“দুখ নাথাকিলে ক’ত আহি জিৰাবাহি সুখৰ চৰাই৷“ “সূৰ্য্যোদয়ৰ পূৰ্বে আকাশৰ হৃদয়ৰ মণিকুটৰ তমসা ৰাণীয়ে গাঢ় কলা বৰণীয়া ছাদৰ পিন্ধে৷“ “জীৱন এখন পৰ্ট্ৰেইট মাজে-মাজে সুখৰ সেউজীয়া বাগিছা আৰু কেতিয়াবা দুখৰ বেঙুণীয়া আচোৰ৷“ “হেপাহৰ মৰুভূমিত প্ৰাপ্তিৰ মৰীচিকা বিচাৰি জীৱনে উচুপি উঠে৷“ প্ৰিয়দৰ্শিনীয়ে প্ৰেংক কৰি বেয়া পায়,প্ৰিয়দৰ্শিনীয়ে ৰিয়েল্টী শ্ব’ বেয়া পায় কিন্তু জীৱন মানেইটো এখনি আপোচৰ দস্তাবেজ৷প্ৰিয়দৰ্শিনী তেতিয়া ষোড়শী গাভৰু,মহাবিদ্যালয়ৰ নৱাগতা ছাত্ৰী,যৌৱনৰ ফুলনিত সমীৰণে গোলাপৰ সুবাস বিলালে৷প্ৰেম-বিবাহ-সংসাৰ!জীৱন এখনি মহাকাব্য৷হেঁপাহৰ এক নতুন অধ্যয়ৰ ৰূপত কণমাণি ৰিয়াৰ আগমণ ঘটিছিল সিহঁতহালৰ জীৱনলৈ.“জীৱনে ৰং চায় ৰঙে গঢ়ে ৰামধেনু৷“ ধুমুহা আহিল৷সমীৰণৰ চঞ্চল ৰক্তকোষ- লিউকেমিয়া!ব্লাড কেঞ্চাৰ৷তিনি কোটি৷বহু শূণ্যৰ প্ৰয়োজন অন্যথা সংসাৰৰ জমা-খৰছ স্থবিৰ হৈ যাব,সংসাৰ পৰিণত হ’ব শূণ্যত মহাশূণ্যত৷
ফেক দুনিয়াৰ ৰিয়েল্টী শ্ব!বীভৎস প্ৰেংক৷বিজয়ীৰ তাজ৷তাজ মানে নোট৷নোট মানে জীৱন৷জীৱনে প্ৰেংক কৰিলে পৰিণতিত আজি প্ৰেংক বেয়াপোৱা প্ৰিয়দৰ্শিনী প্ৰেংক শ্বৰ মজিয়াত৷গ্ৰেণ্ড ফিনালে৷প্ৰিয়দৰ্শিনীয়ে তিনিমহীয়া ৰিয়া মাইনাক আলফুলে কোলাত ল’লে ৷ঘৰৰ মজিয়াত৷ডিজিটেল ভাৰত৷আটাৰ আকাল অৱশ্যে ডাটা সুলভ৷সেয়ে কেৱল মাত্ৰ এটা ট্ৰাইপদ,এটা স্মাৰ্টফোন আৰু অলপমান সস্তীয়া ডাটা৷গোলকীকৃত পৃথিৱীত পাকঘৰৰ মজিয়া আৰু মজিয়া গ্ৰেণ্ড ফিনালেৰ মজিয়াৰ মাজত পাৰ্থক্যই বা ক’ত৷
“পইছা লাগে!পইছা!সমীৰণক জীয়াই ৰাখিবলৈ৷জীৱনৰ বাবে শূণ্য৷শূণ্যৰ বাবে তাজ!তাজৰ বাবে চিটি৷চিটিৰ বাবে প্ৰেছাৰ কুকাৰ৷প্ৰেছাৰত কোন!মোৰ ৰিয়া মাইনা!” পাগলীৰ দৰে প্ৰিয়দৰ্শিনীয়ে খিলখিলাই হাঁহিব ধৰিলে৷চিইটটটটটট৷চাৰিটা হুছেইল৷দৰ্শকৰ কম্পমান অন্তৰ৷বিজয়ৰ তাজ প্ৰিয়দৰ্শিনীৰ শিৰত৷এইবাৰ এটা মৰমলগা ভিডিঅ’৷ৰিয়া মইনাক প্ৰিয়দৰ্শিনীয়ে কোলাত লৈ প্ৰিয় দৰ্শকক কৃতজ্ঞতা জনাইছে৷
প্ৰিয়দৰ্শিনীয়ে প্ৰেংক বেয়া পায়৷কিন্তু জীৱন মানেই আপোচৰ দলিল৷প্ৰিয়দৰ্শিনীৰ জীৱন মানেই সমীৰণ৷সেয়ে প্ৰিয়দৰ্শিনীও প্ৰেংকষ্টাৰ হৈ পৰিল৷সৰ্বশ্ৰেষ্ঠ প্ৰেংকষ্টাৰ৷প্ৰথম মানেই দ্বিতীয় মানেই প্ৰথম৷ভুল গণণা৷বিন্যাসৰ সালসলনি৷প্ৰেংক,প্ৰেংক!ৰিয়েল্টী কি?দ্বিতীয়টো চিটি৷গলি যোৱা মঙহ গুড়ি হোৱা হাড়৷কাৰ প্ৰেছাৰ?সমীৰণৰ জীৱনৰ!কাৰ কুকাৰ?প্ৰিয়দৰ্শিনীৰ চাৰিটা চিটিৰ অন্তত কুকাৰত কি?স্পাইছি চুপ!কাৰ চুপ?ৰিয়া মাইনাৰ৷