“হে যুধিষ্ঠিৰ তোমাৰ কন্ঠই সদা ধৰ্মক প্ৰতিনিধিত্ব কৰে!উত্তৰ দিয়া যুধিষ্ঠিৰ তুমি উত্তৰ দিয়া৷কন্ঠত ধৰ্মক ধাৰণ কৰি প্ৰতিধ্বনিত কৰা সেই সত্যৰ দৰ্শনৰ অমৰত্বৰ আশীশপ্ৰাপ্ত মোৰ পুত্ৰ অশ্বত্থামাৰ মৃত্যু হোৱা নাই৷জীয়াই আছে,জীয়াই আছে গুৰুপুত্ৰ অশ্বত্থমা৷কোৱা ধৰ্মৰাজ কোৱা৷“ দ্ৰোণচাৰ্য্যই ব্যথিত কন্ঠৰ প্ৰশ্নবাণে যুধিষ্ঠিৰক ব্যাকুল কৰি তুলিলে৷দ্ৰোণবধৰ বিনে নিস্কন্টনক নহয় ইন্দ্ৰপ্ৰস্থৰ সিংহাসনৰ প্ৰাপ্তি৷কিন্তু চক্ৰৱৰ্তী সম্ৰাটৰ খ্যাতিপ্ৰাপ্তিৰ ৰক্তাক্ত যজ্ঞত কেনেকৈনো দিও সত্যৰ আহুতি৷ ” হে ধৰ্মৰাজ ধৰ্ম সংস্থাপনৰ এই যুদ্ধত কাইলৈ আপুনি সন্মুখীন হ’ব সত্য,ন্যায় আৰু ধৰ্মৰ অগ্নিপৰীক্ষাৰ৷গুৰুদেৱে সত্যক হৃদয়ংগম কৰাৰ অধিকাৰ কাহানিবাই হেৰুৱালে৷মনত ৰাখিম অন্যায়ৰ বিৰূদ্ধে অন্যায় ন্যায় প্ৰতিষ্ঠাৰেই অন্যতম মাৰ্গ৷“ যুধিষ্ঠিৰৰ মন আকাশত কেশৱৰ বাণী বিজুলী হৈ চমকিল৷যুধিষ্ঠিৰে ধীৰ কন্ঠেৰে ক’লে,”অশ্বত্থমা হত ইতি গজ৷“ কেশৱৰ পৰিকল্পনাই কাৰ্য্যকৰী ৰূপ পালে সম্ভৱত পাণ্ডৱ সেনাৰ হৰ্ষধ্বনি ধৰ্মৰাজৰ কন্ঠেৰে নিৰ্গত অন্তিম সত্যৰ পথত হেঙাৰ হ’ল আৰু সত্যৰ দৰ্শনৰ পৰা প্ৰতাৰিত হ’ল গুৰু দ্ৰোণ৷
“হে পাণ্ডুপুত্ৰ৷সিংহাসনৰ স্বাৰ্থত নিজ গুৰুপুত্ৰকো ৰেহাই নিদিলা৷কি ভুল আছিল মোৰ পুত্ৰৰ৷অন্নদাতা কুৰুবংশৰ হৈ প্ৰতিৰোধ সমৰত লিপ্ত হোৱাটো কি মোৰ পুত্ৰৰ পাপ আছিল৷ভগৱান পৰশুৰামে এই দৰিদ্ৰ ব্ৰাহ্মণক সমস্ত শস্ত্ৰৰ জ্ঞান দান কৰিছিল৷মই সেই পৰশুৰামৰ শিষ্য যি একৈশ বাৰ বসুমতীক ক্ষত্ৰিয়ৰ অধৰ্মৰ ভাৰৰ পৰা মুক্ত কৰিছিল আৰু আজি ইতিহাস পুনৰ সাক্ষী হ’ব পৰশুৰামৰ শিষ্যই সৃষ্টি কৰা আন এক মহাবিনাশৰ৷মই ব্ৰহ্মাস্ত্ৰৰ প্ৰয়োগেৰে সমস্ত পাণ্ডৱ সেনাৰ বিনাশ কৰিম৷এয়া গুৰুৰ অভিশাপ৷এয়া পুত্ৰহাৰা পিতৃৰ অভিশাপ৷এয়া ভগৱান পৰশুৰামৰ শিষ্যৰ অভিশাপ৷“
