আইনুৱে প্ৰতিশ্ৰুতি দিছিল বিচ্ছেদৰ কিন্তু ইমান সোনকালে!কংক্ৰিটৰ নগৰীৰ ন্যায়ালয়ৰ বিবাহ বিচ্ছেদৰ গোচৰৰ সমাপ্তিৰ পূৰ্বেই নিয়তিৰ আদালতে শুনাইছিল আমাৰ বিচ্ছেদৰ সিদ্ধান্ত৷আস!কিমান যে সপোন আছিল তাইৰ৷বিচ্ছেদৰ অস্ত্ৰৰে মোৰ ব্যৱসায়িক সম্ৰাজ্যৰ অৰ্দ্ধাংশৰ সম্ৰাজ্ঞী হোৱাৰ সপোন৷মোক নিথৰুৱা কৰাৰ সপোন৷মোৰ প্ৰিয়বন্ধুৰে সোণৰ সংসাৰ তৰাৰ সপোন৷কিন্তু হায়৷নিষ্ঠুৰ নিয়তি৷অশান্ত-অবাধ্য ৰক্তকোষ৷লিউকেমিয়া!ব্লাড কেন্সাৰ৷তিনিমাহত সকলো সপোন চুৰমাৰ হৈ গ’ল৷মই আইনুক ভাল পাইছিলো৷কিন্তু মই সম্ৰাট মোৰ ব্যৱসায়িক সম্ৰাজ্যৰ৷সেয়ে ৰাজধৰ্মৰ আবাহন মই কৰিবই লাগিব৷তিনিমাহৰ আগৰ কথা৷আইনুৱে ঘৰলৈ গৈছিলো ডিভোৰ্চ পেপাৰত চহী কৰিবলৈ৷তেতিয়াই তাইৰ প্ৰিয় ক্লজ’আপ টুথপেষ্টটোক সাইলাখ একেই টিউব এটাৰ সলনি কৰি ৰাখি আহিছিলো তাইৰ বাথৰুমত৷একেই টিউব৷একেই ক্লজ’আপ৷মাত্ৰ ইনজ্যেকশ্যনেৰে সুমুবাই দিছিলো 5 ml আৰ্চেনিক!

সমীৰণ পুৱাই আহিছিল৷মোক সান্তনা দিবলৈ৷বৰতীয়া ঘৰ৷এগিলাচ আমৰ ৰসকে যাঁচিলো৷গধূলি পুনৰ আহিল এক হৃদয়বিদাৰক সংবাদ,” মোৰ প্ৰিয় বন্ধু সমীৰণ আৰু নাই৷গাড়ীৰ ভিতৰতে মৃতৱস্থাত উদ্ধাৰ হ’ল বেছেৰাৰ নিস্প্ৰাণ সমীৰণ৷“ আমৰ ৰসত মিলোৱা টোপনিৰ দৰব আৰু চুঙা চাই সোপা দিয়া গাড়ীৰ চাইলেঞ্চাৰ পাইপ৷গৰম দিন৷AC ত কাৰ্বন মনক্সাইডৰ সুৱাস৷আইনুৰে মিলনৰ শুভেচ্ছা থাকিল বন্ধু৷সোণৰ সংসাৰ তৰা৷কিন্তু সিপাৰৰ পৃথিৱীত৷

হৰিকাই মৃত্যুৱে মোক ব্যথিত কৰি তুলিলে৷হাৰ্ট এটেক৷হৰিকাই মোৰ বিশ্বস্ত সহায়ক৷মধুমেহৰ ৰোগী৷বুঢ়া মানুহ৷হাত কপে৷Insulin ময়েই দিওঁ৷কালি ইচ্ছা কৰিয়েই air bubble ৰাখি চালৰ সলনি শিৰত খুচি দিলো৷বেছেৰা হৰি কাইৰ কোনো দোষ নাছিল৷কিন্তু মই যে নিৰূপায় সমীৰণৰ চাইলেঞ্চাৰত চুঙা চাইৰ সোপা হৰিকায়েই দিছিল৷আইনুৱে ঠগিলে,সমীৰণে ঠগিলে হৰিকাইক নো কেনেকৈ বিশ্বাস কৰো৷বহু মানুহৰ জীৱনৰ বিনিময়ত গঢ়ি তুলিছো এই ব্যৱসায়িক সম্ৰাজ্য৷আজি ৰাজধৰ্মকনো আগ্ৰাহ্য কৰো কেনেকৈ৷জীৱন দুদিনীয়া৷কোনো স্থায়ী নহয়৷স্থায়ী মাত্ৰ কাগজে দিয়া সুখ৷কাগজ থাকিলে নতুন আইনু,নতুন সমীৰণ আৰু নতুন হৰিকাই৷কাগজ ভাল লাগে৷শিল্পী হ’য় মই৷শিল্পকলা নুবুজা মানুহে হয়তো ক’ব “murderer! Don’t call me a murderer,I am an artist,probably a perfect artist prefer to paint the portrait of the perfect crimes with the colours of human metabolism.”

