“হে কৌন্তেয়৷মানৱ সভ্যতাৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মযুদ্ধখন নিশ্চয়কৈ মৃত্যুৰ বীভিষিকা আৰু ৰক্তপাতৰ বীভৎসতাৰ পৰা মুক্ত আছিল৷কাৰণ ইতিহাসৰ সেই শ্ৰেষ্ঠতম ধৰ্মযুদ্ধ কুৰুক্ষেত্ৰৰ স্থূল ৰণভূমিৰ পৰিবৰ্তে সংঘটিত হৈছিল মৃত্যুলোকৰ মানস সৰোবৰৰ সুক্ষ্ম মনসমুদ্ৰত৷অমৃতপ্ৰদত্ত অমৰত্বৰ আশাত সাত্বিক বৃহস্পতিৰ দ্বাৰা দীক্ষিত সুদৰ্শনী সুৰ আৰু তামসিক শুক্ৰচাৰ্য্যৰ ঋণাত্মক দৰ্শনেৰে দীক্ষিত অসুৰ ইতিহাসত প্ৰথম আৰু হয়তো অন্তিমবাৰৰ বাবে একত্ৰিত হৈছিল মনসমুদ্ৰৰ তীৰত৷ধৈৰ্য্য আৰু কৃচ্ছ্ৰসাধনৰ প্ৰতীক কুৰ্মই ভাৰ সহিলে পৰ্বতসম অজ্ঞানতাৰ অহামিকাৰ৷বাসুকীৰ মিথ্যা আতংকৰ পাশেৰে অজ্ঞানতাৰ অহামিকাক বান্ধি মথা হ’ল জ্ঞান গংগা৷কিন্তু প্ৰথমে অমৃত নহয় হলাহল৷
অজ্ঞানতাৰ অহামিকা আৰু মিথ্যা আতংকই সৃষ্টি কৰিলে হলাহলী উত্তৰসত্যৰ৷উত্তৰসত্যৰ পৃথিৱীত সাধাৰণ মানৱে দিগবিদিগ হেৰুৱালে৷কিন্তু যিয়েই উত্তৰসত্যক পাচন কৰিবলৈ সক্ষম হ’ল তেৱেই নীলকন্ঠ দেৱাদিৱ মহাদেৱ৷উত্তৰসত্যৰ অন্তত অমৃতৰূপী সত্যৰ উদয় হ’ল৷ঐশ্বৰ্য্য আৰু বিভূতিটো সদায়েই সত্যনাৰায়ণৰ চৰণকমলত৷মোহিনীৰ যোগমায়াৰে মন আৰু আত্মাৰ সংযোগ৷অমৃত কেৱল সুদৰ্শনী সুৰৰ বাবে আৰু ষষ্ঠৰিপু স্বৰূপ অসুৰৰ পতনৰ বাবে কেৱল আৰু কেৱল মাত্ৰ বাৰুণী সুৰা৷লোভে ৰূপ সলাই সুৰৰ শাৰীত বহিলে৷মই সুদৰ্শন চলালো৷হৃদয়হীন মস্তিস্কই কেৱল মাত্ৰ প্ৰাচুৰ্য্য আৰু আড়ম্ব বিচাৰে৷ভোগ,ভোগ আৰু ভোগ৷ৰাহুৰ মহাভোগ৷মস্তিস্কহীন হৃদয়৷অন্ধপ্ৰেম আৰু অন্ধভক্তি৷কৰ্মযোগ,জ্ঞানযোগ সকলোকে অতিক্ৰমি কেৱল মাথো কেতুৰ বিকৃত আৰু চলনাময়ী ভক্তি যোগ৷অমৃত পান কৰি লোভ অমৰ হ’ল৷পাৰ্থিৱ সুখ-সম্পদৰ লোভ আৰু মোক্ষৰ লোভ৷সেয়ে ৰাহু-কেতু ছায়া গ্ৰহ৷কোনোৱে ভ্ৰমিত কৰে ৰাজ্যৰ নামত আৰু আন কোনোৱে ধৰ্মৰ নামত৷শণি অস্তিত্বহীন সূৰ্য্যনাৰায়নৰ ছায়া মাত্ৰ!শণি ন্যায়দাতা!শণি এক ছায়া মাত্ৰ মিথ্যাৰ ছায়া,দ্বন্দ্বৰ ছায়া,আবেগ আৰু বিবেকৰ সংঘৰ্ষৰ ছায়া মুঠতে তমস,তমস আৰু তমস৷শণিৰ জটিলতাৰ তমস৷
শুক্ৰচাৰ্য্য শীতল,জটিল,কুটিল আৰু ধৰ্মৰ শত্ৰু৷বুদ্ধিত বৃহস্পতি হৈও আমি পথভ্ৰষ্ট হওঁ৷বুদ্ধি থাকে অথচ জ্ঞান লুপ্ত হয়৷সেয়ে মংগলময়ী সংঘৰ্ষৰ স্থান লয় তামসিক লোভ আৰু ছায়াই৷
চন্দ্ৰমা সংবেদনশীল৷মনৰ প্ৰশান্তিয়েই আত্মাৰ সৌৰ্ন্দৰ্য্যৰ মূল কাৰক৷কিন্ত সূৰ্য্যনাৰায়ণৰ আৰ্শীবাদ বিনে চন্দ্ৰ নিস্প্ৰভ৷সূৰ্য্যই ৬৪ পদাৰ্থৰে গঠিত ভেলৰ নিয়ন্ত্ৰক মন বা চন্দ্ৰমাৰ প্ৰকাশস্বৰূপ আত্মজ্ঞান৷
সূৰ্য্যৰ প্ৰকাশময়ী আত্মজ্ঞানে চন্দ্ৰমাৰ মনলৈ প্ৰশান্তি কঢ়িয়াই,আত্মজ্ঞানৰ প্ৰকাশে বৃহস্পতিৰ বুদ্ধিক মংগলময়ী সংগ্ৰামৰ পথ দেখুৱাই,শুক্ৰনীতি অচল হয়,শণিৰ ছায়া আৰু ৰাহুকেতুৰ মায়াপাশৰ অন্তত নৱতম দৰ্শন ও আদৰ্শৰ ৰূপত পৰম আলোকেৰে আলোকিত হৈ ৰাজঅভিষেক হয় যুৱৰাজ বুধৰ৷
মস্তিস্ক,কন্ঠ আৰু হৃদয়ত কেৱল মাত্ৰ ধৰ্মৰ অভ্যুত্থান আৰু অধৰ্মৰ বিনাস৷হে পাৰ্থ এয়াইটো ধৰ্মযুদ্ধ৷