সময় স্তব্ধ হৈ পৰিল৷স্থিৰচিত্ৰত পৰিণত হ’ল ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ আৰু কেশৱৰ মুখেৰে নিৰ্গত হ’ল ধৰ্মৰ গাণ্ডীৱৰে সন্ধান কৰা যুক্তিৰ প্ৰশ্নবাণৰ “হে গুৰু দ্ৰোণ৷শান্ত হওঁক নিজকে সম্বৰণ কৰক!মই যদি কওঁ যুধিষ্ঠিৰৰ সত্য সত্য নহয়৷অমৰত্বৰ আশীষপ্ৰাপ্ত অশ্বত্থমা অপৰাজেয় তেনেহ’লে আপুনি ব্ৰহ্মাস্ত্ৰৰ সন্ধানৰ অন্ত পেলায় নিয়তিৰ মাৰ্গৰ কন্টক হোৱাৰ পৰা নিজকে উদ্ধাৰ কৰিবলৈ আজিও সামৰ্থ্যবান নে?“ “হে বাসুদেৱ,হে যশোদা নন্দন এই বৃদ্ধ পিতৃক কৰুণা কৰা৷মোক প্ৰকৃত সত্যৰ দৰ্শনেৰে পৰিচয় কৰোৱা৷“ “সত্য!সত্যইতো আপোনাক কাহানিবাতেই পৰিত্যাগ কৰিলে গুৰুদেৱ৷একলব্যৰ ৰক্তৰঞ্জিত গুৰুদক্ষিণাৰে সমগ্ৰ আৰ্য্যব্ৰতক কলংকিত কৰা,সুতপুত্ৰক বিদ্যাৰ দৰে সাৰ্বজানীন অধিকাৰৰ পৰা মিথ্যা জ্যাতিভিমানৰ নামত বঞ্চিত কৰি মহাৰথী হোৱাৰ পথত হেঙাৰ ৰূপে ঠিয় দিয়া,অন্নদাতাৰ ঋণ সুজাৰ সুবাদত দ্ৰোপদীৰ বস্ত্ৰহৰণৰ দৰে ব্যাভিচাৰৰ নিৰ্ল্লজ নীৰৱ সাক্ষী হৈ অন্যায়ৰ দাসত্বৰ শিকলিক স্বীকাৰ কৰা ভৰদ্বাজ পুত্ৰক আজি সত্যৰ প্ৰয়োজনেই বা কি?যেতিয়া সত্যই আপোনাক আহ্বান কৰিছিল,ন্যায়ে আপোনাক কাকুতি কৰিছিল আৰু ধৰ্মই আপোনাৰ জ্ঞানৰ কৱচৰ ভিক্ষা মাগিছিল তেতিয়া আপুনি ক’ত আছিল গুৰু দ্ৰোণ?সমগ্ৰ জীৱন সত্যই আপোনাক অন্তৰ আত্মাৰ স্বৰ হৈ ক’লে বৰ্ণ জন্ম নহয় কৰ্মভিত্তিক৷কিন্তু ব্যক্তিগত স্বাৰ্থসিদ্ধি আৰু ভোগবিলাসৰ তাড়নাত ব্ৰহ্মত্বক ত্যাগ কৰি আপুনি একলব্য আৰু কৰ্ণৰ সৈতে চৰম প্ৰতাৰণা কৰিলে৷বেদৰ কৰ্মভিত্তিক বৰ্ণব্যৱস্থাক