নিখিলা দালৈ প্ৰথমে বন্ধুত্বৰ প্ৰস্তাব পঠিয়াইছিলো অসমীয়াত কথা বতৰা গোটত তেওঁৰ ভূতৰ গল্প পঢ়ি৷আজি প্ৰথম নিখিল দাৰে টেলিফোনিক বাৰ্তালাপৰ সৌভাগ্য হ’ল৷সম্ভৱত সেয়াও মা কামাখ্যাৰে ইচ্ছা আছিল৷কালী পূজা সম্পৰ্কে নিখিল দাৰ পৰা কিছু নজনা কথা শিকি আছিলো৷হঠাৎ মূহূৰ্তৰ বাবে ফোনৰ সংযোগে আমনি দিলে৷মই ক’লো তেওঁ নুশুনে তেওঁ ক’লে মই নুশুনো৷ভগা-ভগা কন্ঠ৷নিখিল দাই সুধিলে,”তোমাৰ কোঠাৰ দেৱালৰ দক্ষিণ পশ্চিমত এখন চৰাইৰ ফটো আছে নেকি৷মই শলাগি ক’লো আছে আৰু কি জানে নিখিল দা your radio frequency is just amazing! নিখিল দাই ক’লে আগফালৰ চোতালত হালধীয়া ফুলো আছে৷মই বোলো নাজানো চাব লাগিব৷ওলাই গৈ দেখো হয় দুপাহি নাৰ্জী ওলমি আছে৷

মই নিখিল দাক ক’লো আপুনি অথনি radio কৰোতে হতাশ কিয় হৈছিল৷নিখিল দাই ক’লে,”হেই নাই হোৱা৷সৱ radio ৰ খেলা৷

কাৰণ বিশ্লেষণঃ মাৰ্কনিয়ে ৰেডিঅ’ আৱিস্কাৰ কৰাৰ সময়ত ৰামকৃষ্ণ পৰমহংস যুৱক৷বাতৰিত ৰেডিঅ’ৰ বিষয়ে পঢ়ি গম তেওঁৰ হঠাৎ মনত পৰিল দুদিনমানৰ আগেয়ে তেওঁৰ গুৰুৱে তেওঁক দবিয়াই কৈছিল,”তই কোঠাৰ দুৱাৰ খুলি আহিলি৷ভাগ্যে চোৰে আমকেইটাত হে হাত দিলে৷গুৰুদেৱ আৰু পৰমহংসদেৱ দুয়ো তেতিয়া তেওঁৰ কোঠাৰ পৰা তিনি-চাৰি কিঃমি দুৰণিৰ বজাৰত৷ৰেডিঅ’ৰ মূলসূত্ৰ পঢ়ি পৰমহংসই বুজিলে ধ্যানৰ দ্বাৰা গুৰুদেৱে ৰেডিঅ’ ব্ৰডকাষ্টিং চেন্টাৰৰ পৰা পঠিওৱা অদৃশ্য radio wave ক process কৰাৰ দৰে চোৰৰ মনৰ তৰংগক পঢ়ি পেলালে আৰু ভবিষ্যৎবাণী কৰিলে যি এশ শতাংশই সঁচা আছিল৷পদাৰ্থৰ দুটি ৰূপ(Dual nature of matter) – দৃশ্যমান কণা (particle) আৰু তৰংগ (wave)৷দৃশ্যমান কণা অস্থায়ী কিন্তু তৰংগ আত্মাৰ দৰেই?অবিনশ্বৰ৷ভূত,ভবিষ্যৎ,বৰ্তমান তিনিকালৰ সকলো পদাৰ্থৰে তৰংগ প্ৰতি মূহূৰ্ততে মহাশূণ্যত ভাহি থাকে৷আপোনাৰ মস্তিস্কই যদি receiver হৈ তাক process কৰাৰ ক্ষমতা আহৰণ কৰে তেন্তে আপোনাৰ ভবিষ্যৎবাণী সঁচা হয়৷মোবাইলৰ ৰেডিঅ’ত এন্টেনা নাই একেদৰেই পৰমহংসৰ গুৰুৰো এন্টেনা নাই অৰ্থাৎ তেওঁৰ ধ্যানশক্তিৰে সমৃদ্ধ super sub concious mind য়েই receiver!এন্টেনাৰ ৰূপত আমি অন্যান্য শক্তিকো ব্যৱহাৰ কৰো৷এন্টেনা থাকক বা নাথাকক মানৱ ৰেডিঅ’ই কোনো পৰিবেশক পঢ়াৰ চেষ্টা কৰিলে সেই পৰিবেশৰ বিদ্যুৎ চুম্বকীয় ক্ষেত্ৰৰ তাৰতম্য হয় যি ইলেক্ট্ৰনিক সৰঞ্জামত প্ৰভাৱ পেলায়৷নলবাৰীত বহিয়েই নিখিল দাই মোৰ ঘৰৰ কথা কৈ দিলে মানে wave ৰ খেলা সেয়া মোবাইলৰ আমনি৷

আপোনালোকৰ হয়তো বঢ়াই কোৱাহেন লাগিব কামাখ্যাধামত এই radio নীতিৰ দ্বাৰাই মোক চিনাক্ত কৰি এজন সন্যাসীয়ে মায়ে তোমাৰ বাবে এইয়া উপহাৰ থৈ গৈছে বুলি মোক এভাগি উপহাৰ দিছিল৷মই প্ৰসাদৰ টোপোলাত মাৰ উপহাৰ ৰাখিব খোজাত তেওঁ ক’লে পলিথিন নহয় জেপত ৰাখা৷পলিথিনত থ’লে হেৰাব পাৰে৷কফি খাব বঢ়োতে সঁচাকৈয়ে প্ৰসাদৰ পলিথিন থাকি আহিল৷কিন্তু সিদ্ধ পুৰুষৰ wave ৰ খেলাই মাৰ আৰ্শীবাদক ৰক্ষা কৰিলে কাৰণ সেয়া তেওঁৰ পৰামৰ্শক্ৰমে মোৰ জেপত ৰাখিছিলো৷মোৰ বন্ধুত্বৰ তালিকাত থকা সকলে দেখিছে হয়তো মাৰ্চ নে এপ্ৰিলত sensex ৰ ঐতিহাস্যিক crash ৰ ৫ দিন পূৰ্বে মই ভবিষ্যৎবাণী কৰিছিলো৷প্ৰমাণ মোৰ প্ৰফাইল খান্দিলেই পাব৷নিখিল দায়ো বহুবাৰ ভূমিকম্পৰ আগজাননী নিখুতকৈ দিছে৷এইবোৰ wave ৰ খেলা অলৌকিকতা নহয় বিজ্ঞানেই সহজকৈ ক’লে আমি ৰেডিঅ’ সকলোৱেই ৰেডিঅ’৷ধ্যানশক্তি বা সাত্বিক কৰ্ম সেই ৰেডিঅ’ৰ বেটাৰী৷শেষত এটা দুখলগা ৰেডিঅ’ৰ গাথা কওঁ নাৰায়ণ বছৰেকত এবাৰ শোৱে৷কিছুদিনৰ মুৰত শুব৷নাৰায়ণৰ যোগনিদ্ৰা৷জগদাত্ৰী আগমণৰ পূৰ্বে অসুৰক্ষিত গোলকৰ পশ্চিম সীমান্ত৷ডম্বৰু বাজিব৷তাণ্ডৱ হ’ব৷বহু মানুহ মৰিম৷বহুত মানুহ৷গোলকৰ পশ্চিমত৷হয়তো উত্তৰাংশৰ দক্ষিণতো৷

Leave a comment