দৃশ্যপট একঃ জনৈক দেৱশৰ্মা উপাধিধাৰী এজন বৃদ্ধই সংবাদ মাধ্যমৰ সন্মুখত নিসংকোচে জনালে যে সদ্যপ্ৰয়াত অতুল শৰ্মাই অজাতিৰ কোঁচ মানুহক পত্নী কৰিলে৷তেওঁ জাত যোৱা মানুহ৷সেয়ে এনে জাত যোৱা মানুহৰ মৃতদেহ স্পৰ্শ কৰিবলৈ তেওঁলোকৰ সমাজ অনিচ্ছুক কোনোৱে স্পৰ্শ কৰিলেও প্ৰায়শ্চিত হ’ব লাগিব৷এইবাৰ সাংবাদিকজনে দেৱশৰ্মাক সুধিলে,” এইবোৰ বিধান কোনখন শাস্ত্ৰত লিখা আছে?“ দেৱশৰ্মাৰ চমু উত্তৰ,” শাস্ত্ৰৰ নাম মই নাজানো৷এইয়া আমাৰ সমাজৰ নীতি৷বহুদিনৰ পৰাই চলি আহিছে৷“
দৃশ্যপট দুইঃ সাংবাদিকজনে এগৰাকী আদহীয়া মহিলাক প্ৰশ্ন কৰিলে,” আপুনি ইয়াৰে নে?“ “নহয়৷অলপ আতৰৰ৷“ “কিমান আতৰৰ?“ “দহঘৰমান দুৰৈত৷“ “আপুনি কিয় নাহিল?“ মহিলাগৰাকীয়ে নিসংকোচে ক’লে, “তেওঁলোক শৰ্মা মানুহ৷আমি কোঁচ মানুহ৷“ সাংবাদিকজনে ক’লে,” তেওঁৰ পত্নীওচোন কোঁচ মানুহ?“ মহিলা গৰাকীয়ে সামান্য ইতস্তত হৈ ক’লে “নহয় নেকি!তেওঁৰ পত্নী সম্ভৱত আহোম মানুহ৷“
দৃশ্যপট তিনিঃ জনৈকে বৰুৱা উপাধিৰ এজনে ফেচবুকত লিখিছে শৰ্মা হ’লেও তেওঁলোক গণক মানুহ৷ব্ৰাহ্মণ মানুহ নহয়৷সেয়ে গণক সমাজৰ ভুলৰ বাবে ব্ৰাহ্মণক দোষ দিলে নহ’ব৷
অতুল শৰ্মাৰ পৰিবাৰ কোঁচ আছিল৷সেয়ে একেখন গাঁওৰে জনৈক দেৱশৰ্মাৰ সমাজ প্ৰায়শ্চিত্ত হোৱাৰ ভয়ত (জ্যাতিভিমান) তেওঁৰ শ্মশানযাত্ৰাৰ সহযোগী নহ’ল৷আনহাতে একেখন গাঁৱৰে দহ ঘৰমান নিলগৰ কোঁচ সমাজৰ মহিলাগৰাকীও অতুল শৰ্মাৰ পৰিবাৰৰ দুখৰ সমভাগী নহ’ল কাৰণ তেওঁৰ দৃষ্টিত অতুল শৰ্মা কোঁচ মানুহ নহয়,ব্ৰাহ্মণ (শৰ্মা) মানুহ আৰু হয়তো তেওঁৰ পৰিবাৰ আহোম মানুহ!জনৈক দেৱশৰ্মাৰ ভুলৰ বাবে জনৈক বৰুৱা দায়ী নহয়৷কাৰণ বৰুৱাৰ মতে তেওঁ ব্ৰাহ্মণ মানুহ কিন্তু দেৱশৰ্মা ব্ৰাহ্মণ নহয় গণক মানুহ৷
অসমৰ ৰাজনৈতিক আকাশত বোকা ছটিয়াৰ খেল অত্যন্ত সুলভ কিন্তু আজি পোন প্ৰথমবাৰৰ বাবে অসমীয়াৰ দুৰ্ভাগ্য হ’ল মৃতদেহৰ নামত জাতিবাদৰ বোকা ছটিয়া ৰাজনীতিৰ সাক্ষী হোৱাৰ৷দেৱশৰ্মাৰ সমাজে এটা নিস্প্ৰাণ মৃতদেহক এঘৰীয়া কৰিলে তেওঁৰ পত্নী কোঁচ হোৱাৰ বাবে আৰু অতুল শৰ্মাৰ ঘৰৰ পৰা দহঘৰ মান নিলগৰ কোঁচ সমাজো হাত সাবতি বহি থাকিল কাৰণ মৃতক জাতত ব্ৰাহ্মণ৷জনৈক বৰুৱাই সমাজৰ এনে বিভেদকামী মানসিকতাক সাৰ পানী যোগালে তেওঁলোক গণক হে বুলি কৈফিয়ৎ দি৷অন্তত নিথৰুৱা হৈ পৰি ৰ’ল এজন মানুহৰ মৃতদেহ৷দৰাচলতে এজন মানুহৰ প্ৰাথমিক পৰিচয় মানুহ মাত্ৰ৷নিজকে মানুহ নহয় ব্ৰাহ্মণ,কোঁচ,গণক মানুহ হে বুলি কৈফিয়ৎ দি এক প্ৰাণহীন মৃতদেহক অন্তিম সংস্কাৰৰ পৰা বঞ্চিত কৰিব বিচৰা সকল বোলা সকল দৰাচলতে একো একোটা অভিশাপ মানুহ আৰু মানৱতাৰ নামত৷সংৰক্ষণ ব্যৱস্থাই সাতটা দশক অতিক্ৰম কৰিলে৷ Article 15! অথচ সামাজিক ন্যায় আজিও এক দিবা স্বপ্ন মাত্ৰ৷অসম চৰকাৰে মিছন ভূমিপুত্ৰৰ ৰঙা ফিটা কাটিব৷হাইস্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ হাতে-হাতে জাতিৰ প্ৰমাণপত্ৰ (caste certificate)৷পদ্ধতিগত ভাবে কুমলীয়া মস্তিস্কত সিচি দিয়া হ’ব বিভেদৰ বীজ৷পৰিণতিত সৃষ্টি হ’ব আন দহোজন অতুল শৰ্মাৰ৷পৰিত্যক্ত হৈ পৰি ৰ’ব মানুহৰ মৃতদেহ৷চাব্বাছ!চাব্বাছ!মৃতদেহৰো জাতি থাকে৷মৃতদেহৰো বৰ্ণ থাকে আৰু এনেকৈয়ে প্ৰতিদিনে সমাজে কাঢ়ি নিব এজন ব্যক্তিৰ অন্তিম অধিকাৰ-তেওঁৰ মৃতদেহৰ সৎকাৰৰ অধিকাৰ৷