আৰ্টিষ্ট(Part 2)
Sorry Officer!সমীৰণৰ আকস্মিক মৃত্যুৱে মোৰ হৃদয়ক বিদীৰ্ণ কৰিছে৷কিমান আৰু দোহাৰিম সেই একেই আবৃত্তি৷তদন্তৰ নামত!কিমান তদন্তৰ নামত আপোনালোকে প্ৰতিদিনে খুচৰিব মোৰ অন্তৰৰ ঘাঁ৷For God shake!Best friend আছিল মোৰ৷প্ৰতীতিৰে বিচ্ছেদৰ পিছত সিয়েইটো আছিল মোৰ জীৱন যাত্ৰাৰ একমাত্ৰ জন সহযাত্ৰী৷কিয় হত্যা কৰিম মই তাক!“Arrest Warrent লৈ আনক৷অন্যথা মোকে গুলী কৰি মাৰি পেলাওঁক৷“ কিমাননো আৰু প্ৰমাণ দিম সকলোকে মোৰ নিৰ্দোষিতাৰ৷“

“হেই প্ৰফেচাৰ!আপুনি ভুল বুজিছে৷আমি আপোনাৰ পৰা সহায় বিচাৰি আহিছো৷আপুনি জানো নিবিচাৰে ন্যায় পাওক আপোনাৰ বন্ধু সমীৰণে৷“ মই নিজকে আৰু সামৰি ৰাখিব নোৱাৰিলো৷আবেগৰ জোৱাৰত মই ACP ৰ হাতখনত জোৰেৰে খামুচি ধৰি চকুলো মচি ক’লো৷“Sorry Officer!মই হয়তো ভীষণ frustrated হৈ পৰিছো৷ সমীৰণৰ হত্যাকাৰী মুকলি আকাশৰ তলত৷সেয়ে আপোনাক ভুল বুজিলো Please,Please come.”

“প্ৰফেচৰ It’s fine!মই আপোনাৰ পীড়াক অনুভৱ কৰিব পাৰো৷আপুনি মোক নাজানে৷সেয়ে ভুল বুজাবুজি হ’ল৷কিন্তু কি জানে মই আপোনাক বৰ ভালকৈ জানো৷প্ৰফেচৰ৷The Artist!Absurd art!কিন্তু Artist হোৱাৰ আগেয়ে আপুনি কি আছিল,কি আছিল!Yes Professor!Prof. Dept of Toxicology!প্ৰতীতিৰে সমীৰণৰ affairs!ডিভোৰ্চ৷লিউকোমিয়া!কিন্তু সমীৰণ!সমীৰণ সেইদিনা আপোনাৰ ঘৰৰ পৰা ওলাই যাওঁতেই৷Carbon monoxide poising with analgesic drug!post mortem ত clean sheet!কিন্তু গাড়ীৰ চাইলেঞ্চাৰত থিলা৷তাৰ পিছত হৰি কাই ন আপোনৰ পুৰণি মানুহ৷তেওঁৰ হাৰ্ট এটেক!আপুনিটো toxicology ৰ প্ৰফেচৰ৷নিশ্চয় আমাক সহায় কৰিব পাৰিব নে কি কয়!“ ACP ক কন্ঠত ঠাট্ৰাৰ লেশ৷

“অ’কে প্ৰফেচৰ!Thanks for your nice explanation!আকৌ লগ পাম৷“ “একাপ চাহ!” মই এক খোলা হাঁহি মাৰি সুধিলো৷“নাই পিছত কেতিয়াবা৷“ “আৰে ACP চাহাব৷প্ৰফেচৰ হ’য়৷Toxicology ৰ theory জানো৷But murder নহয় হে৷ভয় নকৰিব আপোনাৰ চাহত বিষ মিলোৱাৰ সপোন মোৰ নাই৷তাৰ পিছতো আপুনি যদি ভয় কৰে…..” “ভয় কি কয় হম প্ৰফেচৰ৷বাকক“ ACP য়ে এটা মিঠা হাঁহি মাৰি ক’লে৷

