সপ্তাহচেৰেক আগেয়ে চন্দ্ৰবাবুৰ হুমকি,”ক’লেই হ’ব নেকি!নোৱাৰে বুলিছো নহয় মুঠৰ ওপৰত ছিটিবাছৰ ভাড়া বাছৰ মালিকে মন গলেই বহাব নোৱাৰে৷“ চন্দ্ৰ দাইটিৰ কথাষাৰ নোহোৱাও নহয় পেট্ৰলৰ চেঞ্চুৰীক মাৰৌ গুলী তেনেকুৱা ক’ত চেঞ্চুৰী আগেয়ে আমাৰ টেণ্ডুলকাৰ-গাভাস্কাৰহঁতে মাৰিছিল সেই বুলি কি চিটিবাছৰ ভাড়া বাঢ়িছিল নেকি!ভাগ্যে চন্দ্ৰবাবু আজি তাহানিখনৰ দৰে ছাত্ৰনেতা হৈ থকা নাই৷ ন’হলে “আমাৰ দাবী মানিবই লাগিব আহ ঐ আহ ওলাই আহ!আন্দোলন,জ্বলন্ত টায়াৰৰ গলন্ত ৰাবাৰ,টায়াৰৰ প্ৰৰ্দূষিত ক’লা ধোৱাৰে ধূম্ৰধূসৰিত দীঘলীৰ পাৰ,পিকেটিং,অন্নশন,PPC(পৰীক্ষা পিছুৱা কমিটি) ৰ উত্থান,জুমুঠি-পুত্তলিকাৰ দহন,২৪ ঘন্টীয়া চকাবন্ধ,৪৮ ঘন্টীয়া দিছপুৰ বন্ধ আৰু অনিৰ্দিষ্টকালীন অসম বন্ধ৷মুঠৰ ওপৰত ছাতৰৰ গান্ধীগিৰিত নতশিৰ প্ৰশাসন৷হওঁ বুলিলে ডাড়ি-চুলি পকাই নহয় মুৰৰ চুলি সৰি ব্ৰহ্মতালু উদং হৈ সন্ন্যাসৰ প্ৰতীকৰূপে ভোবোলা ডাড়ি ৰাখি চন্দ্ৰ দাইটিও ছাত্ৰনেতা হৈ নাইট চুপাৰ,মাটি কটা ট্ৰাক,পেট্ৰল ডিপোৰে অসমৰ বিহুবলীয়া ৰাইজক সেৱা কৰিব পাৰিলে হ’য়৷কিন্তু চন্দ্ৰবাবুৱে তাহানিখনতেই আৰোহণ কৰা হোষ্টেলীয়া সখা গজৰাজ তলংভতং গতি দেখি বুদ্ধিমানৰ পৰিচয় দি একেজাপে কমলৰ ঠাৰি ছিঙি খোদ চৰকাৰ হ’ল৷ৰাছিয়াতো জুই লাগে সেইবুলিটো আমাৰ পুটিনে বাছৰ ভাড়া নবঢ়াই৷চন্দ্ৰবাবুৱে নো সেয়ে এনে অন্যায় কিদৰে সহে৷দি দিলে বাপ্পেক্কে খৰা দম এটা৷

কিন্তু অসমীয়াত এষাৰ কথা আছে নহয় “বোলে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি৷“হওঁতে আমাৰ খুৰীদেৱে দাইটিৰ এনেকৈ কথা পাহৰা স্বভাৱতো সমূলি ভাল নাপায় সেয়ে এদিন বাপ্পেকে দিলে নহয় গুৱলগালি,”পঢ়া শুনা কৰহঁক অ’ আন্দোলনে জাতি নবচাই৷“ হওঁতে খুৰীদেউৰ কথাষাৰ মিছা নহয়৷বিডেনৰ আমেৰিকা আৰু পিংৰ চীনৰ লেঠাৰি নিছিগা “পেটেন্ত“ ৰ তালিকা আৰু আমাৰ কেৱল তেজে ধোৱা শ্বহীদৰ তালিকা আৰু চুক্তিৰ নামত দুখনমান উৱলি যোৱা কাগজ৷খুৰীদেৱে কথাষাৰ পলমকৈ হ’লেও বুজিলে সেয়ে বাছযাত্ৰীক ৰেলৰ পৰা নমাই সাহিত্য অকাডেমীৰে জগত জিনি ছিধাই “NBT” ৰ প্ৰমুখ হৈ অসমীয়া নাৰীবাদক সমৃদ্ধ কৰিলে৷দাইটিৰ ভেলটো কলেজত কিন্তু মনপক্ষী আন্দোলনত৷সেয়ে গণিত,বিজ্ঞান,সমাজবিদ্যা,অৰ্থনীতি,পৰিবেশ অধ্যয়ন সোপাই পাহৰিল কিন্তু জ্বলন্ত টায়াৰৰ গলন্ত ৰাবাৰৰ কৃপাত কিবাকৈ ৰাজনীতি বিজ্ঞান ভাগিৰ কন্ঠত সৰস্বতী হৈ এঠা লাগি বহিল৷সেয়ে দিন,ৰাতি,ৰাছিয়া,ছিটিবাছ সমস্ত একাকাৰ কৰি কোনোমতে একঠা খাই আছে৷

