ঘড়ীত তিনি বজাৰ ঘন্টাধ্বনি৷সি সাৰ পায় উঠি দীঘলকৈ হুমুনিয়াহ কাঢ়ে৷আস!কি ভয়াবহ সপোন সেয়া৷দুৱাৰত কাৰোবাৰ টোকৰ৷সময় ২:৪৫৷দৰ্জাখন খুলি দেখে এটা নৰকংকাল৷নৰকংকালৰ ব্ৰজমুঠিৰ চেপা প্ৰাণ যাওঁ যাওঁ৷তেনেতে ঘড়ীত তিনিবজাৰ ঘন্টাধ্বনি৷সপোনৰ অন্ত৷
দৰ্জাত টোকৰ পৰিল৷ঘড়ীত সময় চালে৷২:৪৫৷সপোনৰ দৰেই৷মন্ত্ৰমুগ্ধ হৈ দুৱাৰখন খুলি দিয়ে৷নৰকংকালৰ টংকাৰ৷ব্ৰজছেপা৷সমাগত মৃত্যু পুনৰ সাৰ পায় যায় এলাৰ্ম ঘড়ীৰ ঘন্টাধ্বনিৰ শব্দত৷তিনি বজাৰ ঘন্টাধ্বনি৷ঘড়ী চাই দেখে৷২:৪৫৷দুৱাৰ খোলে৷বাহিৰত কংকাল৷কংকালৰ তংকাৰ৷পৌণপৌনিক৷এটা সপোনত ৩ বজাৰ ঘন্টাধ্বনি শুনে মৃত্যুৰ পৰা নিস্তাৰ৷বিছনাত বহে৷ঘড়ী চায়৷২:৪৫৷দৰ্জাত টোকৰ৷কংকালৰ টংকাৰ৷কিমান পাক যে ঘুৰিল৷সময় চক্ৰ৷কাল চক্ৰ৷কালৰ চক্ৰবেহুত অভিমুন্য৷