“Officer!Sugar!” মোৰ প্ৰশ্নৰ বিপৰীতে মিচিকিয়াই ACP য়ে ক’লে৷থাকক দিয়ক৷সেইকাপ আপুনিয়েই খাওঁক৷মই আপোনাৰ কাপ খাওঁ৷আপুনি ক’লে আপোনাৰ মোক বিহ দি হত্যা কৰাৰ কোনো motive নাই৷কিন্তু কি কৰিব পুলিচ হয়৷সন্দেহ কৰাই মোৰ প্ৰাথমিক কৰ্তব্য৷So please!Please exchange the cup!ইমান ভাবিবলৈ কি আছে যদি আপুনি তেনে কোনো চিন্তা কৰাই নাই৷

মই কপা-কপা হাতেৰে ACP ৰ হাতত মোৰ চাহ কাপ তুলি দিলো৷ACP য়ে মিচিকিয়াই চাহৰ কাপত সোহা মাৰি ক’লে,”আপুনি খাওঁক আকৌ৷মই কপা-কপা হাতেৰে চাহ কাপ তুলি লওঁতেই চাহৰ কাপটো পৰি ভাগি থাকিল৷ “প্ৰফেচৰ যাওঁক দৰ্জা খোলক৷You are under arrest!ACP য়ে জিৰ পইন্টত গান ৰাখি ক’লে৷

“বাকীখিনি ফৰেনছিকৰ হাতত৷ভগা কাপ,চাহে ভিজোৱা কাৰ্পেট৷তোমাৰ হাতৰ চাপ বহা কাপৰ নাল৷Finger Print!সমীৰণৰ Silencer ৰ finger print৷Your game is over!আজি লকআপৰে আলহী হওঁক কাইলৈ ফৰেনছিকৰ ৰিপোৰ্ট আহিব৷তাৰ পিছত৷বুজিছে ন!প্ৰফেচৰ৷আৰু কি জানে প্ৰফেচৰ before joining the force once I was also served as a professor!Same dept!কাইলৈ লগ পাম৷ফৰেনছিক ৰিপোৰ্ট৷পুলিচ custody!3rd ডিগ্ৰী৷সন্ত্ৰাসবাদীয়েও মুখ খুলি দিয়ে৷আপুনি৷নিজেই সৈ কাঢ়ি দিয়াই ভাল হ’ব নেকি!আপোনাৰো হাড়কেইডাল টুকুৰা হোৱাৰ পৰা ৰেহাই পাব৷আমাৰো সময় বাচিব৷“

“Ok fine!Just wait and watch!ৰিপোৰ্ট আহক!পিছৰ কথা পিছত৷live in the moment!ACP,আপনা হৰ দিন এসে জিয়’ জেচে কী আখৰী হো৷“মই এটা শীতল হাঁহি মাৰি ক’লো, “You bloody psychopath!just shut up!মোক ভাবুকি দিয়ে!ঐ ইয়াক……………” ACP হঠাৎ বাগৰি পৰিল৷গধূলিলৈ post mortem ৰিপোৰ্ট আহিল৷কাৰ্ডিয়েক এৰেষ্ট৷এক নিদ্ৰাবিহীন একাকীত্বৰ ৰজনী৷সূৰ্য্যোদয়ে মোৰ জীৱনলৈ পুনৰ আশাৰ মলয়া কঢ়িয়াই আনিলে৷চাহৰ কাপ,চাহ চাহে ভিজা কাৰ্পেট ক’তো বিষাক্ত পদাৰ্থৰ উপস্থিতিৰ প্ৰমাণ পোৱা ন’গল৷মোৰ আৰু চাইলেঞ্চাৰ ঠিলাৰ finger print ৰো নাম মিল পোৱা ন’গল৷ক্ষমা খুজিছিল তেওঁলোকে৷কিন্তু মোৰ আফচোচ নাই৷ডিউটি কৰিছিল৷সেয়ে মাত্ৰ ACP ৰ আকস্মিক মৃত্যুৰ বাবে শোক প্ৰকাশ কৰি থানাৰ পৰা ওলাই আহিলো৷