“যোগান কমিলে চাহিদা বাঢ়ে ফলত মূল্যবৃদ্ধি হয়“ টায়াৰ জ্বলাই থাকোতে হয়তো অৰ্থনীতিৰ এই সাৰুৱা জ্ঞান দাইটিয়ে আত্মসাৎ কৰিব নোৱাৰিলে৷আহি গ’ল চকীদাৰ,গুচি গ’ল চিটিবাছ,চাঞ্চতে ডাঞ্চ গুৱাহাটী ডাঞ্চ ভংগীমাৰে ৰেপিড’,অ’লা,উবেৰ সোপাই দিলে নহয় বাপ্পেকে ঠিয় গোৰটো মাৰি৷হেই দাইটিৰ পেটত নহয় অ’৷ৰাইজৰ পেটত৷ৰাইজেই অঞ্জুমান অঞ্জুমানেই ৰাইজ৷অহম ব্ৰহ্মস্বাপী৷”Starbuck” লৈ যাম কফি এটুপি খাম ৰেপিড’ই বোলে ময়ো পিছে পিছে যাম৷খাউন্দেও চল চাই আকাশত চাং পাতিছিল “Absolute Barbeque” লৈ যাম গেৰেলা দি খাম উবেৰেও বোলে ময়ো পিছে-পিছে যাম৷কেঞাগোলাৰ মালিকৰ দৰে থুলন্তৰ চেহেৰাৰ বাবে মাৰ্ক্সবলীয়া ৰাইজৰ দৃষ্টিত অঞ্জুমানেই বুৰ্জোৱা আৰু কপালৰ সেন্দুৰীয়া তিলক তথা জোঙা নাকৰ জহত মাদানী গেংৰ মতে এই নাগপুৰীয়া নৰাধমেই কলিৰ চিৰঞ্জীৱী ৰামভক্ত হনুমান৷কিন্তু দৰাচলতে ভৰদ্বাজ আৰু কাশ্যপৰ গুৰুপুত্ৰ হালেই সৰ্বহাৰী ব্ৰহ্মচাৰী বিদ্যাৰ্থী মাত্ৰ৷উলুৰ লগত বগৰী পোৰে৷হওঁতে আমি সৰ্বহাৰাই কিন্তু উদৰত ৰাহু সেয়ে offer ৰূপী ব্ৰহ্মাস্ত্ৰৰ চালনাৰে পুজিপতিগোষ্ঠীৰ মুৰত কঠাল ভাঙি ধৰ্মযুদ্ধত স্মিথৰ পুজিবাদক ধাৰাশায়ী কৰি সৰ্বহাৰাৰ একনায়কত্ববাদকে কলি কালৰ ধৰ্মৰূপে প্ৰতিষ্ঠা কৰিবলৈ আমি হৰিভকত দুজনা সংকল্পবদ্ধ৷সপোন আছিল ”Starbuck” ৰ কফি আৰু “Absolute Barbeque” ৰ ডিনাৰ পাৰ্য্যমানে ঠুচি মাদানী আৰু আদানীৰ সোৱৰণত ইন্দুমতীৰ দীঘলীৰ পাৰত ডাচ্কাপিটাল লিখাৰ৷চন্দ্ৰবাবুৰ হুমকিয়ে সামান্যতম হ’লেও সকাহ দিছিল৷কিন্তু বৰদৈচিলাৰ দৰে চকীদাৰৰ আগমন,চিটিবাছৰ অৰ্ন্তধান,ৰেপিড’-উবেৰৰ পুজিবাদ৷শেষত চক্ৰবেহুৰ অভিমুন্যহে হ’লোগৈ৷এতিয়া অন্তিম আশা তেৰাৰ ওপৰতেই কিবাকৈ জয়দ্ৰথ অহ ছৰি উপায়ুক্তক হুমকি এভাগ দিলে আমি অভিমুন্য হালেই চক্ৰবেহুৰ বাজ হৈ “Starbuck” ৰ নামমাত্ৰ কফিৰ গুৰি, চেনী,আধালিটাৰ পানী আৰু পাউদাৰ গাখীৰ সোপা কটকটকৈ গিলি “Absolute barbeque” ত ছাপ্পন ভোগেৰে উদৰ পুৰাই ফুহুৰি উগাৰ দুটা মাৰি বিশটকীয়া ৰাইট’মিটাৰ আৰু দিস্তাকাগজক সাৰথি কৰি মাদানী-আদানী সোঁৱৰণত বিবেকৰ আশীষ লভি “কেপিটেলৰ“ অসমীয়া সংস্কৰণৰ সৃষ্টিৰে মোক্ষ লভিম৷

Leave a comment