ে কৃষকক ধানখেতি বাদ দিবলৈ কোৱা এক আত্মঘাতী পদক্ষেপ মাত্ৰ৷ইয়াৰ পৰিবৰ্তে পথাৰৰ ধাননিডৰাৰ সমান্তৰালভাৱে ঘৰৰ বাৰীখনকে পশুধন-মাছ-মৌবাহ-গোৱৰ গেছ-জৈৱিক সাৰ ইত্যাদিৰে সমন্ধয়ৰে সমৃদ্ধিশালী কৰিবলৈ কৃষকক উৎসাহিত কৰাই শ্ৰেয় হ’ব বুলি মই বিশ্বাস কৰো৷অৱশ্যে এনে সমন্ধিত কৃষি পাম(Integrated Farm)ৰ বাবে বৃহৎ পৰিমাণৰ ভূমি আৰু মূলধনৰ প্ৰয়োজন কিন্তু অসমৰ কৃষকসমাজ মূখ্যত ক্ষুদ্ৰ কৃষকৰ সমষ্টি৷সেয়ে আজি সমগ্ৰ বিশ্বতে সমাদৃত আমুলৰ দৰে সফল “cooperation” ৰ আদৰ্শ গ্ৰহণ কৰাৰহে মই পক্ষপাতী৷একতাই পৰম বল৷সেয়ে আমুলৰ দৰে মডেল গঢ়ি উঠিলে মূলধন,মানৱসম্পদ আৰু কৃষক দৰ-দামৰ ক্ষমতা কেউতাৰে বৃদ্ধি হ’ব আৰু এই ৰণনীতিক সফল ৰূপ দিয়াই আজি আমাৰ সন্মুখত একেসময়তে সৰ্ববৃহৎ সুযোগ আৰু প্ৰত্যাহ্বান৷প্ৰতিখন মহকুমা বা জিলাৰ সদৰত যদি চৰকাৰে অতি কমেও এটা শীতগাৰ(cold storage) আৰু যাতায়তৰ ৰেহাই মূল্যত ব্যৱস্থা কৰি দিয়ে মধ্যভোগী আৰু চিণ্ডিকেটৰাজে সৃষ্টি কৰা মূল্যবৃদ্ধিৰ পৰা জনতাই পৰিত্ৰাণ পাব আৰু কৃষকেও তেওঁৰ কষ্টৰ উচিত মূল্য,সন্মান তথা উৎসাহ পাব৷যিদেশত অন্নদাতাই অন্নৰ ভাগ নাপায়,সন্মান নাপায় সেই দেশ কেতিয়াও ৰাম ৰাজ্য হ’ব নোৱাৰে৷সংৰক্ষণৰ সুবিধাৰ অভাবত মধ্যভোগীয়ে চল্লিশ টকা কিলোত বিক্ৰী কৰা বিলাহী বৰপেটীয়া-খাৰুপেটীয়াৰ কৃষকে সেই একেই মধ্যভোগীকে দুটকাত বিক্ৰী কৰে লগতে এই বুভুক্ষাপীড়িত দেশত বৃহৎ পৰিমাণৰ ফলমূল-শাকপাচলী উৎপাদনথলীতে গেলি-পচি নষ্ট হ’য়৷
কৃষিৰ সৈতে কুটীৰ শিল্প,মূল্য সংশাধন উদ্যোগ আৰু বিকল্প শস্যৰ উৎপাদন অতি জৰুৰী৷এশ-এবুৰি জাতীয়তাবাদী সংগঠনৰে পূৰ্ণ এই ৰাজ্যৰ হাতীদাঁত শিল্প সময়ৰ বালিত লুক্ত হ’ল আৰু শুৱালকুছি-সাৰ্থেবাৰী আদিও আজি পাহৰণিৰ গৰ্ভত৷মূল্য সংশাধন কৃষি অৰ্থনীতিৰ ট্ৰাম্পকাৰ্ড স্বৰূপ৷দহটা আম বিক্ৰী কৰিলে অতি বেছি পাচশ টকা তাৰে শীতল পানীয় বনালে অতিকমেও তিনিহাজাৰ টকাৰ মুনাফা৷অৱশ্যে এইক্ষেত্ৰত “coopeative” আৰ্হিৰ প্ৰয়োজন আছে৷বিকল্প শস্য যেনে ফুল,কাঠফুলা আদিৰ বাণিজ্যিক উৎপাদনৰ কথাও ভাবিব পাৰি৷বিয়া-পূজা-সম্বৰ্ধনা সভা পুস্প মালা বা বুকেৰ অবিহনে চন পৰা বৃন্দাবন৷কিন্তু অসমৰ বজাৰৰ এপাহি ফুলো অসমৰ নহয় কলিকতাৰ৷লগতে আমাৰ পৰম্পৰাগত খাদ্য তথা পানীয়কো GI মাৰ্কসহ চৰকাৰী-বেচৰকাৰী প্ৰচেষ্টাৰে আমি আন্তৰাষ্ট্ৰীয় বজাৰলৈ লৈ যোৱা সময়ৰ দাবী৷আমেৰিকাৰ বাৰ্গাৰ-ইটালীৰ পিজ্জা অসমৰ লাৰু-পিঠা-জলপান কিয় হ’ব নোৱাৰে?ৰাছিয়ান ভদকা-স্কটজ হুইস্কী সাজপানীকনো এঘৰীয়া কিয় কৰিলে?