ডিনাৰ পাৰ্টীত প্ৰত্যুষাই compliment দিছিল৷ “কাবাব কিন্তু লাজবাব হৈছে৷মই মিছিকিয়াই ক’লো,”আৰে৷special celebration special কাবাব!“কিহৰ celebration!innocent prove হোৱাৰ৷“ “প্ৰত্যুষাই বেকা হাঁহি মাৰি সুধিলে৷মই মিছিকিয়াই ক’লো,”আৰে!না না৷innocent টো মই হৈয়েই৷সেইটো নো কি celebrate কৰিবা নতুনকৈ৷ঘোৰা দৌৰৰ বাজী জিকিলো৷“

“হয় ঘোৰা দৌৰেইটো আছিল৷ACP য়ে প্ৰফেচৰ বুলি সম্বোধন কৰোতেই মই গম পাইছিলো৷তেওঁৰ উদ্দেশ্য কি৷মাত্ৰ নিশ্চিত হ’বৰ বাবেই তেওঁ মোৰ সহায় বিচাৰোতেই অভিনয় কৰিলো আবেগত তেওঁৰ হাতখন সাবটি ধৰাৰ৷হাই পালচ ৰেট৷মিছা মাতিছিল তেওঁ৷চাহ খাবলৈ ক’লে নাখায়৷সন্দেহ৷জনোচা মাৰি পেলায়৷অৱশ্যে ACP য়ে সাহসৰ কথা শুনিয়েই উজুতি খালে৷মই ভবাৰ দৰে৷ ACP ৰ ego factor ৰ বাবেহে তেওঁ চাহ খাবলৈ ৰাজি৷সন্দেহ আছেই৷তেওঁ exchange ৰ কথা ক’বই৷সেয়ে মই নিজৰ চাহ কাপতহে কাৰ্ডিয়েক গ্লাইকোচাইড মিলাই থৈছিলো৷exchange ৰ কথা ভবাৰ দৰেই ক’লে৷মোৰটো সমস্যা নাছিল নুখুজিলে বিষাক্ত চাহকাপ মই খাই থম৷কাৰণ এন্টিডোট মোৰ জেপত৷reverse psychology ACP বাবুৰ কাল হ’ল৷মোৰ কাপ নিজৰ কৰিলে৷নিজৰ কাপ মোক যাচিলে৷মই ধৰাৰ পৰাৰ ভয়ত কাপটো পেলাই ভঙাৰ অভিনয় কৰিলো৷তেওঁ নিশ্চিত হ’ল৷মই লকআপত৷কিন্তু কাৰ্পেটত গিৰা সেই কাপটোত বিষ নাছিলেই৷কাৰণ সেইকাপ তেওঁক দিয়া সাধাৰণ চাহ আছিল যি তেওঁ মই বিছৰাৰ দৰে সন্দেহবশত exchange কৰিলে পৰিণতিত ফৰেনছিকে একো নাপাল৷কেনেকৈ পাবনো৷থাকিলেহে পাব৷ঠিলাৰ ফিংগাৰ প্ৰিন্ট হৰি কাইৰ৷তেওঁৰ অস্থিৰ মাজতটো এতিয়া আৰু finger print বিচাৰি নাপায়৷মই চাহৰ নাল হে চুইছিলো৷ঠিলা চোৱাই নাই সেয়ে কেনেকৈনো মিলে৷ক্লীনছীট৷ACP ক জানি বুজিয়েই উপহাস কৰি,ভাবুকি দিয়াৰ অভিনয়ৰে খং তুলিলো৷যাতে cardiac glycoside য়ে খং জানিত বৰ্দ্ধিত হৃদস্পন্দনত পেট্ৰল হৈ জ্বলাই তেওঁৰ মৃত্যুক natural cardiac arrest ত পৰিণত কৰে৷

শিল্পী মানুহ আমি৷মুকলি মানুহ৷মুক্ত মন৷আকৌ লগ পাম৷ACP ৰ সৈতে দৌৰি কিন্তু বেয়া নালাগিল৷কিন্তু ACP য়ে ভবাৰ দৰে মই toxicologist নহয়৷মই প্ৰফেচৰো নহয়৷আৰ্টিষ্ট হয় মই আৰ্টিষ্ট৷মানুহৰ মগজুৰে খেলা কৰা আৰ্টিষ্ট৷“

Leave a comment