জন্মভিত্তিক ৰূপ দি আপুনি সত্যক বিকৃত কৰা অধৰ্মৰ আন্দোলনৰ মূখ্য হোতা হ’ল৷পুত্ৰীসমা পাঞ্চালীৰ কাকুতি-মিনতিয়েও গলাব নোৱাৰিলে আপোনাৰ মোহ সৃষ্ট দাসত্বৰ বান্ধোনৰ আৰু এনেদৰেই একাগ্ৰতা,ধৈৰ্য্য আৰু কৃচ্ছ্ৰসাধনৰ মধুৰতম ফল ব্ৰহ্মত্বক হেৰুৱাই অজ্ঞানৰ মাৰ্গৰে পতিত হৈ ব্ৰহ্মবিদ্যাৰ জ্ঞাতা অন্তত পৰিণত হ’ল দাসত্বৰ শিকলিৰে আবদ্ধ শুদ্ৰত৷আপুনি ভগৱান পৰশুৰামৰ প্ৰতিজ্ঞাকো প্ৰৱঞ্চনা কৰিলে৷শুদ্ৰহৈ ব্ৰহ্মাস্ত্ৰৰ বিদ্যা গ্ৰহণ কৰি আজি সৃষ্টিক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচিছে৷সত্য শুনাৰ আপোনাৰ কোনো অধিকাৰ নাই গুৰুদেৱ৷হে ভৰদ্বাজপুত্ৰ ভগৱান পৰশুৰামৰ ধৰ্মযুদ্ধৰ আদৰ্শক ব্ৰাহ্মণৰ ক্ষোভাগ্নিৰ নামান্তৰত পৰিণত কৰাৰ পূৰ্বে এই সত্যক স্বীকাৰ কৰক ব্ৰহ্মবিদ্যা প্ৰাপ্তিৰ অন্ততো সাংসৰিক বন্ধনৰ দাস হৈ আপুনি কৰ্মৰে শুদ্ৰত পৰিণত হৈছিল আৰু আপোনাৰ মায়াপাশৰ শিকলিৰ বাবেই অশ্বত্থামা আজি ধৰ্মৰ শত্ৰুত পৰিণত হ’ল৷“ “মোৰ ভুল!মায়াপাশ!দাসত্বৰ শিকলি৷এয়া মোৰ পুত্ৰপ্ৰেম বাসুদেৱ৷মোৰ সাধনাই অশ্বত্থমাক ভূমিষ্ঠ কৰিলে,বিদ্যাৰ জ্ঞানেৰে জ্যোতিস্মান কৰি আজি সম্ৰাটৰ পদত অধিষ্ঠিত কৰিলে৷মই অশ্বত্থামাৰ কোনো প্ৰয়োজনৰে পুৰণত ক্ৰটী কৰা নাছিলো৷ধন দিলো,সম্পত্তি দিলো,ৰাজ্য দিলো,ৰাজঅভিষেকো কৰিলো……..“ “সংস্কাৰ দিলে,ন্যায়ৰ দৰ্শন দিলে আৰু ধৰ্মৰ জ্ঞান?বিনাসমৰ্থনে পাৰ্থিৱ সম্পত্তিৰ স্বামী হোৱাৰ সামৰ্থ্য মোৰ দৰে আপোনাৰ পুত্ৰৰো আছিল৷মোৰ শৈশৱে প্ৰতিমূহূৰ্ততে মৃত্যুৰ শীতল ছায়াত গোকুলৰ নন্দবাবা আৰু যশোদা আইৰ কুটীৰত জীৱন অতিবাহিত কৰিছিল৷কিন্তু সুদৰ্শনময়ী কৰ্মৰে আজি মই দ্বাৰকাধীশ আৰু সত্য-ন্যায়-ধৰ্মৰ পথৰ পৰা বিচ্যুত আপোনাৰ পুত্ৰ আপোনাৰ মোহৰ বাবেই আজি ধৰ্মৰ শত্ৰুত পৰিণত হৈ অমৰত্বৰ বোজাসহ পৰাজয়ৰ ক্ষণ গণিছে৷অশ্বত্থামাৰ দৃষ্টিতটো আটাৰ ঘোলেই মা কামধেনুৰ আৰ্শীবাদ আছিল৷কিন্তু আপুনি পুত্ৰমোহত কঠোৰ সাধনাৰ অন্ত পেলায় ব্ৰহ্মত্বৰ পোছাক খুলি এগিলাচ গাখীৰৰ স্বাৰ্থত হস্তিনাপুৰৰ শুদ্ৰ ভৃত্যত পৰিণত হ’ল৷ইয়াৰ পৰিবৰ্তে যদি দেৱশিশু অশ্বত্থমাৰ সৰলতাৰ মাজতে যদি আপুনি সত্যৰ সন্ধান কৰাৰ সামান্যতমো প্ৰচেষ্টা চলালেহেঁতেন আজিৰ পৰিস্থিতি নিশ্চয় পৃথক হ’লহেঁতেন৷হয়তো পুত্ৰ অশ্বত্থমাসহ আপুনি আজি ধৰ্মযুদ্ধৰ মাগদৰ্শক হ’লহেঁতেন৷ “হে দ্বাৰিকাধীশ৷স্বৰ্ণখচিত অন্তেষপুৰৰ প্ৰাচুৰ্য্য আৰু আড়ম্বৰ মাজত শৈশৱ কৈশোৰ অতিবাহিত কৰা প্ৰদ্যুন্ম বা অনিৰূদ্ধৰ দৰে সৰল নাছিল মোৰ পুত্ৰৰ জীৱন৷আটাৰ ঘোলক গাখীৰ বুলি কিমান দিন মিথ্যাসান্ত্বনা দিম মোৰ পুত্ৰক৷সেয়ে মোৰ পুত্ৰপ্ৰেমে মোক বাধ্য কৰালে ব্ৰহ্মত্ব ত্যাগ কৰি…….” “ক্ষমা কৰিব গুৰু দ্ৰোণ৷কিন্তু পবিত্ৰ প্ৰেমৰ এনে অপবাখ্যাই মোক বাধ্য কৰালে আপোনাৰ কন্ঠক ৰূদ্ধ কৰিবলৈ৷পুত্ৰপ্ৰেম নহয় গুৰুদেৱ পুত্ৰমোহ৷প্ৰেম সহজাৰ্থত ধৰ্মৰ সমাৰ্থক৷ধৰ্মই সহস্ৰবৰ্ষৰ দাসত্বৰ শিকলি ছিঙি জাগ্ৰত জীৱাত্মাক শৰীৰ ৰূপী ভেল সৃষ্ট জন্ম-মৃত্যুৰ অন্তত চক্ৰৰ পৰা মুক্তিৰ পথৰ সন্ধান দিয়ে৷সেয় মই ব্যথিত হৈছো এয়া কেনে পুত্ৰপ্ৰেম বা পিতৃধৰ্ম যি আপোনাক সাংসৰিক সুখৰ মায়াপাশত আবদ্ধ কৰি অন্নদাতা ধৃতৰাষ্ট্ৰৰ দাসত পৰিণত কৰিলে৷আপোনাৰ পুত্ৰপ্ৰেম প্ৰকৃতাৰ্থত পুত্ৰমোহৰ নামান্তৰ মাত্ৰ৷ কৰ্মফলৰ অপেক্ষাই মনুষ্যক মাথো পীড়া দিয়ে আৰু নিস্কাম কৰ্মযোগে মনুষ্যক অনন্ত সুখৰ স্বামী কৰে৷প্ৰেম লাভালাভৰ সূত্ৰবদ্ধ গণিত নহয় কিন্তু