কৃষি বিভাগে সচাৰচৰ জিলাই প্ৰতি শস্য উৎপাদনৰ বাবে “Package and Practice” বোলা এখন লিফলেট কৃষকক গুজি দিয়ে৷কিন্তু আজি তিতাবৰ আৰু নিমাতিৰ মাটিৰ গুণাগুণ জানো একেই?কীট-পতংগৰ উপদ্ৰৱ সমগ্ৰ জিলাখনতে কিদৰে একেই হ’ৱ?মাটিৰ স্বাস্থ্য পত্ৰ(soil health card) ৰ দ্বাৰা সাৰৰ সমস্যাটোৰ আংশিক হ’লেও সমাধান হৈছে৷এনে প্ৰগতিশীল আচনিৰ পিছতো ভূমিৰ পৰীক্ষণৰ বাবে যদি কৃষক আগ্ৰহী বা জ্ঞাত নহয় আমি আত্মসমালোচনা আৰু আত্মমূল্যায়নৰে কাৰ্য্যপন্থাৰ সালসলনি কৰা উচিত৷কীটনাশকৰ ক্ষেত্ৰটো অধিক গৱেষণা আৰু ক্ষেত্ৰভিত্তিক জৰীপৰ লগতে ৰাসায়নিক পদ্ধতিৰ সলনি সমন্ধিত পদ্ধতিক প্ৰাধন্য দিয়া বহনক্ষম উন্নয়নৰ এক পূৰ্বচৰ্ত৷
কৃষকক হিতধিকাৰী সজা তথা ঋণ বা অনুদানৰ ৰূপত নগদ ধন দিয়াৰ সলনি উৎপাদনৰ সামগ্ৰী তথা বিনামূলীয়া শস্য বীমা বিতৰণ কৰিলেহে বুভুক্ষা,পুষ্টিহীনতা,কৃষকৰ আত্মহত্যা তথা নিবনুৱা সমস্যাৰ সমাধান হ’ব৷লাগিলে পুজিপতিয়েই হওঁক বা ক্ষুদ্ৰ কৃষকেই হওক চৰকাৰে ৰাজকোষৰ ধনেৰে ঋণ মাফ কৰিলে সমস্যাৰ সমাধান নহয় বৰঞ্চ ঋণ নামাৰি ঋণৰ ধনেৰে উৎপাদনৰ সলনি ভোগ-বিলাস কৰাৰ কুসংস্কাৰহে সমাজত কাঠফুলাৰ দৰে গঢ়ি উঠে৷
“Rome was not built in a day” বা ভুকুতে কলতো নপকে৷সেয়ে উৎপাদনশীল আচনিৰ প্ৰস্তকৰণ,ইয়াৰ বাস্তৱ প্ৰয়োগ,সময়মতে পুনৰীক্ষণ আৰু প্ৰয়োজন সাপেক্ষে আচনিৰ বিবৰ্তনৰ দ্বাৰাহে অন্নদাতাৰ আৰ্থসামাজিক উন্নয়ন সম্ভৱ৷
মই পূৰ্বেই কৈছো মোৰ তৃতীয়জন গুৰুৰ সান্নিধ্যই মোক কৃষি সম্প্ৰসাৰণৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল সেয়ে সেই বিভাগতে স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছিলো৷মোৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰাত তেওঁ মোক আন এক সত্যৰ দৰ্শন দিলে তাত্ত্বিক শিক্ষা আৰু RAWEP ৰ মাধ্যমেৰে ইতিমধ্যেই তুমি সম্প্ৰসাৰণক মোটামুটি ভাবে হ’লেও হৃদয়ংগম কৰিছা৷বয়সৰ সৈতে অভিজ্ঞতা আৰু জ্ঞান দুয়োটাই বাঢ়িব৷কিন্তু প্ৰযুক্তিৰ সম্প্ৰসাৰণৰ বাবে নিত্যনতুন প্ৰযুক্তিৰ প্ৰয়োজন৷সেয়ে তুমি সম্প্ৰসাৰণৰ সৈতে প্ৰযুক্তিৰো অধ্যয়ন কৰা৷কথাষাৰে মোৰ হৃদয় চুলে আৰু মই কৃষি ৰসায়ন বিজ্ঞানৰ ছাত্ৰ হ’লো৷অসমৰ কৃষকসকলে আজিকালি প্ৰায়েই এক সমস্যাৰ সন্মুখীন হ’য়৷জহাচাউল বা জহাকোমোৰাৰ গোন্ধ নাই৷ইয়াৰ মূখ্য কাৰণ গোলকীয় উত্তাপ বৃদ্ধি কাৰণ উদ্ভিদজাত সুগন্ধিয়ে প্ৰখৰ ৰ’দ আৰু তাপ সহিব নোৱাৰে৷সেয়ে ছা পৰা চেচুক ঠাইৰ প্ৰয়োজন৷জৈৱ ৰাসায়নক নিৰ্বাচন নকৰা হ’লে হয়তো এই সমস্যাৰ সমাধানসূত্ৰ মই নাজানি সম্প্ৰসাৰণৰ ৰণত চক্ৰবেহুৰ অভিমুন্যত পৰিণত হ’লোহেঁতেন৷জৈৱ ৰাসায়নে অসমৰ জাতীয় উদ্ভিদ কপৌ ফুলৰ ঔষধী গুণ,কুশবনৰ শিপাত সুপ্ত সুগন্ধি,জালুকৰ গুণাগুণ আদিৰ বৈজ্ঞানিক সত্যৰ সন্ধান দিলে৷সম্প্ৰসাৰণ শিক্ষাৰ ছাত্ৰৰূপে শিকিছিলো শিক্ষা এক অন্তহীন প্ৰক্ৰিয়া৷মানুহে দেখি শিকে-ঠেকি শিকে৷আমৃত্যু শিকি যায় আৰু অভিজ্ঞতাৰ ভৰাঁলত পৰিণত হয়৷যি অতীতৰ ভুলৰ পৰা শিক্ষা গ্ৰহণ কৰে তেওঁ সফলতাৰ শিখৰ বগাই আৰু নিশিকাজন নিজেই এক ট্ৰেজিক ইতিহাসত পৰিণত হয়৷
সম্প্ৰসাৰণ শিক্ষাৰ ধাৰণা সম্পৰ্কে কৈছিলো যে এয়া গৱেষণাস্থলী আৰু উৎপাদনস্থলীৰ মাজত সাঁকো কিন্তু সেই বাখ্যা আধৰুৱা প্ৰকৃততে এয়া ব্যক্তি বিশেষ আৰু সমাজৰ মাজৰ হৃদয়ৰ সাঁকো যি আমাক আমাৰ পবিত্ৰ জন্মভূমিৰ আই বসুমতীৰ সচাৰ্থত সেৱা কৰিবলৈ মাগদৰ্শন কৰে৷ব্যক্তিৰ মানসিকতা আৰু দৃষ্টিকোণ উভয়কে সূক্ষ্ম তথা সুকুমাৰ ৰূপ দিয়ে৷মোৰ দৰে কংক্ৰিটৰ সভ্যতাৰ মৰীচিকা খেদা ব্যক্তিয়ে পুনৰজনম লভি এখন ঘৰ,গাওঁ আৰু সমাজ নিৰ্মালীৰূপে পায়৷ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱহৰলাল নেহেৰুৱে কৈছিল,”সকলো খণ্ডই প্ৰগতিৰ বাবে অপেক্ষা কৰিলেও অন্তত কৃষি খণ্ডক অপেক্ষা কৰিবলৈ দিয়া উচিত ন’হব৷“ পণ্ডিত নেহেৰুৰ এই বাণী এশ শতাংশই শুদ্ধ৷কৃষিকৰ্ম ভাৰতৰ স্বাভিমানী আত্মা আৰু কৃষি সম্প্ৰসাৰণ সেই জীৱাত্মাৰ পথ প্ৰৰ্দশনকাৰী পৰমাত্মা স্বৰূপ৷কোনো দেশ,কোনো ব্যৱস্থা বা কোনো বিভাগেই শ্ৰেষ্ঠতম নহয় কিন্তু ইয়াক শ্ৰেষ্ঠতাৰ শিখৰলৈ লৈ যোৱাটোৱেই আমাৰ নৈতিক কৰ্তব্য৷সমস্যা আৰু প্ৰত্যাহ্বান চিৰশাশ্বত৷কবিয়ে কোৱাৰ দৰে “দুখ নাথাকিলে ক’ত আহি জিৰাবাহি সুখৰ চৰাই৷“ সেয়ে জীৱশ্ৰেষ্ঠ ৰূপে আমাৰ কৰ্তব্য সমস্যাৰ সমাধানসূত্ৰৰ সন্ধানেৰে যিকোনো অভিশাপক আৰ্শীবাদৰ ৰূপ দিয়াৰ৷অন্নদাতাক বুভুক্ষু ৰজনী কটাবলৈ বাধ্য কৰা দেশ বিশ্বগুৰু নহয় আৰু পথাৰৰ সলনি কেৱল মাত্ৰ মন্দিৰৰ ভূমি পূজনেৰে দেশত ৰাম ৰাজ্য নহয়৷শেষত পণ্ডিত নেহেৰুৰ উত্তৰাধিকাৰী শাস্ত্ৰীজীৰ “জয় জোৱান জয় কিষাণ“ শ্লগানেৰে আজিৰ আলোচনাৰ সামৰণি মাৰিলো৷