মোহ লাভালাভৰ গণিতে জন্ম দিয়া এক পুতিগন্ধময় নৰ্দমা যি ব্যক্তিৰ বিবেকক ভ্ৰষ্ট কৰি অজ্ঞানতাৰ অন্ধকাৰলৈ ঠেলি দিয়ে৷সেয়ে জ্যোতিৰ্ময়ী প্ৰেম ধৰ্ম আৰু মোক্ষৰ পথ আৰু মোহৰ অন্তিম পৰিণতি অসত্য,অন্যায়,অজ্ঞানতা আৰু অধৰ্মৰ অংশীদাৰিত্ব আপোনাৰ এই মোহে কেৱল আপোনাৰ পুত্ৰৰ জীৱনকে নহয় আৰ্য্যব্ৰতৰ গৌৰৱময়ী গুৰুৰ ইতিহাসতো কলিমা সানিলে৷“ “কিন্তু মইতো মোৰ শিষ্যসকলক সৰ্বস্ব উজাৰি…….” “আপোনাৰ মৃন্ময় প্ৰতিমাক সাক্ষী কৰি শস্ত্ৰ চালনাৰ অভ্যাস কৰা নিনাদপুত্ৰ একলব্য কি আপোনাৰ শিষ্য নাছিল?মহাৰথী কৰ্ণৰ কি যোগ্যতা নাছিল আপোনাৰ সান্নিধ্যলভি অস্ত্ৰশিক্ষা গ্ৰহণ কৰাৰ?নে আপোনাৰ শিক্ষা কেৱল ৰাজপুত্ৰৰ বাবেই সংৰক্ষিত আছিল?বিদ্যাৰ দৰে বিশ্বজানীন অধিকাৰৰ পৰা জন্ম-বৰ্ণৰ ভিত্তিত কাৰোবাক বঞ্চিত কৰাৰ অধিকাৰ আপোনাক কোনে দিলে গুৰুদেৱ?এয়াই আছিল নেকি আপোনাৰ পিতৃ মহৰ্ষি ভৰদ্বাজৰ সংস্কাৰ?চৰ্তুবেদ,নীতিশাস্ত্ৰ,ধৰ্মশাস্ত্ৰৰ জ্ঞানে কি আপোনাক এয়াই শিকালে?হে বিভেদকামী দ্ৰোণ এয়াই কি আপোনাৰ ব্ৰহ্মত্ব,ব্ৰহ্মবিদ্যা আৰু ব্ৰহ্মজ্ঞানৰ বিকৃত স্বৰূপ?আপোনাৰ দৰে লোভী,অহংকাৰী আৰু পথভ্ৰষ্ট মহৰ্ষি পুত্ৰক গুৰু বুলি সম্বোধন কৰিবলৈও প্ৰকৃতাৰ্থত মোৰ আত্মাই অনুমতি নিদিয়ে৷সেয়ে মহৰ্ষিপুত্ৰ জীৱনৰ শেষ মূহূৰ্তত আপুনি শুনক এই অন্তিম সত্যৰ দৰ্শন গুৰু তেওঁ যি বিদ্যাৰ দান কৰে,বিদ্যাৰ বেপাৰ নহয়৷সেয়ে গুৰুৱে গুৰুদক্ষিণাৰ মাথো অপেক্ষা ৰাখে কিন্তু অমূল্য জ্ঞানদানৰ বিনিময়ত লাভ কৰা দক্ষিণাৰ প্ৰতি লোভ নাৰাখে তথা গুৰুদক্ষিণাৰ ৰূপত অমূল্যবিদ্যাৰ মূল্য নিৰ্দ্ধাৰণ কৰাৰ ধৃষ্টতাও নকৰে৷বাৰু একলব্যৰ অধ্যায়ৰ সামৰণী মাৰিলো৷কিন্তু অৰ্জুন!অৰ্জুনটো আপোনাৰ প্ৰিয়তম শিষ্য আছিল!কি বিছাৰিল আপুনি অৰ্জুন তথা কুৰুকুলৰ পৰা দক্ষিণাৰ ৰূপত!সাত্বিক দক্ষিণাৰ বেশত তামসিক প্ৰতিশোধ৷পুত্ৰমোহ আৰু প্ৰতিশোধৰ দাৱনালে অন্ধ কৰা মহৰ্ষিপুত্ৰই দ্ৰোপদৰ অৰ্দ্ধৰাজ্য কাঢ়ি লৈ অশ্বত্থামাক সিংহাসনত বহুৱাই নিজৰ সপোন পুৰালে৷কিন্তু যজ্ঞকুণ্ডৰ পবিত্ৰ অগ্নিৰ পৰা অভ্যুত্থান ঘটা পাঞ্চালী আপোনাৰ সেই গুৰুদক্ষিণাৰে বিষময় ফল আৰু সেই যাজ্ঞসেনীৰ স্বাভিমানৰ ৰক্ষাৰ স্বাৰ্থতেই আজিৰ এই ধৰ্ম যুদ্ধ য’ত আপুনি পুত্ৰ অশ্বত্থমাসহ অন্তত পৰিণত হ’ল ধৰ্মৰ শত্ৰুত৷মহৰ্ষি ভৰদ্বাজৰ পুত্ৰ হৈ আপুনি পাহৰি গ’ল মহৰ্ষি বিশ্বামিত্ৰৰ ইতিহাস!ভগৱান পৰশুৰামৰ শিষ্য হৈ অধৰ্মৰ সৃষ্টিকাৰী শক্তিক নিৰ্মুল কৰাৰ পৰিবৰ্তে অন্নৰ স্বাৰ্থত আপুনি অধৰ্মৰ দাসত পৰিণত হ’ল৷সেয়ে মিথ্যা আপোনাৰ ব্ৰহ্মজ্ঞান,ব্ৰহ্মবিদ্যা আৰু ব্ৰহ্মত্ব৷ব্ৰহ্মাস্ত্ৰক সন্ধান কৰাৰ ক্ষমতাও আপোনাৰ নাই৷ইচ্ছা কৰিলে চকুৰ নিমিষতে শিশুপালৰ দৰেই আপোনাৰ এই অধোগামী জীৱাত্মাকো মই ব্যাভিচাৰী শৰীৰৰ বন্ধনৰ পৰা মুক্ত কৰিবলৈ পূৰ্ণমাত্ৰেই সক্ষম৷কিন্তু আপুনি তাৰো যোগ্য নহয়৷সেয়ে হে মহৰ্ষি ভৰদ্বাজ পুত্ৰ অস্ত্ৰবিদ্যাৰ প্ৰশিক্ষক দ্ৰোণ অন্তিম মূহূৰ্তত সত্যক হৃদয়ংগম কৰি,ন্যায়ৰ পক্ষ লৈ অস্ত্ৰ সম্বৰণ কৰি ধৰ্মৰ ধাৰণেৰে মোক্ষ প্ৰাপ্তিৰ অন্তিম সুযোগ গ্ৰহণ কৰক অন্যথা আপুনি সময়ৰ অন্তলৈকে নৰক অগ্নিত নিৰ্বাপিত হ’ব৷“

সময়ৰ নদীৰ সোঁত পুনৰ স্বাভাৱিক হ’ল,ৰণশিঙা বাজি উঠিল,আত্মাৰে দৰিদ্ৰ দ্ৰোণে সজল নয়নেৰে ধৰ্মৰ সুদৰ্শনৰ সন্মুখত আত্মসমৰ্পণ কৰিলে৷ধৃষ্টদ্যুম্নৰ তৰোৱালখন সূৰ্য্যৰ পোহৰত তিৰবিৰাই উঠিল৷ধৰ্মযুদ্ধত অধৰ্মৰ সেনাপতি ৰণত পৰিল৷

Leave a comment